< נַחוּם 1 >

מַשָּׂ֖א נִֽינְוֵ֑ה סֵ֧פֶר חֲזֹ֛ון נַח֖וּם הָאֶלְקֹשִֽׁי׃ 1
মই ইলকোচ গাৱঁৰ নহূম। যিহোৱাই মোক দৰ্শনৰ যোগেদি দিয়া নীনবি নগৰৰ বিষয়ে এই এক ঘোষণা।
אֵ֣ל קַנֹּ֤וא וְנֹקֵם֙ יְהוָ֔ה נֹקֵ֥ם יְהוָ֖ה וּבַ֣עַל חֵמָ֑ה נֹקֵ֤ם יְהוָה֙ לְצָרָ֔יו וְנֹוטֵ֥ר ה֖וּא לְאֹיְבָֽיו׃ 2
যিহোৱা নিজ মৰ্য্যদা ৰখাত উদ্যোগী আৰু প্ৰতিকাৰ সাধোতা ঈশ্বৰ; যিহোৱা প্ৰতিকাৰ সাধোতা আৰু ক্ৰোধেৰে পৰিপূৰ্ণ; যিহোৱাই তেওঁৰ নিজ বিৰোধী সকলৰ ওপৰত প্ৰতিকাৰ সাধে আৰু নিজ শত্ৰুবোৰৰ কাৰণে ক্ৰোধ ৰাখে।
יְהֹוָ֗ה אֶ֤רֶךְ אַפַּ֙יִם֙ וּגְדֹול־ (וּגְדָל)־כֹּ֔חַ וְנַקֵּ֖ה לֹ֣א יְנַקֶּ֑ה יְהוָ֗ה בְּסוּפָ֤ה וּבִשְׂעָרָה֙ דַּרְכֹּ֔ו וְעָנָ֖ן אֲבַ֥ק רַגְלָֽיו׃ 3
যিহোৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান; কিন্তু তেওঁ দোষীক কোনো মতেই নিৰ্দ্দোষী ঘোষণা নকৰে; বা-মাৰলী আৰু ধুমুহা হ’ল যিহোৱাৰ পথ আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ।
גֹּועֵ֤ר בַּיָּם֙ וַֽיַּבְּשֵׁ֔הוּ וְכָל־הַנְּהָרֹ֖ות הֶֽחֱרִ֑יב אֻמְלַ֤ל בָּשָׁן֙ וְכַרְמֶ֔ל וּפֶ֥רַח לְבָנֹ֖ון אֻמְלָֽל׃ 4
তেওঁ সমুদ্ৰক ধমকি দি শুকুৱাই পেলায় আৰু আটাই নদ-নদী শুকান কৰে; বাচানৰ সৈতে কৰ্মিল অৱসন্ন হ’ল, লিবানোনৰ ফুলবোৰো শুকাই গ’ল।
הָרִים֙ רָעֲשׁ֣וּ מִמֶּ֔נּוּ וְהַגְּבָעֹ֖ות הִתְמֹגָ֑גוּ וַתִּשָּׂ֤א הָאָ֙רֶץ֙ מִפָּנָ֔יו וְתֵבֵ֖ל וְכָל־יֹ֥שְׁבֵי בָֽהּ׃ 5
তেওঁৰ ভয়ত পৰ্ব্বতবোৰ কঁপে আৰু গিৰিবোৰ দ্রৱীভূত হয়; তেওঁৰ আগত পৃথিৱী, এনে কি, জগতখন আৰু তাৰ সকলো নিবাসী ভাগি পৰে।
לִפְנֵ֤י זַעְמֹו֙ מִ֣י יַֽעֲמֹ֔וד וּמִ֥י יָק֖וּם בַּחֲרֹ֣ון אַפֹּ֑ו חֲמָתֹו֙ נִתְּכָ֣ה כָאֵ֔שׁ וְהַצֻּרִ֖ים נִתְּצ֥וּ מִמֶּֽנּוּ׃ 6
তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় হ’ব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধক কোনে সহ্য কৰিব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধৰ সন্মুখত কোনে থিয় হ’ব পাৰে? তেওঁৰ ক্ৰোধ অগ্নিৰ দৰে আহে আৰু তেওঁৰ দ্বাৰাই শিলবোৰ ডোখৰ ডোখৰকৈ ভঙা হয়।
טֹ֣וב יְהוָ֔ה לְמָעֹ֖וז בְּיֹ֣ום צָרָ֑ה וְיֹדֵ֖עַ חֹ֥סֵי בֹֽו׃ 7
যিহোৱা মঙ্গলময়, সঙ্কটৰ দিনা তেওঁ দৃঢ় কোঁঠাস্বৰূপ; আৰু তেওঁত আশ্ৰয় লোৱা লোকসকলক তেওঁ জানে।
וּבְשֶׁ֣טֶף עֹבֵ֔ר כָּלָ֖ה יַעֲשֶׂ֣ה מְקֹומָ֑הּ וְאֹיְבָ֖יו יְרַדֶּף־חֹֽשֶׁךְ׃ 8
কিন্তু তেওঁৰ শত্রুসকলক তেওঁ বানপানীৰ ধলৰ দ্বাৰাই সম্পূ্ৰ্ণকৈ শেষ কৰিব আৰু তেওঁ সেই লোকসকলক আন্ধাৰলৈ খেদি পঠাব।
מַה־תְּחַשְּׁבוּן֙ אֶל־יְהוָ֔ה כָּלָ֖ה ה֣וּא עֹשֶׂ֑ה לֹֽא־תָק֥וּם פַּעֲמַ֖יִם צָרָֽה׃ 9
তোমালোকে যিহোৱাৰ বিৰুদ্ধে কি চক্রান্ত কৰিছা? তেওঁ সম্পূৰ্ণকৈ অন্ত কৰিব; দ্বিতীয়বাৰ সঙ্কট নহব।
כִּ֚י עַד־סִירִ֣ים סְבֻכִ֔ים וּכְסָבְאָ֖ם סְבוּאִ֑ים אֻ֨כְּל֔וּ כְּקַ֥שׁ יָבֵ֖שׁ מָלֵֽא׃ 10
১০কিয়নো, সিহঁত জোঁট লগা কাঁইটৰ নিচিনা হলেও, সিহঁতক শুকান নৰাৰ নিচিনাকৈ ভস্ম কৰা হ’ব।
מִמֵּ֣ךְ יָצָ֔א חֹשֵׁ֥ב עַל־יְהוָ֖ה רָעָ֑ה יֹעֵ֖ץ בְּלִיָּֽעַל׃ ס 11
১১তোমালোকৰ নীনবি নগৰৰ পৰাই যিহোৱাৰ বিৰুদ্ধে কু-কল্পনা কৰোঁতা, কু-আলচ কৰোঁতা এজন ওলাল।
כֹּ֣ה ׀ אָמַ֣ר יְהוָ֗ה אִם־שְׁלֵמִים֙ וְכֵ֣ן רַבִּ֔ים וְכֵ֥ן נָגֹ֖זּוּ וְעָבָ֑ר וְעִ֨נִּתִ֔ךְ לֹ֥א אֲעַנֵּ֖ךְ עֹֽוד׃ 12
১২যিহোৱাই এই কথা কৈছে: যদিও তেওঁলোক শক্তিৰে পূৰ আৰু বহুসংখ্যক; তথাপি তেওঁলোকক উচ্ছন্ন কৰা হ’ব আৰু তেওঁলোকৰ কোনো এজনো অৱশিষ্ট নাথাকিব। কিন্তু হে যিহূদা, যদিও মই তোমাক দুখ দিলোঁ, তথাপি মই তোমাক পুনৰ দূখ নিদিম।
וְעַתָּ֕ה אֶשְׁבֹּ֥ר מֹטֵ֖הוּ מֵֽעָלָ֑יִךְ וּמֹוסְרֹתַ֖יִךְ אֲנַתֵּֽק׃ 13
১৩মই এতিয়া তোমাৰ পৰা তাৰ যুৱলি ভাঙি পেলাম, আৰু তোমাৰ বান্ধবোৰ ছিঙি পেলাম।”
וְצִוָּ֤ה עָלֶ֙יךָ֙ יְהוָ֔ה לֹֽא־יִזָּרַ֥ע מִשִּׁמְךָ֖ עֹ֑וד מִבֵּ֨ית אֱלֹהֶ֜יךָ אַכְרִ֨ית פֶּ֧סֶל וּמַסֵּכָ֛ה אָשִׂ֥ים קִבְרֶ֖ךָ כִּ֥י קַלֹּֽותָ׃ פ 14
১৪আৰু হে নীনবি নগৰ, তোমালোকৰ বিষয়ে যিহোৱাই আজ্ঞা দিছে যে, তোমালোকৰ কোনো বংশধৰৰ নাম ৰখা নাযাব; মই তোমালোকৰ দেৱতাবোৰৰ ঘৰৰ পৰা কটা-মূৰ্ত্তি আৰু সাঁচত ঢলা মূৰ্ত্তিবোৰ উচ্ছন্ন কৰিম; মই তোমালোকৰ মৈদাম খান্দিম, কিয়নো তোমালোক পাপিষ্ঠ।
הִנֵּ֨ה עַל־הֶהָרִ֜ים רַגְלֵ֤י מְבַשֵּׂר֙ מַשְׁמִ֣יעַ שָׁלֹ֔ום חָגִּ֧י יְהוּדָ֛ה חַגַּ֖יִךְ שַׁלְּמִ֣י נְדָרָ֑יִךְ כִּי֩ לֹ֨א יֹוסִ֥יף עֹ֛וד לַעֲבֹור־ (לַֽעֲבָר)־בָּ֥ךְ בְּלִיַּ֖עַל כֻּלֹּ֥ה נִכְרָֽת׃ 15
১৫চোৱা, যি জনে শুভবাৰ্ত্তা আনে আৰু শান্তি প্ৰচাৰ কৰে, সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত আছে! হে যিহূদা, তোমালোকৰ পৰ্ব্ববোৰ পালন কৰা আৰু তোমালোকৰ প্ৰতিজ্ঞাবোৰ সিদ্ধ কৰা, কিয়নো দুষ্ট লোকজনে তোমালোকক আক্রমণ নকৰিব; সি নিঃশেষে বিনষ্ট হ’ল।

< נַחוּם 1 >