< דברים 12 >

אלה החקים והמשפטים אשר תשמרון לעשות בארץ אשר נתן יהוה אלהי אבתיך לך לרשתה כל הימים--אשר אתם חיים על האדמה 1
আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক অধিকাৰৰ অৰ্থে দিছে, সেই দেশত গোটেই জীৱনকাল আপোনালোকে এই সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ মানি চলিব।
אבד תאבדון את כל המקמות אשר עבדו שם הגוים אשר אתם ירשים אתם--את אלהיהם על ההרים הרמים ועל הגבעות ותחת כל עץ רענן 2
আপোনালোকে যি জাতিবোৰক উচ্ছেদ কৰিব, তেওঁলোকে ওখ পর্বতত, পাহাৰত আৰু সেউজীয়া গছৰ তলত যি সকলো দেৱ-দেৱীৰ পূজা কৰে, সেই ঠাইবোৰ আপোনালোকে সম্পূর্ণকৈ ধ্বংস কৰিব।
ונתצתם את מזבחתם ושברתם את מצבתם ואשריהם תשרפון באש ופסילי אלהיהם תגדעון ואבדתם את שמם מן המקום ההוא 3
তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ শিলৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিব, তেওঁলোকৰ আচেৰা মূৰ্ত্তিবোৰ জুইত পুৰি পেলাব, তেওঁলোকৰ দেৱতাৰ সকলো কটা-প্ৰতিমাবোৰ কাটি পেলাব আৰু এই দৰে সেই ঠাইৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিব।
לא תעשון כן ליהוה אלהיכם 4
আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উপসনা সেই লোকসকলে কৰাৰ দৰে নকৰিব।
כי אם אל המקום אשר יבחר יהוה אלהיכם מכל שבטיכם לשום את שמו שם--לשכנו תדרשו ובאת שמה 5
কিন্তু ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ কাৰণে আপোনালোকৰ সকলো ফৈদৰ মাজত যি ঠাই মনোনীত কৰিব, সেই ঠাই তেওঁৰ বসতিৰ ঠাই হ’ব। আপোনালোকে অৱশ্যেই তেওঁৰ উপসানাৰ কাৰণে সেই ঠাইলৈ যাব।
והבאתם שמה עלתיכם וזבחיכם ואת מעשרתיכם ואת תרומת ידכם ונדריכם ונדבתיכם ובכרת בקרכם וצאנכם 6
আপোনালোকে আপোনালোকৰ হোম-বলি, বলি উৎসর্গ, দশমভাগ আৰু আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, সঙ্কল্প পূৰণৰ নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান আৰু গৰু-ছাগলী, মেৰ আদিৰ জাকৰ প্ৰথমে জগা পোৱালি সেই ঠাইলৈ লৈ যাব।
ואכלתם שם לפני יהוה אלהיכם ושמחתם בכל משלח ידכם אתם ובתיכם--אשר ברכך יהוה אלהיך 7
সেই ঠাইতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৱে আহাৰ গ্রহণ কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীৰ্ব্বাদক লৈ আপোনালোকে আনন্দ উল্লাস কৰিব।
לא תעשון--ככל אשר אנחנו עשים פה היום איש כל הישר בעיניו 8
আমি এতিয়া ইয়াত যি যি কাৰ্য কৰিছোঁ, সেইবোৰৰ দৰে আপোনালোকে সেই ঠাইত নকৰিব; প্ৰতিজনে নিজৰ চকুত যি ভাল দেখে তাকে নকৰিব।
כי לא באתם עד עתה--אל המנוחה ואל הנחלה אשר יהוה אלהיך נתן לך 9
কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই বিশ্ৰামৰ কাৰণে যি আধিপত্য আপোনালোকক দিবলৈ গৈছে, আপোনালোকে এতিয়াও সেই ঠাইত প্রৱেশ কৰা নাই।
ועברתם את הירדן וישבתם בארץ אשר יהוה אלהיכם מנחיל אתכם והניח לכם מכל איביכם מסביב וישבתם בטח 10
১০আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্য হিচাবে যি দেশ আপোনালোকক দিছে, আপোনালোকে যৰ্দ্দন নদী পাৰ হৈ যেতিয়া সেই দেশত বাস কৰিব, তেতিয়া তেওঁ অাপোনালোকৰ চাৰিওফালে থকা শত্রুবোৰৰ কাষৰ পৰা আপোনালোকক বিশ্রাম দিব আৰু আপোনালোকে নিৰাপদে সেই ঠাইত বাস কৰিব পাৰিব।
והיה המקום אשר יבחר יהוה אלהיכם בו לשכן שמו שם--שמה תביאו את כל אשר אנכי מצוה אתכם עולתיכם וזבחיכם מעשרתיכם ותרמת ידכם וכל מבחר נדריכם אשר תדרו ליהוה 11
১১তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিব অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশমভাগ, আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য।
ושמחתם לפני יהוה אלהיכם--אתם ובניכם ובנתיכם ועבדיכם ואמהתיכם והלוי אשר בשעריכם כי אין לו חלק ונחלה אתכם 12
১২সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো ভাগ বা আধিপত্য নাই, আপোনালোক সকলোৱেই আনন্দ কৰিব।
השמר לך פן תעלה עלתיך בכל מקום אשר תראה 13
১৩নিজৰ বিষয়ে সাৱধান হ’ব। যি কোনো স্থানতে আপোনালোকে হোম-বলি উৎসৰ্গ নকৰিব;
כי אם במקום אשר יבחר יהוה באחד שבטיך--שם תעלה עלתיך ושם תעשה כל אשר אנכי מצוך 14
১৪কিন্তু আপোনালোকৰ ফৈদৰ মাজত যিহোৱাই যি ঠাই মনোনীত কৰিব, কেৱল সেই ঠাইতেহে হোম-বলি উৎসৰ্গ কৰিব আৰু সেই ঠাইতেহে মই আদেশ কৰা সকলো আজ্ঞা পালন কৰিব।
רק בכל אות נפשך תזבח ואכלת בשר כברכת יהוה אלהיך אשר נתן לך--בכל שעריך הטמא והטהור יאכלנו כצבי וכאיל 15
১৫তেতিয়াহে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰি যি সকলো পশু দিব, সেইবোৰ আপোনালোকে আপোনালোকৰ দুৱাৰৰ ভিতৰত নগৰত মাৰি মাংস ভোজন কৰিব পাৰিব; যেনেকৈ আপোনালোকৰ শুচি আৰু অশুচি সকলো লোকেই কৃষ্ণসাৰ আৰু হৰিণাৰ মাংস খায়।
רק הדם לא תאכלו על הארץ תשפכנו כמים 16
১৬কিন্তু আপোনালোকে তেজ নাখাব; তাক পানীৰ দৰে মাটিত ঢালি পেলাব।
לא תוכל לאכל בשעריך מעשר דגנך ותירשך ויצהרך ובכרת בקרך וצאנך וכל נדריך אשר תדר ונדבתיך ותרומת ידך 17
১৭আপোনালোকৰ শস্য, নতুন দ্ৰাক্ষাৰস বা তেলৰ দশমভাগ নাইবা গৰু-ছাগলী, মেৰ আদিৰ প্ৰথমে জগা পোৱালি, সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া কোনো নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান বা আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য আপোনালোকে নিজৰ নগৰৰ দুৱাৰৰ ভিতৰত খাব নোৱাৰিব;
כי אם לפני יהוה אלהיך תאכלנו במקום אשר יבחר יהוה אלהיך בו--אתה ובנך ובתך ועבדך ואמתך והלוי אשר בשעריך ושמחת לפני יהוה אלהיך בכל משלח ידך 18
১৮কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকলে সেইবোৰ ভোজন কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীর্বাদক লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আনন্দ উল্লাস কৰিব।
השמר לך פן תעזב את הלוי כל ימיך על אדמתך 19
১৯শুনক, আপোনালোকে যিমান দিন আপোনালোকৰ দেশত বাস কৰিব, সিমান দিনলৈকে লেবীয়াসকলক ত্যাগ নকৰিব।
כי ירחיב יהוה אלהיך את גבלך כאשר דבר לך ואמרת אכלה בשר כי תאוה נפשך לאכל בשר--בכל אות נפשך תאכל בשר 20
২০আপোনালোকৰ ঈশ্বৰ যিহোৱাই কৰা নিজ প্ৰতিজ্ঞাৰ দৰে সীমা বিস্তাৰ কৰাৰ পাছত যেতিয়া আপোনালোকে মাংস খাবলৈ ইচ্ছা কৰি ক’ব, “মাংস খাম,” তেতিয়া আপোনালোকে ইচ্ছা মনেৰে মাংস খাব পাৰিব।
כי ירחק ממך המקום אשר יבחר יהוה אלהיך לשום שמו שם וזבחת מבקרך ומצאנך אשר נתן יהוה לך כאשר צויתך--ואכלת בשעריך בכל אות נפשך 21
২১আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অৰ্থে যি ঠাই বাছি ল’ব, সেয়ে যদি আপোনালোকৰ ওচৰৰ পৰা বহুত দূৰৈত হয়, তেন্তে মই দিয়া আজ্ঞা অনুসাৰে আপোনালোকে যিহোৱাই আপোনালোকক দিয়া গৰু-ছাগলী, মেৰ আদি জাকৰ পৰা পশু লৈ মাৰিব পাৰিব আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত মনৰ ইচ্ছাৰ দৰে ভোজন কৰিব পাৰিব।
אך כאשר יאכל את הצבי ואת האיל--כן תאכלנו הטמא והטהור יחדו יאכלנו 22
২২কৃষ্ণসাৰ আৰু হৰিণাৰ মাংস খোৱাৰ দৰেই আপোনালোকে তাক খাব; শুচি বা অশুচি সকলো লোকেই তাক ভোজন কৰিব পাৰিব।
רק חזק לבלתי אכל הדם כי הדם הוא הנפש ולא תאכל הנפש עם הבשר 23
২৩কিন্তু সাৱধান! তেজ নাখাব; কিয়নো তেজেই হৈছে জীৱনৰ প্ৰাণ; এই হেতুকে মঙহেৰে সৈতে প্ৰাণ নাখাব।
לא תאכלנו על הארץ תשפכנו כמים 24
২৪আপোনালোকে তাক নাখাই পানীৰ দৰে মাটিত ঢালি দিব।
לא תאכלנו--למען ייטב לך ולבניך אחריך כי תעשה הישר בעיני יהוה 25
২৫আপোনালোক আৰু আপোনালোকৰ ভাবী সন্তান সকলৰ মঙ্গল হ’বৰ কাৰণে আপোনালোকে তেজ পান নকৰিব; তেতিয়া যিহোৱাৰ দৃষ্টিত যি ভাল তাক কৰা হ’ব।
רק קדשיך אשר יהיו לך ונדריך תשא ובאת אל המקום אשר יבחר יהוה 26
২৬যিহোৱাই মনোনীত কৰা ঠাইত কেৱল আপোনালোকৰ পবিত্ৰ দ্ৰব্য আৰু সংকল্প কৰা নৈব্যদ্য নিব লাগিব।
ועשית עלתיך הבשר והדם על מזבח יהוה אלהיך ודם זבחיך ישפך על מזבח יהוה אלהיך והבשר תאכל 27
২৭আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত আপোনালোকে আপোনালোকৰ হোমবলি অর্থাৎ মঙহ আৰু তেজ উৎসৰ্গ কৰিব; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত বলিৰ তেজ ঢালি দিব লাগিব; কিন্তু তাৰ মাংস আপোনালোকে খাব পাৰিব।
שמר ושמעת את כל הדברים האלה אשר אנכי מצוך למען ייטב לך ולבניך אחריך עד עולם--כי תעשה הטוב והישר בעיני יהוה אלהיך 28
২৮আপোনালোকৰ আৰু আপোনালোকৰ পাছত আপোনালোকৰ ভাবী সন্তান সকলৰ যেন চিৰকাল মঙ্গল হয়, সেয়ে মই দিয়া এই সকলো আজ্ঞা আপোনালোকে যত্নেৰে পালন কৰিব; কাৰণ তেনে কৰিলে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ন্যায় আৰু ভাল তাক কৰা হ’ব।
כי יכרית יהוה אלהיך את הגוים אשר אתה בא שמה לרשת אותם--מפניך וירשת אתם וישבת בארצם 29
২৯যি জাতি সমূহৰ আধিপত্য ল’বলৈ আপোনালোক গৈছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগৰ পৰা তেওঁলোকক একেবাৰে ধ্বংস কৰি দিব। যেতিয়া আধিপত্য ভোগ কৰি তেওঁলোকৰ দেশত বাস কৰিব,
השמר לך פן תנקש אחריהם אחרי השמדם מפניך ופן תדרש לאלהיהם לאמר איכה יעבדו הגוים האלה את אלהיהם ואעשה כן גם אני 30
৩০তেতিয়া সাৱধান হ’ব যাতে আপোনালোকৰ আগৰ পৰা তেওঁলোক বিনষ্ট হৈ যোৱাৰ পাছত তেওঁলোকৰ দেৱ-দেৱীৰ বিষয়ে বিচাৰ নিবলৈ গৈ আপোনালোকে এইবুলি সুধি ফান্দত নপৰিব “এই জাতিবোৰে কেনেদৰে নিজৰ দেৱতাবোৰৰ আৰাধনা কৰে? শেষত ক’ব ‘ময়ো তেনেকৈ কৰিম’।”
לא תעשה כן ליהוה אלהיך כי כל תועבת יהוה אשר שנא עשו לאלהיהם--כי גם את בניהם ואת בנתיהם ישרפו באש לאלהיהם 31
৩১আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা তেওঁলোকে কৰাৰ দৰে নকৰিব। কিয়নো তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে যি ঘিণলগীয়া কার্য কৰে, সেই সকলোবোৰ যিহোৱাই ঘিণ কৰে; এনেকি, তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে নিজৰ ল’ৰা-ছোৱালীবোৰক জুইত পুৰি উৎসর্গ কৰে।
את כל הדבר אשר אנכי מצוה אתכם--אתו תשמרו לעשות לא תסף עליו ולא תגרע ממנו 32
৩২মই আপোনালোকক যি যি আজ্ঞা দিছোঁ, আপোনালোকে সেই সকলোকে পালন কৰিব; ইয়াৰ লগত আপোনালোকে একো কথা যোগ নিদিব আৰু ইয়াৰ পৰা একো কথা বাদ নিদিব।

< דברים 12 >