< Matthew 20 >

1 “For the Kingdom of Heaven is like a man who was the master of a household, who went out early in the morning to hire laborers for his vineyard.
“স্বৰ্গৰাজ্য এজন গৰাকীৰ নিচিনা৷ তেওঁ এদিন নিজৰ দ্ৰাক্ষাবাৰীৰ কামৰ বাবে অতি ৰাতিপুৱাতে বনুৱা সকলক বিচাৰি ওলাই গ’ল।
2 When he had agreed with the laborers for a denarius a day, he sent them into his vineyard.
তেওঁ এক একদীনাৰ দিবলৈ বনুৱা সকলৰ সৈতে বন্দবস্ত কৰি সিহঁতক দ্ৰাক্ষাবাৰীলৈ পঠাই দিলে।
3 He went out about the third hour, and saw others standing idle in the marketplace.
প্রায় নটা বজাত তেওঁ আকৌ ওলাই গ’ল আৰু আন কিছুমান বনুৱাক বজাৰত তেতিয়াও থিয় হৈ থকা দেখি তেওঁ সিহঁতক ক’লে,
4 He said to them, ‘You also go into the vineyard, and whatever is right I will give you.’ So they went their way.
‘তোমালোকেও মোৰ দ্ৰাক্ষাবাৰীলৈ কাম কৰিবলৈ যোৱা। তোমালোককো মই উচিত মজুৰী দিম।’ তেতিয়া সিহঁতেও কাম কৰিবলৈ গ’ল।
5 Again he went out about the sixth and the ninth hour, and did likewise.
আকৌ প্রায় বাৰটা আৰু তাৰ পাছত তিনিটা বজাত তেওঁ ওলাই গৈ, সেই একেদৰেই কৰিলে।
6 About the eleventh hour he went out and found others standing idle. He said to them, ‘Why do you stand here all day idle?’
পুণৰ প্রায় পাঁচ মান বজাত তেওঁ ওলাই গৈ আন কেইজনমান বনুৱাক থিয় হৈ থকা দেখি সিহঁতক সুধিলে, ‘তোমালোকে একো কাম নকৰাকৈ গোটেই দিনতো ইয়াত কিয় থিয় হৈ আছা?
7 “They said to him, ‘Because no one has hired us.’ “He said to them, ‘You also go into the vineyard, and you will receive whatever is right.’
সিহঁতে তেওঁক ক’লে, ‘কোনেও আমাক কামত লগোৱা নাই।’ তেতিয়া তেওঁ সিহঁতক ক’লে, ‘তোমালোকো মোৰ দ্ৰাক্ষাবাৰীৰ কামলৈ যোৱা।’
8 “When evening had come, the lord of the vineyard said to his manager, ‘Call the laborers and pay them their wages, beginning from the last to the first.’
পাছত গধূলি সময়ত, সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে নিজৰ কর্মচাৰীক ক’লে, ‘বনুৱা সকলক মাতি শেষৰ জনৰ পৰা আৰম্ভ কৰি, প্ৰথম জনলৈকে প্রত্যেককে মজুৰী দিয়া।’
9 “When those who were hired at about the eleventh hour came, they each received a denarius.
পাঁচ মান বজাত যি সকলক বনুৱাক কামত লগোৱা হৈছিল, সিহঁতে আহি এক দীনাৰকৈপালে।
10 When the first came, they supposed that they would receive more; and they likewise each received a denarius.
১০তাতে যি সকল বনুৱাক প্ৰথমে কামত লগোৱা হৈছিল, সিহঁতে বেচিকৈ মজুৰী পাব বুলি মনে মনে ভাবিলে; কিন্তু সিহঁতেও এক একদীনাৰহে পালে।
11 When they received it, they murmured against the master of the household,
১১সিহঁতে নিজৰ মজুৰী পোৱাৰ পাছত গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰি ক’লে,
12 saying, ‘These last have spent one hour, and you have made them equal to us who have borne the burden of the day and the scorching heat!’
১২“আমি গোটেই দিনটো ৰ’দৰ তাপত কাম কৰিলোঁ; কিন্তু এই শেষত অহা বনুৱা সকলে মাত্ৰ এঘন্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে।”
13 “But he answered one of them, ‘Friend, I am doing you no wrong. Didn’t you agree with me for a denarius?
১৩তেতিয়া গৰাকীয়ে সিহঁতৰ মাজৰ এজনক উত্তৰ দিলে, “বন্ধু, মই তোমালোকৰ ওপৰত একো অন্যায় কৰা নাই; তোমালোকে জানো মোৰ লগত এক দীনাৰত কাম কৰিবলৈ বন্দবস্ত কৰা নাছিলা?
14 Take that which is yours, and go your way. It is my desire to give to this last just as much as to you.
১৪তোমালোকক যিমান দিছোঁ, এই শেষৰ কেইজনকো সিমান দিবলৈ মোৰ ইচ্ছা; নিজৰ পাবলগীয়াখিনি লৈ তোমালোক গুচি যোৱা৷
15 Isn’t it lawful for me to do what I want to with what I own? Or is your eye evil, because I am good?’
১৫যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই উত্তম কৰ্ম কৰা বাবে তোমালোকৰ চকু পুৰিছে?
16 So the last will be first, and the first last. For many are called, but few are chosen.”
১৬এইদৰে পাছ হোৱা সকল আগ হ’ব আৰু আগ হোৱা সকল পাছ হ’ব।”
17 As Jesus was going up to Jerusalem, he took the twelve disciples aside, and on the way he said to them,
১৭তাৰ পাছত যীচু যিৰূচালেমলৈ যোৱাৰ পথত, বাৰ জন শিষ্যক একাষৰীয়া কৰি মাতি নি ক’লে,
18 “Behold, we are going up to Jerusalem, and the Son of Man will be delivered to the chief priests and scribes, and they will condemn him to death,
১৮“চোৱা, আমি যিৰূচালেমলৈ গৈ আছোঁ; তাত মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হ’ব; তাতে তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিব;
19 and will hand him over to the Gentiles to mock, to scourge, and to crucify; and the third day he will be raised up.”
১৯তেওঁলোকে তেওঁক বিদ্রূপ কৰিবৰ কাৰণে চাবুকেৰে কোবাবলৈ আৰু ক্রুচত দিবলৈ অনা-ইহুদী সকলৰ হাতত শোধাই দিব; কিন্তু তিন দিনৰ দিনা তেওঁক তোলা হ’ব।”
20 Then the mother of the sons of Zebedee came to him with her sons, kneeling and asking a certain thing of him.
২০তাৰ পাছত চিবদিয়ৰ পুতেক দুজনক সিহঁতৰ মাকে লগত লৈ যীচুৰ ওচৰলৈ আহিল আৰু প্ৰণিপাত কৰি তেওঁৰ ওচৰত যাচনা কৰিলে।
21 He said to her, “What do you want?” She said to him, “Command that these, my two sons, may sit, one on your right hand and one on your left hand, in your Kingdom.”
২১তেতিয়া যীচুৱে তেওঁক সুধিলে “তুমি কি বিচাৰি আহিছা?” তেওঁ যীচুক ক’লে, “আপুনি এই আদেশ দিয়ক যেন আপোনাৰ ৰাজ্যত মোৰ এই দুটা পুত্ৰৰ এটাই আপোনাৰ সোঁ হাতে, আনটোৱে বাওঁহাতে বহিবলৈ পায়।”
22 But Jesus answered, “You don’t know what you are asking. Are you able to drink the cup that I am about to drink, and be baptized with the baptism that I am baptized with?” They said to him, “We are able.”
২২যীচুৱে উত্তৰ দি ক’লে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰিবলৈ গৈছোঁ, তোমোলোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে?” তেওঁলোকে তেওঁক ক’লে ‘পাৰিম’।
23 He said to them, “You will indeed drink my cup, and be baptized with the baptism that I am baptized with; but to sit on my right hand and on my left hand is not mine to give, but it is for whom it has been prepared by my Father.”
২৩তেওঁ তেওঁলোকক ক’লে, “তোমালোকে মোৰ পান-পাত্ৰত পান কৰিবা হয়, কিন্তু মোৰ সোঁ হাতে আৰু বাওঁহাতে বহিবলৈ দিবৰ বাবে মোৰ ক্ষমতা নাই৷ মোৰ পিতৃয়ে যি লোক সকলৰ কাৰণে ইয়াক যুগুত কৰি ৰাখিছে, তেওঁলোককহে দিয়া হ’ব।”
24 When the ten heard it, they were indignant with the two brothers.
২৪এই কথা শুনি আন দহ জন শিষ্যই এই দুজন ভাই-ককায়েকৰ প্ৰতি অসন্তুষ্ট হ’ল।
25 But Jesus summoned them, and said, “You know that the rulers of the nations lord it over them, and their great ones exercise authority over them.
২৫তেতিয়া যীচুৱে শিষ্য সকলক মাতি ক’লে, “তোমালোকে এই কথা জানা যে, অনা-ইহুদী সকলৰ শাসনকৰ্তা সকলে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে, আৰু নেতা সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়।
26 It shall not be so among you; but whoever desires to become great among you shall be your servant.
২৬তোমালোকৰ মাজত তেনে হোৱা উচিত নহয়; তোমালোকৰ মাজত যি কোনোৱে মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ সেৱাকাৰী হওক৷
27 Whoever desires to be first among you shall be your bondservant,
২৭যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ দাস হওক,
28 even as the Son of Man came not to be served, but to serve, and to give his life as a ransom for many.”
২৮মানুহৰ পুত্ৰই সেৱা-শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল৷”
29 As they went out from Jericho, a great multitude followed him.
২৯পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিৰীহো নগৰৰ পৰা ওলাই যাওঁতে, অনেক লোক যীচুৰ পাছে পাছে গ’ল।
30 Behold, two blind men sitting by the road, when they heard that Jesus was passing by, cried out, “Lord, have mercy on us, you son of David!”
৩০তাতে বাটৰ কাষত দুজন অন্ধ বহি আছিল; যীচু সেই বাটেদি যোৱা শুনি সিহঁতে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান আমাক দয়া কৰক”।
31 The multitude rebuked them, telling them that they should be quiet, but they cried out even more, “Lord, have mercy on us, you son of David!”
৩১কিন্তু সিহঁতক মনে মনে থাকিবলৈ লোক সকলে ডবিয়ালে; কিন্তু সিহঁতে তেতিয়া পুনৰ বৰকৈ চিঞৰিহে ক’লে, “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক”।
32 Jesus stood still and called them, and asked, “What do you want me to do for you?”
৩২তেতিয়া যীচু থমকি ৰ’ল আৰু সিহঁতক মাতি সুধিলে, “তোমালোকে কি বিচাৰা? মই তোমালোকৰ কাৰণে কি কৰিম?”
33 They told him, “Lord, that our eyes may be opened.”
৩৩সিহঁতে যীচুক ক’লে, “হে প্ৰভু, আমাৰ চকু মুকলি কৰক।”
34 Jesus, being moved with compassion, touched their eyes; and immediately their eyes received their sight, and they followed him.
৩৪তেতিয়া সিহঁতলৈ মৰম লাগি যীচুৱে সিহঁতৰ চকু চুলে; তেতিয়াই সিহঁতে দেখা পালে আৰু তেওঁৰ পাছে পাছে গ’ল।

< Matthew 20 >