< Προς Κορινθιους Β΄ 8 >

1 γνωριζομεν δε υμιν αδελφοι την χαριν του θεου την δεδομενην εν ταις εκκλησιαις της μακεδονιας
হে প্ৰিয় ভাই আৰু ভনী সকল, মাকিদনিয়া দেশৰ মণ্ডলী সমূহক দিয়া ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে মই আপোনালোকক জনাওঁ যে,
2 οτι εν πολλη δοκιμη θλιψεως η περισσεια της χαρας αυτων και η κατα βαθους πτωχεια αυτων επερισσευσεν εις το πλουτος της απλοτητος αυτων
ক্লেশৰূপ মহা-পৰীক্ষাতো তেওঁলোকৰ আনন্দ অধিক হ’ল আৰু তেওঁলোকৰ অতি দৰিদ্ৰতা দানশীলতাৰূপ ধনত উপচি পৰিল।
3 οτι κατα δυναμιν μαρτυρω και παρα δυναμιν αυθαιρετοι
কিয়নো মই সাক্ষ্য দিছোঁ যে, তেওঁলোকে নিজ শক্তি অনুসাৰে দিয়াৰ উপৰি, সাধ্যৰ অতিৰিক্ত পৰিমাণে দিলে, আৰু
4 μετα πολλης παρακλησεως δεομενοι ημων την χαριν και την κοινωνιαν της διακονιας της εις τους αγιους
নিজ ইচ্ছাৰে অনেক মিনতি কৰি, পবিত্ৰ লোক সকলৰ সহভাগিতাত পৰিচৰ্যা কাৰ্যৰ সহভাগী হবলৈ আমাৰ আগত যাচনা কৰিলে;
5 και ου καθως ηλπισαμεν αλλα εαυτους εδωκαν πρωτον τω κυριω και ημιν δια θεληματος θεου
আৰু কেৱল আমি আশা কৰা অনুযায়ী নহয়, কিন্তু প্ৰথমে প্ৰভুৰ উদ্দেশ্যে, শেষত ঈশ্বৰৰ ইচ্ছাৰ দৰে আমাৰ উদ্দেশ্যে তেওঁলোকে দান কৰিলে।
6 εις το παρακαλεσαι ημας τιτον ινα καθως προενηρξατο ουτως και επιτελεση εις υμας και την χαριν ταυτην
সেই বাবে আমি তীতক উৎসাহিত কৰিলোঁ, কিয়নো যেনেকৈ তেওঁ আগেয়ে আপোনালোকৰ লগত কার্য আৰম্ভ কৰিছিল, তেনেদৰেই আপোনালোকক সেই অনুগ্ৰহতো যেন পৰিপূৰ্ণ কৰে৷
7 αλλ ωσπερ εν παντι περισσευετε πιστει και λογω και γνωσει και παση σπουδη και τη εξ ημων εν υμιν αγαπη ινα και εν ταυτη τη χαριτι περισσευητε
কিন্তু আপোনালোকে, বিশ্বাস, বাক্য, জ্ঞান, সকলোবিধ যত্ন আৰু প্ৰেম, এই সকলোতে যেনেকৈ আমাৰ বাবে উপচি পৰিছে, তেনেকৈ সেই অনুগ্ৰহতো উপচি পৰিবলৈ চেষ্টা কৰক।
8 ου κατ επιταγην λεγω αλλα δια της ετερων σπουδης και το της υμετερας αγαπης γνησιον δοκιμαζων
এই কথা আজ্ঞা দিয়াৰ দৰে কোৱা নাই, কিন্তু আন ব্যক্তিৰ যত্নৰ দ্বাৰাই আপোনালোকৰ প্ৰেমৰ সত্যতা বিবেচনা কৰিহে কৈছোঁ।
9 γινωσκετε γαρ την χαριν του κυριου ημων ιησου {VAR1: [χριστου] } {VAR2: χριστου } οτι δι υμας επτωχευσεν πλουσιος ων ινα υμεις τη εκεινου πτωχεια πλουτησητε
কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷
10 και γνωμην εν τουτω διδωμι τουτο γαρ υμιν συμφερει οιτινες ου μονον το ποιησαι αλλα και το θελειν προενηρξασθε απο περυσι
১০এই বিষয়টো আপোনালোকৰ পক্ষে উপযুক্ত, সেই কাৰণে মই পৰামৰ্শহে দিছোঁ; কিয়নো আপোনালোকে এবছৰৰ আগেয়ে কোনো কাৰ্য কৰিবলৈ বিচাৰিছিল, কেৱল সেয়াই নহয়, কিন্তু নিজ ইচ্ছাৰে কৰিবলৈ প্ৰস্তুতো আছিল৷
11 νυνι δε και το ποιησαι επιτελεσατε οπως καθαπερ η προθυμια του θελειν ουτως και το επιτελεσαι εκ του εχειν
১১এতিয়া সেই কাৰ্য সিদ্ধ কৰক৷ যেনেকৈ ইচ্ছা আৰু প্ৰস্তুততা আছিল, তেনেকৈ শক্তি অনুসাৰে সেই কার্য সিদ্ধও কৰক৷
12 ει γαρ η προθυμια προκειται καθο εαν εχη ευπροσδεκτος ου καθο ουκ εχει
১২কিয়নো কার্য কৰিবলৈ প্ৰস্তুততা থাকিলে, শক্তি নথকাৰ দৰে নহয়, কিন্তু শক্তি থকাৰ দৰে কৰিলেহে গ্ৰাহ্য হয়।
13 ου γαρ ινα αλλοις ανεσις υμιν θλιψις αλλ εξ ισοτητος εν τω νυν καιρω το υμων περισσευμα εις το εκεινων υστερημα
১৩কিয়নো আন লোক সকলে কাৰ্য নকৰি জিৰণি ল’ব আৰু আপোনালোকে কাৰ্যৰ দায়িত্ব ল’ব, এনে নহয়; কিন্তু সকলোৰে ন্যায় হওক৷
14 ινα και το εκεινων περισσευμα γενηται εις το υμων υστερημα οπως γενηται ισοτης
১৪এই বৰ্ত্তমান সময়ত আপোনালোকৰ প্ৰাচুৰ্যতাই তেওঁলোকৰ অভাৱ পূৰ্ণ কৰিব৷ এইদৰে তেওঁলোকৰ প্ৰাচুৰ্যতায়ো আপোনালোকৰ অভাৱ পূৰ্ণ কৰিব আৰু ইয়াতে সকলোৰে বাবে সমতা স্থাপন হয়;
15 καθως γεγραπται ο το πολυ ουκ επλεονασεν και ο το ολιγον ουκ ηλαττονησεν
১৫যি দৰে লিখাও আছে, “যি জনে অধিক গোটাইছিল, তেওঁৰ একো নাথাকিল; কিন্তু যি জনে অলপ গোটাইছিল, তেওঁৰ অভাৱ নহ’ল”।
16 χαρις δε τω θεω τω {VAR1: διδοντι } {VAR2: δοντι } την αυτην σπουδην υπερ υμων εν τη καρδια τιτου
১৬কিন্তু যি ঈশ্বৰে আপোনালোকৰ অৰ্থে তীতৰ হৃদয়ত সেই একে উৎসাহ জন্মাইছে, তেওঁ ধন্য।
17 οτι την μεν παρακλησιν εδεξατο σπουδαιοτερος δε υπαρχων αυθαιρετος εξηλθεν προς υμας
১৭কিয়নো তেওঁ আমাৰ উদগণি গ্ৰহণ কৰিলে কিন্তু তাতকৈয়ো নিজে উৎসাহী হৈ, নিজ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ গ’ল।
18 συνεπεμψαμεν δε μετ αυτου τον αδελφον ου ο επαινος εν τω ευαγγελιω δια πασων των εκκλησιων
১৮তাতে তীতৰ সৈতে আমাৰ এজন ভাই, যি জনে শুভবাৰ্তা ঘোষণা কৰা বিষয়ত সকলো মণ্ডলীৰ মাজত প্ৰশংসা লাভ কৰিছে; সেই জন ভাইক আমি তেওঁৰ লগত পঠাই দিলোঁ৷
19 ου μονον δε αλλα και χειροτονηθεις υπο των εκκλησιων συνεκδημος ημων {VAR1: εν } {VAR2: συν } τη χαριτι ταυτη τη διακονουμενη υφ ημων προς την {VAR2: [αυτου] } του κυριου δοξαν και προθυμιαν ημων
১৯তেওঁ কেৱল মৰ্যদা পোৱা ব্যক্তিয়ে নহয়, কিন্তু প্ৰভুৰ গৌৰৱ আৰু আমাৰ প্ৰস্তুততাৰ অর্থে, আমাৰ যোগেদি সাধিত হ’ব লগা প্ৰভুৰ অনুগ্ৰহৰ কাৰ্যত আমাৰ সহযাত্ৰী হ’বলৈ মণ্ডলী সকলৰ দ্বাৰাই পৰিচাৰকৰূপে মনোনীত হোৱা৷
20 στελλομενοι τουτο μη τις ημας μωμησηται εν τη αδροτητι ταυτη τη διακονουμενη υφ ημων
২০আৰু আমাৰ দ্বাৰাই সাধিত হ’ব লগা এই মহা-দানৰ বিষয়ে কোনেও যেন আমাৰ বদনাম নকৰে, তাৰ বাবে আমি সতৰ্ক হৈছোঁ;
21 προνοουμεν γαρ καλα ου μονον ενωπιον κυριου αλλα και ενωπιον ανθρωπων
২১কিয়নো কেৱল প্ৰভুৰ দৃষ্টিত নহয় কিন্তু মানুহৰ আগতো যি যি উচিত, সেইটোহে আমি চিন্তা কৰিছোঁ।
22 συνεπεμψαμεν δε αυτοις τον αδελφον ημων ον εδοκιμασαμεν εν πολλοις πολλακις σπουδαιον οντα νυνι δε πολυ σπουδαιοτερον πεποιθησει πολλη τη εις υμας
২২আৰু তেওঁৰ সৈতে আন এজন ভাইক আমি পঠিয়ালোঁ৷ তেওঁক আমি অনেকবাৰ অনেক বিষয়ত পৰীক্ষা কৰি এইবোৰ কাৰ্যত উৎসাহী পালোঁ আৰু আপোনালোকৰ প্ৰতি থকা তেওঁৰ দৃঢ় বিশ্বাসৰ কাৰণে এইবাৰ অধিক আগ্ৰহী দেখিলোঁ৷
23 ειτε υπερ τιτου κοινωνος εμος και εις υμας συνεργος ειτε αδελφοι ημων αποστολοι εκκλησιων δοξα χριστου
২৩তীতৰ বিষয়ে হ’লে, তেওঁ মোৰ সহভাগী আৰু আপোনালোকৰ প্ৰতি মোৰ পাঁচনি কৰ্মৰ সহকাৰী৷ আমাৰ ভাই দুজনৰ বিষয়ে হ’লে, তেওঁলোক মণ্ডলী সমূহৰ দূত আৰু খ্ৰীষ্টৰ গৌৰৱ স্বৰূপ।
24 την ουν ενδειξιν της αγαπης υμων και ημων καυχησεως υπερ υμων εις αυτους {VAR1: ενδειξασθε } {VAR2: ενδεικνυμενοι } εις προσωπον των εκκλησιων
২৪এতেকে আপোনালোকৰ প্ৰেম প্ৰকাশ কৰক আৰু আন মণ্ডলীবোৰৰ মাজত আপোনালোকৰ বিষয়ে যি গৌৰৱ কৰিছিলোঁ, সেয়া প্ৰকাশ কৰক৷

< Προς Κορινθιους Β΄ 8 >