< תְהִלִּים 79 >

מִזְמֹ֗ור לְאָ֫סָ֥ף אֱ‍ֽלֹהִ֡ים בָּ֤אוּ גֹויִ֨ם ׀ בְּֽנַחֲלָתֶ֗ךָ טִ֭מְּאוּ אֶת־הֵיכַ֣ל קָדְשֶׁ֑ךָ שָׂ֖מוּ אֶת־יְרוּשָׁלַ֣͏ִם לְעִיִּֽים׃ 1
হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল; তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে; তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে।
נָֽתְנ֡וּ אֶת־נִבְלַ֬ת עֲבָדֶ֗יךָ מַ֭אֲכָל לְעֹ֣וף הַשָּׁמָ֑יִם בְּשַׂ֥ר חֲ֝סִידֶ֗יךָ לְחַיְתֹו־אָֽרֶץ׃ 2
তোমাৰ দাসবোৰৰ মৰা শৱবোৰ তেওঁলোকে আকাশৰ পক্ষীবোৰক আহাৰ স্বৰূপে খাবলৈ দিলে; তোমাৰ ভক্তসকলৰ মাংস পৃথিৱীৰ বনৰীয়া পশুবোৰক দিলে।
שָׁפְכ֬וּ דָמָ֨ם ׀ כַּמַּ֗יִם סְֽבִ֘יבֹ֤ות יְֽרוּשָׁלָ֗͏ִם וְאֵ֣ין קֹובֵֽר׃ 3
যিৰূচালেমৰ চাৰিওফালে তেওঁলোকে সেই লোকসকলৰ তেজ পানীৰ দৰে ঢালি দিলে; তেওঁলোকক মৈদাম দিবলৈ কোনো নাছিল।
הָיִ֣ינוּ חֶ֭רְפָּה לִשְׁכֵנֵ֑ינוּ לַ֥עַג וָ֝קֶ֗לֶס לִסְבִיבֹותֵֽינוּ׃ 4
চুবুৰীয়া জাতিবোৰৰ আগত আমি নিন্দাৰ পাত্র হৈছোঁ; আমাৰ চাৰিওফালৰ লোকসকলৰ আগত আমি হাঁহিয়াতৰ আৰু বিদ্রূপৰ খোৰাক হৈছোঁ।
עַד־מָ֣ה יְ֭הוָה תֶּאֱנַ֣ף לָנֶ֑צַח תִּבְעַ֥ר כְּמֹו־אֵ֝֗שׁ קִנְאָתֶֽךָ׃ 5
হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকাললৈ ক্ৰোধ কৰি থাকিবানে? তোমাৰ হিংসুক অন্তৰ্জ্বালা অগ্নিৰ দৰে কিমান কাললৈকে জ্বলি থাকিব?
שְׁפֹ֤ךְ חֲמָתְךָ֨ אֶֽל־הַגֹּויִם֮ אֲשֶׁ֪ר לֹא־יְדָ֫ע֥וּךָ וְעַ֥ל מַמְלָכֹ֑ות אֲשֶׁ֥ר בְּ֝שִׁמְךָ֗ לֹ֣א קָרָֽאוּ׃ 6
তোমাক নজনা জাতিবোৰৰ ওপৰত তোমাৰ ক্ৰোধ ঢালি দিয়া, তোমাৰ নামেৰে প্ৰাৰ্থনা নকৰা ৰাজ্যবোৰৰ ওপৰত তোমাৰ ক্ৰোধ বাকি দিয়া।
כִּ֭י אָכַ֣ל אֶֽת־יַעֲקֹ֑ב וְֽאֶת־נָוֵ֥הוּ הֵשַֽׁמּוּ׃ 7
কিয়নো তেওঁলোকেই যাকোবৰ বংশক গ্ৰাস কৰিলে, তেওঁৰ বাসস্থান উচ্ছন্ন কৰিলে।
אַֽל־תִּזְכָּר־לָנוּ֮ עֲוֹנֹ֪ת רִאשֹׁ֫נִ֥ים מַ֭הֵר יְקַדְּמ֣וּנוּ רַחֲמֶ֑יךָ כִּ֖י דַלֹּ֣ונוּ מְאֹֽד׃ 8
আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰক তুমি আমাৰ অহিতে সোঁৱৰণ নকৰিবা; শীঘ্ৰে তোমাৰ দয়া আমাৰ ওচৰলৈ আহিবলৈ দিয়া, কিয়নো আমি অতিশয় হীন-অৱস্থাত পৰিছোঁ।
עָזְרֵ֤נוּ ׀ אֱלֹ֘הֵ֤י יִשְׁעֵ֗נוּ עַל־דְּבַ֥ר כְּבֹֽוד־שְׁמֶ֑ךָ וְהַצִּילֵ֥נוּ וְכַפֵּ֥ר עַל־חַ֝טֹּאתֵ֗ינוּ לְמַ֣עַן שְׁמֶֽךָ׃ 9
হে আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ, তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা; তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা।
לָ֤מָּה ׀ יֹאמְר֣וּ הַגֹּויִם֮ אַיֵּ֪ה אֱ‍ֽלֹהֵ֫יהֶ֥ם יִוָּדַ֣ע בַּגִּיִּים (בַּגֹּויִ֣ם) לְעֵינֵ֑ינוּ נִ֝קְמַ֗ת דַּֽם־עֲבָדֶ֥יךָ הַשָּׁפֽוּךְ׃ 10
১০আন জাতিবোৰে কিয় ক’ব, “সিহঁতৰ ঈশ্বৰ ক’ত গ’ল?” তুমি আমাৰ চকুৰ সন্মুখতে জাতিবোৰৰ ওপৰত, তোমাৰ দাসবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ তুমি সাধিবা।
תָּ֤בֹ֣וא לְפָנֶיךָ֮ אֶנְקַ֪ת אָ֫סִ֥יר כְּגֹ֥דֶל זְרֹועֲךָ֑ הֹ֝ותֵ֗ר בְּנֵ֣י תְמוּתָֽה׃ 11
১১বন্দীবোৰৰ কাতৰোক্তি তোমাৰ আগলৈ আহঁক; যি সকলৰ ওপৰত মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে, তোমাৰ মহান ক্ষমতা অনুসাৰে তুমি তেওঁলোকক ৰক্ষা কৰা।
וְהָ֘שֵׁ֤ב לִשְׁכֵנֵ֣ינוּ שִׁ֭בְעָתַיִם אֶל־חֵיקָ֑ם חֶרְפָּ֘תָ֤ם אֲשֶׁ֖ר חֵרְפ֣וּךָ אֲדֹנֽ͏ָי׃ 12
১২হে প্ৰভু, আমাৰ প্রতিবেশী জাতিবোৰে যিভাৱে তোমাক অপমান কৰিছে, তাৰ সাত গুণ প্ৰতিফল তুমি তেওঁলোকৰ বুকুত উভটাই দিয়া।
וַאֲנַ֤חְנוּ עַמְּךָ֨ ׀ וְצֹ֥אן מַרְעִיתֶךָ֮ נֹ֤ודֶ֥ה לְּךָ֗ לְעֹ֫ולָ֥ם לְדֹ֥ר וָדֹ֑ר נְ֝סַפֵּ֗ר תְּהִלָּתֶֽךָ׃ 13
১৩তাতে তোমাৰ লোক আৰু চৰণীয়া পথাৰৰ মেৰ-ছাগ যি আমি, আমি চিৰকাল তোমাৰ ধন্যবাদ কৰিম, আৰু পুৰুষানুক্ৰমে তোমাৰেই প্ৰশংসা কৰিম।

< תְהִלִּים 79 >