< Παραλειπομένων Βʹ 19 >

1 καὶ ἀπέστρεψεν Ιωσαφατ βασιλεὺς Ιουδα εἰς τὸν οἶκον αὐτοῦ ἐν εἰρήνῃ εἰς Ιερουσαλημ
তাৰ পাছত যিহূদাৰ ৰজা যিহোচাফটে শান্তিৰে যিৰূচালেমৰ নিজৰ ঘৰলৈ ঘূৰি আহিল৷
2 καὶ ἐξῆλθεν εἰς ἀπάντησιν αὐτοῦ Ιου ὁ τοῦ Ανανι ὁ προφήτης καὶ εἶπεν αὐτῷ βασιλεῦ Ιωσαφατ εἰ ἁμαρτωλῷ σὺ βοηθεῖς ἢ μισουμένῳ ὑπὸ κυρίου φιλιάζεις διὰ τοῦτο ἐγένετο ἐπὶ σὲ ὀργὴ παρὰ κυρίου
তেতিয়া হনানীৰ পুত্ৰ যেহূ দৰ্শকে তেওঁৰ লগত সাক্ষাত কৰিবলৈ গ’ল আৰু ৰজা যিহোচাফটক ক’লে, “দুৰ্জনক সহায় কৰা আৰু যিহোৱাক ঘিণ কৰোঁতা সকলক প্ৰেম কৰা জানো তোমাৰ উচিত? এই কাৰণে তোমাৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে।
3 ἀλλ’ ἢ λόγοι ἀγαθοὶ ηὑρέθησαν ἐν σοί ὅτι ἐξῆρας τὰ ἄλση ἀπὸ τῆς γῆς Ιουδα καὶ κατηύθυνας τὴν καρδίαν σου ἐκζητῆσαι τὸν κύριον
তথাপি তুমি দেশৰ পৰা আচেৰা মুৰ্ত্তিবোৰ উচ্ছন্ন কৰাত আৰু ঈশ্বৰক বিচাৰিবলৈ তোমাৰ মন থিৰ কৰাত তোমাৰ কিছু সদ্ভাৱ পোৱা গ’ল।”
4 καὶ κατῴκησεν Ιωσαφατ ἐν Ιερουσαλημ καὶ πάλιν ἐξῆλθεν εἰς τὸν λαὸν ἀπὸ Βηρσαβεε ἕως ὄρους Εφραιμ καὶ ἐπέστρεψεν αὐτοὺς ἐπὶ κύριον θεὸν τῶν πατέρων αὐτῶν
তাৰ পাছত যিহোচাফটে যিৰূচালেমত বসতি কৰিলে; আৰু তেওঁ পুনৰাই ওলায় বেৰ-চেবাৰ পৰা ইফ্ৰয়িম পৰ্বতীয়া অঞ্চললৈকে লোকসকলৰ মাজত ফুৰি, তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ ফালে তেওঁলোকক ঘূৰাই আনিলে।
5 καὶ κατέστησεν κριτὰς ἐν πάσαις ταῖς πόλεσιν Ιουδα ταῖς ὀχυραῖς ἐν πόλει καὶ πόλει
আৰু দেশৰ ভিতৰত গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ নগৰৰ ভিতৰত প্ৰত্যেক নগৰত তেওঁ এজন এজনকৈ বিচাৰকৰ্ত্তা নিযুক্ত কৰিলে৷
6 καὶ εἶπεν τοῖς κριταῖς ἴδετε τί ὑμεῖς ποιεῖτε ὅτι οὐκ ἀνθρώπῳ ὑμεῖς κρίνετε ἀλλ’ ἢ τῷ κυρίῳ καὶ μεθ’ ὑμῶν λόγοι τῆς κρίσεως
তেওঁ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোকে যি কৰিবা সেই বিষয়ে সাৱধানে কৰিবা; কিয়নো তোমালোকে লোকসকলৰ কাৰণে নহয় কিন্তু যিহোৱাৰ কাৰণেহে বিচাৰ কৰিবা; বিচাৰত তেওঁ তোমালোকৰ সহায়কাৰী হ’ব।
7 καὶ νῦν γενέσθω φόβος κυρίου ἐφ’ ὑμᾶς καὶ φυλάσσετε καὶ ποιήσετε ὅτι οὐκ ἔστιν μετὰ κυρίου θεοῦ ἡμῶν ἀδικία οὐδὲ θαυμάσαι πρόσωπον οὐδὲ λαβεῖν δῶρα
এতেকে এতিয়া তোমালোকে যিহোৱালৈ ভয় ৰাখিবা; তোমালোকে সাৱধান হৈ কাৰ্য কৰা কিয়নো আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিত অন্যায়, কি মুখ চোৱা, কি ভেটি খোৱা নহয়।”
8 καὶ γὰρ ἐν Ιερουσαλημ κατέστησεν Ιωσαφατ τῶν ἱερέων καὶ τῶν Λευιτῶν καὶ τῶν πατριαρχῶν Ισραηλ εἰς κρίσιν κυρίου καὶ κρίνειν τοὺς κατοικοῦντας ἐν Ιερουσαλημ
ইয়াৰ উপৰিও, যিহোচাফটে যিৰূচালেমত যিহোৱা-সমন্ধীয় বিচাৰৰ অৰ্থে আৰু বিবাদ ভাঙিবৰ অৰ্থে লেবীয়াসকলৰ, পুৰোহিতসকলৰ আৰু ইস্ৰায়েলৰ ফৈদৰ মুখিয়াল কেইজনমানক নিযুক্ত কৰিলে। তেখেতসকল যিৰূচালেমত বাস কৰিলে৷
9 καὶ ἐνετείλατο πρὸς αὐτοὺς λέγων οὕτως ποιήσετε ἐν φόβῳ κυρίου ἐν ἀληθείᾳ καὶ ἐν πλήρει καρδίᾳ
তেওঁ তেখেতসকলক এই আজ্ঞা দিলে, বোলে, “তোমালোকে যিহোৱালৈ ভয় ৰাখি বিশ্বাসীৰূপে সিদ্ধ মনেৰে এইদৰে কাৰ্য কৰিবা:
10 πᾶς ἀνὴρ κρίσιν τὴν ἐλθοῦσαν ἐφ’ ὑμᾶς τῶν ἀδελφῶν ὑμῶν τῶν κατοικούντων ἐν ταῖς πόλεσιν αὐτῶν ἀνὰ μέσον αἵματος αἷμα καὶ ἀνὰ μέσον προστάγματος καὶ ἐντολῆς καὶ δικαιώματα καὶ κρίματα καὶ διαστελεῖσθε αὐτοῖς καὶ οὐχ ἁμαρτήσονται τῷ κυρίῳ καὶ οὐκ ἔσται ἐφ’ ὑμᾶς ὀργὴ καὶ ἐπὶ τοὺς ἀδελφοὺς ὑμῶν οὕτως ποιήσετε καὶ οὐχ ἁμαρτήσεσθε
১০ৰক্তপাতৰ বিষয়ে বা ব্যৱস্থা ও আজ্ঞাৰ বা বিধি ও শাসন-প্ৰণালীৰ বিষয়ে যি কোনো গোচৰ, নিজ নিজ নগৰত বাস কৰা তোমালোকৰ ভাইসকলৰ পৰা তোমালোকৰ গুৰিত উপস্থিত হ’ব, সেই বিষয়ে তোমালোকে সেই লোকসকলক উপদেশ দিবা যাতে তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে দোষী নহ’ব আৰু তোমালোকৰ ওপৰত আৰু তোমালোকৰ ভাইসকলৰ ওপৰত তাৰ কাৰণে যিহোৱাৰ ক্ৰোধ নাথাকিব; যদি তোমালোকে ইয়াকে কৰা তেতিয়া তোমালোক দোষী নহ’বা।
11 καὶ ἰδοὺ Αμαριας ὁ ἱερεὺς ἡγούμενος ἐφ’ ὑμᾶς εἰς πᾶν λόγον κυρίου καὶ Ζαβδιας υἱὸς Ισμαηλ ὁ ἡγούμενος εἰς οἶκον Ιουδα πρὸς πᾶν λόγον βασιλέως καὶ οἱ γραμματεῖς καὶ οἱ Λευῖται πρὸ προσώπου ὑμῶν ἰσχύσατε καὶ ποιήσατε καὶ ἔσται κύριος μετὰ τοῦ ἀγαθοῦ
১১চোৱা, যিহোৱাৰ সকলো বিচাৰত প্ৰধান পুৰোহিত অমৰীয়া আৰু ৰজাৰ আটাই বিচাৰত যিহূদা-বংশীয় অধ্যক্ষ ইশ্মায়েলৰ পুত্ৰ জবাদিয়াক তোমালোকৰ ওপৰত নিযুক্ত কৰা হৈছে৷ লেবীয়াসকলো তোমালোকৰ আগত শাসনকৰ্ত্তা হৈ থাকিব। তোমালোকে সাহসেৰে কাৰ্য কৰা আৰু যেন যিহোৱা সাধু লোকসকলৰ সংগী হওঁক।”

< Παραλειπομένων Βʹ 19 >