< יְשַׁעְיָהוּ 64 >

1
অহ, তুমি আকাশ-মণ্ডল বিদাৰি নামি আহিলে, পৰ্ব্বতবোৰ তোমাৰ সাক্ষাতে দ্ৰৱ হৈ গ’লে, কেনে ভাল আছিল।
כִּקְדֹ֧חַ אֵ֣שׁ הֲמָסִ֗ים מַ֚יִם תִּבְעֶה־אֵ֔שׁ לְהֹודִ֥יעַ שִׁמְךָ֖ לְצָרֶ֑יךָ מִפָּנֶ֖יךָ גֹּויִ֥ם יִרְגָּֽזוּ׃ 2
দেশবাসীসকলে তোমাৰ সাক্ষাতে কঁপিবলৈ তোমাৰ শত্ৰুবোৰৰ আগত তোমাৰ নাম জনাবলৈ, অগ্নিয়ে জেং খৰি পোৰাৰ দৰে, আৰু জুয়ে পানী উতলোৱাৰ দৰে তুমি নামি আহিলে, কেনে ভাল আছিল।
בַּעֲשֹׂותְךָ֥ נֹורָאֹ֖ות לֹ֣א נְקַוֶּ֑ה יָרַ֕דְתָּ מִפָּנֶ֖יךָ הָרִ֥ים נָזֹֽלּוּ׃ 3
আমি আশা নকৰা ভয়ানক কাৰ্যবোৰ তুমি কৰি নামি আহিলে, আৰু তোমাৰ সাক্ষাতে পৰ্ব্বতবোৰ দ্ৰৱ হৈ গলে, কেনে ভাল আছিল।
וּמֵעֹולָ֥ם לֹא־שָׁמְע֖וּ לֹ֣א הֶאֱזִ֑ינוּ עַ֣יִן לֹֽא־רָאָ֗תָה אֱלֹהִים֙ זוּלָ֣תְךָ֔ יַעֲשֶׂ֖ה לִמְחַכֵּה־לֹֽו׃ 4
তোমালৈ অপেক্ষা কৰা জনলৈ কাৰ্য সিদ্ধ কৰোঁতা যি তুমি, তোমাৰ বাহিৰে আন ঈশ্বৰ আছে বুলি আগৰ কালৰ পৰা মানুহে শুনা নাই বা চকুৰে দেখা নাই।
פָּגַ֤עְתָּ אֶת־שָׂשׂ֙ וְעֹ֣שֵׂה צֶ֔דֶק בִּדְרָכֶ֖יךָ יִזְכְּר֑וּךָ הֵן־אַתָּ֤ה קָצַ֙פְתָּ֙ וַֽנֶּחֱטָ֔א בָּהֶ֥ם עֹולָ֖ם וְנִוָּשֵֽׁעַ׃ 5
সৎকাৰ্য্য কৰি আনন্দ কৰা জনক, আৰু তোমাৰ পথ সোঁৱৰণ কৰি চলা জনক সহায় কৰিবলৈ তুমি আহিলা। আমি যেতিয়া পাপ কৰিছিলোঁ, তুমি ক্ৰোধিত হৈছিলা, তোমাৰ পথত আমি সকলো সময়তে উদ্ধাৰ হ’ব পাৰিম।
וַנְּהִ֤י כַטָּמֵא֙ כֻּלָּ֔נוּ וּכְבֶ֥גֶד עִדִּ֖ים כָּל־צִדְקֹתֵ֑ינוּ וַנָּ֤בֶל כֶּֽעָלֶה֙ כֻּלָּ֔נוּ וַעֲוֹנֵ֖נוּ כָּר֥וּחַ יִשָּׂאֻֽנוּ׃ 6
কিয়নো আমি সকলোৱেই অশুচি লোকৰ সদৃশ হলোঁ, আৰু আমাৰ সকলো ধাৰ্মিকতা চুৱা কাপোৰৰ দৰে হল; আমি সকলোৱে পাতৰ দৰে জয় পৰিছোঁ, আৰু আমাৰ অপৰাধবোৰে বতাহৰ দৰে আমাক উড়ুৱাই লৈ গৈছে।
וְאֵין־קֹורֵ֣א בְשִׁמְךָ֔ מִתְעֹורֵ֖ר לְהַחֲזִ֣יק בָּ֑ךְ כִּֽי־הִסְתַּ֤רְתָּ פָנֶ֙יךָ֙ מִמֶּ֔נּוּ וַתְּמוּגֵ֖נוּ בְּיַד־עֲוֹנֵֽנוּ׃ 7
তোমাৰ নামেৰে প্ৰাৰ্থনা কৰা কোনো এজন নাই; কোনেও তোমাত আশ্ৰয় ল’বলৈ ইচ্ছা কৰা নাই; কিয়নো তুমি আমাৰ পৰা মুখ লুকুৱাই ৰাখিছা, আৰু আমাৰ অপৰাধৰ প্ৰতাপত আমাক গলি যাবলৈ দিছা।
וְעַתָּ֥ה יְהוָ֖ה אָבִ֣ינוּ אָ֑תָּה אֲנַ֤חְנוּ הַחֹ֙מֶר֙ וְאַתָּ֣ה יֹצְרֵ֔נוּ וּמַעֲשֵׂ֥ה יָדְךָ֖ כֻּלָּֽנוּ׃ 8
কিন্তু এতিয়াও, হে যিহোৱা, তুমি আমাৰ পিতৃ; আমি মাটি, তুমি আমাৰ কুমাৰ; আৰু আমি সকলোৱেই তোমাৰ হাতৰ কাৰ্য।
אַל־תִּקְצֹ֤ף יְהוָה֙ עַד־מְאֹ֔ד וְאַל־לָעַ֖ד תִּזְכֹּ֣ר עָוֹ֑ן הֵ֥ן הַבֶּט־נָ֖א עַמְּךָ֥ כֻלָּֽנוּ׃ 9
হে যিহোৱা, তুমি অত্যন্ত ক্ৰোধিত নহ’বা, বা আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে সদায় সোঁৱৰণ কৰি নাথাকিবা; অনুগ্রহ কৰি তোমাৰ লোক, আমাক সকলোলৈ দৃষ্টি কৰ।
עָרֵ֥י קָדְשְׁךָ֖ הָי֣וּ מִדְבָּ֑ר צִיֹּון֙ מִדְבָּ֣ר הָיָ֔תָה יְרוּשָׁלַ֖͏ִם שְׁמָמָֽה׃ 10
১০তোমাৰ পবিত্ৰ নগৰবোৰ অৰণ্য হৈ পৰিছে; চিয়োন অৰণ্য হৈ গ’ল; যিৰূচালেম ধ্বংসস্থান হ’ল।
בֵּ֧ית קָדְשֵׁ֣נוּ וְתִפְאַרְתֵּ֗נוּ אֲשֶׁ֤ר הִֽלְל֙וּךָ֙ אֲבֹתֵ֔ינוּ הָיָ֖ה לִשְׂרֵ֣פַת אֵ֑שׁ וְכָל־מַחֲמַדֵּ֖ינוּ הָיָ֥ה לְחָרְבָּֽה׃ 11
১১আমাৰ পূৰ্বপুৰুষসকলে তোমাৰ প্ৰশংসা কৰা, আমাৰ সেই পবিত্ৰ সুন্দৰ মন্দিৰ অগ্নিৰে দগ্ধ হ’ল; আৰু আমাৰ মনমোহা সকলো ঠাই উচ্ছন্ন হ’ল।
הַעַל־אֵ֥לֶּה תִתְאַפַּ֖ק יְהוָ֑ה תֶּחֱשֶׁ֥ה וּתְעַנֵּ֖נוּ עַד־מְאֹֽד׃ ס 12
১২হে যিহোৱা; এতিয়াও তুমি কেনেকৈ আঁতৰি থাকিবা? কেনেকৈ তুমি মনে মনে থাকি, আমাক অত্যন্ত দুখ দিবা?

< יְשַׁעְיָהוּ 64 >