< תְהִלִּים 25 >

לְדָוִ֡ד אֵלֶ֥יךָ יְ֝הוָ֗ה נַפְשִׁ֥י אֶשָּֽׂא׃ 1
হে যিহোৱা, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ!
אֱ‍ֽלֹהַ֗י בְּךָ֣ בָ֭טַחְתִּי אַל־אֵבֹ֑ושָׁה אַל־יַֽעַלְצ֖וּ אֹיְבַ֣י לִֽי׃ 2
হে মোৰ ঈশ্বৰ, মই তোমাতেই ভাৰসা কৰিছোঁ; তুমি মোক লাজত পৰিবলৈ নিদিবা; মোৰ শত্রুবোৰক মোৰ ওপৰত উল্লাস কৰিবলৈ নিদিবা।
גַּ֣ם כָּל־קֹ֭וֶיךָ לֹ֣א יֵבֹ֑שׁוּ יֵ֝בֹ֗שׁוּ הַבֹּוגְדִ֥ים רֵיקָֽם׃ 3
তোমালৈ অপেক্ষা কৰাসকলক তুমি লাজত পৰিবলৈ নিদিবা; কিন্তু যি সকলে অকাৰণে বিশ্বাসঘাটকতা কৰে তেওঁলোকেই লাজত পৰিব।
דְּרָכֶ֣יךָ יְ֭הוָה הֹודִיעֵ֑נִי אֹ֖רְחֹותֶ֣יךָ לַמְּדֵֽנִי׃ 4
হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা; তোমাৰ পথত চলিবলৈ মোক শিকোৱা।
הַדְרִ֘יכֵ֤נִי בַאֲמִתֶּ֨ךָ ׀ וְֽלַמְּדֵ֗נִי כִּֽי־אַ֭תָּה אֱלֹהֵ֣י יִשְׁעִ֑י אֹותְךָ֥ קִ֝וִּ֗יתִי כָּל־הַיֹּֽום׃ 5
তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া; কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ; ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।
זְכֹר־רַחֲמֶ֣יךָ יְ֭הוָה וַחֲסָדֶ֑יךָ כִּ֖י מֵעֹולָ֣ם הֵֽמָּה׃ 6
হে যিহোৱা, তোমাৰ দয়া আৰু অসীম প্রেমৰ কথা তুমি পাহৰি নাযাবা, কিয়নো সেই সকলো অনাদি কালৰ পৰা আছে।
חַטֹּ֤אות נְעוּרַ֨י ׀ וּפְשָׁעַ֗י אַל־תִּ֫זְכֹּ֥ר כְּחַסְדְּךָ֥ זְכָר־לִי־אַ֑תָּה לְמַ֖עַן טוּבְךָ֣ יְהוָֽה׃ 7
মোৰ যৌৱন কালৰ পাপ আৰু অপৰাধবোৰ তুমি সোঁৱৰণ নকৰিবা; হে যিহোৱা, তুমি তোমাৰ অসীম প্রেমৰ দ্বাৰাই আৰু তোমাৰ মঙ্গলদায়ক গুণেৰেই মোক সোঁৱৰণ কৰা।
טֹוב־וְיָשָׁ֥ר יְהוָ֑ה עַל־כֵּ֤ן יֹורֶ֖ה חַטָּאִ֣ים בַּדָּֽרֶךְ׃ 8
যিহোৱা মঙ্গলময় আৰু সৎ; সেয়ে তেওঁ পাপী লোকক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
יַדְרֵ֣ךְ עֲ֭נָוִים בַּמִּשְׁפָּ֑ט וִֽילַמֵּ֖ד עֲנָוִ֣ים דַּרְכֹּֽו׃ 9
তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়, তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
כָּל־אָרְחֹ֣ות יְ֭הוָה חֶ֣סֶד וֶאֱמֶ֑ת לְנֹצְרֵ֥י בְ֝רִיתֹ֗ו וְעֵדֹתָֽיו׃ 10
১০যিসকলে যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰ পালন কৰে, তেওঁলোকলৈ তেওঁৰ সকলো পথেই অসীম প্রেম আৰু বিশ্ৱস্ততাৰে পৰিপূর্ণ।
לְמַֽעַן־שִׁמְךָ֥ יְהוָ֑ה וְֽסָלַחְתָּ֥ לַ֝עֲוֹנִ֗י כִּ֣י רַב־הֽוּא׃ 11
১১হে যিহোৱা, মোৰ অপৰাধ অতি গুৰুতৰ; তোমাৰ নামৰ গুণেৰেই মোৰ অপৰাধ ক্ষমা কৰা।
מִי־זֶ֣ה הָ֭אִישׁ יְרֵ֣א יְהוָ֑ה יֹ֝ורֶ֗נּוּ בְּדֶ֣רֶךְ יִבְחָֽר׃ 12
১২কোন সেই লোক, যি জনে যিহোৱালৈ ভয় ৰাখে? তেওঁলোকে মনোনীত কৰিবলগীয়া পথ যিহোৱাই তেওঁলোকক শিকাব।
נַ֭פְשֹׁו בְּטֹ֣וב תָּלִ֑ין וְ֝זַרְעֹ֗ו יִ֣ירַשׁ אָֽרֶץ׃ 13
১৩তেওঁলোকে উন্নতিৰ মাজেদি নিজৰ জীৱন কটাব; তেওঁলোকৰ বংশধৰসকলে দেশ অধিকাৰ কৰিব।
סֹ֣וד יְ֭הוָה לִירֵאָ֑יו וּ֝בְרִיתֹ֗ו לְהֹודִיעָֽם׃ 14
১৪যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।
עֵינַ֣י תָּ֭מִיד אֶל־יְהוָ֑ה כִּ֤י הֽוּא־יֹוצִ֖יא מֵרֶ֣שֶׁת רַגְלָֽי׃ 15
১৫মোৰ চকু চিৰকাল যিহোৱাৰ ফাললৈ; কিয়নো তেৱেঁই মোৰ ভৰি জালৰ পৰা মুক্ত কৰিব।
פְּנֵה־אֵלַ֥י וְחָנֵּ֑נִי כִּֽי־יָחִ֖יד וְעָנִ֣י אָֽנִי׃ 16
১৬মোৰ ফালে ঘূৰি চোৱা, মোক কৃপা কৰা; কিয়নো মই অকলশৰীয়া আৰু দুঃখিত।
צָרֹ֣ות לְבָבִ֣י הִרְחִ֑יבוּ מִ֝מְּצֽוּקֹותַ֗י הֹוצִיאֵֽנִי׃ 17
১৭মোৰ হৃদয়ৰ যাতনাৰ পৰা মোক মুক্ত কৰা; মোৰ নানা ক্লেশৰ পৰা মোক উদ্ধাৰ কৰা।
רְאֵ֣ה עָ֭נְיִי וַעֲמָלִ֑י וְ֝שָׂ֗א לְכָל־חַטֹּאותָֽי׃ 18
১৮মোৰ দুখ আৰু সঙ্কটলৈ দৃষ্টি কৰা, মোৰ সকলো পাপ ক্ষমা কৰা।
רְאֵֽה־אֹויְבַ֥י כִּי־רָ֑בּוּ וְשִׂנְאַ֖ת חָמָ֣ס שְׂנֵאֽוּנִי׃ 19
১৯মোৰ শত্রুবোৰলৈ চোৱা, তেওঁলোক সংখ্যাত অনেক; তেওঁলোকে কিমান ভীষণ ঘৃণাৰে মোক ঘিণ কৰে।
שָׁמְרָ֣ה נַ֭פְשִׁי וְהַצִּילֵ֑נִי אַל־אֵ֝בֹ֗ושׁ כִּֽי־חָסִ֥יתִי בָֽךְ׃ 20
২০মোৰ প্রাণৰ সুৰক্ষা দিয়া, মোক উদ্ধাৰ কৰা; মোক লাজত পৰিবলৈ নিদিবা, কাৰণ মই তোমাতেই আশ্ৰয় লৈছোঁ।
תֹּם־וָיֹ֥שֶׁר יִצְּר֑וּנִי כִּ֝֗י קִוִּיתִֽיךָ׃ 21
২১মোৰ সততা আৰু ন্যায় কার্যই মোক ৰক্ষা কৰক; কাৰণ মই তোমালৈকো অপেক্ষা কৰিছোঁ।
פְּדֵ֣ה אֱ֭לֹהִים אֶת־יִשְׂרָאֵ֑ל מִ֝כֹּ֗ל צָֽרֹותָיו׃ 22
২২হে ঈশ্বৰ, ইস্ৰায়েলক তেওঁলোকৰ সকলো দুখ-কষ্টৰ পৰা মুক্ত কৰা।

< תְהִלִּים 25 >