< Luka 22 >

1 Anan nan idin gurasa mara yisti ya yi kusa, wanda a ke kira Idin ketarewa.
সেই সময় খমিৰ নোহোৱা পর্বৰ ওচৰ হোৱাত, এই পর্বক নিস্তাৰ-পৰ্ব বোলা হয়,
2 Manyan firistoci da marubuta suka yi shawara yadda za su kashe Yesu, gama suna jin tsoron mutane.
তেতিয়া প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক বধ কৰিব পাৰে, তাৰে উপায় বিচাৰিলে; কিয়নো তেওঁলোকে লোক সকলক ভয় কৰিছিল।
3 Shaidan ya shiga Yahuza Iskariyoti, daya daga cikin goma sha biyun.
তেতিয়া বাৰ জন পাঁচনিৰ মাজৰ যিহূদা, যাৰ উপনাম ঈষ্কৰিয়োতীয়া, তেওঁৰ ভিতৰত চয়তান সোমাল।
4 Yahuza ya je ya yi shawara da manyan firistoci da Jarumawa yadda zai ba da Yesu a garesu.
তাতে তেওঁ গৈ, কেনেকৈ যীচুক তেওঁলোকৰ হাতত শোধাই দিব পাৰে, সেই বিষয়ে প্ৰধান পুৰোহিত আৰু সেনাপতি সকলৰ সৈতে কথা-বাৰ্ত্তা হ’ল।
5 Suka yi farin ciki, suka yarda su ba shi kudi.
তেতিয়া তেওঁলোকে আনন্দিত হ’ল আৰু তেওঁক ধন দিবলৈ সন্মত হ’ল।
6 Sai ya yarda, sai ya nimi dama yadda zai ba da shi garesu a lokacin da babu taro.
তাতে তেওঁ মান্তি হ’ল আৰু লোক সকল নথকা সময়ত, তেওঁলোকৰ হাতত তেওঁক শোধাই দিবলৈ সুযোগ বিচাৰিলে।
7 Ranar idin gurasa mara yisti ya yi, da dole za a yi hadayan rago na Idin ketarewa.
খমিৰ নোহোৱা পিঠাৰ দিন, যিদিনা নিস্তাৰপৰ্বৰ মেৰ বলি দিব লাগে, সেইদিন উপস্থিত হোৱাত,
8 Yesu ya aiki Bitrus da Yahaya, ya ce masu, “Ku je ku shirya mana abincin Idin ketarewa, domin mu ci.”
যীচুৱে পিতৰ আৰু যোহনক পঠিয়াই দি ক’লে, “তোমালোক যোৱা, আমি ভোজন কৰিবলৈ নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰাগৈ।”
9 Suka tambaye shi, “A ina ka ke so mu shirya?”
তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি ক’ত যুগুত কৰাতো আপুনি ইচ্ছা কৰে?”
10 Ya amsa masu, “Ku ji, sa'adda ku ka shiga birnin, wani mutum mai dauke da tulun ruwa zai same ku. Ku bishi zuwa cikin gidan da za ya shiga.
১০তেওঁ তেওঁলোকক ক’লে, “চোৱা, তোমালোকে নগৰৰ ভিতৰত সোমালেই, পানী একলহ লৈ অহা এজন মানুহে তোমালোকক লগ ধৰিব৷ তেওঁ যি ঘৰত সোমায়, তোমালোকে তেওঁৰ পাছে পাছে গৈ সেই ঘৰত সোমাবা৷
11 Sai ku gaya wa mai gidan, 'Malam ya ce, “Ina dakin baki, inda zan ci abincin Idin ketarewa da almajirai na?'”
১১তেতিয়া ঘৰৰ গৰাকীক ক’বা, ‘গুৰুৱে তোমাক কবলৈ কৈছে, বোলে মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ-পৰ্বৰ ভোজ খাম, সেই আলহী-কোঠালি ক’ত আছে’?
12 Zai nuna maku babban bene wanda yake a shirye. Ku shirya a can.”
১২তাতে সেই মানুহে সজোৱা ওপৰ-মহলৰ এটা ডাঙৰ কোঁঠালি তোমালোকক দেখুৱাই দিব৷ তাতে তোমালোকে যুগুত কৰিবা।”
13 Sai suka tafi, suka sami komai kamar yadda ya gaya masu. Sai suka shirya abincin Idin ketarewan.
১৩তেতিয়া তেওঁলোক গ’ল আৰু তেওঁ কোৱাৰ দৰে তাত সকলোবোৰ পালে৷ পাছত তেওঁলোকে তাতে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলে।
14 Sa'adda lokacin ya yi, ya zauna da almajiran.
১৪সময় হোৱাত, তেওঁ পাঁচনি সকলৰ সৈতে ভোজনত বহিল।
15 Sai ya ce masu, “Ina da marmari matuka in ci wannan abincin Idin ketarewa da ku kamin in sha wahala.
১৫তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোৰ দুখভোগৰ আগেয়ে তোমালোকে সৈতে এই নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ মই বৰ ইচ্ছা কৰিলোঁ।
16 Gama na ce maku, ba zan ci shi kuma ba, sai dai an cika shi a mulkin Allah.”
১৬কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্যত এয়ে সিদ্ধ নোহোৱালৈকে, মই এই ভোজ পুনৰ নাখাওঁ।”
17 Sai Yesu ya dauki koko, sa'adda ya yi godiya, sai yace, “Karba wannan, ku rarraba a tsakaninku.
১৭পাছত যীচুৱে পান-পাত্ৰ লৈ স্তুতি কৰি ক’লে, “এইটো লোৱা আৰু তোমালোকৰ মাজত ভগাই লোৱা;
18 Gama ina ce maku, ba zan sha wannan ruwan inabi kuma ba, sai dai mulkin Allah ya zo.”
১৮কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্য আহি নোপোৱালৈকে মই এতিয়াৰ পৰা আৰু দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ।”
19 Sai ya dauki gurasa, sa'adda ya yi godiya, ya kakkarya shi, sai ya ba su, cewa, “Wannan jikina ne wanda aka bayar dominku. Ku yi wannan domin tunawa da ni.”
১৯তাৰ পাছত পিঠা লৈ তেওঁ স্তুতি কৰিলে আৰু ভাঙি তেওঁলোকক দি ক’লে, “এয়ে তোমালোকৰ কাৰণে দান কৰা মোৰ শৰীৰ; মোক সুৱঁৰিবলৈ ইয়াকে কৰিবা।”
20 Sai ya dauki kokon kuma bayan jibi, cewa, “Wannan koko sabon alkawari ne cikin jinina, wanda aka zubar dominku.
২০পিঠা ভোজন কৰাৰ পাছত, সেইদৰে পান-পাত্ৰকো লৈ ক’লে, “তোমালোকৰ কাৰণে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, সেয়ে এই৷
21 Amma ku yi lura. Wanda zai bashe ni yana tare da ni a teburi.
২১কিন্তু চোৱা, মোক শত্ৰুৰ হাতত শোধাই দিওঁতা জন মোৰে সৈতে মেজতে আছে।
22 Gama Dan Mutum zai tafi lallai kamar yadda aka kaddara. Amma kaiton wannan mutum da shine za ya bashe shi!”
২২কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল, তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ’ব হয়, কিন্তু যি মানুহৰ দ্বাৰাই তেওঁক শোধাই দিয়া হব, তেওঁ সন্তাপৰ পাত্ৰ!”
23 Sai suka fara tambaya a tsakaninsu, wanene a cikinmu da zai yi wannan abu.
২৩তাতে তেওঁলোকৰ মাজৰ কোনে এই কৰ্ম কৰিব, সেই বিষয়ে ইজনে সিজনে সোধা-সুধি কৰিবলৈ ধৰিলে।
24 Sai gardama ta tashi a tsakaninsu game da wanene mafi girma.
২৪তেওঁলোকৰ মাজত কোন জনক শ্ৰেষ্ঠ বুলি মনা হ’ব, সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ-বিবাদ হ’ল।
25 Ya ce masu, “Sarakunan al'ummai suna nuna iko akansu, kuma wadanda suke da iko a kansu ana ce da su masu mulki da daraja.
২৫কিন্তু তেওঁ তেওঁলোকক ক’লে, “অনা-ইহুদী ৰজা সকলে তেওঁলোকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁলোকৰ মাজত ক্ষমতা পোৱা অধিকাৰী সকলক ‘উপকাৰক’ বুলি কোৱা হয়।
26 Amma kada ya zama haka da ku. A maimakon haka, bari wanda ya ke mafi girma a cikinku ya zama mafi kankanta. Bari wanda yafi muhimmanci kuma ya zama kamar mai hidima.
২৬কিন্তু তোমালোক তেনেকুৱা নহবা৷ তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ সৰু এজনৰ নিচিনা হওক; আৰু যি জন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওক।
27 Gama wanene yafi girma, wanda ya zauna a teburi, ko kuwa wanda yake yin hidima? Ba wanda ya zauna a teburi ba? Duk da haka ina kamar mai hidima a tsakaninku.
২৭কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ? ভোজনত বহা জন নে, পৰিচাৰক জন? ভোজনত বহা জন নহয় নে? কিন্তু মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছোঁ৷
28 Amma ku ne wadanda ku ke tare da ni a cikin jarabobina.
২৮কিন্তু তোমালোক মোৰ সকলো পৰীক্ষাৰ সময়ত, মোৰ লগত থকা লোক হৈছা৷
29 Na baku mulki, kamar yadda Ubana ya ba ni mulki,
২৯মোৰ পিতৃয়ে যেনেকৈ মোক ৰাজ্য দান কৰিলে, সেইদৰে তোমালোককো মই ৰাজ্যদান কৰিলোঁ,
30 domin ku ci ku kuma sha a teburi na mulkina. Za ku zauna a kan kursiyai kuna shari'anta kabilun nan goma sha biyu na Israila.
৩০মোৰ মেজত যেন ভোজন-পান কৰিবা, এই কাৰণে ময়ো তোমালোকৰ বাবে ৰাজ্য নিয়োজন কৰি থৈছোঁ৷ তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।
31 Siman, Siman, ka yi hankali, shaidan ya nemi izini a bada kai domin ya tankade ka kamar alkama.
৩১চিমোন, চিমোন, চোৱা, ধান চলাৰদৰে চালিবলৈ, চয়তানে তোমালোকক তাৰ নিজৰ কৰি ল’ব খুজিলে;
32 Amma na yi maka addu'a, saboda kada bangaskiyarka ta fadi. Bayan da ka juyo kuma, ka karfafa 'yan'uwanka.”
৩২কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায়, এই কাৰণে, মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ; আৰুতুমি মন পালটোৱাৰ পাছত, তোমাৰ ভাইসকলকো বিশ্বাসত স্থিৰ হৈ থাকিবলৈ উদগাবা।”
33 Bitrus ya ce masa, “Ubangiji, ina shirye in tafi tare da kai zuwa cikin kurkuku da zuwa mutuwa.”
৩৩পাছত পিতৰে তেওঁক ক’লে, “হে প্ৰভু, আপোনাৰ সৈতে বন্দীশাল আৰু মৰণলৈকো যাবৰ বাবে মই যুগুত হৈ আছোঁ।”
34 Yesu ya amsa masa, “Ina gaya maka, Bitrus, kamin caran zakara a yau, za ka yi musu na sau uku cewa ba ka sanni ba.”
৩৪তেতিয়া যীচুৱে ক’লে, “হে পিতৰ, মই তোমাক কওঁ, তুমি যে মোক জানা, ইয়াকে তিনি বাৰ অস্বীকাৰ নকৰালৈকে, আজি কুকুৰাই ডাক নিদিব।”
35 Sa'annan Yesu ya ce masu, “Lokacin da na aike ku babu jaka, ko burgami ko takalma, ko kun rasa wani abu? Sai suka amsa, “Babu.”
৩৫পাছত যীচুৱে তেওঁলোকক ক’লে, “মই যেতিয়া বিনা ধন, পাদুকা, মোনা আৰু জোলোঙাৰে, তোমালোকক পঠিয়াইছিলো, তেতিয়া তোমালোকৰ কোনো বস্তুৰ অভাৱ হৈছিল নে?” তেওঁলোকে ক’লে, “কোনো অভাৱ হোৱা নাছিল।”
36 Ya kuma ce masu, “Amma yanzu, wanda ya ke da jaka, bari ya dauka, da kuma burgami. Wanda ba shi da takobi sai ya sayar da taguwarsa ya sayi guda.
৩৬তেতিয়া তেওঁ তেওঁলোকক ক’লে, “কিন্তু এতিয়া যাৰ ধনৰ মোনা আছে, তেওঁ তাক লওঁক; সেইদৰে জোলোঙাও লওঁক; আৰু যাৰ তৰোৱাল নাই, তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক।
37 Gama ina ce maku, abin da aka rubuta game da ni dole sai ya cika, 'An lisafta shi kamar daya daga cikin masu karya doka.' Gama abinda aka fada akaina ya cika.”
৩৭কিয়নো মই তোমালোকক কওঁ, এই যি বচন লিখাআছে, সেয়ে মোত সিদ্ধ হ’ব লাগে; ‘তেওঁ বিধানহীন সকলৰ লগত গণ্য হ’ল৷’ কিয়নো মোৰেই সম্বন্ধীয় কথা সিদ্ধ হৈ আহিছে।”
38 Sai suka ce, “Ubangiji, duba! Ga takuba biyu.” Sai ya ce masu, “Ya isa.”
৩৮তেতিয়া তেওঁলোকে ক’লে, “হে প্ৰভু, চাওক! ইয়াত দুখন তৰোৱাল আছে।” তেওঁ তেওঁলোকক ক’লে, “সেয়ে যথেষ্ট।”
39 Bayan cin abincin yamma, Yesu ya tafi, kamar yadda ya saba yi, zuwa dutsen Zaitun, sai almajiran suka bi shi.
৩৯পাছত তেওঁ বাহিৰলৈ ওলাই, তেওঁৰ নিয়মৰ দৰে জৈতুন পৰ্বতলৈ গ’ল; আৰু শিষ্য সকল তেওঁৰ পাছে পাছে গ’ল।
40 Sa'adda suka iso, ya ce masu, “Ku yi addu'a domin kada ku shiga cikin jaraba.”
৪০সেই ঠাই পাই তেওঁ তেওঁলোকক ক’লে, “পৰীক্ষাত যেন নপৰা, এই কাৰণে প্ৰাৰ্থনা কৰা।”
41 Ya rabu da su misalin nisan jifa, sai ya durkusa kasa ya yi addu'a,
৪১পাছত তেওঁ এটা শিলৰ দলি সমান আতৰ গৈ আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰি ক’লে,
42 yana cewa “Uba, in ka yarda, ka dauke wannan kokon daga gareni. Ko da yake ba nufina ba, amma bari naka nufin ya kasance.”
৪২“হে পিতৃ, যদি তোমাৰ ইচ্ছা হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা; তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক।”
43 Sai mala'ika daga sama ya bayyana a wurinsa, yana karfafa shi.
৪৩তেতিয়া স্বৰ্গৰ পৰা এজন দূতে তেওঁক দেখা দি, শক্তি দান কৰিলে।
44 Yana cikin wahala sosai, sai ya dukufa cikin addu'a, har zufarsa kuma tana diga a kasa kamar gudajen jini.
৪৪পাছত তেওঁ অতি যাতনা পাই বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে; আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গ’ল।
45 Sa'adda ya tashi daga addu'arsa, sai ya zo wurin almajiran, ya same su suna barci domin bakin cikinsu,
৪৫পাছত তেওঁ প্ৰাৰ্থনা কৰি উঠি, শিষ্য সকলৰ ওচৰলৈ আহিল আৰু তেওঁলোকক শোকত ভাগৰি শুই যোৱা দেখি ক’লে,
46 sai ya tambaye su, “Don me kuke barci? Tashi ku yi addu'a, saboda kada ku shiga cikin jaraba.”
৪৬“তোমালোকে কিয় শুইছা? পৰীক্ষাত যেন নপৰা, এই কাৰণে উঠি প্ৰাৰ্থনা কৰা।”
47 Sa'adda yana cikin magana, sai, ga taron jama'a suka bayana, tare da Yahuza, daya daga cikin sha biyun, ya na jagabansu. Sai ya zo kusa da Yesu domin ya yi masa sumba,
৪৭তেওঁ কথা কৈ থাকোতেই, বাৰ জন পাঁচনিৰ লগৰ যিহূদাৰ নেতৃত্বত এদল মানুহ আহি সেই ঠাইত উপস্থিত হ’ল। তাতে তেওঁ চুমা খাবলৈ যীচুৰ ওচৰ চাপি গ’ল।
48 amma Yesu ya ce masa, “Yahuza, za ka ba da Dan Mutum da sumba?”
৪৮কিন্তু যীচুৱে তাক ক’লে, “হে যিহূদা, তুমি চুমাৰেহে মানুহৰ পুত্ৰক শত্ৰুৰ হাতত শোধাই দিছা নে?”
49 Sa'adda wadanda suke kewaye da Yesu suka ga abin da yake faruwa, sai suka ce, “Ubangiji, mu yi sara da takobi ne?”
৪৯পাছত কি ঘটিব, তাকে দেখি তেওঁৰ সঙ্গী সকলে ক’লে, “হে প্ৰভু, আমি তৰোৱালেৰে আঘাত কৰিম নে?”
50 Sai daya daga cikinsu ya kai wa bawan babban firist sara a kunne, sai ya yanke masa kunnensa na dama.
৫০আৰু তেওঁলোকৰ কোনো এজনে মহা-পুৰোহিতৰ দাস এজনক আঘাত কৰি, তাৰ সোঁ কাণ খন কাটি পেলালে।
51 Yesu ya ce, “Ya isa haka.” Sai ya taba kunnensa, sai ya warkar da shi.
৫১তেতিয়া যীচুৱে সমিধান দি ক’লে, “ইয়াকো সহন কৰা।” পাছে তেওঁৰ কাণ খন চুই, তেওঁক সুস্থ কৰিলে।
52 Yesu yace wa manyan firistoci, da masu tsaron haikali, da dattawa wadanda suke gaba da shi, “Kun fito kamar za ku kama dan fashi, da takuba da sanduna?
৫২তেতিয়া তেওঁৰ বিৰুদ্ধে অহা প্ৰধান পুৰোহিত, মন্দিৰৰ সেনাপতি আৰু পৰিচাৰক সকলক যীচুৱে ক’লে, “যেনেকৈ ডকাইতৰ বিৰুদ্ধে ওলাই আহা, তেনেকৈ মোৰ বিৰুদ্ধেও তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ওলাই আহিলা নে?
53 Sa'adda nake tare da ku kowace rana a haikali, ba ku kama ni ba. Amma wannan shine lokacinku, da kuma ikon duhu.”
৫৩যেতিয়া মই নিতৌ তোমালোকৰ লগত মন্দিৰত আছিলোঁ, তেতিয়া তোমালোকে মোৰ বিৰুদ্ধে হাত নেমেলিলা; কিন্তু এয়ে তোমালোকৰ সময় আৰু আন্ধাৰৰ অধিকাৰ।”
54 Suka kama shi, sai suka tafi da shi, suka kawo shi cikin gidan babban firist. Amma Bitrus yana binsa daga nesa.
৫৪পাছত তেওঁলোকে তেওঁক ধৰি নিলে, আৰু মহা-পুৰোহিতৰ ঘৰলৈ লৈ গ’ল; কিন্তু পিতৰে এক দূৰত্ব ৰাখি পাছে পাছে গ’ল।
55 Bayan da suka hura wuta a tsakiyar gidan da suka zazzauna tare, Bitrus ya zaune a tsakaninsu.
৫৫পাছত চোতালৰ মাজ মজিয়াত তেওঁলোকে জুই জ্বলাই একেলগে বহোতে, পিতৰেও তেওঁলোকৰ মাজত বহিল।
56 Sai wata baranya ta ganshi ya zauna a hasken wuta, sai ta zura masa ido ta ce, “Wannan mutum ma yana tare da shi.”
৫৬তেওঁ বহি থাকোঁতে জুইৰ পোহৰত, কোনো এজনী চাকৰণীয়ে দেখা পাই, তেওঁলৈ একেথৰে চাই ক’লে, “এই মানুহ জনো তেওঁৰ লগত আছিল।”
57 Amma Bitrus ya yi musu, yana cewa, “Mace, ban san shi ba.”
৫৭কিন্তু তেওঁ অস্বীকাৰ কৰি ক’লে, “হে নাৰী, মই তেওঁক চিনি নাপাও।”
58 Bayan dan karamin lokaci sai wani mutum ya gan shi, sai ya ce, “Kaima kana daya daga cikinsu.” Amma Bitrus ya ce, “Mutumin, ba ni ba ne.”
৫৮অলপ সময়ৰ পাছত, আন এজনে তেওঁক দেখা পাই ক’লে, “তুমিও তেওঁলোকৰ মাজৰ এজন।” কিন্তু পিতৰে ক’লে, “হে’ৰা, মই নহওঁ।”
59 Bayan sa'a daya sai wani mutum ya nace da cewa, “Gaskiya wannan mutum yana tare da shi, gama shi dan Galili ne.”
৫৯প্ৰায় এঘন্টা মানৰ পাছত, আন কোনো এজনে দৃঢ়কৈ ক’লে, “সঁচা, এই মানুহ জনেই তেওঁৰ লগত আছিল; কিয়নো তেওঁ এজন গালীলীয়া।”
60 Amma Bitrus ya ce, “Mutumin, ban san abin da kake fada ba.” Sai nan da nan, da yana cikin magana, sai zakara ta yi cara.
৬০কিন্তু পিতৰে ক’লে, “হেৰা, তুমি কি কৈছা, মই তেওঁক নাজানোৱেই।” এই কথা কওঁতেই, কুকুৰাই ডাক দিলে।
61 Yana juyawa, sai Ubangiji ya dubi Bitrus. Sai Bitrus ya tuna kalmar Ubangiji, sa'adda ya ce masa, “Kafin zakara ya yi cara yau za ka musunce ni sau uku.”
৬১তাতে প্ৰভুৱে ঘূৰি পিতৰলৈ চাওতে, এই যি কথা প্ৰভুৱে তেওঁক কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি তিনি বাৰ মোক অস্বীকাৰ কৰিবা৷’
62 Da fitowarsa waje, Bitrus ya yi kuka mai zafi.
৬২সেই কথা সুঁৱৰি তেওঁ বাহিৰলৈ গৈ, অতি শোকেৰে কান্দিবলৈ ধৰিলে।
63 Sai mutanen da ke tsare da Yesu suka yi masa ba'a da bulala kuma.
৬৩পাছত যি সকল লোকে যীচুক ধৰি ৰাখিছিল, তেওঁলোকে তেওঁক বিদ্ৰূপ কৰি কোবালে;
64 Bayan da suka rufe masa idanu, suka tambaye shi, cewa, “Ka yi annabci! Wa ya buge ka?”
৬৪আৰু কাপোৰেৰে তেওঁৰ চকু বান্ধি সুধিলে, “তোমাক কোনে মাৰিলে, ইয়াক ভাববাণীৰে কোৱা?”
65 Suka yi wadansu miyagun maganganu na sabo game da Yesu.
৬৫আৰু নিন্দা কৰি যীচুৰ বিৰুদ্ধে আন আন বহু কথা ক’লে।
66 Da gari ya waye, sai dattawa suka hadu tare, da manyan firistoci da marubuta. Sai suka kai shi cikin majalisa
৬৬পাছত দিন হ’লত, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে লোক সকলৰ পৰিচাৰক সকল গোট খালে৷ তেওঁলোকে তেওঁক মহাসভালৈ আনিলে,
67 suka ce, “Gaya mana, in kai ne Almasihu.” Amma yace masu, “Idan na gaya maku, ba za ku gaskanta ba,
৬৭তেওঁলোকে ক’লে, “তুমি যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক কোৱা।” কিন্তু তেওঁ তেওঁলোকক ক’লে, “যদিও তোমালোকক কওঁ, তথাপি তোমালোকে মোক বিশ্বাস নকৰিবা,
68 idan na yi maku tambaya, ba za ku amsa ba.
৬৮আৰু যদিও সুধো, তথাপি উত্তৰ নিদিবা।
69 Amma nan gaba, Dan Mutum zai zauna a hannun dama na ikon Allah.”
৬৯কিন্তু এতিয়াৰ পৰা মানুহৰ পুত্ৰ ঈশ্বৰৰ পৰাক্ৰমৰ সোঁ হাতে বহি থাকিব।”
70 Suka ce masa, “Ashe kai Dan Allah ne?” Sai Yesu ya ce masu, “Haka kuka ce, nine.”
৭০তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে তুমি ঈশ্বৰৰ পুত্ৰ নে?” যীচুৱে তেওঁলোকক ক’লে, “তোমালোকেই কোৱা যে, মই হওঁ।”
71 Suka ce, “Don me muke neman shaida? Gama mu da kanmu munji daga bakinsa.”
৭১তেতিয়া তেওঁলোকে ক’লে, “আমাৰ অন্য সাক্ষ্যৰ কি প্ৰয়োজন আছে? কিয়নো আমি নিজে এওঁৰ মুখৰ পৰাই এতিয়া শুনিলোঁ।”

< Luka 22 >