< ג'ון 17 >

את אלה דבר ישוע וישא עיניו השמימה ויאמר אבי הנה באה השעה פאר את בנך למען גם בנך יפארך׃ 1
যীচুৱে এইবোৰ কথা কোৱাৰ পাছত, স্বৰ্গলৈ চকু তুলি ক’লে, “হে পিতৃ, এতিয়া সময় হৈছে; তোমাৰ পুত্ৰক মহিমান্বিত কৰা, যাতে তোমাৰ পুত্ৰয়ো তোমাক মহিমান্বিত কৰিব পাৰে;
כאשר נתת לו השלטן על כל בשר למען יתן חיי עולמים לכל אשר נתת לו׃ (aiōnios g166) 2
যি দৰে সকলোকে অনন্ত জীৱন দিবলৈ তুমি সকলো মানুহৰ ওপৰত তোমাৰ পুত্ৰক অধিকাৰ কৰিবলৈ দিলা। (aiōnios g166)
ואלה הם חיי העולמים לדעת אתך אשר אתה לבדך אל אמת ואת ישוע המשיח אשר שלחת׃ (aiōnios g166) 3
এইটোৱে অনন্ত জীৱন; একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক তেওঁলোকে যেন জানে। (aiōnios g166)
אני פארתיך בארץ כליתי פעלך אשר צויתני לעשות׃ 4
তুমি মোক যি কৰ্ম কৰিবলৈ দিছিলা, সেয়া মই সিদ্ধ কৰি পৃথিৱীত তোমাক মহিমান্বিত কৰিলোঁ
ועתה פארני אתה אבי עמך בכבוד אשר היה לי עמך טרם היות העולם׃ 5
এতিয়া, হে পিতৃ, তোমাৰ সান্নিধ্যৰে মোক মহিমান্বিত কৰা৷ জগত সৃষ্টিৰ পূর্বে তোমাৰ সৈতে মোৰ যি মহিমা আছিল, সেই মহিমাৰে, এতিয়া মোক মহিমান্বিত কৰা।
את שמך הודעתי לבני האדם אשר נתתם לי מתוך העולם לך היו ולי נתת אתם ואת דברך נצרו׃ 6
তুমি এই জগতৰ মাজৰ পৰা যি সকল মানুহক মোক দিলা, সেই সকলৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ; তেওঁলোক তোমাৰেই আছিল, তুমি তেওঁলোকক মোক দিলা; আৰু তেওঁলোকে তোমাৰ বাক্য ধৰি ৰাখিছে।
ועתה ידעו כי כל אשר נתת לי מעמך הוא׃ 7
এতিয়া তেওঁলোকে জানিছে, তুমি মোক যি যি দিছিলা, সেই সকলোৱেই যে, তোমাৰ কাষৰ পৰাই হৈছে৷
כי הדברים אשר נתת לי נתתי להם והם קבלום ויכירו באמת כי מעמך יצאתי ויאמינו כי אתה שלחתני׃ 8
কিয়নো তুমি যি বাক্য মোক দিলা, সেই বাক্য মই তেওঁলোকক দিলোঁ আৰু তেওঁলোকে সেই সকলোকে গ্ৰহণো কৰিলে, মই যে তোমাৰ পৰা আহিলোঁ, ইয়াকো তেওঁলোকে সঁচাকৈ জানিলে আৰু তুমি যে মোক পঠালা সেয়াও বিশ্বাস কৰিলে।
אני בעדם אעתיר לך לא בעד העולם אעתיר כי אם בעד אלה אשר נתת לי כי לך המה׃ 9
মই তেওঁলোকৰ কাৰণে প্ৰার্থনা কৰিছোঁ। মই গোটেই জগতৰ কাৰণে প্ৰার্থনা কৰা নাই, কিন্তু যি সকলক মোক দিলা, তেওঁলোকৰ কাৰণেহে কৰিছোঁ; কিয়নো তেওঁলোক তোমাৰ৷
וכל אשר לי לך הוא ושלך שלי ונתפארתי בהם׃ 10
১০মোৰ সকলো বস্তু তোমাৰ আৰু যি যি তোমাৰ, সেই সকলোৱেই মোৰ; মই তোমাৰ যোগেদিয়েই সেইবোৰত মহিমান্বিত হৈছোঁ।
ואני אינני עוד בעולם והם בעולם המה ואני בא אליך אבי הקדוש נצר בשמך את אשר נתתם לי למען יהיו אחד כמנו׃ 11
১১মই এই জগতত বেছি দিন নাথাকো; কিন্তু এই লোক সকল হ’লে জগতত থাকিব, মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক হৈ আছোঁ, তোমাৰ নামেৰে মোক দিয়া লোক সকলো যেন তেনেকৈ এক হব পাৰে৷
בהיותי עמהם בעולם אני נצרתי אתם בשמך את אשר נתתם לי שמרתי ולא אבד מהם איש זולתי בן האבדון למלאת דבר הכתוב׃ 12
১২মই তেওঁলোকৰ লগত থকা সময়ত, তুমি যি নাম মোক দিছা, তোমাৰ সেই নামত মই তেওঁলোকক ৰক্ষা কৰিলোঁ; আৰু মই তেওঁলোকক পহৰা দিলোঁ; তাতে তেওঁলোকৰ এজনো বিনষ্ট নহ’ল, কেৱল বিনাশৰ পুত্ৰহে শাস্ত্ৰীয় বচন সিদ্ধ কৰিবলৈ বিনষ্ট হ’ল।
ועתה הנני בא אליך ואלה אני מדבר בעולם למען תמלא להם שמחתי בקרבם׃ 13
১৩কিন্তু এতিয়া মই তোমাৰ ওচৰলৈ আহিছোঁ; এই কাৰণে জগতত থাকোতেই এইবোৰ কথা কৈছোঁ। মোৰ আনন্দ যেন তেওঁলোকে সম্পূর্ণৰূপে পায়৷
אני נתתי להם את דברך והעולם שנא אתם יען כי לא מן העולם המה כאשר גם אנכי לא מן העולם אני׃ 14
১৪মই তোমাৰ বাক্য তেওঁলোকক দিলোঁ; কিন্তু জগতে তেওঁলোকক ঘৃণা কৰে, কাৰণ তেওঁলোক জগতৰ নহয়; মই যেনেকৈ জগতৰ নহওঁ৷
ולא אעתיר לך אשר תקחם מן העולם רק שתצרם מן הרע׃ 15
১৫তেওঁলোকক এই জগতৰ পৰা নিবলৈ মই তোমাক প্ৰার্থনা নকৰোঁ, কিন্তু তুমি তেওঁলোকক চয়তানৰ পৰা ৰক্ষা কৰা।
מן העולם אינמו כאשר גם אנכי אינני מן העולם׃ 16
১৬তেওঁলোক জগতৰ নহয়, মই যেনেকৈ জগতৰ নহওঁ।
קדש אתם באמתך דברך אמת הוא׃ 17
১৭তোমাৰ বাক্যই সত্য; সত্যতাৰে তোমাৰ সেৱা কৰিবলৈ তেওঁলোকক পবিত্ৰ কৰা।
כאשר אתה שלחת אתי אל העולם כן גם אני שלחתי אתם אל העולם׃ 18
১৮তুমি যেনেকৈ মোক জগতলৈ পঠালা, ময়ো তেনেকৈ তেওঁলোকক জগতলৈ পঠালোঁ।
והתקדשתי בעדם למען יהיו גם הם מקדשים באמת׃ 19
১৯তেওঁলোকৰ কাৰণে মই নিজকে পবিত্র কৰিছোঁ, যাতে তেওঁলোকো সত্য ৰূপে পবিত্ৰ হব পাৰে৷
אולם לא לבד בעד אלה אנכי מעתיר לך כי אם גם בעד המאמינים בי על פי דברם׃ 20
২০মই কেৱল এওঁলোকৰ কাৰণে প্ৰার্থনা নকৰোঁ, কিন্তু এওঁলোকৰ বাক্যৰ দ্বাৰাই মোক বিশ্বাস কৰা সকলোৰে কাৰণে প্ৰার্থনা কৰোঁ,
למען יהיו כלם אחד כאשר אתה אבי בי אתה ואני בך והיו גם המה בנו כאשר למען יאמין העולם כי אתה שלחתני׃ 21
২১গতিকে তেওঁলোক যেন সকলোৱে এক হয়; হে পিতৃ, তুমি যেনেকৈ মোৰ লগত আছা, তেনেকৈ ময়ো তোমাৰ লগত আছোঁ, তেনেকৈ তেওঁলোকেও যেন আমাৰ লগত থাকে, তাতে জগতে যেন বিশ্বাস কৰে তুমি যে মোক পঠিয়ালা৷
ואני נתתי להם את הכבוד אשר נתת לי למען יהיו אחד כאשר אנחנו אחד נחנו׃ 22
২২আৰু তুমি মোক যি মহিমা দিলা, সেই মহিমা ময়ো তেওঁলোকক দিলোঁ, সেই কাৰণে তেওঁলোক এক; আমি সকলোৱেই যেন এক হব পাৰোঁ,
אני בהם ואתה בי למען יהיו משלמים לאחד ולמען ידע העולם כי אתה שלחתני ואהבת אתם כאשר אהבתני׃ 23
২৩তাৰ বাবে মই তেওঁলোকত আৰু তুমি মোৰ লগত থাকিবা, এইদৰে তেওঁলোক যেন সম্পূৰ্ণকৈ এক হয়, জগতে যাতে জানে তুমি মোক পঠিয়াইছা, আৰু তুমি যেনেকৈ মোক প্ৰেম কৰিলা, তেনেকৈ তেওঁলোককো প্ৰেম কৰা৷
אבי חפצתי כי גם הם אשר נתתם לי יהיו עמי באשר אהיה אני למען יחזו את כבודי אשר נתת לי כי אהבתני לפני מוסדות עולם׃ 24
২৪হে পিতৃ, মই বিচাৰো, তুমি মোক যি দিছা, যি ঠাইত মই আছোঁ, তেওঁলোকো যেন মোৰ লগত সেই ঠাইত থাকে, তুমি যি মহিমা মোক দিছা সেই মহিমা যেন তেওঁলোকে দেখিবলৈ পায়; কাৰণ জগত স্থাপন কৰাৰ পূর্বেই তুমি মোক প্ৰেম কৰিলা৷
אבי הצדיק הן העולם לא ידעך ואני ידעתיך ואלה הכירו כי אתה שלחתני׃ 25
২৫হে ন্যায়ৱান পিতৃ, জগতে তোমাক নাজানিলে, কিন্তু মই তোমাক জানিলোঁ; আৰু তুমি যে মোক পঠালা, সেয়া তেওঁলোকেও জানিলে।
ואני הודעתים את שמך ואוסיף להודיעם למען תהיה בם האהבה אשר אהבתני ואני אהיה בהם׃ 26
২৬তুমি কোন হয়, সেই বিষয়ে মই তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিছোঁ, আৰু ইয়াৰ পাছতো মই ইয়াকে কৰি থাকিম, তেতিয়া তুমি মোক যেনে প্ৰেম কৰা, তেওঁলোকেও একেদৰে আন লোকক প্ৰেম কৰিব আৰু মই তেওঁলোকৰ লগত থাকিম।

< ג'ון 17 >