< John 7 >

1 After these things Jesus walked in Galilee: for he would not walk in Judaea, because the Jews sought to kill him.
তাৰ পাছত যীচুৱে গালীল প্রদেশৰ ভিন ভিন ঠাইত ঘূৰি ফুৰিলে। ইহুদী সকলে তেওঁক বধ কৰিবলৈ সুযোগ বিচাৰি থকা বাবে যীচুৱে যিহুদীয়া প্রদেশলৈ যাবলৈ ইচ্ছা নকৰিলে।
2 Now the Jews’ feast of tabernacles was at hand.
তেতিয়া ইহুদী সকলৰ পঁজা-পৰ্বৰ সময় প্রায় ওচৰ চাপিছিল।
3 His brethren therefore said to him, Depart from here, and go into Judaea, that thy disciples also may see the works that thou doest.
সেই কাৰণতে যীচুৰ ভায়েকহঁতে তেওঁক ক’লে, “তুমি যি যি কাম কৰিছা, সেইবোৰ তোমাৰ শিষ্য সকলে দেখা পাবৰ বাবে তুমিও এই ঠাই এৰি যিহুদীয়ালৈ যোৱা৷
4 For there is no man that doeth any thing in secret, and he himself seeketh to be known openly. If thou doest these things, show thyself to the world.
যদি কোনোবাই নিজে জনাজাত হ’ব বিচাৰে, তেনেহলে তেওঁ গোপনে একো নকৰে। তুমি যেতিয়া এইবোৰ কামকে কৰা, তেনেহলে জগতৰ সন্মুখত নিজকে দেখুউৱা।”
5 For neither did his brethren believe in him.
কিয়নো তেওঁৰ ভায়েক সকলে তেওঁত বিশ্বাস কৰা নাছিল।
6 Then Jesus said to them, My time is not yet come: but your time is always ready.
সেয়ে যীচুৱে তেওঁলোকক ক’লে, “মোৰ নিৰূপিত সময় এতিয়াও অহা নাই, কিন্তু তোমালোকৰ সময় সদায় আছে।
7 The world cannot hate you; but me it hateth, because I testify concerning it, that its works are evil.
জগতে তোমালোকক ঘৃণা কৰিব নোৱাৰে; মোকহে ঘৃণা কৰে; কিয়নো মই জগতৰ বিষয়ে এই সাক্ষ্য দিওঁ যে, জগতৰ সকলো কাম মন্দ।
8 Go ye up to this feast: I go not up yet to this feast; for my time is not yet full come.
তোমালোকে পৰ্বলৈ যোৱা; মোৰ সময় এতিয়াও পূর্ণ হোৱা নাই, সেয়ে মই এতিয়া পর্বলৈ নাযাওঁ।”
9 When he had said these words to them, he abode still in Galilee.
তেওঁলোকক এইবোৰ কথা কোৱাৰ পাছত যীচু গালীল প্ৰদেশতে থাকি গ’ল।
10 But when his brethren had gone up, then he went also to the feast, not openly, but as it were in secret.
১০তেওঁৰ ভায়েক সকল পর্বলৈ গ’ল আৰু পাছত তেৱোঁ তালৈ গ’ল। কিন্তু তেওঁ মুকলিকৈ যোৱা নাছিল, গোপনে গ’ল।
11 Then the Jews sought him at the feast, and said, Where is he?
১১পৰ্বৰ সময়ত ইহুদী সকলে যীচুক বিচাৰি সোধা-সুধি কৰিলে, “সেই মানুহ জন ক’ত আছে?”
12 And there was much murmuring among the people concerning him: for some said, He is a good man: others said, Nay; but he deceiveth the people.
১২লোক সকলৰ মাজত যীচুৰ বিষয়ে নানা ধৰণৰ আলোচনা হবলৈ ধৰিলে। কোনো কোনোৱে ক’লে, “তেওঁ এজন ভাল মানুহ।” আন কিছুমানে আকৌ ক’লে, “নহয়, নহয়, তেওঁ লোক সকলক ভুল পথত লৈ গৈছে।”
13 Yet no man spoke openly of him for fear of the Jews.
১৩কিন্তু ইহুদী সকলৰ ভয়ত তেওঁৰ বিষয়ে কোনেও মুকলিকৈ একো কথা নক’লে।
14 Now about the midst of the feast Jesus went up into the temple, and taught.
১৪যেতিয়া পৰ্বৰ আধা সময় পাৰ হ’ল, তেতিয়া যীচুৱে মন্দিৰলৈ গৈ উপদেশ দিবলৈ আৰম্ভ কৰিলে।
15 And the Jews marvelled, saying, How knoweth this man letters, having never learned?
১৫তাতে ইহুদী সকলে অতিশয় আচৰিত হৈ ক’লে, “এই লোক জনে কেতিয়াও কোনো শিক্ষা নোলোৱাকৈ ইমানবোৰ ধর্ম কথা কেনেকৈ জানিলে?”
16 Jesus answered them, and said, My doctrine is not mine, but his that sent me.
১৬যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনৰহে।”
17 If any man will do his will, he shall know concerning the doctrine, whether it is from God, or whether I speak from myself.
১৭যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ বিচাৰে, তেনেহলে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছোঁ।
18 He that speaketh from himself seeketh his own glory: but he that seeketh his glory that sent him, the same is true, and no unrighteousness is in him.
১৮যি জনে নিজৰ পৰা কথা কয়, তেওঁ নিজৰ মৰ্যদা বিচাৰে; কিন্তু কোনো জনে যদি পঠোৱা জনৰ গৌৰৱ বিচাৰে, তেনেহলে তেওঁ সত্য, আৰু তেওঁৰ ভিতৰত একো অসাধুতা নাই।
19 Did not Moses give you the law, and yet none of you keepeth the law? Why go ye about to kill me?
১৯মোচিয়ে জানো আপোনালোকক বিধান দিয়া নাই? কিন্তু আপোনালোকৰ কোনেও যে সেই বিধান পালন নকৰে। আপোনালোকে মোক কিয় বধ কৰিবলৈ বিচাৰিছে?
20 The people answered and said, Thou hast a demon: who goeth about to kill thee?
২০লোক সকলে উত্তৰ দিলে, “তোমাক ভূতে পাইছে; তোমাক কোনে বধ কৰিবলৈ বিচাৰিছে?”
21 Jesus answered and said to them, I have done one work, and ye all marvel.
২১যীচুৱে উত্তৰত তেওঁলোকক ক’লে, “মই এটা কাম কৰিলোঁ, তাতে আপোনালোক সকলোৱে বিস্ময় মানিছে।
22 Moses therefore gave to you circumcision; ( not because it is from Moses, but from the fathers; ) and ye on the sabbath circumcise a man.
২২মোচিয়ে আপোনালোকক চুন্নৎ কৰাৰ ৰীতি দিলে আৰু আপোনালোকে বিশ্রামবাৰেও শিশু সকলৰ চুন্নৎ কৰে। (মূলত: এই বিধান মোচিৰ পৰা নহয়, কিন্তু পিতৃপুৰুষ সকলৰ পৰাহে আহিছে);
23 If a man on the sabbath receiveth circumcision, that the law of Moses should not be broken; are ye angry at me, because I have restored a man to sound health on the sabbath?
২৩মোচিৰ বিধান যেন উলঙ্ঘন কৰা নহয়, এই যুক্তিতে যদি বিশ্ৰাম বাৰেও মানুহৰ চুন্নৎ কৰা হয়, তেনেহলে মই বিশ্ৰামবাৰে এজন মানুহক সম্পূর্ণভাৱে সুস্থ কৰিলোঁ কাৰণে আপোনালোকৰ মোৰ ওপৰত কিয় খং উঠিছে?
24 Judge not according to the appearance, but judge righteous judgment.
২৪উপৰুৱাকৈ চাই বিচাৰ নকৰিব, বৰং ন্যায়-বিচাৰ কৰক।”
25 Then said some of them of Jerusalem, Is not this he, whom they seek to kill?
২৫তেতিয়া যিৰূচালেমৰ কেইজনমান লোকে ক’লে, “যি জনক তেওঁলোকে বধ কৰিবলৈ বিচাৰিছে, এৱেঁই জানো সেই জন নহয়?
26 But, lo, he speaketh boldly, and they say nothing to him. Do the rulers know indeed that this is the very Christ?
২৬কিন্তু চোৱা, এওঁতো মুকলিকৈ কথা কৈ আছে, তথাপি তেওঁলোকে এওঁক একো কোৱা নাই। তেনেহলে, এনে হব পাৰে নেকি, শাসনকর্তা সকলে সঁচাই জানিব পাৰিছে যে এই লোক জনেই খ্ৰীষ্ট?
27 But we know this man where he is from: but when Christ cometh, no man knoweth where he is from.
২৭এওঁ ক’ৰ পৰা আহিছে, তাক আমি জানো; কিন্তু খ্ৰীষ্ট আহিলে, কোনেও নাজানিব, তেওঁ ক’ৰ পৰা আহিছে।”
28 Then cried Jesus in the temple as he taught, saying, Ye both know me, and ye know where I am from: and I am not come of myself, but he that sent me is true, whom ye know not.
২৮তেতিয়া যীচুৱে মন্দিৰত শিক্ষা দিলে আৰু উচ্চস্বৰে ক’লে, “আপোনালোকে মোক জানে আৰু মই ক’ৰ পৰা আহিছোঁ, সেই বিষয়েও জানে৷ মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যি জনে মোক পঠালে, তেওঁ সত্য; তেওঁক আপোনালোকে নাজানে।
29 But I know him: for I am from him, and he hath sent me.
২৯মই হ’লে তেওঁক জানো; কিয়নো মই তেওঁৰ পৰা আহিছোঁ আৰু তেৱেঁই মোক পঠিয়ালে।”
30 Then they sought to take him: but no man laid hands on him, because his hour was not yet come.
৩০তাতে সেই লোক সকলে তেওঁক ধৰিবলৈ উপায় বিচাৰিলে; তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে; কিয়নো তেতিয়া তেওঁৰ সময় হোৱা নাছিল।
31 And many of the people believed on him, and said, When Christ cometh, will he do more miracles than these which this man hath done?
৩১কিন্তু লোক সকলৰ অনেকে তেওঁত বিশ্বাস কৰিলে। তেওঁলোকে ক’লে, “এই লোক জনে অনেক আচৰিত কাম কৰিছে। কিন্তু খ্ৰীষ্ট যেতিয়া আহিব, তেতিয়া তেওঁ এওঁতকৈ অধিক আচৰিত চিনৰ কার্য কৰিব নেকি?”
32 The Pharisees heard that the people murmured such things concerning him; and the Pharisees and the chief priests sent officers to take him.
৩২লোক সকলে যে যীচুৰ বিষয়ে এনেবোৰ কথা কোৱা-কুই কৰি আছে, সেই বিষয়ে ফৰীচী সকলে শুনিবলৈ পালে। তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁক বন্দী কৰিবলৈ বিষয়া সকলক পঠিয়াই দিলে।
33 Then said Jesus to them, Yet a little while am I with you, and then I go to him that sent me.
৩৩যীচুৱে ক’লে, “মই অলপ কালহে আপোনালোকৰ লগত আছোঁ। তাৰ পাছত যি জনে মোক পঠিয়াইছে, মই তেওঁৰ ওচৰলৈ যাম।
34 Ye shall seek me, and shall not find me: and where I am, there ye cannot come.
৩৪আপোনালোকে মোক বিচাৰিব, কিন্তু নাপাব; আৰু মই যি ঠাইলৈ যাম, আপোনালোক তালৈ যাব নোৱাৰিব।”
35 Then said the Jews among themselves, Where will he go, that we shall not find him? will he go to the dispersed among the Gentiles, and teach the Gentiles?
৩৫ইহুদী সকলে তেতিয়া পৰস্পৰে কথা পাতিলে, “আমি যে তেওঁক বিচাৰি নাপাম, এনেকৈ তেওঁনো ক’লৈ যাব? গ্ৰীক সকলৰ মাজত যি সকল ইহুদী বাস কৰিছে, তালৈ গৈ তেওঁলোকক শিক্ষা দিব নেকি?
36 What manner of saying is this that he said, Ye shall seek me, and shall not find me: and where I am, there ye cannot come?
৩৬তেওঁ যে কৈছে, ‘মোক বিচাৰিবা, কিন্তু নাপাবা, আৰু মই যি ঠাইত থাকিম, তালৈ যাব নোৱাৰিবা’, এইটোনো কি কথা?”
37 In the last day, that great day of the feast, Jesus stood and cried, saying, If any man thirsteth, let him come to me, and drink.
৩৭পৰ্বৰ শেষৰ দিন - যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে অশ্ৰু টুকি থিয় হল, আৰু উচ্চস্বৰে ক’লে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।
38 He that believeth on me, as the scripture hath said, out of his heart shall flow rivers of living water.
৩৮যি কোনোৱে মোত বিশ্বাস কৰে, ধৰ্মশাস্ত্ৰত কোৱাৰ দৰে, তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব।”
39 ( But this he spoke of the Spirit, which they that believe on him should receive: for the Holy Spirit was not yet given; because Jesus was not yet glorified.)
৩৯যীচুক বিশ্বাস কৰা সকলে যে আত্মা পাব, সেই বিষয়ে তেওঁ এই কথা ক’লে। কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল, কাৰণ তেতিয়ালৈকে যীচু মহিমান্বিত হোৱা নাছিল।
40 Many of the people therefore, when they heard this saying, said, In truth this is the Prophet.
৪০এই সকলো কথা শুনি, লোক সকলৰ কোনো কোনোৱে ক’লে, “এওঁ সঁচাই সেই ভাৱবাদী।” আন কিছুমানে ক’লে, “এওঁ খ্ৰীষ্ট।”
41 Others said, This is the Christ. But some said, Shall Christ come out of Galilee?
৪১কিন্তু কিছুমানে ক’লে, “কি? খ্ৰীষ্ট জানো গালীল প্ৰদেশৰ পৰা ওলাব?
42 Hath not the scripture said, That Christ cometh from the seed of David, and out of the town of Bethlehem, where David was?
৪২ধৰ্মশাস্ত্ৰত কোৱা নাই জানো, খ্ৰীষ্ট যে দায়ুদৰ বংশৰ পৰা হব আৰু দায়ুদ যি বৈৎলেহম নগৰত আছিল, তেওঁ তাৰ পৰাই আহিব?”
43 So there was a division among the people because of him.
৪৩এইদৰে যীচুৰ বিষয়ক লৈ লোক সকলৰ মাজত মতভেদ সৃষ্টি হ’ল।
44 And some of them would have taken him; but no man laid hands on him.
৪৪তেওঁলোকৰ কোনো কোনোৱে তেওঁক ধৰিবলৈ বিচাৰিলে, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে।
45 Then came the officers to the chief priests and Pharisees; and they said to them, Why have ye not brought him?
৪৫তেতিয়া যি বিষয়া সকলক পঠোৱা হৈছিল, তেওঁলোক প্ৰধান পুৰোহিত আৰু ফৰীচী সকলৰ ওচৰলৈ ঘূৰি আহিল। তেওঁলোকে সিহঁতক সুধিলে, “তাক কিয় নানিলা?”
46 The officers answered, Never man spoke like this man.
৪৬তেতিয়া বিষয়া সকলে উত্তৰ দিলে, “সেই জনৰ দৰে কোনো মানুহে কেতিয়াও আগেয়ে কথা কোৱা নাই।”
47 Then the Pharisees answered them, Are ye also deceived?
৪৭তেতিয়া ফৰীচী সকলে উত্তৰ দিলে, “তোমালোকো তেনেহলে ভোল গলা নেকি?
48 Have any of the rulers or of the Pharisees believed on him?
৪৮শাসনকৰ্তা বা ফৰীচী সকলৰ মাজৰ কোনোবাই জানো তাক বিশ্বাস কৰিছে?
49 But this people who know not the law are cursed.
৪৯কিন্তু এই লোক সকলে বিধানৰ একোকে নাজানে, তেওঁলোক অভিশপ্ত।”
50 Nicodemus saith to them, (he that came to Jesus by night, being one of them, )
৫০তেওঁলোকৰ মাজৰ নীকদীম, যি জনে আগেয়ে যীচুৰ ওচৰলৈ গৈছিল, সেই জনে তেওঁলোকক ক’লে,
51 Doth our law judge any man, before it heareth him, and knoweth what he doeth?
৫১“প্ৰথমে কোনো মানুহৰ কথা নুশুনিলে আৰু তেওঁৰ কৰ্ম নাজানিলে, আমাৰ বিধানে জানো তেওঁক দোষী কৰে?”
52 They answered and said to him, Art thou also from Galilee? Search, and look: for out of Galilee ariseth no prophet.
৫২তাতে তেওঁলোকে তেওঁক উত্তৰ দিলে, “তুমিও গালীল প্ৰদেশৰ মানুহ নেকি? বিচাৰি চোৱা, দেখিবা যে গালীল প্ৰদেশৰ পৰা কোনো ভাৱবাদীৰ আবির্ভাৱ হোৱা নাই।”
53 And every man went to his own house.
৫৩তাৰ পাছত ইহুদী সকল নিজৰ নিজৰ ঘৰলৈ গুছি গ’ল।

< John 7 >