< Zephaniah 2 >

1 Rally yourselves together and gather, unashamed nation—
হে নিলাজ জাতি, তোমালোক একত্রিত হোৱা, একেলগ হৈ গোট খোৱা।
2 before the decree takes effect and that day passes like the chaff, before the fierce anger of Yahweh's wrath comes upon you, before the day of the wrath of Yahweh comes upon you.
কিয়নো দণ্ডাজ্ঞাৰ আদেশ জাৰি হোৱাৰ আগেয়ে, সেই দিন তুঁহৰ দৰে উৰি অহাৰ আগেয়ে; যিহোৱাৰ জ্বলন্ত ক্রোধ আপোনালোকৰ ওপৰলৈ অহাৰ আগেয়ে, যিহোৱাৰ ক্রোধৰ দিন আপোনালোকৰ ওপৰলৈ অহাৰ আগেয়ে, আপোনালোক একত্রিত হওঁক!
3 Seek Yahweh, all you humble people on earth who obey his decrees! Seek righteousness. Seek humility, and perhaps you will be protected in the day of Yahweh's wrath.
হে পৃথিৱীৰ সমুদায় নম্র লোক, আপোনালোক যিসকলে যিহোৱাৰ শাসন-প্রণালী মানি চলিছে, আপোনালোকে যিহোৱাক বিচাৰক! আপোনালোকে ধাৰ্মিকতা অনুশীলন কৰক! নম্ৰতাৰ অনুশীলন কৰক! কিজানি যিহোৱাৰ ক্ৰোধৰ দিনত আপোনালোকে ৰক্ষা পাব।
4 For Gaza will be abandoned, and Ashkelon will turn into a devastation. They will drive out Ashdod at noon, and they will uproot Ekron!
গাজা জনশূণ্য হ’ব আৰু অস্কিলোন ধ্বংসস্থান হ’ব; অচ্‌দোদৰ লোক সমূহক দুপৰ বেলা খেদাই দিয়া হ’ব, আৰু ইক্ৰোণক উঘালি পেলোৱা হ’ব।
5 Woe to the inhabitants of the seacoast, the nation of the Kerethites! Yahweh has spoken against you, Canaan, land of the Philistines. I will destroy you until no inhabitant remains.
হে সমুদ্ৰতীৰত বাস কৰা কৰেথীয়া লোকসকল, আপোনালোকৰ সন্তাপ হ’ব। হে পলেষ্টীয়াসকলৰ দেশ কনান! যিহোৱাই আপোনালোকৰ বিপক্ষে কৈছে, “কোনো অৱশিষ্ট নথকালৈকে মই তোমাক উচ্ছন্ন কৰিম।”
6 So the seacoast will become pastures for shepherds and for sheep pens.
সমুদ্ৰ তীৰৰ এলেকা হ’ব চৰণীয়া ভূমি; মেৰ-ছাগ ৰখীয়াৰ তৃণভূমি আৰু মেৰ-ছাগৰ জাকৰ নিৰাপদ আশ্রয়স্থান হ’ব।
7 The coastal region will belong to the remnant of the house of Judah, who will shepherd their flocks there. Their people will lie down in the evening in the houses of Ashkelon, for Yahweh their God will care for them and restore their fortunes.
সেই সমুদ্রতীৰৰ এলেকা, যিহূদা বংশৰ জীয়াই থকা অৱশিষ্ট লোকৰ অধিকাৰত থাকিব। তেওঁলোকে তাত মেৰ-ছাগৰ জাক চৰাব; সন্ধিয়া তেওঁলোকে অস্কিলোনৰ ঘৰত শুই থাকিব; তেওঁলোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক প্রতিপালন কৰিব; তেওঁ তেওঁলোকৰ ভৱিষ্যত অৱস্থা পুণঃস্থাপন কৰিব।
8 “I have heard the taunts of Moab and the reviling of the people of Ammon when they taunted my people and violated their borders.
“মই মোৱাবে কৰা উপহাস আৰু অম্মোনৰ সন্তানবোৰে কৰা গালি-শপনিবোৰ শুনিলো; তেওঁলোকে মোৰ লোকসকলক তিৰস্কাৰ কৰিলে আৰু নিজৰ দেশ বঢ়াবলৈ লোকসকলৰ অহিতে সীমা উলঙ্ঘন কৰিলে।”
9 Therefore, as I live—this is the declaration of Yahweh of hosts, God of Israel— Moab will become like Sodom, and the people of Ammon like Gomorrah; a place of nettles and a salt pit, deserted forever. But the remnant of my people will plunder them, and the remainder of my nation will take possession of them.”
সেয়ে, বাহিনীগণৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এইদৰে কৈছে, “মোৰ জীৱনৰ শপত, মোৱাব নিশ্চয়ে চদোমৰ নিচিনা, আৰু অম্মোনীয়াসকল ঘমোৰাৰ নিচিনা হ’ব; এক কাঁইটীয়া হাবিৰে ভৰা ঠাই আৰু এক লোণৰ কূপলৈ পৰিণত হ’ব; চিৰকালৰ পতিত ভূমি হৈ থাকিব; মোৰ প্ৰজাসকলৰ অৱশিষ্ট লোকে তেওঁলোকক লুট কৰিব আৰু মোৰ জাতিৰ অৱশিষ্ট লোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব।”
10 This will happen to Moab and Ammon because of their pride, since they taunted and mocked the people of Yahweh of hosts.
১০মোৱাব আৰু অম্মোনৰ অহঙ্কাৰৰ কাৰণেই তেওঁলোকলৈ এনে ঘটিব; কাৰণ তেওঁলোকে বাহিনীগণৰ যিহোৱাৰ লোকসকলৰ প্রতি ঠাট্টা-বিদ্রূপ কৰিলে, আৰু তেওঁলোকৰ অহিতে নিজৰ দেশ বঢ়াই তুলিছে।
11 Then they will fear Yahweh, for he will taunt all the gods of the earth. Everyone will worship him, everyone from his own place, from every seashore.
১১যিহোৱা তেওঁলোকৰ ওচৰত ভীষণৰূপে ভয়ানক হ’ব; তেওঁ পৃথিৱীৰ সকলো দেৱ-দেবীক শক্তিহীন কৰিব; তেতিয়া সকলো জাতিৰ লোকে যিহোৱাৰ আৰাধনা কৰিব; নিজ নিজ দেশৰ পৰা, সমুদ্রৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্রণিপাত কৰিব।
12 You Cushites also will be pierced by my sword,
১২হে কুচীয়াসকল, তোমালোকো মোৰ তৰোৱালৰ আঘাতত নিহত হ’বা।
13 and God's hand will attack the north and destroy Assyria, so that Nineveh will become an abandoned devastation, as dry as the desert.
১৩যিহোৱাই উত্তৰ দিশৰ বিৰুদ্ধে হাত মেলি অচূৰক বিনষ্ট কৰিব; নীনবি নগৰক একেবাৰে জনশূণ্য আৰু মৰুভূমিৰ দৰে শুকান ভূমি কৰিব।
14 Then herds will lie down there, every animal of the nations, both the desert owl and the screech owl will rest in the top of her columns. A call will sing out from the windows; rubble will be in the doorways; her carved cedar beams will be exposed.
১৪তাৰ পাছত পশুৰ জাক আৰু বন্য প্রাণীবোৰে তাত বাস কৰিব; নগৰৰ ধ্বংসস্তূপবোৰত চৰাই আৰু ফেঁচাবোৰে বাহঁ সাজি ৰাতি কটাব। খিড়িকীত সিহঁতৰ চিৰিক-চিৰিক এক শব্দ শুনা যাব; কাউৰীবোৰে খালী ঘৰবোৰৰ দুৱাৰমুখত আহি মাতিব; কিয়নো ঘৰৰ এৰচ কাঠৰ চটিবোৰ তেওঁ উন্মুক্ত কৰিলে।
15 This is the exultant city that lived without fear, that said in her heart, “I am, and nothing is my equal.” How she has become a horror, a place for beasts to lie down in. Everyone that passes by her will hiss and shake his fist at her.
১৫এয়ে সেই নির্ভয়ে থকা উল্লাসপ্রিয়া নীনবি নগৰ; তাই নিজৰ মনতে কয়, “ময়েই আছোঁ, মোৰ সমান আন কোনো নাই!” তাই কেনেকৈ ধ্বংস হৈ গ’ল! বন্য পশুৰ আশ্রয়স্থল হ’ল! যিসকলে তাইৰ ওচৰেদি যাব, প্ৰতিজনে ইচ ইচ কৰি ঘৃণা কৰিব আৰু তাইক হাতেৰে ভুকু দেখুৱাব।

< Zephaniah 2 >