< איוב 30 >

ועתה שחקו עלי-- צעירים ממני לימים אשר-מאסתי אבותם-- לשית עם-כלבי צאני 1
কিন্তু এতিয়া যিবিলাকৰ বাপেকহঁতক, মোৰ মেৰৰ জাক ৰখা কুকুৰৰ লগতো থবলৈ মই হেয়জ্ঞান কৰিছিলোঁ, মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে।
גם-כח ידיהם למה לי עלימו אבד כלח 2
যিবিলাকৰ শক্তি নষ্ট হল, এনে লোকৰ হাতৰ বলত নো মোৰ কি উপকাৰ হব?
בחסר ובכפן גלמוד הערקים ציה--אמש שואה ומשאה 3
সিহঁত অন্নৰ অভাৱত ভোকত ক্ষীণ হয়; সিহঁতে বহু কালৰ পৰা উচ্ছন্ন আৰু ধ্বংস হোৱা মৰুভূমি কামুৰি খায়।
הקטפים מלוח עלי-שיח ושרש רתמים לחמם 4
আৰু জোপোহাৰ কাষত সিহঁতে মল্লু শাক ছিঙে, আৰু ৰোতম গছৰ মূল সিহঁতৰ খোৱা বস্তু।
מן-גו יגרשו יריעו עלימו כגנב 5
সিহঁতক মানুহৰ মাজৰ পৰা খেদি দিয়া হয়; চোৰৰ পাছে পাছে চিঞৰাৰ দৰে লোকে সিহঁতৰ পাছতো চিঞৰে।
בערוץ נחלים לשכן חרי עפר וכפים 6
সিহঁতে উপত্যকাৰ ভয়ানক ঠাইত থাকিব লগা হয়, মাটিৰ গাতত আৰু শিলৰ মাজত বাস কৰিব লগা হয়।
בין-שיחים ינהקו תחת חרול יספחו 7
সিহঁতে জোপোহা গছবোৰৰ মাজত গাধৰ দৰে চিঞৰে, আৰু কাঁইট গছৰ তলত গোট খায়।
בני-נבל גם-בני בלי-שם-- נכאו מן-הארץ 8
সিহঁত মূৰ্খৰ সন্তান, এনে কি নীহ মানুহৰ সন্ততি; সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল।
ועתה נגינתם הייתי ואהי להם למלה 9
এতিয়া মই সিহঁতৰ গানৰ বিষয় হৈছোঁ, এনে কি সিহঁতৰ গল্পৰ বিষয়ো হৈছোঁ।
תעבוני רחקו מני ומפני לא-חשכו רק 10
১০সিহঁতে মোক ঘিণ কৰে, আৰু মোৰ পৰা আতৰত থাকে, আৰু মোৰ আগত থু পেলাবলৈ ভয় নকৰে।
כי-יתרו (יתרי) פתח ויענני ורסן מפני שלחו 11
১১কিয়নো ঈশ্বৰে তেওঁৰ ধনুৰ জোঁৰ এৰি দিলে আৰু মোক দুখ দিলে; সেই কাৰণে সিহঁতে মোৰ আগত নিজ নিজ মুখৰ লাগাম পেলাই দিয়ে।
על-ימין פרחח יקומו רגלי שלחו ויסלו עלי ארחות אידם 12
১২মোৰ সোঁফালে নীহ লোকবিলাক উঠে; সিহঁতে মোৰ ভৰি ঠেলি ঠেলি দিয়ে, আৰু মোৰ বিৰুদ্ধ নিজ নিজ বিনাশক গড় নৰে।
נתסו נתיבתי להותי יעילו לא עזר למו 13
১৩সিহঁতে মোৰ বাট বন্ধ কৰি পেলায়; নি: সহায় লোকেও মোৰ বিনাশৰ চেষ্টা কৰে।
כפרץ רחב יאתיו תחת שאה התגלגלו 14
১৪গড় ভাঙি উলিওৱা বহল বাটেদি যেনেকৈ শত্ৰু আহে, সিহঁতেও তেনেকৈ আহে; সেই ভঙাইদি সোমাই সিহঁতে মোক আক্ৰমণ কৰে।
ההפך עלי בלהות תרדף כרוח נדבתי וכעב עברה ישעתי 15
১৫নানা ত্ৰাসে মোক ধৰিছে; বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে; আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে।
ועתה--עלי תשתפך נפשי יאחזוני ימי-עני 16
১৬সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় মুখত দ্ৰৱীভূত হৈছে, আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে।
לילה--עצמי נקר מעלי וערקי לא ישכבון 17
১৭ৰাতি হাড়বোৰ মোৰ গাৰ পৰা সুলকি পৰা যেন লাগে, আৰু যিবোৰে মোক কামোৰে, সেইবোৰে টোপনি নাযায়।
ברב-כח יתחפש לבושי כפי כתנתי יאזרני 18
১৮ৰোগ প্ৰবল হোৱাত মোৰ বস্ত্ৰ কুৰূপ হৈছে; সেয়ে মোৰ গাৰ চোলাৰ ডিঙিৰ নিচিনাকৈ মোত আট খাই ধৰিছে।
הרני לחמר ואתמשל כעפר ואפר 19
১৯ঈশ্বৰে মোক বোকাত পেলাই দিছে, মই ধুলি আৰু ছাঁই যেন হৈছোঁ।
אשוע אליך ולא תענני עמדתי ותתבנן בי 20
২০মই তোমাৰ আগত কাতৰোক্তি কৰোঁ, কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ, কিন্তু তুমি মোলৈ চাই থাকা মাথোন।
תהפך לאכזר לי בעצם ידך תשטמני 21
২১তুমি মোলৈ নিৰ্দ্দয় হৈ উঠিছা, আৰু তুমি তোমাৰ হাতৰ বলেৰে মোক তাড়না কৰিছা,
תשאני אל-רוח תרכיבני ותמגגני תשוה (תשיה) 22
২২তুমি মোক বতাহত তুলি দি ফুৰাইছা, আৰু ধুমুহাত মোক লীন নিয়াইছা।
כי-ידעתי מות תשיבני ובית מועד לכל-חי 23
২৩কিয়নো মই জানো, যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।
אך לא-בעי ישלח-יד אם-בפידו להן שוע 24
২৪তথাপি পৰিবলৈ ধৰোঁতে কোনে নো হাত নেমেলে? আৰু আপদত থকা স্তলত ৰক্ষা পাবৰ নিমিত্তে কোনে নিচিঞৰে?
אם-לא בכיתי לקשה-יום עגמה נפשי לאביון 25
২৫দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে? আৰু দীনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোঁ নে?
כי טוב קויתי ויבא רע ואיחלה לאור ויבא אפל 26
২৬মই মঙ্গললৈ বাট চাওঁতে চাওঁতে অমঙ্গলহে ঘটিল, আৰু পোহৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে আন্ধাৰহে হল।
מעי רתחו ולא-דמו קדמני ימי-עני 27
২৭মোৰ অন্তৰ খতি নোহোৱাকৈ পুৰিছে; দুখৰ দিনসমুহ মোৰ ওচৰত উপস্থিত হৈছে।
קדר הלכתי בלא חמה קמתי בקהל אשוע 28
২৮মই বিনা ৰ’দে ক’লা হৈ ফুৰিছো, আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছোঁ।
אח הייתי לתנים ורע לבנות יענה 29
২৯মই শিয়ালবোৰৰ ভাই, আৰু উট পক্ষীৰ বন্ধু হলোঁ।
עורי שחר מעלי ועצמי-חרה מני-חרב 30
৩০মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে, আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে।
ויהי לאבל כנרי ועגבי לקול בכים 31
৩১সেই দেখি মোৰ বীণাৰ মাত শোকৰ শব্দত পৰিণত হৈছে, আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দনকাৰীসকলৰ মাত হৈছে।

< איוב 30 >