< יְשַׁעְיָהוּ 29 >

הֹ֚וי אֲרִיאֵ֣ל אֲרִיאֵ֔ל קִרְיַ֖ת חָנָ֣ה דָוִ֑ד סְפ֥וּ שָׁנָ֛ה עַל־שָׁנָ֖ה חַגִּ֥ים יִנְקֹֽפוּ׃ 1
হে অৰিয়েল, হে অৰিয়েল, দায়ুদে ছাউনি পতা নগৰ! বছৰত বছৰ যোগ দিয়া; উৎসৱৰ পাছত উৎসৱ আহক।
וַהֲצִיקֹ֖ותִי לַֽאֲרִיאֵ֑ל וְהָיְתָ֤ה תַֽאֲנִיָּה֙ וַֽאֲנִיָּ֔ה וְהָ֥יְתָה לִּ֖י כַּאֲרִיאֵֽל׃ 2
কিন্তু মই অৰিয়েলক অৱৰোধ কৰিম; আৰু তেওঁ শোক আৰু বিলাপ কৰিব, আৰু তেওঁ মোৰ পক্ষে অৰীয়েলৰ দৰে হ’ব।
וְחָנִ֥יתִי כַדּ֖וּר עָלָ֑יִךְ וְצַרְתִּ֤י עָלַ֙יִךְ֙ מֻצָּ֔ב וַהֲקֽ͏ִימֹתִ֥י עָלַ֖יִךְ מְצֻרֹֽת׃ 3
মই তোমাৰ বিৰুদ্ধে চাৰিওফালে চাউনি পাতিম, আৰু লোহাৰ বেৰেৰে তোমাক বেৰি ধৰিম, আৰু তোমাৰ বিৰুদ্ধে কাম কৰা গড় তুলিম।
וְשָׁפַלְתְּ֙ מֵאֶ֣רֶץ תְּדַבֵּ֔רִי וּמֵֽעָפָ֖ר תִּשַּׁ֣ח אִמְרָתֵ֑ךְ וְֽ֠הָיָה כְּאֹ֤וב מֵאֶ֙רֶץ֙ קֹולֵ֔ךְ וּמֵעָפָ֖ר אִמְרָתֵ֥ךְ תְּצַפְצֵֽף׃ 4
তুমি নত হ’বা, ভুমিৰ পৰা কথা কবা; তোমাৰ বাক্য সৰু হৈ ধুলিৰ পৰা ওলাব। তোমাৰ মাত ভূতৰ দৰে ভুমিৰ পৰা ওলাব, আৰু তোমাৰ বাক্যৰ অতি দুৰ্বল হৈ ধুলিৰ পৰা ওলাব।
וְהָיָ֛ה כְּאָבָ֥ק דַּ֖ק הֲמֹ֣ון זָרָ֑יִךְ וּכְמֹ֤ץ עֹבֵר֙ הֲמֹ֣ון עָֽרִיצִ֔ים וְהָיָ֖ה לְפֶ֥תַע פִּתְאֹֽם׃ 5
কিন্তু তোমাৰ আক্রমণকাৰীৰ দলসমূহ মিহি ধুলিৰ দৰে হ’ব, আৰু ভয়ানক লোক সমূহ উৰি যোৱা তুঁহৰ দৰে হ’ব; এই সকলো অকস্মাতে, চকুৰ প্ৰচাৰতে ঘটিব।
מֵעִ֨ם יְהוָ֤ה צְבָאֹות֙ תִּפָּקֵ֔ד בְּרַ֥עַם וּבְרַ֖עַשׁ וְקֹ֣ול גָּדֹ֑ול סוּפָה֙ וּסְעָרָ֔ה וְלַ֖הַב אֵ֥שׁ אֹוכֵלָֽה׃ 6
মেঘ-গৰ্জ্জন, ভূমিকম্প, মহাশব্দ, বা’মৰলী বতাহ, ধুমুহা আৰু সংহাৰক অগ্নিশিখাৰে সৈতে বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই দণ্ড দিয়া যাব।
וְהָיָ֗ה כַּֽחֲלֹום֙ חֲזֹ֣ון לַ֔יְלָה הֲמֹון֙ כָּל־הַגֹּויִ֔ם הַצֹּבְאִ֖ים עַל־אֲרִיאֵ֑ל וְכָל־צֹבֶ֙יהָ֙ וּמְצֹ֣דָתָ֔הּ וְהַמְּצִיקִ֖ים לָֽהּ׃ 7
অৰিয়েলৰ বিৰুদ্ধে যি সকলো জাতি সমূহে যুদ্ধ কৰিব, আৰু তেওঁৰ দৃঢ় কোঁঠৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু তেওঁক ক্লেশ দিব, এই সকলো এটা সপোন, আৰু ৰাতিৰ এটা দৰ্শনৰ দৰে হ’ব।
וְהָיָ֡ה כַּאֲשֶׁר֩ יַחֲלֹ֨ם הָרָעֵ֜ב וְהִנֵּ֣ה אֹוכֵ֗ל וְהֵקִיץ֮ וְרֵיקָ֣ה נַפְשֹׁו֒ וְכַאֲשֶׁ֨ר יַחֲלֹ֤ם הַצָּמֵא֙ וְהִנֵּ֣ה שֹׁתֶ֔ה וְהֵקִיץ֙ וְהִנֵּ֣ה עָיֵ֔ף וְנַפְשֹׁ֖ו שֹׁוקֵקָ֑ה כֵּ֣ן יִֽהְיֶ֗ה הֲמֹון֙ כָּל־הַגֹּויִ֔ם הַצֹּבְאִ֖ים עַל־הַ֥ר צִיֹּֽון׃ ס 8
যেনেকৈ ক্ষুধাতুৰ মানুহে সপোনত ভোজন কৰে, কিন্তু সাৰ পালে পেট খালী হৈ থাকে, বা যেনেকৈ তৃষ্ণাতুৰ মানুহে সপোনত পান কৰে, কিন্তু সাৰ পালে পিয়াহত দুৰ্ব্বল হয়, আৰু অন্তৰত পিয়াহ লাগে, হয়, তেনেকৈয়ে চিয়োন পৰ্ব্বতৰ বিৰুদ্ধে যুদ্ধ কৰা সকলো দেশ সমূহ হ’ব।
הִתְמַהְמְה֣וּ וּתְמָ֔הוּ הִשְׁתּֽ͏ַעַשְׁע֖וּ וָשֹׁ֑עוּ שָֽׁכְר֣וּ וְלֹא־יַ֔יִן נָע֖וּ וְלֹ֥א שֵׁכָֽר׃ 9
নিজকে বিস্মিত কৰা, আৰু বিস্মিত হোৱা! নিজকে অন্ধ কৰা, আৰু অন্ধ হোৱা; মতলীয়া হোৱা, কিন্তু দ্ৰাক্ষাৰসেৰে নহয়; ঢলং পলং হোৱা, কিন্তু যবসুৰাৰে নহয়;
כִּֽי־נָסַ֨ךְ עֲלֵיכֶ֤ם יְהוָה֙ ר֣וּחַ תַּרְדֵּמָ֔ה וַיְעַצֵּ֖ם אֶת־עֵֽינֵיכֶ֑ם אֶת־הַנְּבִיאִ֛ים וְאֶת־רָאשֵׁיכֶ֥ם הַחֹזִ֖ים כִּסָּֽה׃ 10
১০কিয়নো যিহোৱাই তোমালোকৰ ওপৰত ঘোৰ নিদ্ৰাজনক আত্মা ঢালি দিলে, তেওঁ তোমালোকৰ ভাববাদীৰূপ চকুবোৰ মুদালে, আৰু তোমালোকৰ দৰ্শকৰ মূৰ ঢাকিলে।
וַתְּהִ֨י לָכֶ֜ם חָז֣וּת הַכֹּ֗ל כְּדִבְרֵי֮ הַסֵּ֣פֶר הֶֽחָתוּם֒ אֲשֶֽׁר־יִתְּנ֣וּ אֹתֹ֗ו אֶל־יֹודֵ֥עַ הַסֵּפֶר (סֵ֛פֶר) לֵאמֹ֖ר קְרָ֣א נָא־זֶ֑ה וְאָמַר֙ לֹ֣א אוּכַ֔ל כִּ֥י חָת֖וּם הֽוּא׃ 11
১১সকলো দৰ্শন তোমালোকলৈ চাব মাৰি বন্ধ কৰা এখনি পুথিৰ বাক্যস্বৰূপ; “ইয়াক পাঠ কৰা।” এই বুলি কৈ জ্ঞানী এজনক সেই পুথি খন দিলে তেওঁ কয়, “মই নোৱাৰোঁ, কাৰণ এয়ে চাব মাৰি বন্ধ কৰা।”
וְנִתַּ֣ן הַסֵּ֗פֶר עַל֩ אֲשֶׁ֨ר לֹֽא־יָדַ֥ע סֵ֛פֶר לֵאמֹ֖ר קְרָ֣א נָא־זֶ֑ה וְאָמַ֕ר לֹ֥א יָדַ֖עְתִּי סֵֽפֶר׃ ס 12
১২যদি “ইয়াক পাঠ কৰা,” এই বুলি কৈ অজ্ঞান এজনক পুথিখন দিয়ে, তেওঁ কয়, “মই পঢ়িব নাজানো।”
וַיֹּ֣אמֶר אֲדֹנָ֗י יַ֚עַן כִּ֤י נִגַּשׁ֙ הָעָ֣ם הַזֶּ֔ה בְּפִ֤יו וּבִשְׂפָתָיו֙ כִּבְּד֔וּנִי וְלִבֹּ֖ו רִחַ֣ק מִמֶּ֑נִּי וַתְּהִ֤י יִרְאָתָם֙ אֹתִ֔י מִצְוַ֥ת אֲנָשִׁ֖ים מְלֻמָּדָֽה׃ 13
১৩যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা।
לָכֵ֗ן הִנְנִ֥י יֹוסִ֛ף לְהַפְלִ֥יא אֶת־הָֽעָם־הַזֶּ֖ה הַפְלֵ֣א וָפֶ֑לֶא וְאָֽבְדָה֙ חָכְמַ֣ת חֲכָמָ֔יו וּבִינַ֥ת נְבֹנָ֖יו תִּסְתַּתָּֽר׃ ס 14
১৪এই হেতুকে, চোৱা, মই এই লোকসকলৰ মাজত অদ্ভুত ৰূপে, আৰু এটাৰ পাছত এটা আচৰিত কাৰ্য কৰি থাকিম, তেওঁলোকৰ জ্ঞানী লোকসকলৰ জ্ঞান নষ্ট হ’ব, আৰু তেওঁলোকৰ বুদ্ধিমন্ত লোকসকলৰ সুবুদ্ধি লুপ্ত থাকিব।
הֹ֛וי הַמַּעֲמִיקִ֥ים מֵֽיהוָ֖ה לַסְתִּ֣ר עֵצָ֑ה וְהָיָ֤ה בְמַחְשָׁךְ֙ מַֽעֲשֵׂיהֶ֔ם וַיֹּ֣אמְר֔וּ מִ֥י רֹאֵ֖נוּ וּמִ֥י יֹודְעֵֽנוּ׃ 15
১৫যিহোৱাৰ পৰা নিজৰ কল্পনা গভীৰ ভাৱে লুকুৱাব খোজা জনৰ সন্তাপ হ’ব, আৰু আন্ধাৰত কাৰ্য কৰা জন, তেওঁলোকে কয়, “আমাক কোনে দেখে? আমাক কোনে জানে?” তেওঁলোকৰ সন্তাপ হ’ব।
הַ֨פְכְּכֶ֔ם אִם־כְּחֹ֥מֶר הַיֹּצֵ֖ר יֵֽחָשֵׁ֑ב כִּֽי־יֹאמַ֨ר מַעֲשֶׂ֤ה לְעֹשֵׂ֙הוּ֙ לֹ֣א עָשָׂ֔נִי וְיֵ֛צֶר אָמַ֥ר לְיֹוצְרֹ֖ו לֹ֥א הֵבִֽין׃ 16
১৬তোমালোকৰ বিষয়সমূহ বিপৰীত দিশে ঘূৰোৱা! কুমাৰ কুমাৰৰ মাটিৰ সমান বিবেচিত হয় নে? “তেওঁ মোক নিৰ্ম্মাণ কৰা নাই,” এই বুলি নিৰ্ম্মিত বস্তুৱে নিৰ্ম্মণকৰ্ত্তাৰ বিষয়ে ক’ব পাৰে নে? “তেওঁ বুজা নাই,” গঠিত বস্তুৱে তাৰ গঠনকাৰীৰ বিষয়ে ক’ব পাৰে নে?
הֲלֹוא־עֹוד֙ מְעַ֣ט מִזְעָ֔ר וְשָׁ֥ב לְבָנֹ֖ון לַכַּרְמֶ֑ל וְהַכַּרְמֶ֖ל לַיַּ֥עַר יֵחָשֵֽׁב׃ 17
১৭অতি অলপ সময়, লিবানোন এটা পথাৰত পৰিণত হ’ব, আৰু সেই পথাৰ জংঘললৈ পৰিণত হ’ব।
וְשָׁמְע֧וּ בַיֹּום־הַה֛וּא הַחֵרְשִׁ֖ים דִּבְרֵי־סֵ֑פֶר וּמֵאֹ֣פֶל וּמֵחֹ֔שֶׁךְ עֵינֵ֥י עִוְרִ֖ים תִּרְאֶֽינָה׃ 18
১৮সেই দিনা কলাসকলে পুস্তকখনৰ বাক্য শুনিব, আৰু অন্ধসকলৰ চকুৱে অন্ধকাৰৰ মাজৰ পৰা দেখিবলৈ পাব।
וְיָסְפ֧וּ עֲנָוִ֛ים בַּֽיהוָ֖ה שִׂמְחָ֑ה וְאֶבְיֹונֵ֣י אָדָ֔ם בִּקְדֹ֥ושׁ יִשְׂרָאֵ֖ל יָגִֽילוּ׃ 19
১৯নিপীড়িত লোকসকলে পুনৰ যিহোৱাত আনন্দ কৰিব, আৰু দৰিদ্ৰ লোকসকলৰ মাজত ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাত উল্লাস কৰিব।
כִּֽי־אָפֵ֥ס עָרִ֖יץ וְכָ֣לָה לֵ֑ץ וְנִכְרְת֖וּ כָּל־שֹׁ֥קְדֵי אָֽוֶן׃ 20
২০কিয়নো নিষ্ঠুৰ লোক লোপ হ’ব, আৰু নিন্দক শেষ হৈছে, আৰু পাপ কাৰ্য কৰিবলৈ ভাল পোৱা সকলো লোক নিষ্কাশন হ’ব,
מַחֲטִיאֵ֤י אָדָם֙ בְּדָבָ֔ר וְלַמֹּוכִ֥יחַ בַּשַּׁ֖עַר יְקֹשׁ֑וּן וַיַּטּ֥וּ בַתֹּ֖הוּ צַדִּֽיק׃ ס 21
২১যিবোৰে গোচৰত মানুহক অপৰাধী পাতে, নগৰৰ দুৱাৰত প্ৰতিবাদী জনলৈ ফান্দ পাতে, আৰু মিছা কথাৰে ধাৰ্মিকৰ ন্যায় দূৰ কৰে, সেই সকলোকে উচ্ছন্ন কৰা হৈছে।
לָכֵ֗ן כֹּֽה־אָמַ֤ר יְהוָה֙ אֶל־בֵּ֣ית יַֽעֲקֹ֔ב אֲשֶׁ֥ר פָּדָ֖ה אֶת־אַבְרָהָ֑ם לֹֽא־עַתָּ֤ה יֵבֹושׁ֙ יַֽעֲקֹ֔ב וְלֹ֥א עַתָּ֖ה פָּנָ֥יו יֶחֱוָֽרוּ׃ 22
২২এই হেতুকে অব্ৰাহামৰ মুক্তি দাতা যিহোৱাই যাকোবৰ বংশৰ বিষয়ে এই কথা কৈছে, এতিয়াৰ পৰা যাকোব লজ্জিত নহ’ব, আৰু নাইবা তেওঁৰ মুখ বিবৰ্ণ নহ’ব।
כִּ֣י בִ֠רְאֹתֹו יְלָדָ֞יו מַעֲשֵׂ֥ה יָדַ֛י בְּקִרְבֹּ֖ו יַקְדִּ֣ישֽׁוּ שְׁמִ֑י וְהִקְדִּ֙ישׁוּ֙ אֶת־קְדֹ֣ושׁ יַֽעֲקֹ֔ב וְאֶת־אֱלֹהֵ֥י יִשְׂרָאֵ֖ל יַעֲרִֽיצוּ׃ 23
২৩কিন্তু যেতিয়া তেওঁ মোৰ হাতৰ কাৰ্য নিজৰ সন্তান সকলক দেখিব, তেতিয়া তেওঁলোকে মোৰ নাম পবিত্ৰ কৰিব; এনে কি, তেওঁলোকে যাকোবৰ পবিত্ৰ জনাক পবিত্ৰ বুলি মানিব, আৰু ইস্ৰায়েলৰ ঈশ্বৰক ভয় কৰিব।
וְיָדְע֥וּ תֹֽעֵי־ר֖וּחַ בִּינָ֑ה וְרֹוגְנִ֖ים יִלְמְדוּ־לֶֽקַח׃ 24
২৪ভ্ৰান্ত মনৰ লোকসকলেও বিবেচনা শক্তি পাব, অভিযোগ কৰা সকলে জ্ঞান শিকিব।”

< יְשַׁעְיָהוּ 29 >