< תְהִלִּים 69 >

לַמְנַצֵּ֬חַ עַֽל־שֹׁושַׁנִּ֬ים לְדָוִֽד׃ הֹושִׁיעֵ֥נִי אֱלֹהִ֑ים כִּ֤י בָ֖אוּ מַ֣יִם עַד־נָֽפֶשׁ׃ 1
হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা; কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ।
טָבַ֤עְתִּי ׀ בִּיוֵ֣ן מְ֭צוּלָה וְאֵ֣ין מָעֳמָ֑ד בָּ֥אתִי בְמַעֲמַקֵּי־מַ֝֗יִם וְשִׁבֹּ֥לֶת שְׁטָפָֽתְנִי׃ 2
মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই; গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে।
יָגַ֣עְתִּי בְקָרְאִי֮ נִחַ֪ר גְּרֹ֫ונִ֥י כָּל֥וּ עֵינַ֑י מְ֝יַחֵ֗ל לֵאלֹהָֽי׃ 3
মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল; মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল।
רַבּ֤וּ ׀ מִשַּׂעֲרֹ֣ות רֹאשִׁי֮ שֹׂנְאַ֪י חִ֫נָּ֥ם עָצְמ֣וּ מַ֭צְמִיתַי אֹיְבַ֣י שֶׁ֑קֶר אֲשֶׁ֥ר לֹא־גָ֝זַ֗לְתִּי אָ֣ז אָשִֽׁיב׃ 4
অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক; অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী; মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে।
אֱ‍ֽלֹהִ֗ים אַתָּ֣ה יָ֭דַעְתָּ לְאִוַּלְתִּ֑י וְ֝אַשְׁמֹותַ֗י מִמְּךָ֥ לֹא־נִכְחָֽדוּ׃ 5
হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা; আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে।
אַל־יֵ֘בֹ֤שׁוּ בִ֨י ׀ קֹוֶיךָ֮ אֲדֹנָ֥י יְהוִ֗ה צְבָ֫אֹ֥ות אַל־יִכָּ֣לְמוּ בִ֣י מְבַקְשֶׁ֑יךָ אֱ֝לֹהֵ֗י יִשְׂרָאֵֽל׃ 6
হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে; হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক।
כִּֽי־עָ֭לֶיךָ נָשָׂ֣אתִי חֶרְפָּ֑ה כִּסְּתָ֖ה כְלִמָּ֣ה פָנָֽי׃ 7
তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে; তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে।
מ֖וּזָר הָיִ֣יתִי לְאֶחָ֑י וְ֝נָכְרִ֗י לִבְנֵ֥י אִמִּֽי׃ 8
মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ; তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে।
כִּֽי־קִנְאַ֣ת בֵּיתְךָ֣ אֲכָלָ֑תְנִי וְחֶרְפֹּ֥ות חֹ֝ורְפֶ֗יךָ נָפְל֥וּ עָלָֽי׃ 9
কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে; আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল।
וָאֶבְכֶּ֣ה בַצֹּ֣ום נַפְשִׁ֑י וַתְּהִ֖י לַחֲרָפֹ֣ות לִֽי׃ 10
১০যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ; তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল।
וָאֶתְּנָ֣ה לְבוּשִׁ֣י שָׂ֑ק וָאֱהִ֖י לָהֶ֣ם לְמָשָֽׁל׃ 11
১১যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ; তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ।
יָשִׂ֣יחוּ בִ֭י יֹ֣שְׁבֵי שָׁ֑עַר וּ֝נְגִינֹ֗ות שֹׁותֵ֥י שֵׁכָֽר׃ 12
১২নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে; মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ।
וַאֲנִ֤י תְפִלָּתִֽי־לְךָ֨ ׀ יְהוָ֡ה עֵ֤ת רָצֹ֗ון אֱלֹהִ֥ים בְּרָב־חַסְדֶּ֑ךָ עֲ֝נֵ֗נִי בֶּאֱמֶ֥ת יִשְׁעֶֽךָ׃ 13
১৩কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা; তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া।
הַצִּילֵ֣נִי מִ֭טִּיט וְאַל־אֶטְבָּ֑עָה אִנָּצְלָ֥ה מִ֝שֹּֽׂנְאַ֗י וּמִמַּֽעֲמַקֵּי־מָֽיִם׃ 14
১৪বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা; মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা।
אַל־תִּשְׁטְפֵ֤נִי ׀ שִׁבֹּ֣לֶת מַ֭יִם וְאַל־תִּבְלָעֵ֣נִי מְצוּלָ֑ה וְאַל־תֶּאְטַר־עָלַ֖י בְּאֵ֣ר פִּֽיהָ׃ 15
১৫ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক; আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক।
עֲנֵ֣נִי יְ֭הוָה כִּי־טֹ֣וב חַסְדֶּ֑ךָ כְּרֹ֥ב רַ֝חֲמֶ֗יךָ פְּנֵ֣ה אֵלָֽי׃ 16
১৬হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম; তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা।
וְאַל־תַּסְתֵּ֣ר פָּ֭נֶיךָ מֵֽעַבְדֶּ֑ךָ כִּֽי־צַר־לִ֝֗י מַהֵ֥ר עֲנֵֽנִי׃ 17
১৭তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা; কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া।
קָרְבָ֣ה אֶל־נַפְשִׁ֣י גְאָלָ֑הּ לְמַ֖עַן אֹיְבַ֣י פְּדֵֽנִי׃ 18
১৮তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা; মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা।
אַתָּ֤ה יָדַ֗עְתָּ חֶרְפָּתִ֣י וּ֭בָשְׁתִּי וּכְלִמָּתִ֑י נֶ֝גְדְּךָ֗ כָּל־צֹורְרָֽי׃ 19
১৯মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা; মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে।
חֶרְפָּ֤ה ׀ שָֽׁבְרָ֥ה לִבִּ֗י וָֽאָ֫נ֥וּשָׁה וָאֲקַוֶּ֣ה לָנ֣וּד וָאַ֑יִן וְ֝לַמְנַחֲמִ֗ים וְלֹ֣א מָצָֽאתִי׃ 20
২০তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল; কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ, কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ।
וַיִּתְּנ֣וּ בְּבָרוּתִ֣י רֹ֑אשׁ וְ֝לִצְמָאִ֗י יַשְׁק֥וּנִי חֹֽמֶץ׃ 21
২১তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে; মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে।
יְהִֽי־שֻׁלְחָנָ֣ם לִפְנֵיהֶ֣ם לְפָ֑ח וְלִשְׁלֹומִ֥ים לְמֹוקֵֽשׁ׃ 22
২২তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব; আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব।
תֶּחְשַׁ֣כְנָה עֵ֭ינֵיהֶם מֵרְאֹ֑ות וּ֝מָתְנֵ֗יהֶם תָּמִ֥יד הַמְעַֽד׃ 23
২৩তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক; তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা।
שְׁפָךְ־עֲלֵיהֶ֥ם זַעְמֶ֑ךָ וַחֲרֹ֥ון אַ֝פְּךָ֗ יַשִּׂיגֵֽם׃ 24
২৪তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা; তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক।
תְּהִי־טִֽירָתָ֥ם נְשַׁמָּ֑ה בְּ֝אָהֳלֵיהֶ֗ם אַל־יְהִ֥י יֹשֵֽׁב׃ 25
২৫তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক; তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক।
כִּֽי־אַתָּ֣ה אֲשֶׁר־הִכִּ֣יתָ רָדָ֑פוּ וְאֶל־מַכְאֹ֖וב חֲלָלֶ֣יךָ יְסַפֵּֽרוּ׃ 26
২৬কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা; তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে।
תְּֽנָה־עָ֭וֹן עַל־עֲוֹנָ֑ם וְאַל־יָ֝בֹ֗אוּ בְּצִדְקָתֶֽךָ׃ 27
২৭তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া; তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক।
יִ֭מָּחֽוּ מִסֵּ֣פֶר חַיִּ֑ים וְעִ֥ם צַ֝דִּיקִ֗ים אַל־יִכָּתֵֽבוּ׃ 28
২৮জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক; আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক।
וַ֭אֲנִי עָנִ֣י וְכֹואֵ֑ב יְשׁוּעָתְךָ֖ אֱלֹהִ֣ים תְּשַׂגְּבֵֽנִי׃ 29
২৯কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো; হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক।
אֲהַֽלְלָ֣ה שֵׁם־אֱלֹהִ֣ים בְּשִׁ֑יר וַאֲגַדְּלֶ֥נּוּ בְתֹודָֽה׃ 30
৩০মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম; ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম।
וְתִיטַ֣ב לַֽ֭יהוָה מִשֹּׁ֥ור פָּ֗ר מַקְרִ֥ן מַפְרִֽיס׃ 31
৩১তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম; নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব।
רָא֣וּ עֲנָוִ֣ים יִשְׂמָ֑חוּ דֹּרְשֵׁ֥י אֱ֝לֹהִ֗ים וִיחִ֥י לְבַבְכֶֽם׃ 32
৩২নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব; হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক।
כִּֽי־שֹׁמֵ֣עַ אֶל־אֶבְיֹונִ֣ים יְהוָ֑ה וְאֶת־אֲ֝סִירָ֗יו לֹ֣א בָזָֽה׃ 33
৩৩কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে; আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে।
יְֽ֭הַלְלוּהוּ שָׁמַ֣יִם וָאָ֑רֶץ יַ֝מִּ֗ים וְֽכָל־רֹמֵ֥שׂ בָּֽם׃ 34
৩৪আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক; সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক।
כִּ֤י אֱלֹהִ֨ים ׀ יֹ֘ושִׁ֤יעַ צִיֹּ֗ון וְ֭יִבְנֶה עָרֵ֣י יְהוּדָ֑ה וְיָ֥שְׁבוּ שָׁ֝֗ם וִירֵשֽׁוּהָ׃ 35
৩৫কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব।
וְזֶ֣רַע עֲ֭בָדָיו יִנְחָל֑וּהָ וְאֹהֲבֵ֥י שְׁ֝מֹ֗ו יִשְׁכְּנוּ־בָֽהּ׃ 36
৩৬তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব; তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব।

< תְהִלִּים 69 >