< זְכַרְיָה 9 >

מַשָּׂ֤א דְבַר־יְהוָה֙ בְּאֶ֣רֶץ חַדְרָ֔ךְ וְדַמֶּ֖שֶׂק מְנֻחָתֹ֑ו כִּ֤י לַֽיהוָה֙ עֵ֣ין אָדָ֔ם וְכֹ֖ל שִׁבְטֵ֥י יִשְׂרָאֵֽל׃ 1
হদ্ৰক দেশৰ বিৰুদ্ধে যিহোৱাৰ বাক্য হ’ল আৰু দম্মেচকত তেওঁৰ আশ্ৰয় হ’ল; কিয়নো ইস্ৰায়েল আটাই ফৈদৰ ওপৰত থকাৰ দৰে মনুষ্য জাতিৰ ওপৰত যিহোৱাৰ দৃষ্টি হ’ব।
וְגַם־חֲמָ֖ת תִּגְבָּל־בָּ֑הּ צֹ֣ר וְצִידֹ֔ון כִּ֥י חָֽכְמָ֖ה מְאֹֽד׃ 2
আৰু দম্মেচকৰ সীমাত থকা হমাতো আশ্ৰয় হ’ব, চীদোনে সৈতে তূৰো হ’ব, যদিওবা সিহঁত বৰ জ্ঞানী।
וַתִּ֥בֶן צֹ֛ר מָצֹ֖ור לָ֑הּ וַתִּצְבָּר־כֶּ֙סֶף֙ כֶּֽעָפָ֔ר וְחָר֖וּץ כְּטִ֥יט חוּצֹֽות׃ 3
তূৰে নিজৰ বাবে দৃঢ় কোঁঠ সাজিলে আৰু ধূলিৰ দৰে ৰূপ আৰু বাটৰ বোকাৰ দৰে উত্তম সোণ দ’ম কৰিলে।
הִנֵּ֤ה אֲדֹנָי֙ יֹֽורִשֶׁ֔נָּה וְהִכָּ֥ה בַיָּ֖ם חֵילָ֑הּ וְהִ֖יא בָּאֵ֥שׁ תֵּאָכֵֽל׃ 4
চোৱা প্ৰভুৱে তাইৰ আধিপত্য আতৰাব, আৰু সমুদ্ৰত থকা তাইৰ পৰাক্ৰম নষ্ট কৰিব আৰু তাইক অগ্নিৰ দ্বাৰাই গ্ৰাসিত কৰা হ’ব।
תֵּרֶ֨א אַשְׁקְלֹ֜ון וְתִירָ֗א וְעַזָּה֙ וְתָחִ֣יל מְאֹ֔ד וְעֶקְרֹ֖ון כִּֽי־הֹבִ֣ישׁ מֶבָּטָ֑הּ וְאָ֤בַד מֶ֙לֶךְ֙ מֵֽעַזָּ֔ה וְאַשְׁקְלֹ֖ון לֹ֥א תֵשֵֽׁב׃ 5
ইয়াকে দেখি অস্কিলোনে ভয় কৰিব! কৰিব! আৰু ঘচায়ো দেখি গাজায়ো অত্যন্ত কঁপিব! ইক্ৰোণ, তাইৰ আশা হতবুদ্ধি হ’ব! কিয়নো তাইৰ আশাভূমি লাজ দিওঁতা হ’ব; ঘচাৰ পৰা ৰজা লুপ্ত হ’ব আৰু কোনেও অস্কিলোনত বাস নকৰিব!
וְיָשַׁ֥ב מַמְזֵ֖ר בְּאַשְׁדֹּ֑וד וְהִכְרַתִּ֖י גְּאֹ֥ון פְּלִשְׁתִּֽים׃ 6
এক অচিনাকি জাতিয়ে অচ্‌দোদত বাস কৰিব, আৰু মই পলেষ্টীয়াসকলৰ গৰ্ব্ব বিচ্ছিন্ন কৰিম।
וַהֲסִרֹתִ֨י דָמָ֜יו מִפִּ֗יו וְשִׁקֻּצָיו֙ מִבֵּ֣ין שִׁנָּ֔יו וְנִשְׁאַ֥ר גַּם־ה֖וּא לֵֽאלֹהֵ֑ינוּ וְהָיָה֙ כְּאַלֻּ֣ף בִּֽיהוּדָ֔ה וְעֶקְרֹ֖ון כִּיבוּסִֽי׃ 7
আৰু মই তেওঁৰ মুখৰ পৰা তেওঁ পান কৰা তেজ আৰু তেওঁৰ দাঁতৰ মাজৰ পৰা তেওঁৰ ঘিণলগীয়া প্ৰসাদ আতৰাই দিম; তেতিয়া তেৱোঁ আমাৰ ঈশ্বৰৰ পক্ষে অৱশিষ্ট লোক হ’ব, তেওঁ যিহূদাত প্ৰধান লোক বুলি গণিত হ’ব আৰু ইক্ৰোণ যিবুচীয়াস্বৰূপ হ’ব।
וְחָנִ֨יתִי לְבֵיתִ֤י מִצָּבָה֙ מֵעֹבֵ֣ר וּמִשָּׁ֔ב וְלֹֽא־יַעֲבֹ֧ר עֲלֵיהֶ֛ם עֹ֖וד נֹגֵ֑שׂ כִּ֥י עַתָּ֖ה רָאִ֥יתִי בְעֵינָֽי׃ ס 8
কোনেও মাজেদি অহা-যোৱা কৰিব নোৱাৰাকৈ মোৰ বংশৰ চাৰিওফালে সৈন্যসামন্তৰ বিৰুদ্ধে মই ছাউনি পাতিম, তেতিয়া কোনো অত্যাচাৰী লোক তেওঁলোকৰ মাজেদি পুনৰায় যাব নোৱাৰিব; কাৰণ নিজ চকুৰে এতিয়া মই দৃষ্টি কৰিলোঁ!
גִּילִ֨י מְאֹ֜ד בַּת־צִיֹּ֗ון הָרִ֙יעִי֙ בַּ֣ת יְרוּשָׁלַ֔͏ִם הִנֵּ֤ה מַלְכֵּךְ֙ יָ֣בֹוא לָ֔ךְ צַדִּ֥יק וְנֹושָׁ֖ע ה֑וּא עָנִי֙ וְרֹכֵ֣ב עַל־חֲמֹ֔ור וְעַל־עַ֖יִר בֶּן־אֲתֹנֹֽות׃ 9
হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।
וְהִכְרַתִּי־רֶ֣כֶב מֵאֶפְרַ֗יִם וְסוּס֙ מִיר֣וּשָׁלַ֔͏ִם וְנִכְרְתָה֙ קֶ֣שֶׁת מִלְחָמָ֔ה וְדִבֶּ֥ר שָׁלֹ֖ום לַגֹּויִ֑ם וּמָשְׁלֹו֙ מִיָּ֣ם עַד־יָ֔ם וּמִנָּהָ֖ר עַד־אַפְסֵי־אָֽרֶץ׃ 10
১০মই ইফ্ৰয়িমৰ পৰা ৰথ আৰু যিৰূচালেমৰ পৰা ঘোঁৰা উচ্ছন্ন কৰিম আৰু যুদ্ধৰ ধনু উচ্ছন্ন কৰা হ’ব; কিয়নো তেওঁ জাতিবোৰক শান্তিৰ কথা ক’ব, তেওঁৰ ৰাজ্য সমুদ্ৰৰ পৰা সমুদ্ৰলৈকে আৰু নদীৰ পৰা পৃথিৱীৰ অন্তলৈকে হ’ব।
גַּם־אַ֣תְּ בְּדַם־בְּרִיתֵ֗ךְ שִׁלַּ֤חְתִּי אֲסִירַ֙יִךְ֙ מִבֹּ֔ור אֵ֥ין מַ֖יִם בֹּֽו׃ 11
১১আৰু তোমাৰ বিষয়ে হ’লে, তোমাৰে সৈতে স্থাপন কৰা নিয়মটিৰ তেজৰ গুণত পানী নথকা গাতৰ পৰা মই তোমাৰ বন্দীয়াৰবোৰক মোকলালো।
שׁ֚וּבוּ לְבִצָּרֹ֔ון אֲסִירֵ֖י הַתִּקְוָ֑ה גַּם־הַיֹּ֕ום מַגִּ֥יד מִשְׁנֶ֖ה אָשִׁ֥יב לָֽךְ׃ 12
১২হে আশা কৰা বন্দীয়াৰসকল, তোমালোকে উলটি সংৰক্ষিত দুৰ্গলৈ আহাঁ! মই আজিয়েই প্ৰকাশ কৰিছোঁ যে, মই তোমাক দুগুণ মঙ্গল দান কৰিম।
כִּֽי־דָרַ֨כְתִּי לִ֜י יְהוּדָ֗ה קֶ֚שֶׁת מִלֵּ֣אתִי אֶפְרַ֔יִם וְעֹורַרְתִּ֤י בָנַ֙יִךְ֙ צִיֹּ֔ון עַל־בָּנַ֖יִךְ יָוָ֑ן וְשַׂמְתִּ֖יךְ כְּחֶ֥רֶב גִּבֹּֽור׃ 13
১৩কিয়নো মই যিহূদাক মোৰ পক্ষে ধনুস্বৰূপে ভিৰালোঁ আৰু ইফ্ৰয়িমক কাঁড়স্বৰূপে গুণত জুৰিলোঁ। হে চিয়োন, তোমাৰ সন্তান সকলৰ বিৰুদ্ধে তোমাৰ সন্তান সকলক মই উচটাম, আৰু গ্রীকসকল, মই তোমাক এজন বীৰৰ তৰোৱালস্বৰূপ কৰিম!
וַֽיהוָה֙ עֲלֵיהֶ֣ם יֵֽרָאֶ֔ה וְיָצָ֥א כַבָּרָ֖ק חִצֹּ֑ו וַֽאדֹנָ֤י יְהֹוִה֙ בַּשֹּׁופָ֣ר יִתְקָ֔ע וְהָלַ֖ךְ בְּסַעֲרֹ֥ות תֵּימָֽן׃ 14
১৪যিহোৱাই তেওঁলোকৰ ওপৰত দেখা দিব আৰু তেওঁৰ কাঁড় বিজুলীৰ নিচিনাকৈ ওলাব! প্ৰভু যিহোৱাই শিঙা বজাব আৰু দক্ষিণ অঞ্চলৰ বা’মাৰলী বায়ুস্বৰূপ ৰথত গমন কৰিব।
יְהוָ֣ה צְבָאֹות֮ יָגֵ֣ן עֲלֵיהֶם֒ וְאָכְל֗וּ וְכָֽבְשׁוּ֙ אַבְנֵי־קֶ֔לַע וְשָׁת֥וּ הָמ֖וּ כְּמֹו־יָ֑יִן וּמָֽלְאוּ֙ כַּמִּזְרָ֔ק כְּזָוִיֹּ֖ות מִזְבֵּֽחַ׃ 15
১৫বাহিনীসকলৰ যিহোৱা তেওঁলোকৰ ঢালস্বৰূপ হ’ব আৰু তেওঁলোকে শত্ৰুৰ মঙহ খাব আৰু ফিঙ্গাৰ শিলস্বৰূপে সিহঁতক ভৰিৰ তলত গচকিব। তেতিয়া তেওঁলোকে সিহঁতৰ তেজ পান কৰিব আৰু দ্ৰাক্ষাৰস পান কৰি গোলমাল কৰাৰ দৰে গোলমাল কৰিব; আৰু তেজ ৰখা পাত্ৰৰ নিচিনাকৈ তেওঁলোক তেজেৰে পূৰ হ’ব আৰু যজ্ঞবেদীৰ চাৰি চুকৰ নিচিনা হ’ব।
וְֽהֹושִׁיעָ֞ם יְהוָ֧ה אֱלֹהֵיהֶ֛ם בַּיֹּ֥ום הַה֖וּא כְּצֹ֣אן עַמֹּ֑ו כִּ֚י אַבְנֵי־נֵ֔זֶר מִֽתְנֹוסְסֹ֖ות עַל־אַדְמָתֹֽו׃ 16
১৬সেইদিনা তেওঁলোকৰ ঈশ্বৰ যিহোৱাই নিজৰ মেৰ-ছাগৰ জাকস্বৰূপ প্ৰজা বুলি তেওঁলোকক উদ্ধাৰ কৰিব; কিয়নো তেওঁলোক দেশৰ ওপৰত তেওঁৰ কিৰীটিৰ এটি জকমকোৱা মুকুতাস্বৰূপ হ’ব।
כִּ֥י מַה־טּוּבֹ֖ו וּמַה־יָפְיֹ֑ו דָּגָן֙ בַּֽחוּרִ֔ים וְתִירֹ֖ושׁ יְנֹובֵ֥ב בְּתֻלֹֽות׃ 17
১৭কাৰণ তেওঁৰ মঙ্গল কেনে মহৎ! আৰু তেওঁৰ সৌন্দৰ্য্য বা কেনে মহৎ! শস্যই যুৱাসকলক আৰু নতুন দ্ৰাক্ষাৰসে যুৱতীসকলক সতেজ কৰিব।

< זְכַרְיָה 9 >