< דברי הימים ב 4 >

ויעש מזבח נחשת--עשרים אמה ארכו ועשרים אמה רחבו ועשר אמות קומתו 1
তাৰ উপৰিও তেওঁ পিতলৰ এটা যজ্ঞবেদী নিৰ্মান কৰিলে; সেয়ে দীঘে বিশ হাত, বহলে বিশ হাত আৰু ওখই দহ হাত আছিল।
ויעש את הים מוצק עשר באמה משפתו אל שפתו עגול סביב וחמש באמה קומתו וקו שלשים באמה יסב אתו סביב 2
তেওঁ সমুদ্ৰ-পাত্ৰটো সাঁচত ঢালি তাক সাজিলে৷ সেই পাত্ৰটো ঘূৰণীয়া আছিল৷ তাৰ এখন কাণৰ পৰা আনখনলৈ দশ হাত বহল আছিল৷ তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি বা ঘেৰ ত্ৰিশ হাত আছিল৷
ודמות בקרים תחת לו סביב סביב סובבים אתו עשר באמה מקיפים את הים סביב שנים טורים הבקר יצוקים במצקתו 3
পাত্ৰখনৰ কানৰ তলৰ প্ৰত্যেক হাত জোখৰ ভিতৰত, দহোটাকৈ ষাঁড়গৰুৰ আকৃতি আছিল৷ পাত্ৰটো ঢলা সময়ত সেই গৰুৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।
עומד על שנים עשר בקר שלשה פנים צפונה ושלושה פנים ימה ושלשה פנים נגבה ושלשה פנים מזרחה והים עליהם מלמעלה וכל אחריהם ביתה 4
আৰু সেই সমুদ্ৰ-পাত্ৰটো বাৰটা গৰুৰ ওপৰত ৰখা হ’ল, সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূৱলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত বহুউৱা হ’ল আৰু সেইবোৰৰ পাছফাল ভিতৰফালে আছিল।
ועביו טפח--ושפתו כמעשה שפת כוס פרח שושנה מחזיק בתים שלשת אלפים יכיל 5
সেই পাত্ৰখন চাৰি আঙুল ডাঠ; আৰু তাৰ কাণ বাটিৰ কাণ ও কনাৰি ফুলৰ নিচিনাকৈ সজা হ’ল৷ তাত তিনি হাজাৰ বৎ ধৰে।
ויעש כיורים עשרה ויתן חמשה מימין וחמשה משמאול לרחצה בהם את מעשה העולה ידיחו בם והים לרחצה לכהנים בו 6
তেওঁ দহোটা প্ৰক্ষালন-পাত্ৰও সাজিলে; তাৰে পাঁচোটা সোঁ ফালে আৰু পাঁচোটা বাওঁফালে ধোৱাপখলা কৰিবৰ বাবে হ’ল; সেইবোৰত তেওঁলোকে উৎসৰ্গ কৰিব লগীয়া হোম-বলিৰ বস্তুবোৰ ধোৱে৷ কিন্তু সমুদ্ৰ-পাত্ৰটো হ’লে, পুৰোহিতসকলে গা ধুবৰ বাবে হ’ল।
ויעש את מנרות הזהב עשר--כמשפטם ויתן בהיכל חמש מימין וחמש משמאול 7
আৰু তেওঁ বিধিমতে সোণৰ দহোটা দীপাধাৰ সাজিলে; তাৰ পাঁচোটা সোঁফালে আৰু পাঁচোটা বাওঁফালে মন্দিৰত স্থাপন কৰিলে।
ויעש שלחנות עשרה וינח בהיכל חמשה מימין וחמשה משמאול ויעש מזרקי זהב מאה 8
তেওঁ দহখন মেজ সাজি, তাৰ পাঁচখন সোঁফালে আৰু পাঁচখন বাওঁফালে মন্দিৰৰ ভিতৰত ৰাখিলে৷ আৰু পেয় দ্ৰব্য ঢালিবৰ বাবে সোণৰ এশ বাটি সাজিলে।
ויעש חצר הכהנים והעזרה הגדולה ודלתות לעזרה ודלתותיהם צפה נחשת 9
তাত বাজে তেওঁ পুৰোহিতসকলৰ চোতাল, বৰ চোতাল আৰু চোতালৰ দুৱাৰ যুগুত কৰিলে আৰু সেই দুৱাৰবোৰত পিতলৰ পতা মাৰিলে।
ואת הים נתן מכתף הימנית קדמה--ממול נגבה 10
১০আৰু তেওঁ সমুদ্ৰ-পাত্ৰটো গৃহৰ সোঁকাষে পূৱদিশে দক্ষিণমুৱাঁকৈ স্থাপন কৰিলে।
ויעש חורם--את הסירות ואת היעים ואת המזרקות ויכל חירם (חורם) לעשות את המלאכה אשר עשה למלך שלמה בבית האלהים 11
১১ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা আৰু তেজ ছটিওৱা পাত্ৰ হীৰমে নিৰ্ম্মাণ কৰিলে। এইদৰে হূৰমে চলোমন ৰজাৰ বাবে ঈশ্বৰৰ গৃহত কৰা কাৰ্যবোৰ কৰি সামৰিলে।
עמודים שנים והגלות והכתרות על ראש העמודים שתים והשבכות שתים--לכסות את שתי גלות הכתרות אשר על ראש העמודים 12
১২তেওঁ সেই স্তম্ভ দুটা, সেই স্তম্ভৰ মুৰৰ ঘূৰণীয়া ভাগ দুটা আৰু মাথলা দুটা সেই স্তম্ভৰ মুৰৰ মাথলেৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে দুখন জালৰ আকৃতিৰ বস্তু আছিল৷
ואת הרמונים ארבע מאות לשתי השבכות שנים טורים רמונים לשבכה האחת--לכסות את שתי גלות הכתרות אשר על פני העמודים 13
১৩আৰু সেই দুখন জালৰ আকৃতিৰ বস্তুৰ বাবে চাৰিশ ডালিম, অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘুৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ আকৃতিৰ বস্তুৰ বাবে দুশাৰী ডালিম সাজিলে৷
ואת המכנות עשה ואת הכירות עשה על המכנות 14
১৪তেওঁ আধাৰবোৰ, সেই আধাৰবোৰৰ ওপৰত ৰাখিবলৈ প্ৰক্ষালন পাত্ৰবোৰ,
את הים אחד ואת הבקר שנים עשר תחתיו 15
১৫এটা সমুদ্ৰ-পাত্ৰ আৰু তাৰ তলৰ গৰু বাৰটা সাজিলে।
ואת הסירות ואת היעים ואת המזלגות ואת כל כליהם עשה חורם אביו למלך שלמה לבית יהוה--נחשת מרוק 16
১৬ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, ত্ৰিশূল আদি সকলো সঁজুলি, তেওঁৰ প্ৰধান শিল্পকৰ হীৰমে চলোমন ৰজাৰ কাৰণে যিহোৱাৰ গৃহৰ বাবে চকচকিয়া পিতলেৰে সাজিলে।
בככר הירדן יצקם המלך בעבי האדמה בין סכות ובין צרדתה 17
১৭ৰজাই যৰ্দ্দনৰ সমথলত চুক্কোৎ আৰু চৰেদাৰ মাজত থকা আলতীয়া মাটিত তাক ঢলালে।
ויעש שלמה כל הכלים האלה לרב מאד כי לא נחקר משקל הנחשת 18
১৮আৰু চলোমনে যিবোৰ পাত্ৰ সাজিলে, সেই আটাইবোৰ অনেক আছিল; কিয়নো সেইবোৰ পিতলৰ ওজন কিমান, তাক জনা নগ’ল।
ויעש שלמה--את כל הכלים אשר בית האלהים ואת מזבח הזהב ואת השלחנות ועליהם לחם הפנים 19
১৯আৰু চলোমনে ঈশ্বৰৰ গৃহৰ সকলো বস্তু নিৰ্ম্মাণ কৰালে অৰ্থাৎ সোণৰ বেদী, দৰ্শন-পিঠা থবৰ বাবে মেজ কেইখন;
ואת המנרות ונרתיהם לבערם כמשפט לפני הדביר--זהב סגור 20
২০আৰু অন্তঃস্থানৰ সন্মুখত বিধিমতে জ্বলাবৰ বাবে প্ৰদীপে সৈতে নিৰ্ম্মল সোণৰ দীপাধাৰবোৰ শুদ্ধ সোণৰ আছিল;
והפרח והנרות והמלקחים זהב הוא מכלות זהב 21
২১সোণৰ ফুল, প্ৰদীপ, শলাকানি-কটা, সকলোৱেই অতি শুদ্ধ সোণৰ৷
והמזמרות והמזרקות והכפות והמחתות זהב סגור ופתח הבית דלתותיו הפנימיות לקדש הקדשים ודלתי הבית להיכל--זהב 22
২২নিৰ্ম্মল সোণৰ কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা আৰু এঙেৰা ধৰা; আৰু গৃহৰ প্ৰবেশস্থানৰ বিষয়ে ক’বলৈ গ’লে, অতি পবিত্ৰ স্থানৰ ভিতৰৰ দুৱাৰ আৰু গৃহৰ অৰ্থাৎ মন্দিৰৰ দুৱাৰ সোণৰ আছিল।

< דברי הימים ב 4 >