< יְשַׁעְיָהוּ 17 >

מַשָּׂ֖א דַּמָּ֑שֶׂק הִנֵּ֤ה דַמֶּ֙שֶׂק֙ מוּסָ֣ר מֵעִ֔יר וְהָיְתָ֖ה מְעִ֥י מַפָּלָֽה׃ 1
দম্মেচক বিষয়ক ভাৰবাক্য। চোৱা, দম্মেচক আৰু নগৰ হৈ নাথাকিব; ই ধ্বংসৰ স্তূপ হ’ব।
עֲזֻבֹ֖ות עָרֵ֣י עֲרֹעֵ֑ר לַעֲדָרִ֣ים תִּֽהְיֶ֔ינָה וְרָבְצ֖וּ וְאֵ֥ין מַחֲרִֽיד׃ 2
অৰোয়েৰৰ নগৰবোৰ পৰিত্যক্ত হ’ব; সেইবোৰ মেৰ-ছাগৰ জাকৰ বাবে শোৱা ঠাই হ’ব; আৰু কোনোৱে সিহঁতক ভয় নকৰিব।
וְנִשְׁבַּ֤ת מִבְצָר֙ מֵֽאֶפְרַ֔יִם וּמַמְלָכָ֥ה מִדַּמֶּ֖שֶׂק וּשְׁאָ֣ר אֲרָ֑ם כִּכְבֹ֤וד בְּנֵֽי־יִשְׂרָאֵל֙ יִֽהְי֔וּ נְאֻ֖ם יְהוָ֥ה צְבָאֹֽות׃ ס 3
ইফ্ৰয়িমৰ পৰা শক্তিশালী নগৰবোৰ, দম্মেচকৰ পৰা ৰাজ্য, আৰু বাহিনীসকলৰ যিহোৱাই কৈছে, অৰামৰ অৱশিষ্ট ভাগ ইস্ৰায়েলৰ সন্তান সকলৰ গৌৰৱৰ সদৃশ হ’ব।
וְהָיָה֙ בַּיֹּ֣ום הַה֔וּא יִדַּ֖ל כְּבֹ֣וד יַעֲקֹ֑ב וּמִשְׁמַ֥ן בְּשָׂרֹ֖ו יֵרָזֶֽה׃ 4
সেই দিনা এই দৰে হ’ব যাকোবৰ গৌৰৱ অতি দুৰ্ব্বল হ’ব, আৰু তাৰ হৃষ্টপুষ্ট শৰীৰ ক্ষীণ হ’ব।
וְהָיָ֗ה כֶּֽאֱסֹף֙ קָצִ֣יר קָמָ֔ה וּזְרֹעֹ֖ו שִׁבֳּלִ֣ים יִקְצֹ֑ור וְהָיָ֛ה כִּמְלַקֵּ֥ט שִׁבֳּלִ֖ים בְּעֵ֥מֶק רְפָאִֽים׃ 5
যি দৰে ধান দাওঁতে থিয় হৈ থকা শস্য গোটাই আৰু তেওঁৰ হাতেৰে থোকবোৰ কাটে, বা কোনোৱে ৰফায়ীম উপত্যকাত শস্যৰ থোকবোৰ সংগ্রহ কৰাৰ দৰে হ’ব।
וְנִשְׁאַר־בֹּ֤ו עֹֽולֵלֹת֙ כְּנֹ֣קֶף זַ֔יִת שְׁנַ֧יִם שְׁלֹשָׁ֛ה גַּרְגְּרִ֖ים בְּרֹ֣אשׁ אָמִ֑יר אַרְבָּעָ֣ה חֲמִשָּׁ֗ה בִּסְעִפֶ֙יהָ֙ פֹּֽרִיָּ֔ה נְאֻם־יְהוָ֖ה אֱלֹהֵ֥י יִשְׂרָאֵֽל׃ ס 6
তথাপি, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, “যেতিয়া জিত গছ জোকৰা হয়, তেতিয়া অতি ওখ ডালত দুটা বা তিনিটা জলফাই ফল থাকে, বা এজোপা ফলৱতী গছৰ অতি ওখ ডালবোৰত চাৰিটা বা পাঁচটা ফল থাকে,” সেই দৰে তাত অৱশিষ্ট থাকিব।
בַּיֹּ֣ום הַה֔וּא יִשְׁעֶ֥ה הָאָדָ֖ם עַל־עֹשֵׂ֑הוּ וְעֵינָ֕יו אֶל־קְדֹ֥ושׁ יִשְׂרָאֵ֖ל תִּרְאֶֽינָה׃ 7
সেইদিনা মানুহে নিজৰ সৃষ্টিকৰ্ত্তালৈ মনযোগ দিব, আৰু তেওঁলোকৰ চকুৱে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনালৈ দৃষ্টি কৰিব।
וְלֹ֣א יִשְׁעֶ֔ה אֶל־הַֽמִּזְבְּחֹ֖ות מַעֲשֵׂ֣ה יָדָ֑יו וַאֲשֶׁ֨ר עָשׂ֤וּ אֶצְבְּעֹתָיו֙ לֹ֣א יִרְאֶ֔ה וְהָאֲשֵׁרִ֖ים וְהָחַמָּנִֽים׃ 8
তেওঁলোকে নিজৰ হাতেৰে তৈয়াৰ কৰা যজ্ঞ-বেদীলৈ চকু নিদিব, নাইবা তেওঁলোকৰ আঙুলিৰে সজা আচেৰা মুৰ্ত্তিবোৰ বা সূৰ্য প্ৰতিমাবোৰলৈ দৃষ্টি নকৰিব।
בַּיֹּ֨ום הַה֜וּא יִהְי֣וּ ׀ עָרֵ֣י מָעֻזֹּ֗ו כַּעֲזוּבַ֤ת הַחֹ֙רֶשׁ֙ וְהָ֣אָמִ֔יר אֲשֶׁ֣ר עָזְב֔וּ מִפְּנֵ֖י בְּנֵ֣י יִשְׂרָאֵ֑ל וְהָיְתָ֖ה שְׁמָמָֽה׃ 9
সেই দিনা তেওঁলোকৰ দৃঢ় নগৰবোৰ, পৰ্ব্বতৰ টিঙত থকা এঢলীয়া পৰিত্যক্ত কাঠনিৰ দৰে হ’ব, আৰু ইস্রায়েলী লোকসকলকৰ বাবে সেইবোৰ পৰিত্যাগ কৰা হৈছে, আৰু সেইবোৰ জনশূন্যতালৈ পৰিণত হ’ব।
כִּ֤י שָׁכַ֙חַתְּ֙ אֱלֹהֵ֣י יִשְׁעֵ֔ךְ וְצ֥וּר מָעֻזֵּ֖ךְ לֹ֣א זָכָ֑רְתְּ עַל־כֵּ֗ן תִּטְּעִי֙ נִטְעֵ֣י נַעֲמָנִ֔ים וּזְמֹ֥רַת זָ֖ר תִּזְרָעֶֽנּוּ׃ 10
১০কাৰণ তোমালোকে তোমালোকৰ পৰিত্ৰাণকৰ্ত্তা ঈশ্বৰক পাহৰিলা, আৰু তোমালোকৰ বলস্বৰূপ শিলালৈ অৱহেলা কৰিলা; সেয়ে তোমালোক আনন্দদায়ক পুলিবোৰ ৰোপন কৰা, আৰু অদ্ভুত শেলুৱইবোৰ আঁতৰোৱা;
בְּיֹ֤ום נִטְעֵךְ֙ תְּשַׂגְשֵׂ֔גִי וּבַבֹּ֖קֶר זַרְעֵ֣ךְ תַּפְרִ֑יחִי נֵ֥ד קָצִ֛יר בְּיֹ֥ום נַחֲלָ֖ה וּכְאֵ֥ב אָנֽוּשׁ׃ ס 11
১১সেই দিনা তোমালোক পুলি ৰুবা, বেৰা দিবা আৰু খেতি কৰিবা। অতি সোনকালে তোমালোকৰ বীজ গজি উঠিব; কিন্তু দুৰ্দশা আৰু প্রচণ্ড দুঃখৰ দিনা শষ্য গোটোৱা বিফল হ’বা।
הֹ֗וי הֲמֹון֙ עַמִּ֣ים רַבִּ֔ים כַּהֲמֹ֥ות יַמִּ֖ים יֶהֱמָי֑וּן וּשְׁאֹ֣ון לְאֻמִּ֔ים כִּשְׁאֹ֛ון מַ֥יִם כַּבִּירִ֖ים יִשָּׁאֽוּן׃ 12
১২সমুদ্ৰৰ গৰ্জ্জনৰ দৰে গৰ্জ্জন কৰা অনেক লোক সমূহৰ কোলাহল! আৰু তীব্রবেগেৰে যোৱা প্রৱল পানীৰ শব্দৰ দৰে দেশবাসীৰ বেগেৰে যোৱা শব্দ!
לְאֻמִּ֗ים כִּשְׁאֹ֞ון מַ֤יִם רַבִּים֙ יִשָּׁא֔וּן וְגָ֥עַר בֹּ֖ו וְנָ֣ס מִמֶּרְחָ֑ק וְרֻדַּ֗ף כְּמֹ֤ץ הָרִים֙ לִפְנֵי־ר֔וּחַ וּכְגַלְגַּ֖ל לִפְנֵ֥י סוּפָֽה׃ 13
১৩অনেক পানী বেগেৰে বৈ যোৱা শব্দৰ দৰে, দেশবাসীসকলে গৰ্জন কৰিব; কিন্তু প্রভুৱে তেওঁলোকক তিৰস্কাৰ কৰিব; তাতে তেওঁলোক বহু দূৰলৈ পলাই যাব, আৰু বতাহৰ আগত পৰ্ব্বতৰ ওপৰত বিধৱালোকে পিন্ধা কাপোৰৰ দৰে, আৰু বতাহৰ আগত ঘূৰি ঘূৰি যোৱা ধুলিৰ দৰে তেওঁলোকক খেদি দিয়া হ’ব।
לְעֵ֥ת עֶ֙רֶב֙ וְהִנֵּ֣ה בַלָּהָ֔ה בְּטֶ֥רֶם בֹּ֖קֶר אֵינֶ֑נּוּ זֶ֚ה חֵ֣לֶק שֹׁוסֵ֔ינוּ וְגֹורָ֖ל לְבֹזְזֵֽינוּ׃ ס 14
১৪চোৱা, সন্ধ্যাপৰত ত্ৰাস হ’ব; আৰু ৰাতিপুৱা নহওঁতেই তেওঁলোক গুচি যাব। এয়ে আমাক লুট কৰাসকলৰ অংশ, আৰু এয়ে আমাক অপহৰণ কৰাসকলৰ ভাগ।

< יְשַׁעְיָהוּ 17 >