< אִיּוֹב 33 >

וְֽאוּלָ֗ם שְׁמַֽע־נָ֣א אִיֹּ֣וב מִלָּ֑י וְֽכָל־דְּבָרַ֥י הַאֲזִֽינָה׃ 1
যি হওক, হে ইয়োব, মিনতি কৰোঁ, মোৰ কথা শুনা, আৰু মোৰ সকলো বাক্যলৈ কাণ পাতা।
הִנֵּה־נָ֭א פָּתַ֣חְתִּי פִ֑י דִּבְּרָ֖ה לְשֹׁונִ֣י בְחִכִּֽי׃ 2
চোৱা, মই এতিয়া মুখ মেলিলোঁ; মোৰ মুখত থকা জিভাই কথা কৈছে।
יֹֽשֶׁר־לִבִּ֥י אֲמָרָ֑י וְדַ֥עַת שְׂ֝פָתַ֗י בָּר֥וּר מִלֵּֽלוּ׃ 3
মোৰ বাক্যই মোৰ মনৰ সৰলতা প্ৰকাশ কৰিব, মোৰ ওঁঠে যি জানে, তাক অকপটভাবে কব।
רֽוּחַ־אֵ֥ל עָשָׂ֑תְנִי וְנִשְׁמַ֖ת שַׁדַּ֣י תְּחַיֵּֽנִי׃ 4
ঈশ্বৰৰ আত্মাইহে মোক নিৰ্ম্মাণ কৰিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে।
אִם־תּוּכַ֥ל הֲשִׁיבֵ֑נִי עֶרְכָ֥ה לְ֝פָנַ֗י הִתְיַצָּֽבָה׃ 5
তুমি যদি পাৰা, তেন্তে মোক উত্তৰ দিয়া; মোৰ আগত কথা কোৱা, উঠি থিয় হোৱ।
הֵן־אֲנִ֣י כְפִ֣יךָ לָאֵ֑ל מֵ֝חֹ֗מֶר קֹרַ֥צְתִּי גַם־אָֽנִי׃ 6
চোৱা, ঈশ্বৰৰ দৃষ্টিত মইও তোমাৰ নিচিনা; মইও মৃত্তিকাৰে নিৰ্ম্মিত হৈছোঁ।
הִנֵּ֣ה אֵ֭מָתִי לֹ֣א תְבַעֲתֶ֑ךָּ וְ֝אַכְפִּ֗י עָלֶ֥יךָ לֹא־יִכְבָּֽד׃ 7
চোৱা, মোৰ ভয়ানকতাই তোমাক ভয় নলগাব, আৰু মোৰ কথাৰ ভাৰো তোমালৈ গধুৰ নহব।
אַ֭ךְ אָמַ֣רְתָּ בְאָזְנָ֑י וְקֹ֖ול מִלִּ֣ין אֶשְׁמָֽע׃ 8
বাস্তৱিক তুমি মোৰ কাণে শুনাকৈ কথা কলা; তুমি কথা কোৱা মই শুনিলোঁ।
זַ֥ךְ אֲנִ֗י בְּֽלִ֫י פָ֥שַׁע חַ֥ף אָנֹכִ֑י וְלֹ֖א עָוֹ֣ן לִֽי׃ 9
তুমি কলা, “মই শুচি, মই নিৰপৰাধী, মই নিষ্কলঙ্ক, মোত কোনো দোষ নাই।
הֵ֣ן תְּ֭נוּאֹות עָלַ֣י יִמְצָ֑א יַחְשְׁבֵ֖נִי לְאֹויֵ֣ב לֹֽו׃ 10
১০চোৱা, তেওঁ মোৰ অহিতে ছিদ্ৰ বিচাৰে, তেওঁ মোক শত্রু যেন জ্ঞান কৰে;
יָשֵׂ֣ם בַּסַּ֣ד רַגְלָ֑י יִ֝שְׁמֹ֗ר כָּל־אָרְחֹתָֽי׃ 11
১১তেওঁ মোৰ ভৰি কুন্দাত বন্ধ কৰিছে; তেওঁ মোৰ সকলো পথত চকু দিয়ে।
הֶן־זֹ֣את לֹא־צָדַ֣קְתָּ אֶעֱנֶ֑ךָּ כִּֽי־יִרְבֶּ֥ה אֱ֝לֹ֗והַ מֵאֱנֹֽושׁ׃ 12
১২চোৱা, মই তোমাক উত্তৰ দিওঁ, এই বিষয়ত তোমাৰ কথা ন্যায় নহয়; কিয়নো মনুষ্যত্কৈ ঈশ্বৰ মহান।
מַ֭דּוּעַ אֵלָ֣יו רִיבֹ֑ותָ כִּ֥י כָל־דְּ֝בָרָ֗יו לֹ֣א־יַעֲנֶֽה׃ 13
১৩তুমি তেওঁৰে সৈতে কিয় বিবাদ কৰিছা? কিয়নো তেওঁ নিজৰ কাৰ্যবোৰৰ এটিৰো নেদেখুৱায়।
כִּֽי־בְאַחַ֥ת יְדַבֶּר־אֵ֑ל וּ֝בִשְׁתַּ֗יִם לֹ֣א יְשׁוּרֶֽנָּה׃ 14
১৪তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনে কি, দুই প্ৰকাৰেও কথা কয়; কিন্তু মানুহে তালৈ মন নিদিয়ে।
בַּחֲלֹ֤ום ׀ חֶזְיֹ֬ון לַ֗יְלָה בִּנְפֹ֣ל תַּ֭רְדֵּמָה עַל־אֲנָשִׁ֑ים בִּ֝תְנוּמֹ֗ות עֲלֵ֣י מִשְׁכָּֽב׃ 15
১৫যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়।
אָ֣ז יִ֭גְלֶה אֹ֣זֶן אֲנָשִׁ֑ים וּבְמֹ֖סָרָ֣ם יַחְתֹּֽם׃ 16
১৬এই দৰে, মানুহক কু-কাৰ্যৰ পৰা এৰুৱাবৰ নিমিত্তে, মানুহৰ পৰা অহংকাৰ গুপ্ত ৰাখিবৰ নিমিত্তে,
לְ֭הָסִיר אָדָ֣ם מַעֲשֶׂ֑ה וְגֵוָ֖ה מִגֶּ֣בֶר יְכַסֶּֽה׃ 17
১৭গাৰ পৰা তাৰ জীৱাত্মা ৰক্ষা কৰিবৰ নিমিত্তে, আৰু অস্ত্ৰৰ দ্ধাৰাই বিনষ্ট নোহোৱাকৈ তাৰ প্ৰাণ ৰাখিবৰ নিমিত্তে,
יַחְשֹׂ֣ךְ נַ֭פְשֹׁו מִנִּי־שָׁ֑חַת וְ֝חַיָּתֹ֗ו מֵעֲבֹ֥ר בַּשָּֽׁלַח׃ 18
১৮তেওঁ সেই সময়ত মানুহৰ কাণ মুকলি কৰি দিয়ে, আৰু সিবিলাকক দিয়া শিক্ষা মোহৰ মাৰে।
וְהוּכַ֣ח בְּ֭מַכְאֹוב עַל־מִשְׁכָּבֹ֑ו וְרִיב (וְרֹ֖וב) עֲצָמָ֣יו אֵתָֽן׃ 19
১৯সি নিজ শয্যাত বেদনাৰ দ্বাৰাই শাস্তি পায়, আৰু তাৰ হাড়বোৰৰ মাজত যেন সদায় যুদ্ধ লাগিছে, এনে শাস্তি ভোগ কৰে,
וְזִֽהֲמַ֣תּוּ חַיָּתֹ֣ו לָ֑חֶם וְ֝נַפְשֹׁ֗ו מַאֲכַ֥ל תַּאֲוָֽה׃ 20
২০তাতে তাৰ প্ৰাণে আহাৰ ঘিণ কৰে, আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে।
יִ֣כֶל בְּשָׂרֹ֣ו מֵרֹ֑אִי וּשְׁפִי (וְשֻׁפּ֥וּ) עַ֝צְמֹותָ֗יו לֹ֣א רֻאּֽוּ׃ 21
২১তাৰ মাংস ক্ষয় পায় অদৃশ্য হয়, আৰু আগেয়ে নেদেখা হাড়বোৰ জক্জককৈ ওলাই পৰে;
וַתִּקְרַ֣ב לַשַּׁ֣חַת נַפְשֹׁ֑ו וְ֝חַיָּתֹ֗ו לַֽמְמִתִֽים׃ 22
২২এনে কি, তাৰ জীৱাত্ম গাতৰ ওচৰ চাপে, আৰু তাৰ প্ৰাণে সংহাৰকবোৰৰ গুৰি পায়।
אִם־יֵ֤שׁ עָלָ֨יו ׀ מַלְאָ֗ךְ מֵלִ֗יץ אֶחָ֥ד מִנִּי־אָ֑לֶף לְהַגִּ֖יד לְאָדָ֣ם יָשְׁרֹֽו׃ 23
২৩মানুহক যথাৰ্থ পথ দেখুৱাবৰ নিমিত্তে, তাৰ পক্ষে যদি হাজাৰৰ ভিতৰত এজন দুত মধ্যস্থ থাকে,
וַיְחֻנֶּ֗נּוּ וַיֹּ֗אמֶר פְּ֭דָעֵהוּ מֵרֶ֥דֶת שָׁ֗חַת מָצָ֥אתִי כֹֽפֶר׃ 24
২৪তেন্তে তেওঁ তালৈ কৃপা কৰি কব, “গাতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই প্ৰায়শ্চিত্ত পালোঁ।
רֻֽטֲפַ֣שׁ בְּשָׂרֹ֣ו מִנֹּ֑עַר יָ֝שׁ֗וּב לִימֵ֥י עֲלוּמָֽיו׃ 25
২৫তাৰ গা লৰাত্কৈয়ো চিকণ হব; সি পুনৰ্ব্বাৰ যৌৱনকাল পাব।
יֶעְתַּ֤ר אֶל־אֱלֹ֨והַּ ׀ וַיִּרְצֵ֗הוּ וַיַּ֣רְא פָּ֭נָיו בִּתְרוּעָ֑ה וַיָּ֥שֶׁב לֶ֝אֱנֹ֗ושׁ צִדְקָתֹֽו׃ 26
২৬সি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে, তেওঁ তালৈ প্ৰসন্ন হব; তাতে সি তেওঁৰ মুখ আনন্দেৰে দেখিব, আৰু তেওঁ মানুহক তাৰ ধাৰ্মিকতা ওলোটাই দিব।
יָשֹׁ֤ר ׀ עַל־אֲנָשִׁ֗ים וַיֹּ֗אמֶר חָ֭טָאתִי וְיָשָׁ֥ר הֶעֱוֵ֗יתִי וְלֹא־שָׁ֥וָה לִֽי׃ 27
২৭সি মানুহৰ আগত গীত গাই কব, “আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; তথাপি মই তাৰ উচিত ফল পোৱা নাই।
פָּדָ֣ה נַפְשִׁי (נַ֭פְשֹׁו) מֵעֲבֹ֣ר בַּשָּׁ֑חַת וְחַיָּתִי (וְ֝חַיָּתֹו) בָּאֹ֥ור תִּרְאֶֽה׃ 28
২৮গাতলৈ যোৱাৰ পৰা তেওঁ মোৰ জীৱাত্মা মুক্ত কৰিলে, আৰু মোৰ প্ৰাণ পোহৰত আনন্দিত হব।”
הֶן־כָּל־אֵ֭לֶּה יִפְעַל־אֵ֑ל פַּעֲמַ֖יִם שָׁלֹ֣ושׁ עִם־גָּֽבֶר׃ 29
২৯চোৱা, মানুহক জীৱন স্বৰূপ পোহৰেৰে আলোকিত কৰিবৰ নিমিত্তে, তাৰ প্ৰাণ বিনাশক গাতৰ পৰা ওলোটাই আনিবলৈ,
לְהָשִׁ֣יב נַ֭פְשֹׁו מִנִּי־שָׁ֑חַת לֵ֝אֹ֗ור בְּאֹ֣ור הַֽחַיִּים׃ 30
৩০ঈশ্বৰে মনুষ্যে সৈতে এই সকলো ব্যৱহাৰ দুবাৰ, এনে কি, তিনি বাৰ কৰে।
הַקְשֵׁ֖ב אִיֹּ֥וב שְֽׁמַֽע־לִ֑י הַ֝חֲרֵ֗שׁ וְאָנֹכִ֥י אֲדַבֵּֽר׃ 31
৩১হে ইয়োব, মন দিয়া, মোৰ কথা শুনা; মনে মনে থাকা, ময়েই কওঁ।
אִם־יֵשׁ־מִלִּ֥ין הֲשִׁיבֵ֑נִי דַּ֝בֵּ֗ר כִּֽי־חָפַ֥צְתִּי צַדְּקֶֽךָּ׃ 32
৩২যদি তোমাৰ কিবা কব লগা আছে, তেন্তে মোক উত্তৰ দিয়া; কোৱা, কিয়নো মই তোমাক নিৰ্দোষী কৰিবলৈ বাঞ্ছা কৰোঁ।
אִם־אַ֭יִן אַתָּ֥ה שְֽׁמַֽע־לִ֑י הַ֝חֲרֵ֗שׁ וַאֲאַלֶּפְךָ֥ חָכְמָֽה׃ ס 33
৩৩যদি নাইহে, তেন্তে মোলৈ কাণ পাতি, মনে মনে থাকা; মই তোমাক জ্ঞান শিক্ষা দিওঁ।

< אִיּוֹב 33 >