< וַיִּקְרָא 27 >

וַיְדַבֵּ֥ר יְהוָ֖ה אֶל־מֹשֶׁ֥ה לֵּאמֹֽר׃ 1
আৰু এইদৰে যিহোৱাই মোচিক কৈছিল আৰু ক’লে,
דַּבֵּ֞ר אֶל־בְּנֵ֤י יִשְׂרָאֵל֙ וְאָמַרְתָּ֣ אֲלֵהֶ֔ם אִ֕ישׁ כִּ֥י יַפְלִ֖א נֶ֑דֶר בְּעֶרְכְּךָ֥ נְפָשֹׁ֖ת לַֽיהוָֽה׃ 2
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমাৰ নিৰূপিত মূল্য অনুসাৰে যদি কোনোৱে যিহোৱাৰ উদ্দেশ্যে মানুহে দিয়া সঙ্কল্প সিদ্ধ কৰিব খোজে, তলত উল্লেখ কৰা মূল্যৰ ব্যৱহাৰ কৰা।
וְהָיָ֤ה עֶרְכְּךָ֙ הַזָּכָ֔ר מִבֶּן֙ עֶשְׂרִ֣ים שָׁנָ֔ה וְעַ֖ד בֶּן־שִׁשִּׁ֣ים שָׁנָ֑ה וְהָיָ֣ה עֶרְכְּךָ֗ חֲמִשִּׁ֛ים שֶׁ֥קֶל כֶּ֖סֶף בְּשֶׁ֥קֶל הַקֹּֽדֶשׁ׃ 3
তেন্তে বিশ বছৰতকৈ অধিক আৰু ষাঠি বছৰতকৈ কম বয়স হোৱা পুৰুষৰ কাৰণে হ’লে, পবিত্ৰ স্থানৰ চেকল অনুসাৰে তোমাৰ নিৰূপিত মূল্য পঞ্চাশ চেকল ৰূপ হ’ব।
וְאִם־נְקֵבָ֖ה הִ֑וא וְהָיָ֥ה עֶרְכְּךָ֖ שְׁלֹשִׁ֥ים שָֽׁקֶל׃ 4
কিন্তু স্ত্ৰীৰ বাবে হ’লে, তোমাৰ নিৰূপিত মূল্য ত্ৰিশ চেকল হ’ব।
וְאִ֨ם מִבֶּן־חָמֵ֜שׁ שָׁנִ֗ים וְעַד֙ בֶּן־עֶשְׂרִ֣ים שָׁנָ֔ה וְהָיָ֧ה עֶרְכְּךָ֛ הַזָּכָ֖ר עֶשְׂרִ֣ים שְׁקָלִ֑ים וְלַנְּקֵבָ֖ה עֲשֶׂ֥רֶת שְׁקָלִֽים׃ 5
আৰু যদি পাঁচ বছৰতকৈ অধিক আৰু বিশ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য বিশ চেকল হ’ব আৰু স্ত্রীৰ বাবে দহ চেকল হ’ব।
וְאִ֣ם מִבֶּן־חֹ֗דֶשׁ וְעַד֙ בֶּן־חָמֵ֣שׁ שָׁנִ֔ים וְהָיָ֤ה עֶרְכְּךָ֙ הַזָּכָ֔ר חֲמִשָּׁ֥ה שְׁקָלִ֖ים כָּ֑סֶף וְלַנְּקֵבָ֣ה עֶרְכְּךָ֔ שְׁלֹ֥שֶׁת שְׁקָלִ֖ים כָּֽסֶף׃ 6
আৰু যদি এমাহতকৈ অধিক আৰু পাঁচ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে ল’ৰাৰ বাবে তোমাৰ নিৰূপিত মূল্য পাঁচ চেকল হ’ব আৰু ছোৱালীৰ বাবে তিনি চেকল ৰূপ হ’ব।
וְ֠אִם מִבֶּן־שִׁשִּׁ֨ים שָׁנָ֤ה וָמַ֙עְלָה֙ אִם־זָכָ֔ר וְהָיָ֣ה עֶרְכְּךָ֔ חֲמִשָּׁ֥ה עָשָׂ֖ר שָׁ֑קֶל וְלַנְּקֵבָ֖ה עֲשָׂרָ֥ה שְׁקָלִֽים׃ 7
আৰু যদি ষাঠি বছৰ ও তাতকৈ অধিক বয়সীয়া হয়, তেনেহলে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য পোন্ধৰ চেকল আৰু স্ত্ৰীৰ বাবে দহ চেকল ৰূপ হ’ব।
וְאִם־מָ֥ךְ הוּא֙ מֵֽעֶרְכֶּ֔ךָ וְהֶֽעֱמִידֹו֙ לִפְנֵ֣י הַכֹּהֵ֔ן וְהֶעֱרִ֥יךְ אֹתֹ֖ו הַכֹּהֵ֑ן עַל־פִּ֗י אֲשֶׁ֤ר תַּשִּׂיג֙ יַ֣ד הַנֹּדֵ֔ר יַעֲרִיכֶ֖נּוּ הַכֹּהֵֽן׃ ס 8
কিন্তু যদি লোকজন দুখীয়া হয় আৰু তুমি নিৰূপণ কৰা মূল্য তেওঁ দিবলৈ যদি অক্ষম হয়, তেন্তে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব; সঙ্কল্প কৰা লোকজনৰ সমৰ্থ অনুসাৰে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব।
וְאִם־בְּהֵמָ֔ה אֲשֶׁ֨ר יַקְרִ֧יבוּ מִמֶּ֛נָּה קָרְבָּ֖ן לַֽיהוָ֑ה כֹּל֩ אֲשֶׁ֨ר יִתֵּ֥ן מִמֶּ֛נּוּ לַיהוָ֖ה יִֽהְיֶה־קֹּֽדֶשׁ׃ 9
আৰু যদি যিহোৱাৰ উদ্দেশ্যে কোনো পশু উৎসৰ্গ কৰিবলৈ খোজে আৰু সেই পশু যদি যিহোৱাৰ দৃষ্টিত গ্রহণযোগ্য হয়, তেন্তে সেই পশু সম্পূর্ণৰূপে তেওঁৰ হ’ব।
לֹ֣א יַחֲלִיפֶ֗נּוּ וְלֹֽא־יָמִ֥יר אֹתֹ֛ו טֹ֥וב בְּרָ֖ע אֹו־רַ֣ע בְּטֹ֑וב וְאִם־הָמֵ֨ר יָמִ֤יר בְּהֵמָה֙ בִּבְהֵמָ֔ה וְהָֽיָה־ה֥וּא וּתְמוּרָתֹ֖ו יִֽהְיֶה־קֹּֽדֶשׁ׃ 10
১০তেওঁ তাৰ অন্যথা বা সলনি নকৰিব, বেয়াৰ সলনি ভাল বা ভালৰ সলনি বেয়া নিদিব; যদি তেওঁ কোনো ৰূপে পশু সলনি কৰে, তেন্তে সেইটো আৰু তাৰ সলনি দিয়াটো পবিত্ৰ হ’ব।
וְאִם֙ כָּל־בְּהֵמָ֣ה טְמֵאָ֔ה אֲ֠שֶׁר לֹא־יַקְרִ֧יבוּ מִמֶּ֛נָּה קָרְבָּ֖ן לַֽיהוָ֑ה וְהֽ͏ֶעֱמִ֥יד אֶת־הַבְּהֵמָ֖ה לִפְנֵ֥י הַכֹּהֵֽן׃ 11
১১আৰু যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব নোৱাৰা কোনো অশুচি পশু যদি হয়, তেন্তে তেওঁ সেই পশু পুৰোহিতৰ ওচৰলৈ আনিব।
וְהֶעֱרִ֤יךְ הַכֹּהֵן֙ אֹתָ֔הּ בֵּ֥ין טֹ֖וב וּבֵ֣ין רָ֑ע כְּעֶרְכְּךָ֥ הַכֹּהֵ֖ן כֵּ֥ן יִהְיֶֽה׃ 12
১২সেই পশুৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে বজাৰ দৰৰূপে মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
וְאִם־גָּאֹ֖ל יִגְאָלֶ֑נָּה וְיָסַ֥ף חֲמִישִׁתֹ֖ו עַל־עֶרְכֶּֽךָ׃ 13
১৩গৰাকীয়ে যদি কোনো ৰূপে তাক মুকলি কৰিব খোজে, তেন্তে তেওঁ তোমাৰ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব।
וְאִ֗ישׁ כִּֽי־יַקְדִּ֨שׁ אֶת־בֵּיתֹ֥ו קֹ֙דֶשׁ֙ לַֽיהוָ֔ה וְהֶעֱרִיכֹו֙ הַכֹּהֵ֔ן בֵּ֥ין טֹ֖וב וּבֵ֣ין רָ֑ע כַּאֲשֶׁ֨ר יַעֲרִ֥יךְ אֹתֹ֛ו הַכֹּהֵ֖ן כֵּ֥ן יָקֽוּם׃ 14
১৪আৰু যদি কোনো লোকে তেওঁৰ ঘৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হবলৈ ইচ্ছা কৰে, তেন্তে সেই ঘৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
וְאִ֨ם־הַמַּקְדִּ֔ישׁ יִגְאַ֖ל אֶת־בֵּיתֹ֑ו וְ֠יָסַף חֲמִישִׁ֧ית כֶּֽסֶף־עֶרְכְּךָ֛ עָלָ֖יו וְהָ֥יָה לֹֽו׃ 15
১৫আৰু গৰাকীয়ে তেওঁ পবিত্ৰ কৰা ঘৰ যদি মোকলাব খোজে, তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব; আৰু তেতিয়া সেই ঘৰ তেওঁৰ হ’ব।
וְאִ֣ם ׀ מִשְּׂדֵ֣ה אֲחֻזָּתֹ֗ו יַקְדִּ֥ישׁ אִישׁ֙ לַֽיהוָ֔ה וְהָיָ֥ה עֶרְכְּךָ֖ לְפִ֣י זַרְעֹ֑ו זֶ֚רַע חֹ֣מֶר שְׂעֹרִ֔ים בַּחֲמִשִּׁ֖ים שֶׁ֥קֶל כָּֽסֶף׃ 16
১৬আৰু যদি কোনোৱে নিজৰ আধিপত্যৰ মাটি কোনো এভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব খোজে, তেন্তে তাত সিচাঁ কঠিয়া অনুসাৰে তোমাৰ নিৰূপিত মূল্য হব। এক হোমৰ যৱ সিঁচিবা পৰা মাটিৰ মূল্য পঞ্চাশ চেকল ৰূপ হ’ব।
אִם־מִשְּׁנַ֥ת הַיֹּבֵ֖ל יַקְדִּ֣ישׁ שָׂדֵ֑הוּ כְּעֶרְכְּךָ֖ יָקֽוּם׃ 17
১৭যদি তেওঁ যোৱেল বছৰ যোৱা মাত্ৰকে নিজৰ সেই ডোখৰ মাটি পবিত্ৰ কৰে, তেন্তে তোমাৰ নিৰূপিত মূল্য অনুসাৰে সেয়ে স্থিৰ হ’ব।
וְאִם־אַחַ֣ר הַיֹּבֵל֮ יַקְדִּ֣ישׁ שָׂדֵהוּ֒ וְחִשַּׁב־לֹ֨ו הַכֹּהֵ֜ן אֶת־הַכֶּ֗סֶף עַל־פִּ֤י הַשָּׁנִים֙ הַנֹּ֣ותָרֹ֔ת עַ֖ד שְׁנַ֣ת הַיֹּבֵ֑ל וְנִגְרַ֖ע מֵֽעֶרְכֶּֽךָ׃ 18
১৮আৰু যদি তেওঁ যোৱেল বছৰৰ কিছু কালৰ পাছত নিজৰ মাটি পবিত্ৰ কৰে, তেন্তে পুৰোহিতে যোৱেল বছৰলৈকে বাকী থকা বছৰৰ সংখ্যা অনুসাৰে তালৈ হিচাপ কৰিব আৰু নিৰূপিত মূল্য কম কৰা হ’ব।
וְאִם־גָּאֹ֤ל יִגְאַל֙ אֶת־הַשָּׂדֶ֔ה הַמַּקְדִּ֖ישׁ אֹתֹ֑ו וְ֠יָסַף חֲמִשִׁ֧ית כֶּֽסֶף־עֶרְכְּךָ֛ עָלָ֖יו וְקָ֥ם לֹֽו׃ 19
১৯আৰু যদি সেই মাটি পবিত্ৰ কৰাজনে কোনো ৰূপে তাক মুকলি কৰিব খোজে তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব, তাতে সেইয়ে তেওঁৰ নিজৰ হ’ব।
וְאִם־לֹ֤א יִגְאַל֙ אֶת־הַשָּׂדֶ֔ה וְאִם־מָכַ֥ר אֶת־הַשָּׂדֶ֖ה לְאִ֣ישׁ אַחֵ֑ר לֹ֥א יִגָּאֵ֖ל עֹֽוד׃ 20
২০কিন্তু যদি তেওঁ সেই মাটি মুকলি নকৰে বা যদি আন কোনোজনক বেচি দিয়ে, তেন্তে তাক আৰু মোকলোৱা নাযাব।
וְהָיָ֨ה הַשָּׂדֶ֜ה בְּצֵאתֹ֣ו בַיֹּבֵ֗ל קֹ֛דֶשׁ לַֽיהוָ֖ה כִּשְׂדֵ֣ה הַחֵ֑רֶם לַכֹּהֵ֖ן תִּהְיֶ֥ה אֲחֻזָּתֹֽו׃ 21
২১কিন্তু সেই মাটি যোৱেল বছৰত মুকলি হৈ, বৰ্জিত কৰি দিয়া মাটিৰ নিচিনাকৈ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; আৰু তাত পুৰোহিতৰহে অধিকাৰ থাকিব।
וְאִם֙ אֶת־שְׂדֵ֣ה מִקְנָתֹ֔ו אֲשֶׁ֕ר לֹ֖א מִשְּׂדֵ֣ה אֲחֻזָּתֹ֑ו יַקְדִּ֖ישׁ לַֽיהוָֽה׃ 22
২২আৰু যদি কোনোৱে নিজৰ পৈত্রিক ভুমিৰ বাহিৰে নিজে কিনি লোৱা মাটি এডোখৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰে,
וְחִשַּׁב־לֹ֣ו הַכֹּהֵ֗ן אֵ֚ת מִכְסַ֣ת הָֽעֶרְכְּךָ֔ עַ֖ד שְׁנַ֣ת הַיֹּבֵ֑ל וְנָתַ֤ן אֶת־הָעֶרְכְּךָ֙ בַּיֹּ֣ום הַה֔וּא קֹ֖דֶשׁ לַיהוָֽה׃ 23
২৩তেন্তে যোৱেল বছৰলৈকে তুমি নিৰূপণ কৰা মূল্য পুৰোহিতে তাক হিচাপ কৰা দিব; তেওঁ সেই দিনাই, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হোৱা বস্তুৰূপে তোমাৰ নিৰূপিত মূল্য দিব।
בִּשְׁנַ֤ת הַיֹּובֵל֙ יָשׁ֣וּב הַשָּׂדֶ֔ה לַאֲשֶׁ֥ר קָנָ֖הוּ מֵאִתֹּ֑ו לַאֲשֶׁר־לֹ֖ו אֲחֻזַּ֥ת הָאָֽרֶץ׃ 24
২৪সেই মাটি যাৰ পৰা কিনা হৈছিল, তেওঁ, সেই মাটিৰ যাৰ স্বত্ত্ব আছিল, তেওঁৱেই যোৱেল বছৰত তাক পুনৰায় পাব।
וְכָל־עֶרְכְּךָ֔ יִהְיֶ֖ה בְּשֶׁ֣קֶל הַקֹּ֑דֶשׁ עֶשְׂרִ֥ים גֵּרָ֖ה יִהְיֶ֥ה הַשָּֽׁקֶל׃ ס 25
২৫আৰু তুমি নিৰূপণ কৰা আটাই মূল্য পবিত্ৰ স্থান চেকল অনুসাৰে হব; বিশ গেৰাই এক চেকল হয়।
אַךְ־בְּכֹ֞ור אֲשֶׁר־יְבֻכַּ֤ר לַֽיהוָה֙ בִּבְהֵמָ֔ה לֹֽא־יַקְדִּ֥ישׁ אִ֖ישׁ אֹתֹ֑ו אִם־שֹׁ֣ור אִם־שֶׂ֔ה לַֽיהוָ֖ה הֽוּא׃ 26
২৬তথাপি প্ৰথমে জগা বুলি যি পশু যিহোৱাৰ, পশুবোৰৰ মাজত সেই প্ৰথমে জগা পশু কোনেও পবিত্ৰ কৰিব নোৱাৰিব; গৰু, মেৰ, বা ছাগলী হওক, সেয়ে যিহোৱাৰেই।
וְאִ֨ם בַּבְּהֵמָ֤ה הַטְּמֵאָה֙ וּפָדָ֣ה בְעֶרְכֶּ֔ךָ וְיָסַ֥ף חֲמִשִׁתֹ֖ו עָלָ֑יו וְאִם־לֹ֥א יִגָּאֵ֖ל וְנִמְכַּ֥ר בְּעֶרְכֶּֽךָ׃ 27
২৭যদি সেই পশু অশুচি পশু হয়, তেন্তে উৎসৰ্গ কৰা জনে নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছলৈ দি তাক মোকলাব পাৰে। মোকলোৱা নহ’লে, নিৰূপণ কৰা মূল্যত তাক বেচা যাব।
אַךְ־כָּל־חֵ֡רֶם אֲשֶׁ֣ר יַחֲרִם֩ אִ֨ישׁ לַֽיהוָ֜ה מִכָּל־אֲשֶׁר־לֹ֗ו מֵאָדָ֤ם וּבְהֵמָה֙ וּמִשְּׂדֵ֣ה אֲחֻזָּתֹ֔ו לֹ֥א יִמָּכֵ֖ר וְלֹ֣א יִגָּאֵ֑ל כָּל־חֵ֕רֶם קֹֽדֶשׁ־קָֽדָשִׁ֥ים ה֖וּא לַיהוָֽה׃ 28
২৮তথাপি মানুহ বা পশু হওক বা নিজ আধিপত্যৰ মাটিয়েই হওক, যি কোনো মানুহে নিজৰ সৰ্ব্বস্বৰ পৰা যিহোৱাৰ উদ্দেশ্যে বৰ্জিত কৰি দিয়ে, সেই বৰ্জিত বস্তু বেচা মোকলোৱা নাযাব; প্ৰত্যেক বৰ্জিত বস্তু যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
כָּל־חֵ֗רֶם אֲשֶׁ֧ר יָחֳרַ֛ם מִן־הָאָדָ֖ם לֹ֣א יִפָּדֶ֑ה מֹ֖ות יוּמָֽת׃ 29
২৯মানুহৰ মাজত যাক বৰ্জিত কৰি দিয়া হয়, সেই বৰ্জিত লোকক মোকলোৱা নাযাব; নিশ্চয়ে তেওঁক বধ কৰা হ’ব।
וְכָל־מַעְשַׂ֨ר הָאָ֜רֶץ מִזֶּ֤רַע הָאָ֙רֶץ֙ מִפְּרִ֣י הָעֵ֔ץ לַיהוָ֖ה ה֑וּא קֹ֖דֶשׁ לַֽיהוָֽה׃ 30
৩০আৰু ভুমিৰ শস্য বা গছৰ গুটিয়েই হওক, ভুমিৰ উৎপন্ন সকলো বস্তুৰ দশম ভাগ যিহোৱাৰ হ’ব; সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
וְאִם־גָּאֹ֥ל יִגְאַ֛ל אִ֖ישׁ מִמַּֽעַשְׂרֹ֑ו חֲמִשִׁיתֹ֖ו יֹסֵ֥ף עָלָֽיו׃ 31
৩১আৰু যদি কোনোৱে নিজৰ দশম ভাগৰ কিছু মোকলাব খোজে, তেন্তে তেওঁ তাৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব।
וְכָל־מַעְשַׂ֤ר בָּקָר֙ וָצֹ֔אן כֹּ֥ל אֲשֶׁר־יַעֲבֹ֖ר תַּ֣חַת הַשָּׁ֑בֶט הֽ͏ָעֲשִׂירִ֕י יִֽהְיֶה־קֹּ֖דֶשׁ לַֽיהוָֽה׃ 32
৩২আৰু গৰু বা মেৰ বা ছাগলীৰ জাকৰ আটাই দশমভাগ, লাখুটিৰ তলেদি যোৱা সকলৰ দশমভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।
לֹ֧א יְבַקֵּ֛ר בֵּֽין־טֹ֥וב לָרַ֖ע וְלֹ֣א יְמִירֶ֑נּוּ וְאִם־הָמֵ֣ר יְמִירֶ֔נּוּ וְהָֽיָה־ה֧וּא וּתְמוּרָתֹ֛ו יִֽהְיֶה־קֹ֖דֶשׁ לֹ֥א יִגָּאֵֽל׃ 33
৩৩তাৰ ভাল বেয়া বিচাৰ নকৰিব আৰু তাক নসলাব। কিন্তু যদি তেওঁ কোনো প্ৰকাৰে তাক সলায়, তেন্তে সেইটো আৰু সলনি দিয়াটো দুয়োটাও পবিত্ৰ হ’ব। তাক মোকলোৱা নাযাব’।”
אֵ֣לֶּה הַמִּצְוֹ֗ת אֲשֶׁ֨ר צִוָּ֧ה יְהוָ֛ה אֶת־מֹשֶׁ֖ה אֶל־בְּנֵ֣י יִשְׂרָאֵ֑ל בְּהַ֖ר סִינָֽי׃ 34
৩৪এইবোৰ আজ্ঞাই ইস্ৰায়েলৰ সন্তান সকলৰ বাবে যিহোৱাই চীনয় পৰ্ব্বতত মোচিক দিছিল।

< וַיִּקְרָא 27 >