< Psalm 23 >

1 Ein Psalm Davids. Der HERR ist mein Hirte; mir wird nichts mangeln.
যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।
2 Er weidet mich auf grüner Aue und führet mich zum frischen Wasser.
তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।
3 Er erquicket meine Seele; er führet mich auf rechter Straße um seines Namens willen.
তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়।
4 Und ob ich schon wanderte im finstern Tal, fürchte ich kein Unglück; denn du bist bei mir, dein Stecken und dein Stab trösten mich.
এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।
5 Du bereitest vor mir einen Tisch im Angesicht meiner Feinde. Du salbest mein Haupt mit Öl und schenkest mir voll ein.
তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে।
6 Gutes und Barmherzigkeit werden mir folgen mein Leben lang, und ich werde bleiben im Hause des HERRN immerdar.
অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব, আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।

< Psalm 23 >