< 2 Kings 2 >

1 When the LORD was about to take Elijah up by a whirlwind into heaven, Elijah went with Elisha from Gilgal.
যিহোৱাই যেতিয়া এলিয়াক ঘূর্ণিবতাহৰ দ্বাৰাই স্বৰ্গলৈ তুলি নিব বিচাৰিছিল, তেতিয়া এলিয়া আৰু ইলীচাই গিলগলৰ পৰা ওলাই গৈছিল।
2 Elijah said to Elisha, “Please wait here, for the LORD has sent me as far as Bethel.” Elisha said, “As the LORD lives, and as your soul lives, I will not leave you.” So they went down to Bethel.
এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; যিহোৱাই মোক বৈৎএললৈ পঠাইছে।” কিন্তু ইলীচাই তেওঁক ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক বৈৎএললৈ নামি গ’ল।
3 The sons of the prophets who were at Bethel came out to Elisha, and said to him, “Do you know that the LORD will take away your master from over you today?” He said, “Yes, I know it. Hold your peace.”
বৈৎএলত থকা শিষ্য ভাববাদীসকলৰ এটা দলে ইলীচাৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই যে আজি আপোনাৰ গুৰুক আপোনাৰ ওচৰৰ পৰা লৈ যাব, সেই বিষয়ে আপুনি জানেনে?” ইলীচাই উত্তৰ দিলে, “হয়, মই জানো; কিন্তু তোমালোকে এই বিষয়ে একোকে নকবা।”
4 Elijah said to him, “Elisha, please wait here, for the LORD has sent me to Jericho.” He said, “As the LORD lives, and as your soul lives, I will not leave you.” So they came to Jericho.
তাৰ পাছত এলিয়াই তেওঁক ক’লে, “ইলীচা, তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যিৰীহোলৈ পঠাইছে।” কিন্তু ইলীচাই ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক যিৰীহোলৈ গ’ল।
5 The sons of the prophets who were at Jericho came near to Elisha, and said to him, “Do you know that the LORD will take away your master from over you today?” He answered, “Yes, I know it. Hold your peace.”
যিৰীহোত থকা শিষ্য ভাববাদী ইলীচাৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই যে আজি আপোনাৰ গুৰুক আপোনাৰ ওচৰৰ পৰা লৈ যাব, সেই বিষয়ে আপুনি জানেনে?” ইলীচাই উত্তৰ দিলে, “হয়, মই জানো; কিন্তু এই বিষয়ে তোমালোকে একোকে নকবা।”
6 Elijah said to him, “Please wait here, for the LORD has sent me to the Jordan.” He said, “As the LORD lives, and as your soul lives, I will not leave you.” Then they both went on.
তাৰ পাছত এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যৰ্দ্দনলৈ পঠাইছে।” ইলীচাই উত্তৰ দিলে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” সেয়ে তেওঁলোক দুয়ো যাবলৈ ধৰিলে।
7 Fifty men of the sons of the prophets went and stood opposite them at a distance; and they both stood by the Jordan.
এলিয়া আৰু ইলীচা দুয়ো যৰ্দ্দন নদীৰ পাৰত গৈ ৰ’ল আৰু তেওঁলোকৰ পৰা কিছু দূৰৈত পঞ্চাশজন শিষ্য ভাববাদী আহি থিয় হ’ল।
8 Elijah took his mantle, and rolled it up, and struck the waters; and they were divided here and there, so that they both went over on dry ground.
এলিয়াই নিজৰ গাৰ চাদৰখন নুৰিয়াই লৈ যৰ্দনৰ পানীত কোবালে; তাতে পানী দুয়োফালে দুভাগ হৈ গ’ল আৰু তেওঁলোক দুজন শুকান মাটিৰ ওপৰেদি পাৰ হৈ গ’ল।
9 When they had gone over, Elijah said to Elisha, “Ask what I shall do for you, before I am taken from you.” Elisha said, “Please let a double portion of your spirit be on me.”
পাৰ হৈ যোৱাৰ পাছত এলিয়াই ইলীচাক ক’লে, “মোক কোৱা, তোমাৰ ওচৰৰ পৰা মোক তুলি নিয়াৰ আগেয়ে মই তোমাৰ কাৰণে কি কৰিম?” ইলীচাই উত্তৰত ক’লে, “মিনতি কৰোঁ, আপোনাৰ আত্মাৰ ক্ষমতাৰ দুগুণ আত্মা যেন মই পাওঁ।”
10 He said, “You have asked a hard thing. If you see me when I am taken from you, it will be so for you; but if not, it will not be so.”
১০এলিয়াই ক’লে, “তুমি এক জটিল বিষয় বিচাৰিলা। তথাপিও তোমাৰ ওচৰৰ পৰা মোক লৈ যোৱাৰ সময়ত যদি তুমি মোক দেখা পোৱা, তেন্তে তুমি তাক পাবা; যদি দেখা নোপোৱা, তেন্তে নাপাবা।”
11 As they continued on and talked, behold, a chariot of fire and horses of fire separated them; and Elijah went up by a whirlwind into heaven.
১১তেওঁলোকে এইদৰে কথা পাতি গৈ থাকোঁতেই, হঠাৎ এখন অগ্নিময় ৰথ আৰু অগ্নিময় কিছুমান ঘোঁৰা আহি তেওঁলোক দুজনক পৃথক কৰি দিলে, আৰু এক ঘূর্ণিবতাহত এলিয়া স্বৰ্গলৈ উঠি গুছি গ’ল।
12 Elisha saw it, and he cried, “My father, my father, the chariots of Israel and its horsemen!” He saw him no more. Then he took hold of his own clothes and tore them in two pieces.
১২ইলীচাই তাকে দেখি চিঞঁৰি উঠিল, “মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকল!” তাৰ পিছত ইলীচাই এলিয়াক পুনৰ দেখা নাপালে। তেতিয়া তেওঁ নিজৰ কাপোৰ ধৰি ফালি দুডোখৰ কৰিলে।
13 He also took up Elijah’s mantle that fell from him, and went back and stood by the bank of the Jordan.
১৩তাৰ পাছত এলিয়াৰ গাৰ পৰা পৰি যোৱা চাদৰখন তুলি লৈ তেওঁ উলটি আহি যৰ্দ্দনৰ তীৰত থিয় হ’ল।
14 He took Elijah’s mantle that fell from him, and struck the waters, and said, “Where is the LORD, the God of Elijah?” When he also had struck the waters, they were divided apart, and Elisha went over.
১৪এলিয়াৰ গাৰ পৰা পৰি যোৱা সেই চাদৰখনেৰে তেওঁ পানীত আঘাত কৰি ক’লে, “এলিয়াৰ ঈশ্বৰ যিহোৱা ক’ত?” যেতিয়া তেওঁ পানীত আঘাত কৰিলে, তেতিয়া পানী দুয়োকাষে দুভাগ হ’ল আৰু ইলীচা পাৰ হৈ গ’ল।
15 When the sons of the prophets who were at Jericho facing him saw him, they said, “The spirit of Elijah rests on Elisha.” They came to meet him, and bowed themselves to the ground before him.
১৫যিৰীহোৰ শিষ্য ভাববাদীসকলৰ দলটোৱে যেতিয়া ইলীচাক দেখা পালে, তেতিয়া তেওঁলোকে ক’লে, “এলিয়াৰ আত্মা ইলীচাৰ ওপৰত স্থিতি লৈছে!” সেইবাবে, তেওঁলোকে ইলীচাক সাক্ষাৎ কৰিবলৈ আহিল আৰু তেওঁৰ সন্মুখত মাটিত উবুৰি হৈ পৰি প্ৰণিপাত কৰিলে।
16 They said to him, “See now, there are with your servants fifty strong men. Please let them go and seek your master. Perhaps the LORD’s Spirit has taken him up, and put him on some mountain or into some valley.” He said, “Don’t send them.”
১৬তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ দাসবোৰৰ মাজত ইয়াত পঞ্চাশজন শক্তিশালী লোক আছে। বিনয় কৰোঁ, তেওঁলোকক আপোনাৰ গুৰুক বিচাৰি যাবলৈ অনুমতি দিয়ক; হয়তো যিহোৱাৰ আত্মাই তেওঁক তুলি লৈ গৈ কোনো পৰ্ব্বত নাইবা কোনো উপত্যকাত পেলাই গৈছে।” কিন্তু ইলীচাই ক’লে, “নহয়! তেওঁলোকৰ কাকো পঠাব নালাগে।”
17 When they urged him until he was ashamed, he said, “Send them.” Therefore they sent fifty men; and they searched for three days, but didn’t find him.
১৭কিন্তু ভাৱবাদীসকলৰ শিষ্যৰ দলটোৱে ইলীচাক মিনতি কৰি থকাত, তেওঁ লাজ পাই ক’লে, “ঠিক আছে, পঠাই দিয়া।” তাতে তেওঁলোকে পঞ্চাশজন লোকক পঠাই দিলে আৰু সেই পঞ্চাশজনে তিনি দিন ধৰি বিচৰা পাছতো এলিয়াক নাপালে।
18 They came back to him while he stayed at Jericho; and he said to them, “Didn’t I tell you, ‘Don’t go’?”
১৮ইলীচা যিৰীহোত থকাৰ সময়তে তেওঁলোক তেওঁৰ ওচৰলৈ উলটি আহিল; ইলীচাই তেওঁলোকক ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘নাযাবা বুলি’?”
19 The men of the city said to Elisha, “Behold, please, the situation of this city is pleasant, as my lord sees; but the water is bad, and the land is barren.”
১৯এদিন নগৰৰ লোকসকলে ইলীচাক ক’লে, “মহাশয়, আপুনিতো দেখিছেই যে এক সুন্দৰ অৱস্থানত এই নগৰখন আছে। কিন্তু ইয়াৰ পানী বিশুদ্ধ নহয় আৰু ভূমিয়েও ভাল শস্য উৎপন্ন নকৰে।”
20 He said, “Bring me a new jar, and put salt in it.” Then they brought it to him.
২০ইলীচাই ক’লে, “আপোনালোকে এটা নতুন পাত্রত অলপ নিমখ লৈ মোৰ ওচৰলৈ আহক।” লোকসকলেও সেইদৰেই ইলীচাৰ ওচৰলৈ আনি দিলে।
21 He went out to the spring of the waters, and threw salt into it, and said, “The LORD says, ‘I have healed these waters. There shall not be from there any more death or barren wasteland.’”
২১তেতিয়া ইলীচাই সেইখিনি লৈ পানীৰ ভুমুকৰ কাষলৈ ওলাই গ’ল আৰু তাত লোণখিনি পেলাই দি ক’লে, “যিহোৱাই এইদৰে কৈছে, ‘মই এই পানী বিশুদ্ধ কৰিলোঁ; এতিয়াৰ পৰা এই পানী খাই কাৰো মৃত্যু নহ’ব আৰু ভূমিৰ উৎপাদন শস্যও নষ্ট নহ’ব’।”
22 So the waters were healed to this day, according to Elisha’s word which he spoke.
২২এনেদৰে ইলীচাৰ কথামতে সেই পানী বিশুদ্ধ হৈ আজি পর্যন্ত তেনেদৰে আছে।
23 He went up from there to Bethel. As he was going up by the way, some youths came out of the city and mocked him, and said to him, “Go up, you baldy! Go up, you baldy!”
২৩পাছত ইলীচা তাৰ পৰা বৈৎএললৈ গ’ল। তেওঁ ওপৰলৈ উঠি গৈ থাকোতে বাটত কিছুমান সৰু ল’ৰাই নগৰৰ পৰা ওলাই আহি তেওঁক বিদ্রূপ কৰি ক’বলৈ ধৰিলে, “ঐ তপামূৰা, সোনকালে সোনকালে উঠি যা; তপামূৰা!”
24 He looked behind him and saw them, and cursed them in the LORD’s name. Then two female bears came out of the woods and mauled forty-two of those youths.
২৪তেতিয়া ইলীচাই পাছফালে ঘূৰি সিহঁতৰ ফালে চাই যিহোৱাৰ নামেৰে সিহঁতক শাও দিলে; তেতিয়া বননিৰ পৰা হঠাৎ দুজনী ভালুক ওলাই আহিল আৰু সিহঁতৰ মাজৰ বিয়াল্লিশটা ল’ৰাক ক্ষত-বিক্ষত কৰিলে।
25 He went from there to Mount Carmel, and from there he returned to Samaria.
২৫তাৰ পাছত তেওঁ সেই ঠাইৰ পৰা কৰ্মিল পৰ্ব্বতলৈ গ’ল, আৰু তাৰ পৰা চমৰিয়ালৈ উভটি গ’ল।

< 2 Kings 2 >