< תְהִלִּים 103 >

לְדָוִ֙ד ׀ בָּרֲכִ֣י נַ֭פְשִׁי אֶת־יְהוָ֑ה וְכָל־קְ֝רָבַ֗י אֶת־שֵׁ֥ם קָדְשֹֽׁו׃ 1
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
בָּרֲכִ֣י נַ֭פְשִׁי אֶת־יְהוָ֑ה וְאַל־תִּ֝שְׁכְּחִ֗י כָּל־גְּמוּלָֽיו׃ 2
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।
הַסֹּלֵ֥חַ לְכָל־עֲוֹנֵ֑כִי הָ֝רֹפֵ֗א לְכָל־תַּחֲלֻאָֽיְכִי׃ 3
যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে,
הַגֹּואֵ֣ל מִשַּׁ֣חַת חַיָּ֑יְכִי הַֽ֝מְעַטְּרֵ֗כִי חֶ֣סֶד וְרַחֲמִֽים׃ 4
যি জনাই তোমাৰ জীৱন বিনাশৰ পৰা মুক্ত কৰে, যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে,
הַמַּשְׂבִּ֣יַע בַּטֹּ֣וב עֶדְיֵ֑ךְ תִּתְחַדֵּ֖שׁ כַּנֶּ֣שֶׁר נְעוּרָֽיְכִי׃ 5
যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।
עֹשֵׂ֣ה צְדָקֹ֣ות יְהוָ֑ה וּ֝מִשְׁפָּטִ֗ים לְכָל־עֲשׁוּקִֽים׃ 6
যিহোৱাই উচিত কাৰ্য কৰে; উপদ্ৰৱ পোৱা লোকসকলৰ পক্ষে বিচাৰ নিষ্পত্তি কৰে।
יֹודִ֣יעַ דְּרָכָ֣יו לְמֹשֶׁ֑ה לִבְנֵ֥י יִ֝שְׂרָאֵ֗ל עֲלִילֹֽותָיו׃ 7
তেওঁ মোচিক নিজৰ পথবোৰ, আৰু ইস্ৰায়েলৰ বংশধৰসকলক নিজৰ কাৰ্যবোৰ জনালে
רַח֣וּם וְחַנּ֣וּן יְהוָ֑ה אֶ֖רֶךְ אַפַּ֣יִם וְרַב־חָֽסֶד׃ 8
যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।
לֹֽא־לָנֶ֥צַח יָרִ֑יב וְלֹ֖א לְעֹולָ֣ם יִטֹּֽור׃ 9
তেওঁ সদায় ধমকি দি নাথাকিব, চিৰকাললৈকে ক্ৰোধো নাৰাখিব।
לֹ֣א כַ֭חֲטָאֵינוּ עָ֣שָׂה לָ֑נוּ וְלֹ֥א כַ֝עֲוֹנֹתֵ֗ינוּ גָּמַ֥ל עָלֵֽינוּ׃ 10
১০তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।
כִּ֤י כִגְבֹ֣הַּ שָׁ֭מַיִם עַל־הָאָ֑רֶץ גָּבַ֥ר חַ֝סְדֹּ֗ו עַל־יְרֵאָֽיו׃ 11
১১কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ।
כִּרְחֹ֣ק מִ֭זְרָח מִֽמַּֽעֲרָ֑ב הִֽרְחִ֥יק מִ֝מֶּ֗נּוּ אֶת־פְּשָׁעֵֽינוּ׃ 12
১২পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।
כְּרַחֵ֣ם אָ֭ב עַל־בָּנִ֑ים רִחַ֥ם יְ֝הוָ֗ה עַל־יְרֵאָֽיו׃ 13
১৩বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে;
כִּי־ה֖וּא יָדַ֣ע יִצְרֵ֑נוּ זָ֝כ֗וּר כִּי־עָפָ֥ר אֲנָֽחְנוּ׃ 14
১৪কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।
אֱ֭נֹושׁ כֶּחָצִ֣יר יָמָ֑יו כְּצִ֥יץ הַ֝שָּׂדֶ֗ה כֵּ֣ן יָצִֽיץ׃ 15
১৫মানুহৰ আয়ুস তৃণৰ নিচিনা; যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়।
כִּ֤י ר֣וּחַ עָֽבְרָה־בֹּ֣ו וְאֵינֶ֑נּוּ וְלֹא־יַכִּירֶ֖נּוּ עֹ֣וד מְקֹומֹֽו׃ 16
১৬ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়; সেই স্থানেও তাক চিনি নাপায়।
וְחֶ֤סֶד יְהוָ֙ה ׀ מֵעֹולָ֣ם וְעַד־עֹ֭ולָם עַל־יְרֵאָ֑יו וְ֝צִדְקָתֹ֗ו לִבְנֵ֥י בָנִֽים׃ 17
১৭কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।
לְשֹׁמְרֵ֥י בְרִיתֹ֑ו וּלְזֹכְרֵ֥י פִ֝קֻּדָ֗יו לַעֲשֹׂותָֽם׃ 18
১৮তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে।
יְֽהוָ֗ה בַּ֭שָּׁמַיִם הֵכִ֣ין כִּסְאֹ֑ו וּ֝מַלְכוּתֹ֗ו בַּכֹּ֥ל מָשָֽׁלָה׃ 19
১৯যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে; তেওঁৰ শাসন সকলোৰে ওপৰত আছে।
בָּרֲכ֥וּ יְהוָ֗ה מַלְאָ֫כָ֥יו גִּבֹּ֣רֵי כֹ֭חַ עֹשֵׂ֣י דְבָרֹ֑ו לִ֝שְׁמֹ֗עַ בְּקֹ֣ול דְּבָרֹֽו׃ 20
২০হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা;
בָּרֲכ֣וּ יְ֭הוָה כָּל־צְבָאָ֑יו מְ֝שָׁרְתָ֗יו עֹשֵׂ֥י רְצֹונֹֽו׃ 21
২১হে যিহোৱাৰ বাহিনী সমূহ, যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল, তেওঁৰ ধন্যবাদ কৰা।
בָּרֲכ֤וּ יְהוָ֙ה ׀ כָּֽל־מַעֲשָׂ֗יו בְּכָל־מְקֹמֹ֥ות מֶמְשַׁלְתֹּ֑ו בָּרֲכִ֥י נַ֝פְשִׁ֗י אֶת־יְהוָֽה׃ 22
২২হে যিহোৱাৰ সকলো নির্মিত বস্তু, তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা; হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।

< תְהִלִּים 103 >