< מִיכָה 7 >

אַ֣לְלַי לִ֗י כִּ֤י הָיִ֙יתִי֙ כְּאָסְפֵּי־קַ֔יִץ כְּעֹלְלֹ֖ת בָּצִ֑יר אֵין־אֶשְׁכּ֣וֹל לֶאֱכ֔וֹל בִּכּוּרָ֖ה אִוְּתָ֥ה נַפְשִֽׁי׃ 1
মোৰ সন্তাপ হ’ল! কাৰণ মই গ্রীষ্মকালৰ ফল চপাই শেষ হৈ যোৱাৰ নিচিনা, আৰু দ্ৰাক্ষাবাৰীত থাকি যোৱা দ্রাক্ষাগুটি গোটোৱাৰ দৰে হলোঁ, কাৰণ তাত পুনৰ কোনো ফলৰ থোপা বিচাৰি পোৱা নাযায়, তথাপিও মই প্ৰথমে পকা ডিমৰু ফল পাবলৈ ইচ্ছা কৰিছোঁ।
אָבַ֤ד חָסִיד֙ מִן־הָאָ֔רֶץ וְיָשָׁ֥ר בָּאָדָ֖ם אָ֑יִן כֻּלָּם֙ לְדָמִ֣ים יֶאֱרֹ֔בוּ אִ֥ישׁ אֶת־אָחִ֖יהוּ יָצ֥וּדוּ חֵֽרֶם׃ 2
পৃথিবীৰ পৰা ঈশ্বৰ বিশ্বাসী লোক উচ্ছন্ন হ’ল, লোকসকলৰ মাজত এজনো ন্যায়পৰায়ণ লোক অৱশিষ্ট নাই; তেওঁলোক সকলোৱে ৰক্তপাত কৰিবলৈ খাপ দি থাকে, প্ৰতিজন লোক আৰু তেওঁৰ ভায়েকসকলে জালেৰে আনকোনো এজন লোকক ধৰে।
עַל־הָרַ֤ע כַּפַּ֙יִם֙ לְהֵיטִ֔יב הַשַּׂ֣ר שֹׁאֵ֔ל וְהַשֹּׁפֵ֖ט בַּשִׁלּ֑וּם וְהַגָּד֗וֹל דֹּבֵ֨ר הַוַּ֥ת נַפְשׁ֛וֹ ה֖וּא וַֽיְעַבְּתֽוּהָ׃ 3
অনিষ্ট কাৰ্য কৰিবলৈ তেওঁলোকৰ হাত পাৰ্গত; শাসনকৰ্তাই ধন খোজে, বিচাৰকৰ্তাই উৎকোচ ল’বলৈ প্রস্তুত থাকে, আৰু প্রভাৱশালী লোকে যি পাবলৈ ইচ্ছা কৰে, তাক আনৰ আগত কয়; সেয়ে তেওঁলোকে একেলগে পৰিকল্পনা কৰে।
טוֹבָ֣ם כְּחֵ֔דֶק יָשָׁ֖ר מִמְּסוּכָ֑ה י֤וֹם מְצַפֶּ֙יךָ֙ פְּקֻדָּתְךָ֣ בָ֔אָה עַתָּ֥ה תִהְיֶ֖ה מְבוּכָתָֽם׃ 4
তেওঁলোকৰ মাজৰ শ্রেষ্ঠ জন জংঘলী গোলাপৰ দৰে, ন্যায়পৰায়ণ লোক জোপোহা কাঁইটীয়া গছৰ বেৰা; তোমাৰ প্ৰহৰীসকলৰ দ্বাৰাই কোৱা ভবিষ্যতবাণীৰ দিন এয়ে; তোমাৰ দণ্ডৰ দিন এয়া; এতিয়া তাত বিভ্রান্তিৰ সৃষ্টি হৈছে।
אַל־תַּאֲמִ֣ינוּ בְרֵ֔עַ אַֽל־תִּבְטְח֖וּ בְּאַלּ֑וּף מִשֹּׁכֶ֣בֶת חֵיקֶ֔ךָ שְׁמֹ֖ר פִּתְחֵי־פִֽיךָ׃ 5
কোনো চুবুৰীয়াক বিশ্বাস নকৰিবা, কোনো বন্ধুৰ ওপৰত আস্থা নাৰাখিবা, তুমি কি কৈছা, সেই বিষয়ে সাৱধান হোৱা, এনে কি, যি মহিলাই তোমাৰ আঁৰত মিছা কথা কয়, তেওঁৰ প্রতিও সাৱধান হোৱা;
כִּֽי־בֵן֙ מְנַבֵּ֣ל אָ֔ב בַּ֚ת קָמָ֣ה בְאִמָּ֔הּ כַּלָּ֖ה בַּחֲמֹתָ֑הּ אֹיְבֵ֥י אִ֖ישׁ אַנְשֵׁ֥י בֵיתֽוֹ׃ 6
কাৰণ পুত্রই নিজৰ পিতৃক অমান্য কৰে, জীয়েকে নিজৰ মাতৃৰ বিৰুদ্ধে উঠে, আৰু বোৱাৰীয়েকে নিজৰ শাহুৱেকৰ বিৰুদ্ধে উঠে; তেওঁৰ নিজৰ ঘৰৰ মানুহেই তেওঁৰ শত্ৰু হয়;
וַאֲנִי֙ בַּיהוָ֣ה אֲצַפֶּ֔ה אוֹחִ֖ילָה לֵאלֹהֵ֣י יִשְׁעִ֑י יִשְׁמָעֵ֖נִי אֱלֹהָֽי׃ 7
কিন্তু মই হ’লে, যিহোৱালৈ অপেক্ষা কৰিম; মই মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ অপেক্ষা কৰিম; মোৰ ঈশ্বৰে মোৰ কথা শুনিব।
אַֽל־תִּשְׂמְחִ֤י אֹיַ֙בְתִּי֙ לִ֔י כִּ֥י נָפַ֖לְתִּי קָ֑מְתִּי כִּֽי־אֵשֵׁ֣ב בַּחֹ֔שֶׁךְ יְהוָ֖ה א֥וֹר לִֽי׃ ס 8
হে মোৰ শত্রু, মোৰ অহিতে আনন্দ নকৰিবা; মই পৰি যোৱাৰ পাছত, পুনৰ উঠিম, মই যেতিয়া অন্ধকাৰত বহোঁ, তেতিয়া যিহোৱা মোৰ বাবে পোহৰ হয়।
זַ֤עַף יְהוָה֙ אֶשָּׂ֔א כִּ֥י חָטָ֖אתִי ל֑וֹ עַד֩ אֲשֶׁ֨ר יָרִ֤יב רִיבִי֙ וְעָשָׂ֣ה מִשְׁפָּטִ֔י יוֹצִיאֵ֣נִי לָא֔וֹר אֶרְאֶ֖ה בְּצִדְקָתֽוֹ׃ 9
কাৰণ মই যিহোৱাৰ অহিতে পাপ কৰিলোঁ, তেওঁ মোৰ বিষয়ে বিচাৰ নকৰালৈকে, মই তেওঁৰ ক্ৰোধ সহন কৰিম, আৰু তেওঁ মোৰ বাবে ন্যায় বিচাৰ কৰিব, তেওঁ মোক পোহৰলৈ আনিব, তেতিয়া ন্যায় বিচাৰেৰে তেওঁ মোক ৰক্ষা কৰা, মই দেখিবলৈ পাম।
וְתֵרֶ֤א אֹיַ֙בְתִּי֙ וּתְכַסֶּ֣הָ בוּשָׁ֔ה הָאֹמְרָ֣ה אֵלַ֔י אַיּ֖וֹ יְהוָ֣ה אֱלֹהָ֑יִךְ עֵינַי֙ תִּרְאֶ֣ינָּה בָּ֔הּ עַתָּ֛ה תִּֽהְיֶ֥ה לְמִרְמָ֖ס כְּטִ֥יט חוּצֽוֹת׃ 10
১০তেতিয়া মোৰ শত্রুৱে সেয়া চাব, “তোমাৰ ঈশ্বৰ যিহোৱা ক’ত?” বুলি সোধা জন লাজত পৰিব, মোৰ দৃষ্টিয়ে তেওঁক চাব; তেওঁক বাটৰ বোকাৰ নিচিনাকৈ গচকা হ’ব।
י֖וֹם לִבְנ֣וֹת גְּדֵרָ֑יִךְ י֥וֹם הַה֖וּא יִרְחַק־חֹֽק׃ 11
১১তোমাৰ দেৱালবোৰ নিৰ্মাণ কৰাৰ দিন আহিছে; সেই দিনা সীমাবোৰ দূৰলৈকে সম্প্ৰসাৰিত হ’ব।
י֥וֹם הוּא֙ וְעָדֶ֣יךָ יָב֔וֹא לְמִנִּ֥י אַשּׁ֖וּר וְעָרֵ֣י מָצ֑וֹר וּלְמִנִּ֤י מָצוֹר֙ וְעַד־נָהָ֔ר וְיָ֥ם מִיָּ֖ם וְהַ֥ר הָהָֽר׃ 12
১২সেই দিনা অচূৰৰ পৰা মিচৰত থকা নগৰবোৰলৈকে, মিচৰৰ পৰা বৃহত নদীলৈকে, সমুদ্ৰৰ পৰা সমুদ্রলৈকে, আৰু পৰ্ব্বতৰ পৰা পৰ্ব্বতলৈকে, আপোনাৰ লোকসকল আপোনাৰ ওচৰলৈ আহিব।
וְהָיְתָ֥ה הָאָ֛רֶץ לִשְׁמָמָ֖ה עַל־יֹֽשְׁבֶ֑יהָ מִפְּרִ֖י מַֽעַלְלֵיהֶֽם׃ ס 13
১৩এতিয়া তাত বাস কৰা লোকসকলৰ, আৰু তেওঁলোকৰ কৰ্মৰ ফলৰ কাৰণে, সেই দেশবোৰ উচ্ছন্ন হ’ব।
רְעֵ֧ה עַמְּךָ֣ בְשִׁבְטֶ֗ךָ צֹ֚אן נַֽחֲלָתֶ֔ךָ שֹׁכְנִ֣י לְבָדָ֔ד יַ֖עַר בְּת֣וֹךְ כַּרְמֶ֑ל יִרְע֥וּ בָשָׁ֛ן וְגִלְעָ֖ד כִּימֵ֥י עוֹלָֽם׃ 14
১৪আপোনাৰ লোকসকলক আৰু আপোনাৰ আধিপত্যৰ পশুৰ জাকক, আপোনাৰ লাখুটিৰে চৰাওক; যদিও তেওঁলোক কর্মিল পাহাৰৰ অৰণ্যত অকলশৰে আছে, তথাপিও তেওঁলোকক আগৰ দৰেই, বাচানত আৰু গিলিয়দত খাবলৈ দিয়ক।
כִּימֵ֥י צֵאתְךָ֖ מֵאֶ֣רֶץ מִצְרָ֑יִם אַרְאֶ֖נּוּ נִפְלָאֽוֹת׃ 15
১৫তোমালোক মিচৰৰ দেশৰ পৰা ওলাই অহা দিনৰ দৰে, মই তেওঁলোকক আচৰিত কাৰ্য দেখুৱাম।
יִרְא֤וּ גוֹיִם֙ וְיֵבֹ֔שׁוּ מִכֹּ֖ל גְּבֽוּרָתָ֑ם יָשִׂ֤ימוּ יָד֙ עַל־פֶּ֔ה אָזְנֵיהֶ֖ם תֶּחֱרַֽשְׁנָה׃ 16
১৬দেশবাসীয়ে সেই সকলো দেখিব আৰু নিজৰ সকলো পৰাক্ৰমৰ বিষয়ে লাজ্জিত হ’ব, তেওঁলোকে তেওঁলোকৰ হাত মুখত দিব, আৰু তেওঁলোকৰ কাণ কলা হ’ব।
יְלַחֲכ֤וּ עָפָר֙ כַּנָּחָ֔שׁ כְּזֹחֲלֵ֣י אֶ֔רֶץ יִרְגְּז֖וּ מִמִּסְגְּרֹֽתֵיהֶ֑ם אֶל־יְהוָ֤ה אֱלֹהֵ֙ינוּ֙ יִפְחָ֔דוּ וְיִֽרְא֖וּ מִמֶּֽךָּ׃ 17
১৭তেওঁলোকে সাপৰ দৰে ধূলি চেলেকিব, আৰু পৃথিবীত বগাই ফুৰা প্ৰাণীৰ দৰে, তেওঁলোকে গুহাৰ পৰা ভয়েৰে বাহিৰ ওলাব; তেওঁলোকে ভয়েৰে আমাৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ আহিব, আৰু আপোনাৰ কাৰণে তেওঁলোকে ভয় কৰিব।
מִי־אֵ֣ל כָּמ֗וֹךָ נֹשֵׂ֤א עָוֺן֙ וְעֹבֵ֣ר עַל־פֶּ֔שַׁע לִשְׁאֵרִ֖ית נַחֲלָת֑וֹ לֹא־הֶחֱזִ֤יק לָעַד֙ אַפּ֔וֹ כִּֽי־חָפֵ֥ץ חֶ֖סֶד הֽוּא׃ 18
১৮পাপ ক্ষমা কৰা, আৰু নিজৰ আধিপত্যৰ অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া, এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে? আপুনি আপোনাৰ ক্রোধ চিৰকাললৈকে ধৰি নাৰাখে, কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্য চুক্তি আমাক দেখুৱাবলৈ ভাল পায়।
יָשׁ֣וּב יְרַֽחֲמֵ֔נוּ יִכְבֹּ֖שׁ עֲוֺֽנֹתֵ֑ינוּ וְתַשְׁלִ֛יךְ בִּמְצֻל֥וֹת יָ֖ם כָּל־חַטֹּאותָֽם׃ 19
১৯আপুনি পুনৰ আমাক দয়া কৰিব, আমাৰ অপৰাধবোৰ আপোনাৰ ভৰিৰে গচকিব; আপুনি আমাৰ সকলো পাপ গভীৰ সমুদ্ৰত পেলাই দিব।
תִּתֵּ֤ן אֱמֶת֙ לְיַֽעֲקֹ֔ב חֶ֖סֶד לְאַבְרָהָ֑ם אֲשֶׁר־נִשְׁבַּ֥עְתָּ לַאֲבֹתֵ֖ינוּ מִ֥ימֵי קֶֽדֶם׃ 20
২০যি দৰে আপুনি অনাদি কালত আমাৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিল, সেই দৰে আপুনি যাকোবলৈ সত্যতা আৰু অব্ৰাহামলৈ বিশ্বস্ততাৰ চুক্তি দেখুৱাব।

< מִיכָה 7 >