< תְהִלִּים 127 >

שִׁ֥יר הַֽמַּֽעֲלֹ֗ות לִשְׁלֹ֫מֹ֥ה אִם־יְהוָ֤ה ׀ לֹא־יִבְנֶ֬ה בַ֗יִת שָׁ֤וְא ׀ עָמְל֣וּ בֹונָ֣יו בֹּ֑ו אִם־יְהוָ֥ה לֹֽא־יִשְׁמָר־עִ֝֗יר שָׁ֤וְא ׀ שָׁקַ֬ד שֹׁומֵֽר׃ 1
যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা; যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।
שָׁ֤וְא לָכֶ֨ם ׀ מַשְׁכִּ֪ימֵי ק֡וּם מְאַֽחֲרֵי־שֶׁ֗בֶת אֹ֭כְלֵי לֶ֣חֶם הָעֲצָבִ֑ים כֵּ֤ן יִתֵּ֖ן לִֽידִידֹ֣ו שֵׁנָֽא׃ 2
মিছাকৈয়ে তোমালোকে পৰিশ্রম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা, আৰু পৰিশ্রমৰ আহাৰ ভক্ষণ কৰা; কিয়নো প্রেম কৰাজনক যিহোৱাই নিদ্রা অৱস্থাতো একেৰূপ ফল দিয়ে।
הִנֵּ֤ה נַחֲלַ֣ת יְהוָ֣ה בָּנִ֑ים שָׂ֝כָ֗ר פְּרִ֣י הַבָּֽטֶן׃ 3
সন্তান সকল যিহোৱাই দিয়া আধিপত্য আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ।
כְּחִצִּ֥ים בְּיַד־גִּבֹּ֑ור כֵּ֝֗ן בְּנֵ֣י הַנְּעוּרִֽים׃ 4
বীৰৰ হাতত কাঁড়বোৰ যেনে, যুবা সন্তান সকলো তেনে।
אַשְׁרֵ֤י הַגֶּ֗בֶר אֲשֶׁ֤ר מִלֵּ֥א אֶת־אַשְׁפָּתֹ֗ו מֵ֫הֶ֥ם לֹֽא־יֵבֹ֑שׁוּ כִּֽי־יְדַבְּר֖וּ אֶת־אֹויְבִ֣ים בַּשָּֽׁעַר׃ 5
সেই পুৰুষ সুখী, যিজনৰ কাঁড়েৰে পূর্ণ কাঁড় থোৱা চূঙা থাকে। নগৰৰ দুৱাৰত শত্ৰুবোৰে সৈতে তেওঁ যেতিয়া কথা পাতে, তেওঁ লজ্জিত নহ’ব।

< תְהִלִּים 127 >