< בְּרֵאשִׁית 23 >

וַיִּהְיוּ֙ חַיֵּ֣י שָׂרָ֔ה מֵאָ֥ה שָׁנָ֛ה וְעֶשְׂרִ֥ים שָׁנָ֖ה וְשֶׁ֣בַע שָׁנִ֑ים שְׁנֵ֖י חַיֵּ֥י שָׂרָֽה׃ 1
চাৰা এশ সাতাইশ বছৰ কাল জীয়াই আছিল। এয়ে আছিল চাৰাৰ জীৱনৰ আয়ুসৰ কাল।
וַתָּ֣מָת שָׂרָ֗ה בְּקִרְיַ֥ת אַרְבַּ֛ע הִ֥וא חֶבְרֹ֖ון בְּאֶ֣רֶץ כְּנָ֑עַן וַיָּבֹא֙ אַבְרָהָ֔ם לִסְפֹּ֥ד לְשָׂרָ֖ה וְלִבְכֹּתָֽהּ׃ 2
কনান দেশৰ কিৰিয়ৎ-অর্ব্ব নগৰত অর্থাৎ হিব্ৰোণত তেওঁৰ মৃত্যু হ’ল; তাতে অব্ৰাহামে চাৰাৰ কাৰণে কান্দি কান্দি শোক কৰিলে।
וַיָּ֙קָם֙ אַבְרָהָ֔ם מֵעַ֖ל פְּנֵ֣י מֵתֹ֑ו וַיְדַבֵּ֥ר אֶל־בְּנֵי־חֵ֖ת לֵאמֹֽר׃ 3
পাছত অব্ৰাহামে তেওঁৰ মৃত ভার্য্যাৰ ওচৰৰ পৰা উঠি গৈ সেই ঠাইৰ হেতৰ সন্তান সকলক ক’লে,
גֵּר־וְתֹושָׁ֥ב אָנֹכִ֖י עִמָּכֶ֑ם תְּנ֨וּ לִ֤י אֲחֻזַּת־קֶ֙בֶר֙ עִמָּכֶ֔ם וְאֶקְבְּרָ֥ה מֵתִ֖י מִלְּפָנָֽי׃ 4
“মই আপোনালোকৰ মাজত এজন বিদেশী হিচাবে বাস কৰিছোঁ। সেয়ে, দয়া কৰি আপোনালোকৰ মাজৰ এডোখৰ স্থান আমাৰ অধিকাৰত দিয়ক যাতে মই মোৰ মৃতকক মৈদাম দিব পাৰোঁ।”
וַיַּעֲנ֧וּ בְנֵי־חֵ֛ת אֶת־אַבְרָהָ֖ם לֵאמֹ֥ר לֹֽו׃ 5
তেতিয়া হেতৰ সন্তান সকলে অব্ৰাহামক উত্তৰ দি ক’লে,
שְׁמָעֵ֣נוּ ׀ אֲדֹנִ֗י נְשִׂ֨יא אֱלֹהִ֤ים אַתָּה֙ בְּתֹוכֵ֔נוּ בְּמִבְחַ֣ר קְבָרֵ֔ינוּ קְבֹ֖ר אֶת־מֵתֶ֑ךָ אִ֣ישׁ מִמֶּ֔נּוּ אֶת־קִבְרֹ֛ו לֹֽא־יִכְלֶ֥ה מִמְּךָ֖ מִקְּבֹ֥ר מֵתֶֽךָ׃ 6
“হে মালিক, আমাৰ কথা শুনক; আপুনি আমাৰ মাজত ঈশ্বৰৰ এজন নিযুক্ত ৰজা স্বৰূপ; আমাৰ মৈদামবোৰৰ আটাইতকৈ উত্তমটো নির্বাচন কৰি তাতেই আপোনাৰ মৃতকক মৈদাম দিয়ক। আপোনাৰ মৃতকক মৈদাম দিবৰ কাৰণে আমাৰ মাজৰ কোনেও নিজৰ মৈদামস্থান এৰি দিবলৈ আপত্তি নকৰিব।”
וַיָּ֧קָם אַבְרָהָ֛ם וַיִּשְׁתַּ֥חוּ לְעַם־הָאָ֖רֶץ לִבְנֵי־חֵֽת׃ 7
তেতিয়া অব্ৰাহামে উঠি সেই দেশৰ লোকসকলৰ অর্থাৎ হেতৰ বাসিন্দাসকলৰ আগত নতশিৰে প্ৰণিপাত কৰিলে।
וַיְדַבֵּ֥ר אִתָּ֖ם לֵאמֹ֑ר אִם־יֵ֣שׁ אֶֽת־נַפְשְׁכֶ֗ם לִקְבֹּ֤ר אֶת־מֵתִי֙ מִלְּפָנַ֔י שְׁמָע֕וּנִי וּפִגְעוּ־לִ֖י בְּעֶפְרֹ֥ון בֶּן־צֹֽחַר׃ 8
তেওঁলোকৰ সৈতে কথা-বতৰা হৈ ক’লে, “মোৰ মৃতকৰ মৈদাম দিবলৈ তোমালোক যে সন্মত হৈছা এই কাৰণে মোৰ কথা শুনা মোৰ হৈ চোহৰৰ পুত্র ইফ্রোণৰ সৈতে আলোচনা কৰা।
וְיִתֶּן־לִ֗י אֶת־מְעָרַ֤ת הַמַּכְפֵּלָה֙ אֲשֶׁר־לֹ֔ו אֲשֶׁ֖ר בִּקְצֵ֣ה שָׂדֵ֑הוּ בְּכֶ֨סֶף מָלֵ֜א יִתְּנֶ֥נָּה לִ֛י בְּתֹוכְכֶ֖ם לַאֲחֻזַּת־קָֽבֶר׃ 9
পথাৰৰ মুৰত যিটো মকপেলাৰ গুহা আছে সেইটো মই কিনিবলৈ বিছাৰো, ইফ্রোণ সেই গুহাৰ গৰাকী সেয়ে যি মূল্য হয় সকলো মই পৰিশোধ কৰিম। মই বিছাৰো মোৰ পত্নীৰ মৈদামৰ বাবে যে এই ঠাই কিনি লৈছোঁ তাৰ সাক্ষী আপোনালোক হ’ব।”
וְעֶפְרֹ֥ון יֹשֵׁ֖ב בְּתֹ֣וךְ בְּנֵי־חֵ֑ת וַיַּעַן֩ עֶפְרֹ֨ון הַחִתִּ֤י אֶת־אַבְרָהָם֙ בְּאָזְנֵ֣י בְנֵי־חֵ֔ת לְכֹ֛ל בָּאֵ֥י שַֽׁעַר־עִירֹ֖ו לֵאמֹֽר׃ 10
১০তেতিয়া হেতৰ সন্তান সকলৰ মাজত ইফ্রোণ বহি আছিল। হেতৰ সন্তান সকল আৰু নগৰৰ প্রৱেশ দুৱাৰেদি সোমোৱা সকলোৱে শুনাকৈ, হিত্তীয়া ইফ্ৰোণে অব্ৰাহামক উত্তৰ দি ক’লে,
לֹֽא־אֲדֹנִ֣י שְׁמָעֵ֔נִי הַשָּׂדֶה֙ נָתַ֣תִּי לָ֔ךְ וְהַמְּעָרָ֥ה אֲשֶׁר־בֹּ֖ו לְךָ֣ נְתַתִּ֑יהָ לְעֵינֵ֧י בְנֵי־עַמִּ֛י נְתַתִּ֥יהָ לָּ֖ךְ קְבֹ֥ר מֵתֶֽךָ׃ 11
১১“নহয়, মোৰ মালিক, মোৰ কথা শুনক, পথাৰ খন মই আপোনাক দিছোঁ আৰু তাত থকা গুহাটো মই আপোনাক দিছোঁ; মই স্ব-জাতীয় সকলৰ সাক্ষাতেই আপোনাক দিছোঁ; যাতে আপোনাৰ ইচ্ছামতে নিজ পত্নীক মৈদাম দিয়ে।”
וַיִּשְׁתַּ֙חוּ֙ אַבְרָהָ֔ם לִפְנֵ֖י עַ֥ם הָאָֽרֶץ׃ 12
১২তাতে অব্ৰাহামে সেই বাসিন্দাসকলৰ আগত নতশিৰে প্রণিপাত কৰিলে।
וַיְדַבֵּ֨ר אֶל־עֶפְרֹ֜ון בְּאָזְנֵ֤י עַם־הָאָ֙רֶץ֙ לֵאמֹ֔ר אַ֛ךְ אִם־אַתָּ֥ה ל֖וּ שְׁמָעֵ֑נִי נָתַ֜תִּי כֶּ֤סֶף הַשָּׂדֶה֙ קַ֣ח מִמֶּ֔נִּי וְאֶקְבְּרָ֥ה אֶת־מֵתִ֖י שָֽׁמָּה׃ 13
১৩আৰু বাসিন্দাসকলে শুনাকৈ ইফ্রোণক ক’লে, কিন্তু “মই সেই মাটিৰ উচিত দাম আপোনাক দিবলৈ বিচাৰো। মই দিয়া দাম অনুগ্রহ কৰি আপুনি গ্রহণ কৰক, পাছত মই সেই ঠাইত মোৰ মৃত পত্নীক মৈদাম দিম।”
וַיַּ֧עַן עֶפְרֹ֛ון אֶת־אַבְרָהָ֖ם לֵאמֹ֥ר לֹֽו׃ 14
১৪তেতিয়া ইফ্রোণে অব্ৰাহামক উত্তৰ দি ক’লে,
אֲדֹנִ֣י שְׁמָעֵ֔נִי אֶרֶץ֩ אַרְבַּ֨ע מֵאֹ֧ת שֶֽׁקֶל־כֶּ֛סֶף בֵּינִ֥י וּבֵֽינְךָ֖ מַה־הִ֑וא וְאֶת־מֵתְךָ֖ קְבֹֽר׃ 15
১৫“হে মোৰ মালিক, মোৰ কথা শুনক, চাৰিশ চেকল ৰূপৰ মাটি; আপোনাৰ আৰু মোৰ মাজত সিনো কি বস্তু? এতেকে আপোনাৰ মৃতকৰ মৈদাম দিয়কগৈ।”
וַיִּשְׁמַ֣ע אַבְרָהָם֮ אֶל־עֶפְרֹון֒ וַיִּשְׁקֹ֤ל אַבְרָהָם֙ לְעֶפְרֹ֔ן אֶת־הַכֶּ֕סֶף אֲשֶׁ֥ר דִּבֶּ֖ר בְּאָזְנֵ֣י בְנֵי־חֵ֑ת אַרְבַּ֤ע מֵאֹות֙ שֶׁ֣קֶל כֶּ֔סֶף עֹבֵ֖ר לַסֹּחֵֽר׃ 16
১৬পাছত অব্ৰাহামে ইফ্রোণৰ কথাত মান্তি হৈ, হেতৰ সন্তান সকলে শুনাকৈ তেওঁ যি ৰূপৰ কথা কৈছিল, সেই চাৰি শ চেকল ৰূপ বণীয়াহঁতৰ দ্বাৰাই জুখি তেওঁক দিলে।
וַיָּ֣קָם ׀ שְׂדֵ֣ה עֶפְרֹ֗ון אֲשֶׁר֙ בַּמַּכְפֵּלָ֔ה אֲשֶׁ֖ר לִפְנֵ֣י מַמְרֵ֑א הַשָּׂדֶה֙ וְהַמְּעָרָ֣ה אֲשֶׁר־בֹּ֔ו וְכָל־הָעֵץ֙ אֲשֶׁ֣ר בַּשָּׂדֶ֔ה אֲשֶׁ֥ר בְּכָל־גְּבֻלֹ֖ו סָבִֽיב׃ 17
১৭মম্ৰিৰ সন্মুখত মকপেলাত ইফ্রোণৰ যি পথাৰ আছিল, সেই পথাৰ আৰু তাত থকা গুহা আৰু সেই পথাৰৰ আটাইবোৰ গছ, তাৰ চাৰিও সীমাৰ ভিতৰত থকা গছ, এই সকলোতে,
לְאַבְרָהָ֥ם לְמִקְנָ֖ה לְעֵינֵ֣י בְנֵי־חֵ֑ת בְּכֹ֖ל בָּאֵ֥י שַֽׁעַר־עִירֹֽו׃ 18
১৮হেতৰ সন্তান সকল, তাৰ নগৰৰ দুৱাৰেদি সোমোৱা সকলোৰে আগতে অব্ৰাহামৰ স্বত্বাধিকাৰ নিশ্চয় কৰা হ’ল।
וְאַחֲרֵי־כֵן֩ קָבַ֨ר אַבְרָהָ֜ם אֶת־שָׂרָ֣ה אִשְׁתֹּ֗ו אֶל־מְעָרַ֞ת שְׂדֵ֧ה הַמַּכְפֵּלָ֛ה עַל־פְּנֵ֥י מַמְרֵ֖א הִ֣וא חֶבְרֹ֑ון בְּאֶ֖רֶץ כְּנָֽעַן׃ 19
১৯পাছে অব্ৰাহামে কনান দেশৰ মম্ৰিৰ অৰ্থাৎ হিব্ৰোণৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ গুহাত তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিলে।
וַיָּ֨קָם הַשָּׂדֶ֜ה וְהַמְּעָרָ֧ה אֲשֶׁר־בֹּ֛ו לְאַבְרָהָ֖ם לַאֲחֻזַּת־קָ֑בֶר מֵאֵ֖ת בְּנֵי־חֵֽת׃ ס 20
২০এই দৰে মৈদামৰ ঠাই অধিকাৰৰ অৰ্থে, সেই পথাৰ আৰু তাত থকা গুহাত, হেতৰ সন্তান সকলৰ দ্বাৰাই অব্ৰাহামৰ স্বত্বাধিকাৰ স্থিৰ কৰা হ’ল।

< בְּרֵאשִׁית 23 >