< מִיכָה 5 >

עַתָּה֙ תִּתְגֹּדְדִ֣י בַת־גְּד֔וּד מָצֹ֖ור שָׂ֣ם עָלֵ֑ינוּ בַּשֵּׁ֙בֶט֙ יַכּ֣וּ עַֽל־הַלְּחִ֔י אֵ֖ת שֹׁפֵ֥ט יִשְׂרָאֵֽל׃ ס 1
যিৰূচালেমৰ লোকসকল, এতিয়া একলগ হৈ যুদ্ধলৈ শাৰী পাতি আহাঁ, তোমালোকৰ নগৰৰ চাৰিওফালে এখন দেৱাল আছে, কিন্তু তেওঁলোকে ইস্রায়েলৰ মূখ্যলোকসকলক লাঠিৰে গালত প্রহাৰ কৰিব।
וְאַתָּ֞ה בֵּֽית־לֶ֣חֶם אֶפְרָ֗תָה צָעִיר֙ לִֽהְיֹות֙ בְּאַלְפֵ֣י יְהוּדָ֔ה מִמְּךָ֙ לִ֣י יֵצֵ֔א לִֽהְיֹ֥ות מֹושֵׁ֖ל בְּיִשְׂרָאֵ֑ל וּמֹוצָאֹתָ֥יו מִקֶּ֖דֶם מִימֵ֥י עֹולָֽם׃ 2
কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে;
לָכֵ֣ן יִתְּנֵ֔ם עַד־עֵ֥ת יֹולֵדָ֖ה יָלָ֑דָה וְיֶ֣תֶר אֶחָ֔יו יְשׁוּב֖וּן עַל־בְּנֵ֥י יִשְׂרָאֵֽל׃ 3
এই হেতুকে ঈশ্বৰে তেওঁলোকক ত্যাগ কৰিব; যেতিয়ালৈকে তেওঁ প্ৰসৱ বেদনাৰে সন্তান জন্ম নিদিব, আৰু তেওঁৰ ভাইৰ অৱশিষ্ট লোকসকল ইস্ৰায়েলৰ লোকসকললৈ উলটি আহিব।
וְעָמַ֗ד וְרָעָה֙ בְּעֹ֣ז יְהוָ֔ה בִּגְאֹ֕ון שֵׁ֖ם יְהוָ֣ה אֱלֹהָ֑יו וְיָשָׁ֕בוּ כִּֽי־עַתָּ֥ה יִגְדַּ֖ל עַד־אַפְסֵי־אָֽרֶץ׃ 4
যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব, আৰু তেওঁৰ পশুৰ জাক চৰাব, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত, তেওঁলোকে বাস কৰিব; কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব।
וְהָיָ֥ה זֶ֖ה שָׁלֹ֑ום אַשּׁ֣וּר ׀ כִּֽי־יָבֹ֣וא בְאַרְצֵ֗נוּ וְכִ֤י יִדְרֹךְ֙ בְּאַרְמְנֹתֵ֔ינוּ וַהֲקֵמֹ֤נוּ עָלָיו֙ שִׁבְעָ֣ה רֹעִ֔ים וּשְׁמֹנָ֖ה נְסִיכֵ֥י אָדָֽם׃ 5
তেঁৱেই আমাৰ শান্তি হ’ব; যেতিয়া অচূৰে আমাৰ দেশলৈ সোমাই আহিব, আৰু আমাৰ দুৰ্গবোৰৰ অহিতে তেওঁলোকে দৃঢ়ভাৱে অগ্রগতি কৰিব, তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে সাত জন মেৰ-ছাগ ৰখীয়া, আৰু লোকসকলৰ ওপৰত আঠ জন মূখ্য লোকক তুলি ধৰিম।
וְרָע֞וּ אֶת־אֶ֤רֶץ אַשּׁוּר֙ בַּחֶ֔רֶב וְאֶת־אֶ֥רֶץ נִמְרֹ֖ד בִּפְתָחֶ֑יהָ וְהִצִּיל֙ מֵֽאַשּׁ֔וּר כִּֽי־יָבֹ֣וא בְאַרְצֵ֔נוּ וְכִ֥י יִדְרֹ֖ךְ בִּגְבוּלֵֽנוּ׃ ס 6
এই লোকসকলে তৰোৱালেৰে অচূৰৰ দেশ, আৰু নিজৰ হাতৰ তৰোৱালেৰে নিম্রোদৰ দেশ শাসন কৰিব। যেতিয়া অচূৰে আমাৰ দেশত সোমাব, আৰু আমাৰ সীমাৰ ভিতৰত খোজ দিব, তেতিয়া তেওঁ আমাক অচূৰৰ পৰা ৰক্ষা কৰিব।
וְהָיָ֣ה ׀ שְׁאֵרִ֣ית יַעֲקֹ֗ב בְּקֶ֙רֶב֙ עַמִּ֣ים רַבִּ֔ים כְּטַל֙ מֵאֵ֣ת יְהוָ֔ה כִּרְבִיבִ֖ים עֲלֵי־עֵ֑שֶׂב אֲשֶׁ֤ר לֹֽא־יְקַוֶּה֙ לְאִ֔ישׁ וְלֹ֥א יְיַחֵ֖ל לִבְנֵ֥י אָדָֽם׃ 7
বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, যিহোৱাৰ পৰা অহা নিয়ৰ, আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব। সেইবোৰে মানুহৰ, আৰু মনুষ্য সন্তান সকলৰ বাবে অপেক্ষা নকৰে।
וְהָיָה֩ שְׁאֵרִ֨ית יַעֲקֹ֜ב בַּגֹּויִ֗ם בְּקֶ֙רֶב֙ עַמִּ֣ים רַבִּ֔ים כְּאַרְיֵה֙ בְּבַהֲמֹ֣ות יַ֔עַר כִּכְפִ֖יר בְּעֶדְרֵי־צֹ֑אן אֲשֶׁ֧ר אִם עָבַ֛ר וְרָמַ֥ס וְטָרַ֖ף וְאֵ֥ין מַצִּֽיל׃ 8
দেশৰ আৰু বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, জংঘলত জন্তুৰ মাজত থকা সিংহ দৰে, আৰু মেৰ-ছাগৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব। যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়, তেওঁ তেওঁলোকক গচকে আৰু ফালি টুকুৰা টুকুৰ কৰে, আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকে।
תָּרֹ֥ם יָדְךָ֖ עַל־צָרֶ֑יךָ וְכָל־אֹיְבֶ֖יךָ יִכָּרֵֽתוּ׃ פ 9
তোমাৰ শত্ৰুবোৰৰ বিৰুদ্ধে তোমাৰ হাত তুলি ধৰা হওক, আৰু সেয়ে তেওঁলোকক ধ্বংস কৰিব।
וְהָיָ֤ה בַיֹּום־הַהוּא֙ נְאֻם־יְהוָ֔ה וְהִכְרַתִּ֥י סוּסֶ֖יךָ מִקִּרְבֶּ֑ךָ וְהַאֲבַדְתִּ֖י מַרְכְּבֹתֶֽיךָ׃ 10
১০“সেই দিনা এইদৰে ঘটিব,” যিহোৱাই কৈছে, “মই তোমালোকৰ মাজৰ পৰা তোমালোকৰ ঘোঁৰাবোৰ ধ্বংস কৰিম, আৰু তোমালোকৰ ৰথবোৰ বিনষ্ট কৰিম।
וְהִכְרַתִּ֖י עָרֵ֣י אַרְצֶ֑ךָ וְהָרַסְתִּ֖י כָּל־מִבְצָרֶֽיךָ׃ 11
১১মই তোমালোকৰ দেশৰ নগৰবোৰ উচ্ছন্ন কৰিম, আৰু তোমালোকৰ দুৰ্গবোৰ ভাঙি পেলাম।
וְהִכְרַתִּ֥י כְשָׁפִ֖ים מִיָּדֶ֑ךָ וּֽמְעֹונְנִ֖ים לֹ֥א יִֽהְיוּ־לָֽךְ׃ 12
১২মই তোমালোকৰ হাতৰ মায়াকর্ম নষ্ট কৰিম, আৰু তোমালোকৰ কোনো গণক দীৰ্ঘ সময় নাথাকিব।
וְהִכְרַתִּ֧י פְסִילֶ֛יךָ וּמַצֵּבֹותֶ֖יךָ מִקִּרְבֶּ֑ךָ וְלֹֽא־תִשְׁתַּחֲוֶ֥ה עֹ֖וד לְמַעֲשֵׂ֥ה יָדֶֽיךָ׃ 13
১৩মই তোমালোকৰ মাজৰ পৰা কটা-প্ৰতিমাবোৰ, আৰু তোমালোকৰ শিলৰ স্তম্ভবোৰ ধ্বংস কৰিম। তোমালোকৰ নিজৰ হাতৰ কার্যক প্ৰণিপাত কৰি নাথাকিবা;
וְנָתַשְׁתִּ֥י אֲשֵׁירֶ֖יךָ מִקִּרְבֶּ֑ךָ וְהִשְׁמַדְתִּ֖י עָרֶֽיךָ׃ 14
১৪মই তোমালোকৰ মাজৰ পৰা আচেৰা খুঁটা বিনাশ কৰিম, আৰু মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম।
וְעָשִׂ֜יתִי בְּאַ֧ף וּבְחֵמָ֛ה נָקָ֖ם אֶת־הַגֹּויִ֑ם אֲשֶׁ֖ר לֹ֥א שָׁמֵֽעוּ׃ ס 15
১৫যি দেশে মোৰ কথা নুশুনে, সেই দেশৰ ওপৰত মই খং আৰু ক্ৰোধেৰে প্ৰতিকাৰ সাধিম।

< מִיכָה 5 >