< תְהִלִּים 49 >

לַמְנַצֵּ֬חַ ׀ לִבְנֵי־קֹ֬רַח מִזְמֹֽור׃ שִׁמְעוּ־זֹ֭את כָּל־הָֽעַמִּ֑ים הַ֝אֲזִ֗ינוּ כָּל־יֹ֥שְׁבֵי חָֽלֶד׃ 1
হে সমুদায় জাতি, তোমালোকে এইকথা শুনা; হে জগত-নিবাসী, কাণ পাতা।
גַּם־בְּנֵ֣י אָ֭דָם גַּם־בְּנֵי־אִ֑ישׁ יַ֝֗חַד עָשִׁ֥יר וְאֶבְיֹֽון׃ 2
উচ্চ-নীচ, ধনী-দুখীয়া সকলোৱে শুনা।
פִּ֭י יְדַבֵּ֣ר חָכְמֹ֑ות וְהָג֖וּת לִבִּ֣י תְבוּנֹֽות׃ 3
মোৰ মুখে জ্ঞানৰ কথা কব; মোৰ অন্তৰৰ গভীৰ চিন্তা সুবুদ্ধিদায়ক।
אַטֶּ֣ה לְמָשָׁ֣ל אָזְנִ֑י אֶפְתַּ֥ח בְּ֝כִנֹּ֗ור חִידָתֽ͏ִי׃ 4
মই শিক্ষাযুক্ত দৃষ্টান্তবোৰলৈ মনোযোগ দিম; বীণাৰে সৈতে গীত গাই তাৰ গভীৰ বিষয়ে ব্যাখ্যা কৰিম।
לָ֣מָּה אִ֭ירָא בִּ֣ימֵי רָ֑ע עֲוֹ֖ן עֲקֵבַ֣י יְסוּבֵּֽנִי׃ 5
মোৰ তাড়নাকাৰীবোৰৰ অপৰাধে যেতিয়া মোক বেৰি ধৰে, সেই সঙ্কটৰ কালত মই কিয় ভয় কৰি থাকিম?
הַבֹּטְחִ֥ים עַל־חֵילָ֑ם וּבְרֹ֥ב עָ֝שְׁרָ֗ם יִתְהַלָּֽלוּ׃ 6
সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহংকাৰ কৰে।
אָ֗ח לֹא־פָדֹ֣ה יִפְדֶּ֣ה אִ֑ישׁ לֹא־יִתֵּ֖ן לֵאלֹהִ֣ים כָּפְרֹֽו׃ 7
কোনেও কাকো কোনো প্রকাৰে নিজক মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে। নাইবা কোনেও মুক্তিৰ কাৰণে ঈশ্বৰক অধিক একো দিব নোৱাৰে, যাতে মানুহ চিৰকাল জীয়াই থাকিব পাৰে।
וְ֭יֵקַר פִּדְיֹ֥ון נַפְשָׁ֗ם וְחָדַ֥ל לְעֹולָֽם׃ 8
কাৰণ মানুহৰ জীৱনৰ প্রায়শ্চিত্তৰ মূল্য অধিক; মানুহে কেতিয়াও তাৰ পর্যাপ্ত মূল্য দিব নোৱাৰে,
וִֽיחִי־עֹ֥וד לָנֶ֑צַח לֹ֖א יִרְאֶ֣ה הַשָּֽׁחַת׃ 9
যাতে তেওঁ সদায় জীয়াই থাকিব পাৰিব আৰু কেতিয়াও মৈদামৰ গাতলৈ নাযাব।
כִּ֤י יִרְאֶ֨ה ׀ חֲכָ֘מִ֤ים יָמ֗וּתוּ יַ֤חַד כְּסִ֣יל וָבַ֣עַר יֹאבֵ֑דוּ וְעָזְב֖וּ לַאֲחֵרִ֣ים חֵילָֽם׃ 10
১০আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়; নির্বোধ আৰু বিবেকহীন লোকৰ দৰেই তেওঁলোক বিনষ্ট হয়। তেওঁলোকে নিজৰ ধন-সম্পদ আনৰ কাৰণে এৰি থৈ যায়।
קִרְבָּ֤ם בָּתֵּ֨ימֹו ׀ לְֽעֹולָ֗ם מִ֭שְׁכְּנֹתָם לְדֹ֣ר וָדֹ֑ר קָֽרְא֥וּ בִ֝שְׁמֹותָ֗ם עֲלֵ֣י אֲדָמֹֽות׃ 11
১১তেওঁলোকৰ মৈদাম, তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী, তেওঁলোকৰ আবাসবোৰ পুৰুষানুক্ৰমে থাকিব, সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে।
וְאָדָ֣ם בִּ֭יקָר בַּל־יָלִ֑ין נִמְשַׁ֖ל כַּבְּהֵמֹ֣ות נִדְמֽוּ׃ 12
১২কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও, চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।
זֶ֣ה דַ֭רְכָּם כֵּ֣סֶל לָ֑מֹו וְאַחֲרֵיהֶ֓ם ׀ בְּפִיהֶ֖ם יִרְצ֣וּ סֶֽלָה׃ 13
১৩যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে, আৰু তেওঁলোকৰ পাছত যিসকল লোকে তেওঁলোকৰ কথাত হয়ভৰ দি চলে, সেই হঠকাৰীসকলৰ দশাও তেনেকুৱা হ’ব। (চেলা)
כַּצֹּ֤אן ׀ לִֽשְׁאֹ֣ול שַׁתּוּ֮ מָ֤וֶת יִ֫רְעֵ֥ם וַיִּרְדּ֘וּ בָ֤ם יְשָׁרִ֨ים ׀ לַבֹּ֗קֶר וְצִירָם (וְ֭צוּרָם) לְבַלֹּ֥ות שְׁאֹ֗ול מִזְּבֻ֥ל לֹֽו׃ (Sheol h7585) 14
১৪তেওঁলোক চিয়োলৰ কাৰণে নিযুক্ত হোৱা মেৰ-ছাগৰ জাক স্বৰূপ; মৃত্যুয়েই তেওঁলোকৰ ৰখীয়া হ’ব; তেওঁলোক চিয়োললৈ নামি যাব। তেওঁলোকৰ ৰূপ চিয়োলত নষ্ট হ’ব; তেওঁলোকৰ বাসস্থান বুলি একো নাথাকিব। (Sheol h7585)
אַךְ־אֱלֹהִ֗ים יִפְדֶּ֣ה נַ֭פְשִׁי מִֽיַּד־שְׁאֹ֑ול כִּ֖י יִקָּחֵ֣נִי סֶֽלָה׃ (Sheol h7585) 15
১৫কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব; মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল’ব। (চেলা) (Sheol h7585)
אַל־תִּ֭ירָא כִּֽי־יַעֲשִׁ֣ר אִ֑ישׁ כִּֽי־יִ֝רְבֶּה כְּבֹ֣וד בֵּיתֹֽו׃ 16
১৬যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা; তেওঁৰ পৰিয়ালৰ গৌৰৱ যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা।
כִּ֤י לֹ֣א בְ֭מֹותֹו יִקַּ֣ח הַכֹּ֑ל לֹא־יֵרֵ֖ד אַחֲרָ֣יו כְּבֹודֹֽו׃ 17
১৭কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব; তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব।
כִּֽי־נַ֭פְשֹׁו בְּחַיָּ֣יו יְבָרֵ֑ךְ וְ֝יֹודֻ֗ךָ כִּי־תֵיטִ֥יב לָֽךְ׃ 18
১৮যদিও জীৱন কালত তেওঁলোকে নিজক সুখী বুলি ভাৱে, কিয়নো তোমালোকৰ নিজৰ ভাল অৱস্থা হ’লে, মানুহে তোমালোকক সুখী বুলি প্ৰশংসা কৰে;
תָּ֭בֹוא עַד־דֹּ֣ור אֲבֹותָ֑יו עַד־נֵ֝֗צַח לֹ֣א יִרְאוּ־אֹֽור׃ 19
১৯তথাপিও নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁলোক যাবই লাগিব, যিসকলে পুনৰ কেতিয়াও পোহৰ দেখিবলৈ নাপাব।
אָדָ֣ם בִּ֭יקָר וְלֹ֣א יָבִ֑ין נִמְשַׁ֖ל כַּבְּהֵמֹ֣ות נִדְמֽוּ׃ 20
২০কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।

< תְהִלִּים 49 >