< בראשית 15 >

אחר הדברים האלה היה דבר יהוה אל אברם במחזה לאמר אל תירא אברם אנכי מגן לך שכרך הרבה מאד׃ 1
এইবোৰ ঘটনাৰ পাছত, দৰ্শনযোগে অব্ৰামলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে, “হে অব্ৰাম, ভয় নকৰিবা; ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰস্বৰূপ।”
ויאמר אברם אדני יהוה מה תתן לי ואנכי הולך ערירי ובן משק ביתי הוא דמשק אליעזר׃ 2
অব্ৰামে ক’লে, “হে প্ৰভু যিহোৱা; আপুনি মোক কি দিব? মই যে নিঃসন্তান। দম্মেচকীয়া ইলীয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে।”
ויאמר אברם הן לי לא נתתה זרע והנה בן ביתי יורש אתי׃ 3
অব্ৰামে ক’লে, “আপুনি মোক সন্তান নিদিলে আৰু সেয়ে মোৰ ঘৰৰ এজন দাসেই মোৰ উত্তৰাধিকাৰী হ’ব।”
והנה דבר יהוה אליו לאמר לא יירשך זה כי אם אשר יצא ממעיך הוא יירשך׃ 4
তেতিয়া যিহোৱাৰ বাক্য তেওঁলৈ আহিল; তেওঁ ক’লে, “নহয়, এই মানুহ তোমাৰ উত্তৰাধিকাৰী নহ’ব। কিন্তু তোমাৰ ঔৰসত জন্মা জনহে তোমাৰ উত্তৰাধিকাৰী হ’ব।”
ויוצא אתו החוצה ויאמר הבט נא השמימה וספר הכוכבים אם תוכל לספר אתם ויאמר לו כה יהיה זרעך׃ 5
তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।”
והאמן ביהוה ויחשבה לו צדקה׃ 6
তেতিয়া অব্রামে যিহোৱাত বিশ্বাস কৰিলে আৰু যিহোৱাই অব্রামৰ বিশ্বাসক তেওঁৰ পক্ষে ধাৰ্মিকতা বুলি গণ্য কৰিলে।
ויאמר אליו אני יהוה אשר הוצאתיך מאור כשדים לתת לך את הארץ הזאת לרשתה׃ 7
পাছত যিহোৱাই তেওঁক ক’লে, “ময়েই সেই যিহোৱা! এই দেশৰ অধিকাৰী হবৰ কাৰণে ময়েই তোমাক কলদীয়াসকলৰ উৰ নগৰৰ পৰা বাহিৰ কৰি আনিলো।”
ויאמר אדני יהוה במה אדע כי אירשנה׃ 8
তেতিয়া তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মই কেনেকৈ জানিম যে এই দেশখন মোৰ অধিকাৰত আহিব?”
ויאמר אליו קחה לי עגלה משלשת ועז משלשת ואיל משלש ותר וגוזל׃ 9
তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ ওচৰলৈ এজনী তিনি বছৰীয়া চেঁউৰী গৰু, এজনী তিনি বছৰীয়া মাইকী ছাগলী, এটা তিনিবছৰীয়া মতা মেৰ-ছাগ পোৱালি, এটা কপৌ আৰু এটা পাৰ পোৱালি আনা।”
ויקח לו את כל אלה ויבתר אתם בתוך ויתן איש בתרו לקראת רעהו ואת הצפר לא בתר׃ 10
১০অব্রামে সেই সকলোকে আনি সেইবোৰক দুফালকৈ কাটি প্রতিডোখৰ টুকুৰা তাৰ অন্য টুকুৰাৰ বিপৰীতে সজাই ৰাখিলে; কিন্তু চৰাইবোৰ হ’লে তেওঁ দুফাল নকৰিলে।
וירד העיט על הפגרים וישב אתם אברם׃ 11
১১পাছত চিকাৰী চৰাইবোৰ নামি আহি সেই পশুৰ মাংসখণ্ডৰ ওপৰত পৰিল, কিন্তু অব্ৰামে সেইবোৰক খেদাই দিলে।
ויהי השמש לבוא ותרדמה נפלה על אברם והנה אימה חשכה גדלה נפלת עליו׃ 12
১২পাছত যেতিয়া সূর্য মাৰ গৈছিল, তেতিয়া অব্ৰামৰ ঘোৰ টোপনি আহিল; হঠাতে এক ঘন আৰু ভয়ংকৰ অন্ধকাৰ তেওঁৰ ওপৰত নামি আহিল।
ויאמר לאברם ידע תדע כי גר יהיה זרעך בארץ לא להם ועבדום וענו אתם ארבע מאות שנה׃ 13
১৩তেতিয়া তেওঁ অব্ৰামক ক’লে, “তুমি এই কথা নিশ্চিতভাৱে জনা উচিত যে তোমাৰ বংশৰ লোকসকল যি দেশত বাস কৰিব, সেই দেশ তেওঁলোকৰ নিজৰ নহয়। সেই ঠাইত তেওঁলোকে প্রবাসী হৈ দাস হ’ব আৰু চাৰিশ বছৰ কাল তেওঁলোকে উৎপীড়ন ভোগ কৰিব।
וגם את הגוי אשר יעבדו דן אנכי ואחרי כן יצאו ברכש גדול׃ 14
১৪তেওঁলোকে যি জাতিৰ বন্দীকাম কৰিব, মই সেই জাতিৰ সোধ-বিচাৰ কৰিম আৰু পাছত তেওঁলোকে অধিক সম্পত্তিৰে সৈতে বাহিৰ হৈ আহিব।
ואתה תבוא אל אבתיך בשלום תקבר בשיבה טובה׃ 15
১৫কিন্তু তুমি শান্তিৰে তোমাৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ যাবা; অতি বৃদ্ধ অৱস্থাত তোমাক মৈদাম দিয়া হ’ব।
ודור רביעי ישובו הנה כי לא שלם עון האמרי עד הנה׃ 16
১৬তোমাৰ চতুৰ্থ প্রজন্মৰ লোকসকল ইয়ালৈ পুনৰ উলটি আহিব; কিয়নো এতিয়ালৈকে মোৰ ওচৰত ইমোৰীয়াসকলৰ অপৰাধ শাস্তি পোৱাৰ দৰে হোৱা নাই।”
ויהי השמש באה ועלטה היה והנה תנור עשן ולפיד אש אשר עבר בין הגזרים האלה׃ 17
১৭বেলি মাৰ গৈ যেতিয়া আন্ধাৰ হ’ল তেতিয়া জুইৰ এক ধোঁৱাময় চুলা আৰু এক জ্বলন্ত মশাল দেখা গ’ল। সেইবোৰ সেই মঙহৰ টুকুৰাবোৰৰ মাজেদি পাৰ হৈ গ’ল।
ביום ההוא כרת יהוה את אברם ברית לאמר לזרעך נתתי את הארץ הזאת מנהר מצרים עד הנהר הגדל נהר פרת׃ 18
১৮সেইদিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, “মিচৰৰ নদীৰ পৰা মহানদী ইউফ্রেটিচ পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ।
את הקיני ואת הקנזי ואת הקדמני׃ 19
১৯তাৰ মাজত থাকিব কেনীয়া, কনিজ্জীয়া, কদমোনীয়া,
ואת החתי ואת הפרזי ואת הרפאים׃ 20
২০হিত্তীয়া, পৰিজ্জীয়া, ৰফায়ীয়া,
ואת האמרי ואת הכנעני ואת הגרגשי ואת היבוסי׃ 21
২১ইমোৰীয়া, কনানীয়া, গিৰ্গাচীয়া, আৰু যিবুচীয়া।”

< בראשית 15 >