< 2 דִּבְרֵי הַיָּמִים 31 >

וּכְכַלֹּ֣ות כָּל־זֹ֗את יָצְא֨וּ כָּל־יִשְׂרָאֵ֥ל הַֽנִּמְצְאִים֮ לְעָרֵ֣י יְהוּדָה֒ וַיְשַׁבְּר֣וּ הַמַּצֵּבֹ֣ות וַיְגַדְּע֣וּ הָאֲשֵׁרִ֡ים וַיְנַתְּצ֣וּ אֶת־הַ֠בָּמֹות וְאֶת־הַֽמִּזְבְּחֹ֞ת מִכָּל־יְהוּדָ֧ה וּבִנְיָמִ֛ן וּבְאֶפְרַ֥יִם וּמְנַשֶּׁ֖ה עַד־לְכַלֵּ֑ה וַיָּשׁ֜וּבוּ כָּל־בְּנֵ֧י יִשְׂרָאֵ֛ל אִ֥ישׁ לַאֲחֻזָּתֹ֖ו לְעָרֵיהֶֽם׃ ס 1
এইদৰে আটাইবোৰ শেষ হোৱাৰ পাছত, সেই ঠাইত উপস্থিত থকা সকলো ইস্ৰায়েল লোকে যিহূদাৰ নগৰবোৰলৈ গ’ল আৰু স্তম্ভবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ কাটিলে আৰু গোটেই যিহূদাত, বিন্যামীনত, ইফ্ৰয়িমত আৰু মনচিত থকা ওখ ঠাইবোৰ আৰু যজ্ঞবেদীবোৰ নিঃশেষে ভাঙি পেলালে। তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ আধিপত্য আৰু নগৰলৈ উলটি আহিল।
וַיַּעֲמֵ֣ד יְחִזְקִיָּ֡הוּ אֶת־מַחְלְקֹ֣ות הַכֹּהֲנִ֣ים וְ֠הַלְוִיִּם עַֽל־מַחְלְקֹותָ֞ם אִ֣ישׁ ׀ כְּפִ֣י עֲבֹדָתֹ֗ו לַכֹּהֲנִים֙ וְלַלְוִיִּ֔ם לְעֹלָ֖ה וְלִשְׁלָמִ֑ים לְשָׁרֵת֙ וּלְהֹדֹ֣ות וּלְהַלֵּ֔ל בְּשַׁעֲרֵ֖י מַחֲנֹ֥ות יְהוָֽה׃ ס 2
আৰু হিষ্কিয়াই হোমাৰ্থক আৰু মঙ্গলাৰ্থক বলিদান, পৰিচৰ্যা, স্তুতিগান আৰু যিহোৱাৰ ছাউনিৰ নানা দুৱাৰত প্ৰশংসা কৰিবলৈ পুৰোহিত লেবীয়াসকলক নিজ নিজ কাৰ্য অনুসাৰে পাল অনুক্ৰমে নিজ নিজ পালত নিযুক্ত কৰিলে।
וּמְנָת֩ הַמֶּ֨לֶךְ מִן־רְכוּשֹׁ֜ו לָעֹלֹ֗ות לְעֹלֹות֙ הַבֹּ֣קֶר וְהָעֶ֔רֶב וְהָ֣עֹלֹ֔ות לַשַּׁבָּתֹ֖ות וְלֶחֳדָשִׁ֣ים וְלַמֹּעֲדִ֑ים כַּכָּת֖וּב בְּתֹורַ֥ת יְהוָֽה׃ 3
আৰু যিহোৱাৰ ব্যৱস্থাত লিখাৰ দৰে হোমৰ কাৰণে, ৰাতিপুৱা আৰু সন্ধ্যাবেলা হোমৰ কাৰণে আৰু বিশ্ৰাম-বাৰ, ন-জোন আৰু পৰ্ব্ব-সম্বন্ধীয় হোমৰ কাৰণে, ৰজাৰ সম্পত্তিৰ পৰা দান কৰিব লগা ভাগ তেওঁ নিৰূপণ কৰিলে।
וַיֹּ֤אמֶר לָעָם֙ לְיֹושְׁבֵ֣י יְרוּשָׁלַ֔͏ִם לָתֵ֕ת מְנָ֥ת הַכֹּהֲנִ֖ים וְהַלְוִיִּ֑ם לְמַ֥עַן יֶחֶזְק֖וּ בְּתֹורַ֥ת יְהוָֽה׃ 4
আনকি পুৰোহিত আৰু লেবীয়াসকল যেন যিহোৱাৰ ব্যৱস্থাত আসক্ত থাকে, এই কাৰণে তেওঁলোকৰ ভাগ তেওঁলোকক দিবলৈ যিৰূচালেমত থকা লোকসকলক আজ্ঞা দিলে।
וְכִפְרֹ֣ץ הַדָּבָ֗ר הִרְבּ֤וּ בְנֵֽי־יִשְׂרָאֵל֙ רֵאשִׁ֣ית דָּגָ֗ן תִּירֹ֤ושׁ וְיִצְהָר֙ וּדְבַ֔שׁ וְכֹ֖ל תְּבוּאַ֣ת שָׂדֶ֑ה וּמַעְשַׂ֥ר הַכֹּ֛ל לָרֹ֖ב הֵבִֽיאוּ׃ 5
এই আজ্ঞা দেশত ব্যাপ্ত হোৱা মাত্ৰকে ইস্ৰায়েলৰ সন্তান সকলে শস্য, দ্ৰাক্ষাৰস, তেল আৰু মৌ আদি ভূমিত উৎপন্ন হোৱা সকলো বস্তুৰ প্ৰথম ভাগ অধিক অধিক পৰিমাণে আনিলে।
וּבְנֵ֧י יִשְׂרָאֵ֣ל וִֽיהוּדָ֗ה הַיֹּֽושְׁבִים֮ בְּעָרֵ֣י יְהוּדָה֒ גַּם־הֵ֗ם מַעְשַׂ֤ר בָּקָר֙ וָצֹ֔אן וּמַעְשַׂ֣ר קָֽדָשִׁ֔ים הַמְקֻדָּשִׁ֖ים לַיהוָ֣ה אֱלֹהֵיהֶ֑ם הֵבִ֕יאוּ וַֽיִּתְּנ֖וּ עֲרֵמֹ֥ות עֲרֵמֹֽות׃ ס 6
আৰু ইস্ৰায়েলৰ ও যিহূদাৰ যি সন্তান সকলে যিহোদাৰ নানা নগৰত বাস কৰিছিল, তেওঁলোকেও গৰু আৰু ভেড়া ও ছাগলীৰ দহ ভাগৰ এভাগ আনি দ’ম কৰি হ’ল, যিবোৰ তেওঁলোকৰ ঈশ্বৰ যিহোৱালৈ উৎসৰ্গ কৰিবলৈ অনা হৈছিল।
בַּחֹ֙דֶשׁ֙ הַשְּׁלִשִׁ֔י הֵחֵ֥לּוּ הָעֲרֵמֹ֖ות לְיִסֹּ֑וד וּבַחֹ֥דֶשׁ הַשְּׁבִיעִ֖י כִּלּֽוּ׃ ס 7
তৃতীয় মাহত তেওঁলোকে দ’মৰ প্ৰথম জাপ পেলাই সপ্তম মাহত সমাপ্ত কৰিলে।
וַיָּבֹ֙אוּ֙ יְחִזְקִיָּ֣הוּ וְהַשָּׂרִ֔ים וַיִּרְא֖וּ אֶת־הָעֲרֵמֹ֑ות וַֽיְבָרֲכוּ֙ אֶת־יְהוָ֔ה וְאֵ֖ת עַמֹּ֥ו יִשְׂרָאֵֽל׃ פ 8
যেতিয়া হিষ্কিয়া আৰু অধ্যক্ষসকলে আহি দ’মবোৰ দেখিলে, যিহোৱাক আৰু তেওঁৰ প্ৰজাসকল ইস্ৰায়েলক ধন্যবাদ দিলে।
וַיִּדְרֹ֣שׁ יְחִזְקִיָּ֗הוּ עַל־הַכֹּֽהֲנִ֛ים וְהַלְוִיִּ֖ם עַל־הָעֲרֵמֹֽות׃ 9
তেতিয়া হিষ্কিয়াই সেই বোৰ দ’মৰ বিষয়ে পুৰোহিত আৰু লেবীয়াসকলক সুধিলে।
וַיֹּ֣אמֶר אֵלָ֗יו עֲזַרְיָ֧הוּ הַכֹּהֵ֛ן הָרֹ֖אשׁ לְבֵ֣ית צָדֹ֑וק וַ֠יֹּאמֶר מֵהָחֵ֨ל הַתְּרוּמָ֜ה לָבִ֣יא בֵית־יְהוָ֗ה אָכֹ֨ול וְשָׂבֹ֤ועַ וְהֹותֵר֙ עַד־לָרֹ֔וב כִּ֤י יְהוָה֙ בֵּרַ֣ךְ אֶת־עַמֹּ֔ו וְהַנֹּותָ֖ר אֶת־הֶהָמֹ֥ון הַזֶּֽה׃ ס 10
১০তাতে চাদোকৰ বংশৰ অজৰিয়া প্ৰধান পুৰোহিতে তেওঁক এই উত্তৰ দিলে, “যেতিয়াৰে পৰা লোকসকলে যিহোৱাৰ গৃহলৈ উপহাৰ আনিবলৈ ধৰিলে, তেতিয়াৰে পৰা আমি হেপাহ পলুৱাই খাইছোঁ আৰু অনেক বাকি থাকিও গ’ল; কিয়নো যিহোৱাই তেওঁৰ প্ৰজাসকলক আশীৰ্ব্বাদ কৰিলে৷ এই হেতুকে এই বৰ বৰ দ’মবোৰ বাকী থাকিল।”
וַיֹּ֣אמֶר יְחִזְקִיָּ֗הוּ לְהָכִ֧ין לְשָׁכֹ֛ות בְּבֵ֥ית יְהוָ֖ה וַיָּכִֽינוּ׃ 11
১১তেতিয়া, হিষ্কিয়াই যিহোৱাৰ গৃহত কেতবোৰ কোঁঠালি যুগুত কৰিবলৈ আজ্ঞা দিয়াত তেওঁলোকে সেইবোৰ যুগুত কৰিলে।
וַיָּבִ֨יאוּ אֶת־הַתְּרוּמָ֧ה וְהַֽמַּעֲשֵׂ֛ר וְהַקֳּדָשִׁ֖ים בֶּאֱמוּנָ֑ה וַעֲלֵיהֶ֤ם נָגִיד֙ כֹּונַנְיָהוּ (כָּֽנַנְיָ֣הוּ) הַלֵּוִ֔י וְשִׁמְעִ֥י אָחִ֖יהוּ מִשְׁנֶֽה׃ 12
১২তেতিয়া তেওঁলোকে উপহাৰ, দশম ভাগ আৰু পবিত্ৰীকৃত বস্তুবোৰ বিশ্বাসীৰূপে ভিতৰলৈ আনিলে৷ সেইবোৰৰ ওপৰত প্ৰথম ভঁৰালী লেবীয়া কননীয়া আৰু দ্বিতীয় ভঁৰালী তেওঁৰ ভায়েক চিমিয়ী আছিল।
וִֽיחִיאֵ֡ל וַ֠עֲזַזְיָהוּ וְנַ֨חַת וַעֲשָׂהאֵ֜ל וִֽירִימֹ֤ות וְיֹוזָבָד֙ וֶאֱלִיאֵ֣ל וְיִסְמַכְיָ֔הוּ וּמַ֖חַת וּבְנָיָ֑הוּ פְּקִידִ֗ים מִיַּ֤ד כָּונַנְיָהוּ (כָּֽנַנְיָ֙הוּ֙) וְשִׁמְעִ֣י אָחִ֔יו בְּמִפְקַד֙ יְחִזְקִיָּ֣הוּ הַמֶּ֔לֶךְ וַעֲזַרְיָ֖הוּ נְגִ֥יד בֵּית־הָאֱלֹהִֽים׃ 13
১৩আৰু যিহীয়েল, অজৰিয়া, নহৎ, অচাহেল, যিৰীমোৎ, যোজাবদ, ইলীয়েল, যিস্মখিয়া, মহৎ আৰু বনায়া, এওঁলোকক হিষ্কিয়া ৰজাৰ আৰু ঈশ্বৰৰ গৃহৰ অধ্যক্ষ অজৰিয়া আজ্ঞাতে কননীয়া আৰু তেওঁৰ ভায়েকক চিমিয়ীৰ অধীনত নিযুক্ত কৰা হ’ল।
וְקֹורֵ֨א בֶן־יִמְנָ֤ה הַלֵּוִי֙ הַשֹּׁועֵ֣ר לַמִּזְרָ֔חָה עַ֖ל נִדְבֹ֣ות הָאֱלֹהִ֑ים לָתֵת֙ תְּרוּמַ֣ת יְהוָ֔ה וְקָדְשֵׁ֖י הַקֳּדָשִֽׁים׃ 14
১৪আৰু যিম্নাৰ পুত্ৰ কোৰি নামেৰে যি লেবীয়া মানুহ পূৱ ফালৰ দুৱাৰৰ দুৱৰী আছিল, যিহোৱাই পোৱা উপহাৰ আৰু মহা পবিত্ৰ বস্তুবোৰ বিলাবৰ অৰ্থে, ঈশ্বৰৰ উদ্দেশ্যে ইচ্ছামতে মুক্তহস্তে দিয়া বস্তুবোৰৰ ওপৰত তেওঁ অধ্যক্ষ হ’ল।
וְעַל־יָדֹ֡ו עֵ֣דֶן וּ֠מִנְיָמִן וְיֵשׁ֨וּעַ וּֽשְׁמַֽעְיָ֜הוּ אֲמַרְיָ֧הוּ וּשְׁכַנְיָ֛הוּ בְּעָרֵ֥י הַכֹּהֲנִ֖ים בֶּאֱמוּנָ֑ה לָתֵ֤ת לַאֲחֵיהֶם֙ בְּמַחְלְקֹ֔ות כַּגָּדֹ֖ול כַּקָּטָֽן׃ 15
১৫তেওঁৰ অধীনত এদন, মিন্যামীন, যেচুৱা, চময়ীয়া, অমৰীয়া আৰু চফনিয়া এওঁলোকেই পুৰোহিতসকলৰ নগৰবোৰত থাকিল৷ তেওঁলোকৰ বিভাগ অনুযায়ী সৰু কি বৰ, দৰকাৰী কি অদৰকাৰী ভাইসকলক পাল অনুসাৰে উপহাৰৰ ভাগ বাতি দিবলৈ নিৰূপিত কাৰ্যত নিযুক্ত হ’ল।
מִלְּבַ֞ד הִתְיַחְשָׂ֣ם לִזְכָרִ֗ים מִבֶּ֨ן שָׁלֹ֤ושׁ שָׁנִים֙ וּלְמַ֔עְלָה לְכָל־הַבָּ֥א לְבֵית־יְהוָ֖ה לִדְבַר־יֹ֣ום בְּיֹומֹ֑ו לַעֲבֹ֣ודָתָ֔ם בְּמִשְׁמְרֹותָ֖ם כְּמַחְלְקֹותֵיהֶֽם׃ 16
১৬যিসকলে বিভাগীয় পাল ক্ৰমে নিজ নিজ কৰিবলগীয়া কাৰ্য কৰিবলৈ দিনে দিনে যিহোৱাৰ গৃহত সোমায় - আনকি বংশাৱলী তালিকাত নাম লিখা তিনি বছৰ আৰু তাতোকৈ অধিক বয়সীয়া পুৰুষসকলকো এই বস্তুবোৰ বিলোৱা হয়।
וְאֵ֨ת הִתְיַחֵ֤שׂ הַכֹּהֲנִים֙ לְבֵ֣ית אֲבֹותֵיהֶ֔ם וְהַ֨לְוִיִּ֔ם מִבֶּ֛ן עֶשְׂרִ֥ים שָׁנָ֖ה וּלְמָ֑עְלָה בְּמִשְׁמְרֹותֵיהֶ֖ם בְּמַחְלְקֹותֵיהֶֽם׃ 17
১৭আৰু পুৰোহিতসকলৰ তালিকাৰ বিষয়ে হ’লে সেয়ে তেওঁলোকৰ পিতৃ বংশৰ অনুসাৰে আছিল আৰু লেবীয়াসকলৰ তালিকাত পাল ক্ৰমে নিজ নিজ কৰিব লগীয়া কাৰ্য অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ নাম লিখা আছিল।
וּלְהִתְיַחֵ֗שׂ בְּכָל־טַפָּ֧ם נְשֵׁיהֶ֛ם וּבְנֵיהֶ֥ם וּבְנֹותֵיהֶ֖ם לְכָל־קָהָ֑ל כִּ֥י בֶאֱמוּנָתָ֖ם יִתְקַדְּשׁוּ־קֹֽדֶשׁ׃ 18
১৮আৰু তেওঁলোকৰ আটাই শিশু, তিৰোতা, ল’ৰা, ছোৱালীৰ নাম লিখা তালিকাৰ বিষয়ে হ’লে, সেয়ে গোটেই সমাজলৈ যায়; কিয়নো তেওঁলোকে পবিত্ৰ বস্তুলৈ বিশ্বাসীৰূপে ব্যৱহাৰ কৰিছিল।
וְלִבְנֵי֩ אַהֲרֹ֨ן הַכֹּהֲנִ֜ים בִּשְׂדֵ֨י מִגְרַ֤שׁ עָרֵיהֶם֙ בְּכָל־עִ֣יר וָעִ֔יר אֲנָשִׁ֕ים אֲשֶׁ֥ר נִקְּב֖וּ בְּשֵׁמֹ֑ות לָתֵ֣ת מָנֹ֗ות לְכָל־זָכָר֙ בַּכֹּ֣הֲנִ֔ים וּלְכָל־הִתְיַחֵ֖שׂ בַּלְוִיִּֽם׃ 19
১৯আৰু হাৰোণৰ সন্তান যি পুৰোহিতসকলে নিজ নিজ নগৰৰ চাৰিওফালে থকা পথাৰত বাস কৰে, তেওঁলোকৰ প্ৰত্যেক নগৰৰ নাম লিখাই দিয়া কেতবোৰ মানুহে পুৰোহিতসকলৰ আটাই পুৰুষক, আৰু লেবীয়াসকলৰ মাজত তালিকাত নাম লিখা সকলো মানুহক ভাগ বিলাই দিয়ে।
וַיַּ֧עַשׂ כָּזֹ֛את יְחִזְקִיָּ֖הוּ בְּכָל־יְהוּדָ֑ה וַיַּ֨עַשׂ הַטֹּ֤וב וְהַיָּשָׁר֙ וְהָ֣אֱמֶ֔ת לִפְנֵ֖י יְהוָ֥ה אֱלֹהָֽיו׃ 20
২০হিষ্কিয়াই যিহূদাৰ সকলোফালে এইদৰেই কৰিলে৷ আৰু নিজ যিহোৱাৰ দৃষ্টিত যি উত্তম, ন্যায় আৰু সত্য, সেই সকলো সম্পন্ন কৰিলে।
וּבְכָֽל־מַעֲשֶׂ֞ה אֲשֶׁר־הֵחֵ֣ל ׀ בַּעֲבֹודַ֣ת בֵּית־הָאֱלֹהִ֗ים וּבַתֹּורָה֙ וּבַמִּצְוָ֔ה לִדְרֹ֖שׁ לֵֽאלֹהָ֑יו בְּכָל־לְבָבֹ֥ו עָשָׂ֖ה וְהִצְלִֽיחַ׃ פ 21
২১আৰু তেওঁ নিজ ঈশ্বৰক বিচাৰ কৰিবৰ কাৰণে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা-কৰ্ম, ব্যৱস্থা আৰু আজ্ঞাৰ বিষয়ে যি যি কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে, সেইবোৰ নিজৰ সকলো মনেৰে কৰি কৃতকাৰ্য্য হ’ল।

< 2 דִּבְרֵי הַיָּמִים 31 >