< Psalm 93 >

1 Der Herr ist König, angetan mit Hoheit. Mit Macht bekleidet sei der Herr, gegürtet! Dann steht die Welt da ohne Wanken.
যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত; যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে; জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
2 Dein Thron steht wieder da wie einst. Du bist dann wie vor alters.
তোমাৰ সিংহাসন পূৰ্বৰে পৰা স্থাপন কৰা হ’ল; তুমি অনাদি কালৰে পৰা বিদ্যমান।
3 Erheben Ströme, Herr, erheben Ströme ihr Gebraus, erheben Ströme ihr Getöse,
হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে, নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে; নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।
4 viel stärker noch als vieler Wasser Tosen ist die Meeresbrandung; doch mächtiger der Herr in Himmelshöhen!
মহা জল সমূহৰ কল্লোল ধ্বনিতকৈয়ো, সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।
5 So bleibt, was Du verordnest, gültig. Wir wollen in Dein heilig Haus noch lange wallen, Herr.
তোমাৰ আজ্ঞাবোৰ অতি বিশ্বাসযোগ্য; হে যিহোৱা চিৰদিনৰ কাৰণে পবিত্ৰতা তোমাৰ গৃহৰ শোভা।

< Psalm 93 >