< Jeremiah 39 >

1 In the ninth year of Zedekiah king of Judah, in the tenth month, came Nebuchadnezzar king of Babylon and all his army against Jerusalem, and they besieged it.
পাছত যিৰূচালেম শত্রুৰ হাতত পৰা সময়ত, যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহত বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্য-সামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰিলে।
2 And in the eleventh year of Zedekiah, in the fourth month, the ninth day of the month, the city was broken up.
পাছত চিদিকিয়াৰ ৰাজত্বৰ একাদশ বছৰৰ চতুৰ্থ মাহৰ নৱম দিনা নগৰৰ গড় ভাঙি বাট কৰা হ’ল।
3 And all the princes of the king of Babylon came in, and sat in the middle gate, even Nergalsharezer, Samgarnebo, Sarsechim, Rabsaris, Nergalsharezer, Rabmag, with all the rest of the princes of the king of Babylon.
বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল, অৰ্থাৎ নেৰ্গল-চৰেচৰ, চমগৰ-নবো, প্ৰধান নপুংসক চৰ্চখীম আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল সোমাই মধ্যম দুৱাৰত বহিল।
4 And it came to pass, when Zedekiah the king of Judah saw them, and all the men of war, then they fled, and went out of the city by night, by the way of the king’s garden, by the gate between the two walls: and he went out the way of the plain.
পাছত যেতিয়া যিহূদাৰ ৰজা চিদিকিয়া আৰু সকলো যুদ্ধাৰু লোকে তেওঁলোকক সোমোৱা গম পালে, তেতিয়া তেওঁলোক পলাই ৰজাৰ উদ্যানৰ বাটেদি, দুই গড়ৰ মাজত থকা দুৱাৰেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল; আৰু ৰজাই অৰাবাৰ বাটেদি ওলাই গ’ল।
5 But the Chaldeans’ army pursued them, and overtook Zedekiah in the plains of Jericho: and when they had taken him, they brought him to Nebuchadnezzar king of Babylon to Riblah in the land of Hamath, where he gave judgment upon him.
কিন্তু কলদীয়াসকলৰ সৈন্য-সামন্তই তেওঁলোকৰ পাছত খেদি গৈ যিৰীহোৰ সমথলত চিদিকিয়াক লগ পাই, তেওঁক ধৰি হমাৎ দেশৰ ৰিব্লালৈ বাবিলৰ ৰজাৰ নবূখদনেচৰৰ গুৰিলৈ নিলে; আৰু তেওঁ তেওঁলৈ দণ্ডাজ্ঞা কৰিলে।
6 Then the king of Babylon slew the sons of Zedekiah in Riblah before his eyes: also the king of Babylon slew all the nobles of Judah.
পাছে বাবিলৰ ৰজাই ৰিব্লাত চিদিকিয়াৰ পুতেকসকলক তেওঁৰ চকুৰ আগতে বধ কৰিলে আৰু বাবিলৰ ৰজাই যিহূদাৰ সকলো মুখ্য লোককো বধ কৰিলে।
7 Moreover he put out Zedekiah’s eyes, and bound him with chains, to carry him to Babylon.
তাৰ বাহিৰে, তেওঁ চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক বাবিললৈ লৈ যাবৰ কাৰণে শিকলিৰে বান্ধিলে।
8 And the Chaldeans burned the king’s house, and the houses of the people, with fire, and broke down the walls of Jerusalem.
পাছত কলদীয়াসকলে ৰাজগৃহ আৰু প্ৰজাসকলৰ ঘৰবোৰ জুই দি পুৰিলে আৰু যিৰূচালেমৰ গড়বোৰ ভাঙি পেলালে।
9 Then Nebuzaradan the captain of the guard carried away captive into Babylon the remnant of the people that remained in the city, and those that fell away, that fell to him, with the rest of the people that remained.
এই সময়ত নবুজৰদান ৰক্ষক-সেনাপতিয়ে নগৰৰ বাকী থকা লোকসকলক, তেওঁৰ ফলীয়া হবলৈ পলাই যোৱাসকলক আৰু আন আন অৱশিষ্ট লোকসকলক বন্দী কৰি বাবিললৈ লৈ গ’ল।
10 But Nebuzaradan the captain of the guard left of the poor of the people, who had nothing, in the land of Judah, and gave them vineyards and fields at the same time.
১০কিন্তু নবুজৰদান ৰক্ষক-সেনাপতিয়ে কেতবোৰ একো নথকা দৰিদ্ৰ লোকক যিহূদা দেশত অৱশিষ্ট ৰাখিলে, আৰু সেই কালত তেওঁলোকক দ্ৰাক্ষাবাৰী আৰু মাটি দান কৰিলে।
11 Now Nebuchadnezzar king of Babylon gave charge concerning Jeremiah to Nebuzaradan the captain of the guard, saying,
১১বাবিলৰ ৰজা নবূখদনেচৰে যিৰিমিয়াৰ বিষয়ে নবুজৰদান ৰক্ষক-সেনাপতিক এই আজ্ঞা দিলে, বোলে,
12 Take him, and look well to him, and do him no harm; but do to him even as he shall say to thee.
১২“তুমি তেওঁক গ্ৰহণ কৰি তেওঁলৈ কৃপা দৃষ্টি কৰিবা, তেওঁৰ কোনো অপকাৰ নকৰিবা; কিন্তু তেওঁ তোমাক যেনেকৈ ক’ব, তেওঁলৈ তেনেকৈ কৰিবা।”
13 So Nebuzaradan the captain of the guard sent, and Nebushasban, Rabsaris, and Nergalsharezer, Rabmag, and all the king of Babylon’s princes;
১৩এই হেতুকে নবুজৰদান ৰক্ষক-সেনাপতি, প্ৰধান নপুংসক নবুচৰ্জবান আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান বিষয়াসকলে মানুহ পঠিয়াই প্ৰহৰীৰ চোতালৰ পৰা যিৰিমিয়াক আনিলে।
14 Even they sent, and took Jeremiah out of the court of the prison, and committed him to Gedaliah the son of Ahikam the son of Shaphan, that he should carry him home: so he dwelt among the people.
১৪আৰু তেওঁক ঘৰলৈ লৈ যাবৰ কাৰণে চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গটাই দিলে; আৰু তেওঁ লোকসকলৰ মাজত বাস কৰিলে।
15 Now the word of the LORD came to Jeremiah, while he was shut up in the court of the prison, saying,
১৫যিৰিমিয়া প্ৰহৰীৰ চোতালত বন্ধ থকা সময়ত তেওঁৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিছিল, বোলে,
16 Go and speak to Ebedmelech the Cushite, saying, Thus saith the LORD of hosts, the God of Israel; Behold, I will bring my words upon this city for evil, and not for good; and they shall be accomplished in that day before thee.
১৬“তুমি গৈ কুচীয়া এবদ-মেলকক কোৱা, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মঙ্গলৰ কাৰণে নহয়, অমঙ্গলৰ কাৰণেহে মই এই নগৰলৈ মোৰ বাক্য ফলিওৱাম। সেই দিনা তোমাৰ আগত সেইবোৰ ফলিয়াব।
17 But I will deliver thee in that day, saith the LORD: and thou shalt not be given into the hand of the men of whom thou art afraid.
১৭কিন্তু যিহোৱাই কৈছে, “সেই দিনা মই তোমাক উদ্ধাৰ কৰিম; আৰু তুমি ভয় কৰা লোকসকলৰ হাতত তোমাক সমৰ্পণ কৰা নহ’ব।
18 For I will surely deliver thee, and thou shalt not fall by the sword, but thy life shall be for a prize to thee: because thou hast put thy trust in me, saith the LORD.
১৮কিয়নো মই তোমাক অৱশ্যে উদ্ধাৰ কৰিম। তুমি তৰোৱালত পতিত নহবা। কিন্তু তুমি তোমাৰ নিজ প্ৰাণ লুটদ্ৰব্যৰ নিচিনাকৈ লাভ কৰিবা; কাৰণ, যিহোৱাই কৈছে: তুমি মোক বিশ্বাস কৰিলা।”

< Jeremiah 39 >