< בְּרֵאשִׁית 13 >

וַיַּעַל֩ אַבְרָ֨ם מִמִּצְרַ֜יִם ה֠וּא וְאִשְׁתֹּ֧ו וְכָל־אֲשֶׁר־לֹ֛ו וְלֹ֥וט עִמֹּ֖ו הַנֶּֽגְבָּה׃ 1
তেতিয়া অব্ৰামে তেওঁৰ ভাৰ্যা আৰু তেওঁলোকৰ সকলো বয়-বস্তুৰে সৈতে মিচৰ দেশ এৰি নেগেভলৈ গ’ল; সেই সময়ত লোটও তেওঁলোকৰ লগত আছিল।
וְאַבְרָ֖ם כָּבֵ֣ד מְאֹ֑ד בַּמִּקְנֶ֕ה בַּכֶּ֖סֶף וּבַזָּהָֽב׃ 2
এই সময়ত অব্ৰাম অতিশয় ধনী আছিল। তেওঁৰ অনেক পশু, সোণ আৰু ৰূপ আছিল।
וַיֵּ֙לֶךְ֙ לְמַסָּעָ֔יו מִנֶּ֖גֶב וְעַד־בֵּֽית־אֵ֑ל עַד־הַמָּקֹ֗ום אֲשֶׁר־הָ֨יָה שָׁ֤ם אָהֳלֹה (אֽ͏ָהֳלֹו֙) בַּתְּחִלָּ֔ה בֵּ֥ין בֵּֽית־אֵ֖ל וּבֵ֥ין הָעָֽי׃ 3
পাছত তেওঁ নেগেভৰ পৰা যাত্রা কৰি কৰি বৈৎএল পর্যন্ত গ’ল। এই বৈৎএল আৰু অয় নগৰৰ মধ্যৱর্তী স্থানতে পূৰ্বতে তেওঁৰ তম্বু আছিল।
אֶל־מְקֹום֙ הַמִּזְבֵּ֔חַ אֲשֶׁר־עָ֥שָׂה שָׁ֖ם בָּרִאשֹׁנָ֑ה וַיִּקְרָ֥א שָׁ֛ם אַבְרָ֖ם בְּשֵׁ֥ם יְהוָֽה׃ 4
এই ঠাইতে তেওঁ আগেয়ে নির্ম্মাণ কৰা যজ্ঞবেদীটো আছিল আৰু তাত তেওঁ যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিছিল।
וְגַם־לְלֹ֔וט הַהֹלֵ֖ךְ אֶת־אַבְרָ֑ם הָיָ֥ה צֹאן־וּבָקָ֖ר וְאֹהָלִֽים׃ 5
অব্ৰামৰ যাত্রাত একেলগে থকা যি লোট, তেওঁৰ নিজৰো বহুত মেৰ-ছাগ, পশুৰ জাক, আৰু তম্বু আছিল।
וְלֹא־נָשָׂ֥א אֹתָ֛ם הָאָ֖רֶץ לָשֶׁ֣בֶת יַחְדָּ֑ו כִּֽי־הָיָ֤ה רְכוּשָׁם֙ רָ֔ב וְלֹ֥א יָֽכְל֖וּ לָשֶׁ֥בֶת יַחְדָּֽו׃ 6
অব্রাম আৰু লোট উভয়ৰ কাৰণে একেলগে কাষত থাকি বাস কৰিবলৈ সেই ঠাই যথেষ্ট নাছিল, কাৰণ তেওঁলোকৰ সা-সম্পদ বহুত বেছি আছিল।
וֽ͏ַיְהִי־רִ֗יב בֵּ֚ין רֹעֵ֣י מִקְנֵֽה־אַבְרָ֔ם וּבֵ֖ין רֹעֵ֣י מִקְנֵה־לֹ֑וט וְהַֽכְּנַעֲנִי֙ וְהַפְּרִזִּ֔י אָ֖ז יֹשֵׁ֥ב בָּאָֽרֶץ׃ 7
তাৰ উপৰি অব্ৰাম আৰু লোটৰ পশু-ৰখীয়াৰ মাজতো বিবাদ আৰম্ভ হৈছিল। সেই সময়ত কনানীয়া আৰু পৰিজ্জীয়াসকলো সেই দেশত বাস কৰিছিল।
וַיֹּ֨אמֶר אַבְרָ֜ם אֶל־לֹ֗וט אַל־נָ֨א תְהִ֤י מְרִיבָה֙ בֵּינִ֣י וּבֵינֶ֔יךָ וּבֵ֥ין רֹעַ֖י וּבֵ֣ין רֹעֶ֑יךָ כִּֽי־אֲנָשִׁ֥ים אַחִ֖ים אֲנָֽחְנוּ׃ 8
তেতিয়া অব্ৰামে লোটক ক’লে, “চোৱা, আমি আত্মীয় হওঁ আৰু সেয়ে, মোৰে তোমাৰে মাজত, মোৰ পশু-ৰখীয়া আৰু তোমাৰ পশু-ৰখীয়াৰ মাজত বিবাদ হোৱাটো উচিত নহব;
הֲלֹ֤א כָל־הָאָ֙רֶץ֙ לְפָנֶ֔יךָ הִפָּ֥רֶד נָ֖א מֵעָלָ֑י אִם־הַשְּׂמֹ֣אל וְאֵימִ֔נָה וְאִם־הַיָּמִ֖ין וְאַשְׂמְאִֽילָה׃ 9
গোটেই দেশখনেই জানো তোমাৰ আগত নাই? সেয়ে তুমি মোৰ পৰা বেলেগ হোৱা উচিত; তুমি বাওঁহাতে গ’লে, মই সোঁহাতে যাম; নাইবা তুমি সোঁহাতে গ’লে মই বাওঁহাতে যাম।”
וַיִּשָּׂא־לֹ֣וט אֶת־עֵינָ֗יו וַיַּרְא֙ אֶת־כָּל־כִּכַּ֣ר הַיַּרְדֵּ֔ן כִּ֥י כֻלָּ֖הּ מַשְׁקֶ֑ה לִפְנֵ֣י ׀ שַׁחֵ֣ת יְהוָ֗ה אֶת־סְדֹם֙ וְאֶת־עֲמֹרָ֔ה כְּגַן־יְהוָה֙ כְּאֶ֣רֶץ מִצְרַ֔יִם בֹּאֲכָ֖ה צֹֽעַר׃ 10
১০তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্বতে এই সমতল ভূমি তেনেকুৱা আছিল।
וַיִּבְחַר־לֹ֣ו לֹ֗וט אֵ֚ת כָּל־כִּכַּ֣ר הַיַּרְדֵּ֔ן וַיִּסַּ֥ע לֹ֖וט מִקֶּ֑דֶם וַיִּפָּ֣רְד֔וּ אִ֖ישׁ מֵעַ֥ל אָחִֽיו׃ 11
১১তেতিয়া লোটে যৰ্দ্দন নদীৰ গোটেই সমভূমিলৈ নিজৰ কাৰণে বাচি লৈ পূব ফাললৈ যাত্ৰা কৰিলে; এইদৰে তেওঁলোক এজন আন জনৰ কাষৰ পৰা বেলেগ হৈ গ’ল।
אַבְרָ֖ם יָשַׁ֣ב בְּאֶֽרֶץ־כְּנָ֑עַן וְלֹ֗וט יָשַׁב֙ בְּעָרֵ֣י הַכִּכָּ֔ר וַיֶּאֱהַ֖ל עַד־סְדֹֽם׃ 12
১২অব্ৰামে কনান দেশত আৰু লোটে সেই সমভূমিৰ নগৰবোৰত বাস কৰিবলৈ ধৰিলে। লোটে চদোমৰ ওচৰত তম্বু তৰিলে।
וְאַנְשֵׁ֣י סְדֹ֔ם רָעִ֖ים וְחַטָּאִ֑ים לַיהוָ֖ה מְאֹֽד׃ 13
১৩চদোমত বাস কৰা অধিবাসীসকল অতিশয় দুষ্ট আছিল আৰু যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে ভীষণ পাপ কৰিছিল।
וֽ͏ַיהוָ֞ה אָמַ֣ר אֶל־אַבְרָ֗ם אַחֲרֵי֙ הִפָּֽרֶד־לֹ֣וט מֽ͏ֵעִמֹּ֔ו שָׂ֣א נָ֤א עֵינֶ֙יךָ֙ וּרְאֵ֔ה מִן־הַמָּקֹ֖ום אֲשֶׁר־אַתָּ֣ה שָׁ֑ם צָפֹ֥נָה וָנֶ֖גְבָּה וָקֵ֥דְמָה וָיָֽמָּה׃ 14
১৪অব্ৰামৰ পৰা লোট বেলেগ হৈ যোৱাৰ পাছত যিহোৱাই অব্ৰামক ক’লে, “তুমি যি ঠাইত থিয় হৈ আছা, তাৰ পৰা উত্তৰ-দক্ষিণ আৰু পূব-পশ্চিমলৈ এবাৰ চোৱা;
כִּ֧י אֶת־כָּל־הָאָ֛רֶץ אֲשֶׁר־אַתָּ֥ה רֹאֶ֖ה לְךָ֣ אֶתְּנֶ֑נָּה וּֽלְזַרְעֲךָ֖ עַד־עֹולָֽם׃ 15
১৫যি সকলো ঠাই তুমি দেখিছা, তাক মই তোমাক আৰু তোমাৰ বংশক চিৰকালৰ কাৰণে দিম।
וְשַׂמְתִּ֥י אֶֽת־זַרְעֲךָ֖ כַּעֲפַ֣ר הָאָ֑רֶץ אֲשֶׁ֣ר ׀ אִם־יוּכַ֣ל אִ֗ישׁ לִמְנֹות֙ אֶת־עֲפַ֣ר הָאָ֔רֶץ גַּֽם־זַרְעֲךָ֖ יִמָּנֶֽה׃ 16
১৬মই তোমাৰ বংশৰ লোকসকলক পৃথিবীৰ ধূলিৰ নিচিনা অসংখ্য কৰিম; কোনোৱে যদি পৃথিবীৰ ধূলি গণিব পাৰে, তেন্তে তোমাৰ বংশকো গণিব পাৰিব।
ק֚וּם הִתְהַלֵּ֣ךְ בָּאָ֔רֶץ לְאָרְכָּ֖הּ וּלְרָחְבָּ֑הּ כִּ֥י לְךָ֖ אֶתְּנֶֽנָּה׃ 17
১৭উঠা, এই ভূমিৰ দীঘে পথালিয়ে ঘূৰি ফুৰা; কিয়নো মই তোমাক এই দেশখনকে দিম।”
וַיֶּאֱהַ֣ל אַבְרָ֗ם וַיָּבֹ֛א וַיֵּ֛שֶׁב בְּאֵלֹנֵ֥י מַמְרֵ֖א אֲשֶׁ֣ר בְּחֶבְרֹ֑ון וַיִּֽבֶן־שָׁ֥ם מִזְבֵּ֖חַ לֽ͏ַיהוָֽה׃ פ 18
১৮তেতিয়া অব্ৰামে তেওঁৰ তম্বু তুলি ল’লে আৰু হিব্ৰোণ এলেকালৈ আহি মম্ৰিৰ ওক গছবোৰৰ ওচৰত নিবাস কৰিলে। সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে।

< בְּרֵאשִׁית 13 >