< Προς Τιμοθεον Β΄ 4 >

1 διαμαρτυρομαι ουν εγω ενωπιον του θεου και του κυριου ιησου χριστου του μελλοντος κρινειν ζωντας και νεκρους κατα την επιφανειαν αυτου και την βασιλειαν αυτου
মই ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুৰ দৃষ্টিত, যি জন জীৱিত আৰু মৃত লোকৰ ভাবী বিচাৰকৰ্তা, তেওঁৰ আবির্ভাৱ আৰু ৰাজ্যৰ শপত দি, মই তোমাক এই দৃঢ় আজ্ঞা দিওঁ -
2 κηρυξον τον λογον επιστηθι ευκαιρως ακαιρως ελεγξον επιτιμησον παρακαλεσον εν παση μακροθυμια και διδαχη
তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা; সম্পূর্ণ ধৈৰ্য আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা।
3 εσται γαρ καιρος οτε της υγιαινουσης διδασκαλιας ουκ ανεξονται αλλα κατα τας επιθυμιας τας ιδιας εαυτοις επισωρευσουσιν διδασκαλους κνηθομενοι την ακοην
কিয়নো লোক সমূহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজৰ চৌপাশে দ’মে দ’মে শিক্ষক কৰি ল’ব।
4 και απο μεν της αληθειας την ακοην αποστρεψουσιν επι δε τους μυθους εκτραπησονται
তেনেকুৱা লোকবোৰে সত্যৰ পৰা কাণ ঘূৰাই, পৌৰাণিক কথালৈ মনোযোগ দিব।
5 συ δε νηφε εν πασιν κακοπαθησον εργον ποιησον ευαγγελιστου την διακονιαν σου πληροφορησον
কিন্তু তুমি, সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবার্তা প্ৰচাৰকৰ কার্য কৰা, তোমাৰ পৰিচর্যা কর্ম সম্পূর্ণ কৰা।
6 εγω γαρ ηδη σπενδομαι και ο καιρος της εμης αναλυσεως εφεστηκεν
কিয়নো সম্প্ৰতি মই নৈবেদ্য স্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ সময় উপস্থিত হৈছে।
7 τον αγωνα τον καλον ηγωνισμαι τον δρομον τετελεκα την πιστιν τετηρηκα
মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ।
8 λοιπον αποκειται μοι ο της δικαιοσυνης στεφανος ον αποδωσει μοι ο κυριος εν εκεινη τη ημερα ο δικαιος κριτης ου μονον δε εμοι αλλα και πασιν τοις ηγαπηκοσιν την επιφανειαν αυτου
মোৰ বাবে যি ধাৰ্মিকতাৰূপ কিৰীটি সাঁচি ৰখা হৈছে, সেই কিৰীটি ধার্মিক বিচাৰকর্তা প্ৰভুৰ দ্ৱাৰা সেইদিনা মোক দিয়া হব; আৰু অকল মোকে নহয়, কিন্তু তেওঁৰ আবির্ভাৱক প্ৰেম কৰা সকলোকে দিব।
9 σπουδασον ελθειν προς με ταχεως
মোৰ ওচৰলৈ সোনকালে আহিবলৈ তুমি যত্ন কৰা;
10 δημας γαρ με εγκατελιπεν αγαπησας τον νυν αιωνα και επορευθη εις θεσσαλονικην κρησκης εις γαλατιαν τιτος εις δαλματιαν (aiōn g165)
১০কিয়নো দীমাই এই বর্তমান সংসাৰৰ প্ৰেমত পৰি, মোক ত্যাগ কৰি থিচলনীকীলৈ গ’ল; ক্ৰীষ্কেন্ত গালাতীয়ালৈ আৰু তীত দালমাতিয়ালৈ গ’ল। (aiōn g165)
11 λουκας εστιν μονος μετ εμου μαρκον αναλαβων αγε μετα σεαυτου εστιν γαρ μοι ευχρηστος εις διακονιαν
১১একমাত্ৰ লূকহে মোৰ লগত আছে। তুমি মাৰ্কক লগত লৈ আহিবা; কিয়নো পৰিচর্যা কর্মত তেওঁ মোৰ বাবে উপকাৰী।
12 τυχικον δε απεστειλα εις εφεσον
১২তুখিকক ইফিচলৈ পঠালোঁ।
13 τον φελονην ον απελιπον εν τρωαδι παρα καρπω ερχομενος φερε και τα βιβλια μαλιστα τας μεμβρανας
১৩ত্রোৱা নগৰত মই যি বৰ চোলাটো কার্পৰ হাতত এৰি আহিলোঁ, তুমি আহোতে সেই চোলাটো আৰু পুস্তকবোৰ, বিশেষকৈ ছালত লেখা পুস্তক আৰু সামগ্ৰীবোৰ লৈ আহিবা।
14 αλεξανδρος ο χαλκευς πολλα μοι κακα ενεδειξατο αποδωη αυτω ο κυριος κατα τα εργα αυτου
১৪আলেকজেন্দাৰ কঁহাৰে মোৰ অপকাৰ কৰিলে; তেওঁৰ কর্ম অনুসাৰে প্ৰভুৱে তেওঁক প্ৰতিফল দিব।
15 ον και συ φυλασσου λιαν γαρ ανθεστηκεν τοις ημετεροις λογοις
১৫তেওঁলৈ তুমিও সাৱধান হবা; কিয়নো তেওঁ অতিশয়ৰূপে আমাৰ বাক্যৰ প্ৰতিৰোধ কৰিছিল।
16 εν τη πρωτη μου απολογια ουδεις μοι συμπαρεγενετο αλλα παντες με εγκατελιπον μη αυτοις λογισθειη
১৬মই প্ৰথম বাৰ নিজৰ পক্ষে উত্তৰ দিয়াৰ সময়ত, কোনেও মোৰ ফলীয়া হৈ উপস্থিত নহল; সকলোৱে মোক ত্যাগ কৰিলে; এয়ে তেওঁলোকলৈ গনিত নহওক।
17 ο δε κυριος μοι παρεστη και ενεδυναμωσεν με ινα δι εμου το κηρυγμα πληροφορηθη και ακουση παντα τα εθνη και ερρυσθην εκ στοματος λεοντος
১৭কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা উদ্ধাৰ পালোঁ।
18 και ρυσεται με ο κυριος απο παντος εργου πονηρου και σωσει εις την βασιλειαν αυτου την επουρανιον ω η δοξα εις τους αιωνας των αιωνων αμην (aiōn g165)
১৮প্ৰভুৱে মোক সকলো দুষ্কর্মৰ পৰা উদ্ধাৰ কৰিব আৰু তেওঁৰ স্বৰ্গীয় ৰাজ্যৰ অর্থে ৰক্ষা কৰিব; তেওঁৰ মহিমা চিৰকাল হওক। আমেন। (aiōn g165)
19 ασπασαι πρισκαν και ακυλαν και τον ονησιφορου οικον
১৯তুমি প্ৰিষ্কা, আক্কিলাক আৰু অনীচিমৰ ঘৰ লোক সকলক মঙ্গলবাদ দিবা।
20 εραστος εμεινεν εν κορινθω τροφιμον δε απελιπον εν μιλητω ασθενουντα
২০ইৰাস্তচ কৰিন্থত থাকিল, কিন্তু ত্ৰফিম নৰিয়া পৰাত মই তেওঁক মিলীতত থৈ আহিলোঁ।
21 σπουδασον προ χειμωνος ελθειν ασπαζεται σε ευβουλος και πουδης και λινος και κλαυδια και οι αδελφοι παντες
২১তুমি জাৰ-কালিৰ আগেয়ে আহিবলৈ যত্ন কৰিবা। উবুল, পূদেন্ত, লীন, ক্লৌদিয়া ভনী আৰু সকলো ভাইয়ে তোমাক মঙ্গলবাদ কৰিছে।
22 ο κυριος ιησους χριστος μετα του πνευματος σου η χαρις μεθ υμων αμην
২২প্ৰভু তোমাৰ আত্মাৰ লগত থাকক। তোমালোকৰ সৈতে তেওঁৰ অনুগ্ৰহ থাকক। আমেন৷

< Προς Τιμοθεον Β΄ 4 >