< Ἱερεμίας 21 >

1 ὁ λόγος ὁ γενόμενος παρὰ κυρίου πρὸς Ιερεμιαν ὅτε ἀπέστειλεν πρὸς αὐτὸν ὁ βασιλεὺς Σεδεκιας τὸν Πασχωρ υἱὸν Μελχιου καὶ Σοφονιαν υἱὸν Μαασαιου τὸν ἱερέα λέγων
চিদিকিয়া ৰজাই মল্কীয়াৰ পুত্ৰ পচহুৰক, আৰু মাচেয়া পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়াৰ ওচৰলৈ পঠোৱা সময়ত যিহোৱাৰ পৰা যিৰিমিয়াৰ গুৰিলৈ অহা বাক্য আহিল আৰু এইবুলি ক’লে,
2 ἐπερώτησον περὶ ἡμῶν τὸν κύριον ὅτι βασιλεὺς Βαβυλῶνος ἐφέστηκεν ἐφ’ ἡμᾶς εἰ ποιήσει κύριος κατὰ πάντα τὰ θαυμάσια αὐτοῦ καὶ ἀπελεύσεται ἀφ’ ἡμῶν
“মিনতি কৰোঁ, তুমি আমাৰ কাৰণে যিহোৱাৰ আগত সোধা; কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে; তেওঁ আমাৰ ওচৰৰ পৰা গুচি যাবৰ কাৰণে কিজানি যিহোৱাই নিজৰ সকলো আচৰিত কাৰ্য অনুসাৰে আমালৈ ব্যৱহাৰ কৰিব।”
3 καὶ εἶπεν πρὸς αὐτοὺς Ιερεμιας οὕτως ἐρεῖτε πρὸς Σεδεκιαν βασιλέα Ιουδα
সেই সময়ত যিৰিমিয়াই তেওঁলোকক ক’লে, “তোমালোক চিদিকিয়াক এইদৰে ক’বাগৈ:
4 τάδε λέγει κύριος ἰδοὺ ἐγὼ μεταστρέφω τὰ ὅπλα τὰ πολεμικά ἐν οἷς ὑμεῖς πολεμεῖτε ἐν αὐτοῖς πρὸς τοὺς Χαλδαίους τοὺς συγκεκλεικότας ὑμᾶς ἔξωθεν τοῦ τείχους εἰς τὸ μέσον τῆς πόλεως ταύτης
‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: “চোৱা, বাবিলৰ ৰজাৰ বিৰুদ্ধে, আৰু গড়ৰ বাহিৰে তোমালোকক অৱৰোধ কৰোঁতা কলদীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰা তোমালোকৰ হাতৰ যুদ্ধাস্ত্ৰৰ মুখ ঘূৰাম আৰু তেওঁলোকক আনি এই নগৰৰ মাজ ঠাইত গোটাম।
5 καὶ πολεμήσω ἐγὼ ὑμᾶς ἐν χειρὶ ἐκτεταμένῃ καὶ ἐν βραχίονι κραταιῷ μετὰ θυμοῦ καὶ ὀργῆς καὶ παροργισμοῦ μεγάλου
আৰু মই নিজেও, মেলি থকা হাত আৰু বলৱান বাহুৰে, এনে কি, খং-ৰাগ আৰু মহাকোপেৰে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিম।
6 καὶ πατάξω πάντας τοὺς κατοικοῦντας ἐν τῇ πόλει ταύτῃ τοὺς ἀνθρώπους καὶ τὰ κτήνη ἐν θανάτῳ μεγάλῳ καὶ ἀποθανοῦνται
মই এই নগৰ নিবাসী মানুহ, পশু, সকলোকে সংহাৰ কৰিম; সেই সকলোৱে ঘোৰ মহামাৰীত প্ৰাণত্যগ কৰিব।
7 καὶ μετὰ ταῦτα οὕτως λέγει κύριος δώσω τὸν Σεδεκιαν βασιλέα Ιουδα καὶ τοὺς παῖδας αὐτοῦ καὶ τὸν λαὸν τὸν καταλειφθέντα ἐν τῇ πόλει ταύτῃ ἀπὸ τοῦ θανάτου καὶ ἀπὸ τοῦ λιμοῦ καὶ ἀπὸ τῆς μαχαίρας εἰς χεῖρας ἐχθρῶν αὐτῶν τῶν ζητούντων τὰς ψυχὰς αὐτῶν καὶ κατακόψουσιν αὐτοὺς ἐν στόματι μαχαίρας οὐ φείσομαι ἐπ’ αὐτοῖς καὶ οὐ μὴ οἰκτιρήσω αὐτούς
যিহোৱাই আৰু কৈছে, “তাৰ পাছত মই যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ পাত্ৰমন্ত্ৰীসকলক, আৰু প্ৰজাসকলক, এনে কি, মহামাৰী, তৰোৱাল আৰু আকালৰ পৰা এই নগৰত অৱশিষ্ট থকাসকলক বাবিলৰ ৰজা নবূখদনেচৰৰ, তেওঁলোকৰ শত্ৰূ, তেওঁলোকৰ প্ৰাণ বিচৰাবোৰৰ হাতত শোধাই দিম; তেওঁ তৰোৱালৰ ধাৰেৰে তাক বধ কৰিব, তেওঁলোকক কৃপা, ক্ষমা কি দয়া নকৰিব’।”
8 καὶ πρὸς τὸν λαὸν τοῦτον ἐρεῖς τάδε λέγει κύριος ἰδοὺ ἐγὼ δέδωκα πρὸ προσώπου ὑμῶν τὴν ὁδὸν τῆς ζωῆς καὶ τὴν ὁδὸν τοῦ θανάτου
তেতিয়া তুমি এই লোকসকলক কোৱা, ‘যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ আগত জীৱনৰ পথ আৰু মৃত্যুৰ পথ ৰাখিছোঁ।
9 ὁ καθήμενος ἐν τῇ πόλει ταύτῃ ἀποθανεῖται ἐν μαχαίρᾳ καὶ ἐν λιμῷ καὶ ὁ ἐκπορευόμενος προσχωρῆσαι πρὸς τοὺς Χαλδαίους τοὺς συγκεκλεικότας ὑμᾶς ζήσεται καὶ ἔσται ἡ ψυχὴ αὐτοῦ εἰς σκῦλα καὶ ζήσεται
যি মানুহ এই নগৰত থাকিব, তেওঁ তৰোৱাল, আকাল, বা মহামাৰীত মৰা পৰিব; কিন্তু যি মানুহে বাহিৰলৈ গৈ, তোমালোকক অৱৰোধ কৰোঁতা কলদীয়াসকলৰ ফলিয়া হ’বলৈ ওলাই যাব, তেওঁ জীৱ, আৰু তেওঁৰ প্ৰাণ তেওঁলৈ লুটদ্ৰব্য যেন হ’ব।
10 διότι ἐστήρικα τὸ πρόσωπόν μου ἐπὶ τὴν πόλιν ταύτην εἰς κακὰ καὶ οὐκ εἰς ἀγαθά εἰς χεῖρας βασιλέως Βαβυλῶνος παραδοθήσεται καὶ κατακαύσει αὐτὴν ἐν πυρί
১০কিয়নো যিহোৱাই কৈছে, মই মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে এই নগৰৰ অহিতে মুখ কৰিছোঁ; ইয়াক বাবিলৰ ৰজাৰ হাতত দিয়া যাব, আৰু তেওঁ ইয়াক অগ্নিৰে দগ্ধ কৰিব’।”
11 ὁ οἶκος βασιλέως Ιουδα ἀκούσατε λόγον κυρίου
১১আৰু যিহূদাৰ ৰাজ-বংশৰ বিষয়ে তোমালোকে যিহোৱাৰ বাক্য শুনা।
12 οἶκος Δαυιδ τάδε λέγει κύριος κρίνατε τὸ πρωὶ κρίμα καὶ κατευθύνατε καὶ ἐξέλεσθε διηρπασμένον ἐκ χειρὸς ἀδικοῦντος αὐτόν ὅπως μὴ ἀναφθῇ ὡς πῦρ ἡ ὀργή μου καὶ καυθήσεται καὶ οὐκ ἔσται ὁ σβέσων
১২হে দায়ুদৰ বংশ, যিহোৱাই এইদৰে কৈছে: ‘তোমালোকে প্ৰতি ৰাতিপুৱা বিচাৰ নিস্পত্তি কৰা। আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা। নতুবা তোমালোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্ৰোধ অগ্নি দৰে ওলাই কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
13 ἰδοὺ ἐγὼ πρὸς σὲ τὸν κατοικοῦντα τὴν κοιλάδα Σορ τὴν πεδινὴν τοὺς λέγοντας τίς πτοήσει ἡμᾶς ἢ τίς εἰσελεύσεται πρὸς τὸ κατοικητήριον ἡμῶν
১৩যিহোৱাই কৈছে, চোৱা, হে উপত্যকাত থকা লোক! হে সমথলৰ পৰ্ব্বত-নিবাসীনী, চোৱা, মই তোমাৰ বিপক্ষ “আমাৰ বিৰুদ্ধে কোন নামি আহিব? ‘আমাৰ বাসস্থানবোৰত কোন সোমাব?” এই বুলি কোৱা যি তোমালোক, মই তোমালোকৰ বিপক্ষ?’
14 καὶ ἀνάψω πῦρ ἐν τῷ δρυμῷ αὐτῆς καὶ ἔδεται πάντα τὰ κύκλῳ αὐτῆς
১৪যিহোৱাই কৈছে, মই তোমালোকৰ কৰ্মফল অনুসাৰে তোমালোকক দণ্ড দিম। “মই যিৰূচালেমৰ কাঠনিত জুই লগাম, তেতিয়া সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব।”

< Ἱερεμίας 21 >