< דְּבָרִים 2 >

וַנֵּ֜פֶן וַנִּסַּ֤ע הַמִּדְבָּ֙רָה֙ דֶּ֣רֶךְ יַם־ס֔וּף כַּאֲשֶׁ֛ר דִּבֶּ֥ר יְהוָ֖ה אֵלָ֑י וַנָּ֥סָב אֶת־הַר־שֵׂעִ֖יר יָמִ֥ים רַבִּֽים׃ ס 1
যিহোৱাই যেনেকৈ আমাক নির্দেশ দিছিল, সেইদৰে আমি ঘূৰি চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাত্ৰা কৰিছিলোঁ আৰু বহুদিন ধৰি আমি চেয়ীৰ পর্বতমালাত ঘূৰি ফুৰিছিলোঁ।
וַיֹּ֥אמֶר יְהוָ֖ה אֵלַ֥י לֵאמֹֽר׃ 2
তাৰ পাছত যিহোৱাই মোক কৈছিল,
רַב־לָכֶ֕ם סֹ֖ב אֶת־הָהָ֣ר הַזֶּ֑ה פְּנ֥וּ לָכֶ֖ם צָפֹֽנָה׃ 3
“তোমালোকে অনেক দিন ধৰি এই পাহাৰী এলেকাত ঘূৰিলা; এতিয়া উত্তৰ ফালে ঘূৰা।
וְאֶת־הָעָם֮ צַ֣ו לֵאמֹר֒ אַתֶּ֣ם עֹֽבְרִ֗ים בִּגְבוּל֙ אֲחֵיכֶ֣ם בְּנֵי־עֵשָׂ֔ו הַיֹּשְׁבִ֖ים בְּשֵׂעִ֑יר וְיִֽירְא֣וּ מִכֶּ֔ם וְנִשְׁמַרְתֶּ֖ם מְאֹֽד׃ 4
তুমি লোকসকলক এই আজ্ঞা দিয়া, ‘চেয়ীৰত বাস কৰা তোমালোকৰ ভাই এচৌৰ বংশধৰসকলৰ সীমাৰ ওচৰেদি এতিয়া তোমালোক যাব লাগে; তাতে তেওঁলোকে তোমালোকলৈ ভয় কৰিব; তোমালোকক দেখি তেওঁলোক আতঙ্কিত হ’ব; সেয়ে তোমালোক সাৱধানে থাকিবা।
אַל־תִּתְגָּר֣וּ בָ֔ם כִּ֠י לֹֽא־אֶתֵּ֤ן לָכֶם֙ מֵֽאַרְצָ֔ם עַ֖ד מִדְרַ֣ךְ כַּף־רָ֑גֶל כִּֽי־יְרֻשָּׁ֣ה לְעֵשָׂ֔ו נָתַ֖תִּי אֶת־הַ֥ר שֵׂעִֽיר׃ 5
তোমালোকে এচৌৰ বংশধৰৰ সৈতে যুদ্ধ নকৰিবা; কিয়নো তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক নিদিওঁ; এনেকি ভৰি থব পৰা ঠাইৰ পৰিমাণো নিদিওঁ। কাৰণ চেয়ীৰ এই পার্বত্য অঞ্চল মই এচৌক অধিকাৰ কৰিবলৈ দিলোঁ।
אֹ֣כֶל תִּשְׁבְּר֧וּ מֵֽאִתָּ֛ם בַּכֶּ֖סֶף וַאֲכַלְתֶּ֑ם וְגַם־מַ֜יִם תִּכְר֧וּ מֵאִתָּ֛ם בַּכֶּ֖סֶף וּשְׁתִיתֶֽם׃ 6
তোমালোকে আহাৰৰ কাৰণে তেওঁলোকৰ পৰা ধন দি আহাৰ কিনি খাবা; সেইদৰে পানীও তেওঁলোকৰ পৰা কিনি পান কৰিবা।
כִּי֩ יְהוָ֨ה אֱלֹהֶ֜יךָ בֵּֽרַכְךָ֗ בְּכֹל֙ מַעֲשֵׂ֣ה יָדֶ֔ךָ יָדַ֣ע לֶכְתְּךָ֔ אֶת־הַמִּדְבָּ֥ר הַגָּדֹ֖ל הַזֶּ֑ה זֶ֣ה ׀ אַרְבָּעִ֣ים שָׁנָ֗ה יְהוָ֤ה אֱלֹהֶ֙יךָ֙ עִמָּ֔ךְ לֹ֥א חָסַ֖רְתָּ דָּבָֽר׃ 7
কিয়নো, মনত ৰাখিবা যে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতে কৰা সকলো কাৰ্যত তোমালোকক আশীৰ্ব্বাদ কৰিছে; এই বৃহৎ মৰুভূমিৰ মাজেদি তোমালোকে খোজকাঢ়ি ফুৰা সময়ৰ ঘটনাবোৰ তেওঁৰ অৱগত। এই চল্লিশটা বছৰ তোমালোকৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত আছে আৰু তোমালোকৰ একোৰে অভাৱ হোৱা নাই।”
וַֽנַּעֲבֹ֞ר מֵאֵ֧ת אַחֵ֣ינוּ בְנֵי־עֵשָׂ֗ו הַיֹּֽשְׁבִים֙ בְּשֵׂעִ֔יר מִדֶּ֙רֶךְ֙ הָֽעֲרָבָ֔ה מֵאֵילַ֖ת וּמֵעֶצְיֹ֣ן גָּ֑בֶר ס וַנֵּ֙פֶן֙ וַֽנַּעֲבֹ֔ר דֶּ֖רֶךְ מִדְבַּ֥ר מֹואָֽב׃ 8
সেয়ে আমি আমাৰ ভাই চেয়ীৰৰ বাসিন্দা এচৌৰ বংশধৰৰ ওচৰেদি পাৰ হৈ আহিলোঁ। আমি এলৎ ও ইচিয়োন-গেবৰ নগৰৰ পৰা অৰাবাৰ বাট ত্যাগ কৰি মোৱাবৰ মৰুভূমিলৈ যোৱা পথৰ ফালে ঘূৰিছিলোঁ।
וַיֹּ֨אמֶר יְהוָ֜ה אֵלַ֗י אֶל־תָּ֙צַר֙ אֶת־מֹואָ֔ב וְאַל־תִּתְגָּ֥ר בָּ֖ם מִלְחָמָ֑ה כִּ֠י לֹֽא־אֶתֵּ֨ן לְךָ֤ מֵֽאַרְצֹו֙ יְרֻשָּׁ֔ה כִּ֣י לִבְנֵי־לֹ֔וט נָתַ֥תִּי אֶת־עָ֖ר יְרֻשָּׁה׃ 9
তাৰ পাছত যিহোৱাই মোক কৈছিল, “তোমালোকে মোৱাবীয়াসকলক বিৰক্ত নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা। তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, তেওঁলোক লোটৰ বংশধৰ আৰু মই তেওঁলোকক অধিকাৰৰ অৰ্থে আৰ নগৰ দিলোঁ।”
הָאֵמִ֥ים לְפָנִ֖ים יָ֣שְׁבוּ בָ֑הּ עַ֣ם גָּדֹ֥ול וְרַ֛ב וָרָ֖ם כָּעֲנָקִֽים׃ 10
১০পূর্বে এই ঠাইত এমীয়াসকলে বাস কৰিছিল; এমীয়া জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰে দীৰ্ঘকায়।
רְפָאִ֛ים יֵחָשְׁב֥וּ אַף־הֵ֖ם כָּעֲנָקִ֑ים וְהַמֹּ֣אָבִ֔ים יִקְרְא֥וּ לָהֶ֖ם אֵמִֽים׃ 11
১১অনাকীয়াসকলৰ দৰে এমীয়সকলকো ৰফায়ীয়া বুলি গণিত কৰা হৈছিল; কিন্তু মোৱাবীয়াসকলে তেওঁলোকক এমীয়া বুলি কয়।
וּבְשֵׂעִ֞יר יָשְׁב֣וּ הַחֹרִים֮ לְפָנִים֒ וּבְנֵ֧י עֵשָׂ֣ו יִֽירָשׁ֗וּם וַיַּשְׁמִידוּם֙ מִפְּנֵיהֶ֔ם וַיֵּשְׁב֖וּ תַּחְתָּ֑ם כַּאֲשֶׁ֧ר עָשָׂ֣ה יִשְׂרָאֵ֗ל לְאֶ֙רֶץ֙ יְרֻשָּׁתֹ֔ו אֲשֶׁר־נָתַ֥ן יְהוָ֖ה לָהֶֽם׃ 12
১২চেয়ীৰতো পূর্বে হোৰীয়াসকলে বাস কৰিছিল, কিন্তু পাছত এচৌৰ বংশধৰসকলে তেওঁলোকৰ সেই ঠাইত আধিপত্য বিস্তাৰ কৰিলে। যিহোৱাই অধিকাৰ সূত্রে ইস্ৰায়েলীয়াসকলক যি দেশ দিছিল তাত তেওঁলোকে যি কার্য কৰিছিল, এচৌৰ বংশধৰসকলেও সেই একে কার্য কৰিছিল। তেওঁলোকৰ আগৰ পৰা হোৰীয়াসকলক বিনষ্ট কৰি তেওঁলোকে সেই ঠাইত নিজে বাস কৰিবলৈ ধৰিলে।
עַתָּ֗ה קֻ֛מוּ וְעִבְר֥וּ לָכֶ֖ם אֶת־נַ֣חַל זָ֑רֶד וַֽנַּעֲבֹ֖ר אֶת־נַ֥חַל זָֽרֶד׃ 13
১৩পাছত যিহোৱাই কৈছিল, “এতিয়া তোমালোকে উঠি জেৰদ জুৰি পাৰ হৈ যোৱা।” তেতিয়া আমি জেৰদ জুৰি পাৰ হলোঁ।
וְהַיָּמִ֞ים אֲשֶׁר־הָלַ֣כְנוּ ׀ מִקָּדֵ֣שׁ בַּרְנֵ֗עַ עַ֤ד אֲשֶׁר־עָבַ֙רְנוּ֙ אֶת־נַ֣חַל זֶ֔רֶד שְׁלֹשִׁ֥ים וּשְׁמֹנֶ֖ה שָׁנָ֑ה עַד־תֹּ֨ם כָּל־הַדֹּ֜ור אַנְשֵׁ֤י הַמִּלְחָמָה֙ מִקֶּ֣רֶב הַֽמַּחֲנֶ֔ה כַּאֲשֶׁ֛ר נִשְׁבַּ֥ע יְהוָ֖ה לָהֶֽם׃ 14
১৪কাদেচ-বৰ্ণেয়াৰ পৰা জেৰদ জুৰি পাৰ হোৱালৈকে আমি যাত্ৰা কৰা আঠত্ৰিশ বছৰ হ’ল; এই আঠত্রিশ বছৰত আমাৰ ছাউনিত যিসকল যোদ্ধা পুৰুষ আছিল, তেওঁলোক সকলো যিহোৱাৰ শপত অনুসাৰে সেই প্রজন্মৰ সকলো লোক উচ্ছন্ন হ’ল।
וְגַ֤ם יַד־יְהוָה֙ הָ֣יְתָה בָּ֔ם לְהֻמָּ֖ם מִקֶּ֣רֶב הַֽמַּחֲנֶ֑ה עַ֖ד תֻּמָּֽם׃ 15
১৫ছাউনিৰ মাজৰ পৰা সেই প্রজন্মক উচ্ছন্ন কৰিবৰ কাৰণে তেওঁলোক নিঃশেষ নোহোৱা পর্যন্ত যিহোৱাৰ হাত তেওঁলোকৰ বিৰুদ্ধে আছিল।
וַיְהִ֨י כַאֲשֶׁר־תַּ֜מּוּ כָּל־אַנְשֵׁ֧י הַמִּלְחָמָ֛ה לָמ֖וּת מִקֶּ֥רֶב הָעָֽם׃ ס 16
১৬সেয়ে, সকলো যোদ্ধাৰ মৃত্যু হ’ল আৰু তেওঁলোক লোকসকলৰ মাজৰ পৰা গ’ল।
וַיְדַבֵּ֥ר יְהוָ֖ה אֵלַ֥י לֵאמֹֽר׃ 17
১৭যিহোৱাই মোক কৈছিল,
אַתָּ֨ה עֹבֵ֥ר הַיֹּ֛ום אֶת־גְּב֥וּל מֹואָ֖ב אֶת־עָֽר׃ 18
১৮“আজি তোমালোকে মোৱাবৰ সীমায়েদি আৰ নগৰ পাৰ হৈ যাব লাগে।
וְקָרַבְתָּ֗ מ֚וּל בְּנֵ֣י עַמֹּ֔ון אַל־תְּצֻרֵ֖ם וְאַל־תִּתְגָּ֣ר בָּ֑ם כִּ֣י לֹֽא־אֶ֠תֵּן מֵאֶ֨רֶץ בְּנֵי־עַמֹּ֤ון לְךָ֙ יְרֻשָּׁ֔ה כִּ֥י לִבְנֵי־לֹ֖וט נְתַתִּ֥יהָ יְרֻשָּֽׁה׃ 19
১৯তোমালোকে যেতিয়া অম্মোনৰ লোকসকলৰ কাষত গৈ উপস্থিত হ’বা, তেতিয়া তেওঁলোকক বিৰক্ত নকৰিবা আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধও নকৰিবা। কিয়নো, অম্মোনীয়াসকলৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, লোটৰ বংশধৰসকলক মই অধিকাৰৰ অৰ্থে এই নগৰ দিলোঁ।”
אֶֽרֶץ־רְפָאִ֥ים תֵּחָשֵׁ֖ב אַף־הִ֑וא רְפָאִ֤ים יָֽשְׁבוּ־בָהּ֙ לְפָנִ֔ים וְהָֽעַמֹּנִ֔ים יִקְרְא֥וּ לָהֶ֖ם זַמְזֻמִּֽים׃ 20
২০সেই দেশকো ৰফায়ীয়াসকলৰ দেশ বুলি গণিত কৰা হয়, কাৰণ পূর্বে ৰেফায়ীয়াসকলে তাত বাস কৰিছিল। কিন্তু অম্মোনীয়াসকলে তেওঁলোকক জুমজুমীয়া বুলিহে কয়।
עַ֣ם גָּדֹ֥ול וְרַ֛ב וָרָ֖ם כָּעֲנָקִ֑ים וַיַּשְׁמִידֵ֤ם יְהוָה֙ מִפְּנֵיהֶ֔ם וַיִּירָשֻׁ֖ם וַיֵּשְׁב֥וּ תַחְתָּֽם׃ 21
২১এই জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰেই দীর্ঘকায়। কিন্তু যিহোৱাই তেওঁলোকক উচ্ছন্ন কৰিলে; অম্মোনীয়াসকলে জুমজুমীয়াসকলক উচ্ছন্ন কৰিলে আৰু তেওঁলোকৰ ঠাইত নিজৰ আধিপত্য বিস্তাৰ কৰি সেই ঠাইত বসতি কৰিলে।
כַּאֲשֶׁ֤ר עָשָׂה֙ לִבְנֵ֣י עֵשָׂ֔ו הַיֹּשְׁבִ֖ים בְּשֵׂעִ֑יר אֲשֶׁ֨ר הִשְׁמִ֤יד אֶת־הַחֹרִי֙ מִפְּנֵיהֶ֔ם וַיִּֽירָשֻׁם֙ וַיֵּשְׁב֣וּ תַחְתָּ֔ם עַ֖ד הַיֹּ֥ום הַזֶּֽה׃ 22
২২যিহোৱাই চেয়ীৰ-নিবাসী এচৌৰ বংশধৰসকলৰ কাৰণেও এই একে কাৰ্য কৰিছিল। সেই সময়ত যিহোৱাই এচৌৰ লোকসকলৰ সন্মুখৰ পৰা হোৰীয়াসকলক উচ্ছন্ন কৰিছিল আৰু তেওঁলোকে সেই ঠাইৰ আধিপত্য ল’লে; আজি পর্যন্ত তেওঁলোক সেই ঠাইতে বাস কৰি আছে।
וְהָֽעַוִּ֛ים הַיֹּשְׁבִ֥ים בַּחֲצֵרִ֖ים עַד־עַזָּ֑ה כַּפְתֹּרִים֙ הַיֹּצְאִ֣ים מִכַּפְתֹּ֔ור הִשְׁמִידֻ֖ם וַיֵּשְׁב֥וּ תַחְתָּֽם׃ 23
২৩কপ্তোৰৰ পৰা কপ্তোৰীয়াসকলে আহি অবীয়াসকলক উচ্ছন্ন কৰি তেওঁলোকৰ সেই ঠাইত বসতি কৰিছিল। অব্বীয়াসকল তেতিয়া গাজা পর্যন্ত সকলো গাওঁবোৰতে বাস কৰি আছিল।
ק֣וּמוּ סְּע֗וּ וְעִבְרוּ֮ אֶת־נַ֣חַל אַרְנֹן֒ רְאֵ֣ה נָתַ֣תִּי בְ֠יָדְךָ אֶת־סִיחֹ֨ן מֶֽלֶךְ־חֶשְׁבֹּ֧ון הֽ͏ָאֱמֹרִ֛י וְאֶת־אַרְצֹ֖ו הָחֵ֣ל רָ֑שׁ וְהִתְגָּ֥ר בֹּ֖ו מִלְחָמָֽה׃ 24
২৪তাৰ পাছত যিহোৱাই কৈছিল, “তোমালোক উঠা আৰু যাত্ৰা কৰি অৰ্ণোন উপত্যকা পাৰ হৈ যোৱা। চোৱা, মই হিচবোনৰ ৰজা ইমোৰীয়া চীহোনক আৰু তেওঁৰ দেশকো তোমালোকৰ হাতত সমৰ্পণ কৰিলোঁ; তোমালোকে তাক অধিগ্রহণ কৰিবলৈ আৰম্ভ কৰা; সেয়ে তেওঁৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰা।
הַיֹּ֣ום הַזֶּ֗ה אָחֵל֙ תֵּ֤ת פַּחְדְּךָ֙ וְיִרְאָ֣תְךָ֔ עַל־פְּנֵי֙ הָֽעַמִּ֔ים תַּ֖חַת כָּל־הַשָּׁמָ֑יִם אֲשֶׁ֤ר יִשְׁמְעוּן֙ שִׁמְעֲךָ֔ וְרָגְז֥וּ וְחָל֖וּ מִפָּנֶֽיךָ׃ 25
২৫আজিৰ পৰা মই আকাশৰ তলত থকা সমগ্র জাতিৰ মাজত তোমালোকৰ সম্বন্ধে এক ভীতি আৰু ত্ৰাসৰ সঞ্চাৰ কৰিম। তোমালোকৰ বিষয়ে শুনা মাত্ৰকেই তেওঁলোকৰ কঁপনি উঠিব আৰু তোমালোকৰ কাৰণে অত্যন্ত আতঙ্কিত হ’ব।”
וָאֶשְׁלַ֤ח מַלְאָכִים֙ מִמִּדְבַּ֣ר קְדֵמֹ֔ות אֶל־סִיחֹ֖ון מֶ֣לֶךְ חֶשְׁבֹּ֑ון דִּבְרֵ֥י שָׁלֹ֖ום לֵאמֹֽר׃ 26
২৬সেয়ে মই কদেমোৎ মৰুভূমিৰ হিচবোনৰ ৰজা চীহোনলৈ লোক পঠাই শান্তিৰ প্রস্তাৱ দি কৈছিলোঁ,
אֶעְבְּרָ֣ה בְאַרְצֶ֔ךָ בַּדֶּ֥רֶךְ בַּדֶּ֖רֶךְ אֵלֵ֑ךְ לֹ֥א אָס֖וּר יָמִ֥ין וּשְׂמֹֽאול׃ 27
২৭“আপোনাৰ দেশৰ মাজেদি মোক ৰাজআলিয়েদি যাবলৈ দিয়ক; মই সোঁ বা বাওঁ কোনোফালে নুঘূৰিম।
אֹ֣כֶל בַּכֶּ֤סֶף תַּשְׁבִּרֵ֙נִי֙ וְאָכַ֔לְתִּי וּמַ֛יִם בַּכֶּ֥סֶף תִּתֶּן־לִ֖י וְשָׁתִ֑יתִי רַ֖ק אֶעְבְּרָ֥ה בְרַגְלָֽי׃ 28
২৮আপোনালোকে ধনৰ বিনিময়ত মোক খাবলৈ আহাৰ আৰু পান কৰিবলৈও পানী বেচিব। কেৱল আপোনাৰ দেশৰ মাজেদি মোক খোজকাঢ়ি যাবলৈ দিয়ক।
כַּאֲשֶׁ֨ר עֽ͏ָשׂוּ־לִ֜י בְּנֵ֣י עֵשָׂ֗ו הַיֹּֽשְׁבִים֙ בְּשֵׂעִ֔יר וְהַמֹּ֣ואָבִ֔ים הַיֹּשְׁבִ֖ים בְּעָ֑ר עַ֤ד אֲשֶֽׁר־אֶֽעֱבֹר֙ אֶת־הַיַּרְדֵּ֔ן אֶל־הָאָ֕רֶץ אֲשֶׁר־יְהוָ֥ה אֱלֹהֵ֖ינוּ נֹתֵ֥ן לָֽנוּ׃ 29
২৯চেয়ীৰ-নিবাসী এচৌৰ বংশধৰসকলে আৰু আৰ নগৰ নিবাসী মোৱাবীয়াসকলে মোক তেওঁলোকৰ দেশৰ মাজেদি খোজকাঢ়ি যাবলৈ দিয়াৰ দৰে আপুনিও মোক ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, যৰ্দ্দন নদী অতিক্রম কৰি সেই দেশ নোপোৱা পর্যন্ত আপোনাৰ দেশৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ক।”
וְלֹ֣א אָבָ֗ה סִיחֹן֙ מֶ֣לֶךְ חֶשְׁבֹּ֔ון הַעֲבִרֵ֖נוּ בֹּ֑ו כִּֽי־הִקְשָׁה֩ יְהוָ֨ה אֱלֹהֶ֜יךָ אֶת־רוּחֹ֗ו וְאִמֵּץ֙ אֶת־לְבָבֹ֔ו לְמַ֛עַן תִּתֹּ֥ו בְיָדְךָ֖ כַּיֹּ֥ום הַזֶּֽה׃ ס 30
৩০কিন্তু হিচবোনৰ ৰজা চীহোনে নিজ দেশৰ মাজেদি যাবলৈ আমাক অনুমতি নিদিলে; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ মন কঠিন কৰি হৃদয় অটল কৰি ৰাখিছিল, যাতে তেওঁ আপোনালোকৰ হাতত পৰে। আজি এই সময়ত তেওঁ তাকেই কৰিছে।
וַיֹּ֤אמֶר יְהוָה֙ אֵלַ֔י רְאֵ֗ה הַֽחִלֹּ֙תִי֙ תֵּ֣ת לְפָנֶ֔יךָ אֶת־סִיחֹ֖ן וְאֶת־אַרְצֹ֑ו הָחֵ֣ל רָ֔שׁ לָרֶ֖שֶׁת אֶת־אַרְצֹֽו׃ 31
৩১পাছত যিহোৱাই মোক কৈছিল, “শুনা, মই চীহোন আৰু তেওঁৰ দেশ তোমাৰ হাতত শোধাই দিবলৈ আৰম্ভ কৰিলোঁ। তুমি এতিয়া তেওঁৰ দেশত বাস কৰিবৰ অর্থে সেই দেশ অধিগ্রহণ কৰা।”
וַיֵּצֵא֩ סִיחֹ֨ן לִקְרָאתֵ֜נוּ ה֧וּא וְכָל־עַמֹּ֛ו לַמִּלְחָמָ֖ה יָֽהְצָה׃ 32
৩২তেতিয়া আমাৰ বিপক্ষে যুদ্ধ কৰিবলৈ চীহোন আৰু তেওঁৰ সকলো লোক যহচ নামৰ ঠাইলৈ ওলাই আহিছিল।
וַֽיִּתְּנֵ֛הוּ יְהוָ֥ה אֱלֹהֵ֖ינוּ לְפָנֵ֑ינוּ וַנַּ֥ךְ אֹתֹ֛ו וְאֶת־בְּנֹו (בָּנָ֖יו) וְאֶת־כָּל־עַמֹּֽו׃ 33
৩৩আমাৰ ঈশ্বৰ যিহোৱাই তেওঁক আমাৰ হাতত শোধাই দিলে; তাতে আমি তেওঁক, তেওঁৰ পুত্রসকলক আৰু তেওঁৰ লোকসকলকো আঘাত কৰি পৰাস্ত কৰিছিলোঁ।
וַנִּלְכֹּ֤ד אֶת־כָּל־עָרָיו֙ בָּעֵ֣ת הַהִ֔וא וַֽנַּחֲרֵם֙ אֶת־כָּל־עִ֣יר מְתִ֔ם וְהַנָּשִׁ֖ים וְהַטָּ֑ף לֹ֥א הִשְׁאַ֖רְנוּ שָׂרִֽיד׃ 34
৩৪সেই সময়ত আমি তেওঁৰ সকলো নগৰ অধিকাৰ কৰি লৈছিলোঁ; নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালীক নিঃশেষে বিনষ্ট কৰিছিলোঁ, কাকো অৱশিষ্ট নাৰাখিলোঁ;
רַ֥ק הַבְּהֵמָ֖ה בָּזַ֣זְנוּ לָ֑נוּ וּשְׁלַ֥ל הֶעָרִ֖ים אֲשֶׁ֥ר לָכָֽדְנוּ׃ 35
৩৫কেৱল পশুধনবোৰ আৰু নগৰৰ পৰা লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলো।
מֵֽעֲרֹעֵ֡ר אֲשֶׁר֩ עַל־שְׂפַת־נַ֨חַל אַרְנֹ֜ן וְהָעִ֨יר אֲשֶׁ֤ר בַּנַּ֙חַל֙ וְעַד־הַגִּלְעָ֔ד לֹ֤א הָֽיְתָה֙ קִרְיָ֔ה אֲשֶׁ֥ר שָׂגְבָ֖ה מִמֶּ֑נּוּ אֶת־הַכֹּ֕ל נָתַ֛ן יְהוָ֥ה אֱלֹהֵ֖ינוּ לְפָנֵֽינוּ׃ 36
৩৬অৰ্ণোন উপত্যকাৰ দাঁতিত অৰোয়েৰ নগৰ আৰু সেই উপত্যকাৰ মাজত থকা নগৰৰ পৰা গিলিয়দলৈকে আমি জয় কৰিব নোৱাৰা এনে কোনো নগৰ বাকী নাথাকিল। আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ সন্মুখত থকা সকলো শত্রুপক্ষৰ ওপৰত আমাক জয়ী কৰাইছিল।
רַ֛ק אֶל־אֶ֥רֶץ בְּנֵי־עַמֹּ֖ון לֹ֣א קָרָ֑בְתָּ כָּל־יַ֞ד נַ֤חַל יַבֹּק֙ וְעָרֵ֣י הָהָ֔ר וְכֹ֥ל אֲשֶׁר־צִוָּ֖ה יְהוָ֥ה אֱלֹהֵֽינוּ׃ 37
৩৭কেৱল অম্মোনৰ বংশধৰসকলৰ দেশ, যব্বোক নদীৰ কাষলৈ, পার্বত্য অঞ্চলৰ নগৰবোৰলৈ আৰু অন্যান্য যি সকলো ঠাইলৈ আমাৰ ঈশ্বৰ যিহোৱাই নিষেধ কৰিছিল, তাৰ ওচৰলৈ আপোনালোক যোৱা নাই।

< דְּבָרִים 2 >