< תְהִלִּים 70 >

לַ֝מְנַצֵּ֗חַ לְדָוִ֥ד לְהַזְכִּֽיר׃ אֱלֹהִ֥ים לְהַצִּילֵ֑נִי יְ֝הוָ֗ה לְעֶזְרָ֥תִי חֽוּשָֽׁה׃ 1
হে ঈশ্বৰ, মোক ৰক্ষা কৰা! হে যিহোৱা, শীঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা।
יֵבֹ֣שׁוּ וְיַחְפְּרוּ֮ מְבַקְשֵׁ֪י נַ֫פְשִׁ֥י יִסֹּ֣גוּ אָ֭חֹור וְיִכָּלְמ֑וּ חֲ֝פֵצֵ֗י רָעָתִֽי׃ 2
যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক; মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক।
יָ֭שׁוּבוּ עַל־עֵ֣קֶב בָּשְׁתָּ֑ם הָ֝אֹמְרִ֗ים הֶ֘אָ֥ח ׀ הֶאָֽח׃ 3
যিসকলে মোক আহা আহা বোলে; তেওঁলোকে লাজ পাই উলটি যাওক।
יָ֘שִׂ֤ישׂוּ וְיִשְׂמְח֨וּ ׀ בְּךָ֗ כָּֽל־מְבַ֫קְשֶׁ֥יךָ וְיֹאמְר֣וּ תָ֭מִיד יִגְדַּ֣ל אֱלֹהִ֑ים אֹ֝הֲבֵ֗י יְשׁוּעָתֶֽךָ׃ 4
তোমাক বিচাৰোতাসকল তোমাত আনন্দ কৰি উল্লাসিত হওক; তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতা সকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক।
וַאֲנִ֤י ׀ עָנִ֣י וְאֶבְיֹון֮ אֱלֹהִ֪ים חֽוּשָׁ֫ה־לִּ֥י עֶזְרִ֣י וּמְפַלְטִ֣י אַ֑תָּה יְ֝הוָ֗ה אַל־תְּאַחַֽר׃ 5
কিন্তু মই হ’লে অভাবগ্রস্ত আৰু দৰিদ্ৰ; হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আহাঁ; তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা; হে যিহোৱা, পলম নকৰিবা।

< תְהִלִּים 70 >