< Psalms 78 >

1 A maschil of Asaph. Hear my teaching, my people, listen to the words of my mouth.
হে মোৰ লোকসকল তোমালোকে মোৰ শিক্ষালৈ কাণ দিয়া; মোৰ মুখৰ কথালৈ কাণ পাতা।
2 I will open my mouth in parables; I will sing about hidden things about the past.
মই দৃষ্টান্তৰে সৈতে মোৰ মুখ মেলিম; মই পূৰ্বকালৰ নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰিম।
3 These are things that we have heard and learned, things that our ancestors have told us.
এই যি যি কথা আমি শুনিলো আৰু জানিলোঁ, আমাৰ পূর্বপুৰুষসকলে আমাৰ ওচৰত সেইবোৰ কথা বর্ণনা কৰি গৈছে।
4 We will not keep them from their descendants. We will tell the next generation about the praiseworthy deeds of Yahweh, his strength, and the wonders that he has done.
তেওঁলোকৰ বংশৰ সন্তান সকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম; আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম; তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম।
5 For he established covenant decrees in Jacob and appointed a law in Israel. He commanded our ancestors that they were to teach them to their children.
কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে, ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে; তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে।
6 He commanded this so that the generation to come might know his decrees, the children not yet born, who should tell them in turn to their own children.
যাতে ভাবী-বংশৰ সন্তান সকলে, যিসকলে এতিয়াও জন্ম গ্রহণ কৰা নাই, তেওঁলোকেও সেইবোৰ জানিব পাৰে আৰু তেওঁলোকে উঠি নিজ নিজ সন্তান সকলৰ আগত সেইবোৰ বৰ্ণনা কৰিব পাৰে।
7 Then they would place their hope in God and not forget his deeds but keep his commandments.
তেতিয়াহে তেওঁলোকে ঈশ্বৰত ভৰসা কৰিব, তেওঁৰ কাৰ্যবোৰ তেওঁলোকে নাপাহৰিব, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব।
8 Then they would not be like their ancestors, who were a stubborn and rebellious generation, a generation whose hearts were not right, and whose spirits were not committed and faithful to God.
তাতে তেওঁলোক নিজ পূর্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ’ব; সেই পূর্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্রতি স্থিৰ নাছিল আৰু মনো সমর্পিত আৰু বিশ্বস্ত নাছিল।
9 The Ephraimites were armed with bows, but they turned back on the day of battle.
ইফ্ৰয়িমৰ বংশৰ সন্তান সকল যদিও ধনুৰ্দ্ধৰত সজ্জিত আছিল, কিন্তু যুদ্ধৰ দিনা পিছ হুঁহুকি আহিছিল।
10 They did not keep the covenant with God, and they refused to obey his law.
১০তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে, তেওঁৰ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে।
11 They forgot his deeds, the wonderful things that he had shown them.
১১তেওঁ যি যি কার্য কৰিছিল, তাক তেওঁলোকে পাহৰি গ’ল। তেওঁলোকৰ আগত দেখুউৱা তেওঁৰ আচৰিত কর্মবোৰ তেওঁলোকে পাহৰি গ’ল।
12 They forgot the marvelous things he did in the sight of their ancestors in the land of Egypt, in the land of Zoan.
১২ইস্রায়েলীয়াসকলৰ পূর্বপুৰুষসকলৰ চকুৰ সন্মুখতে তেওঁ আচৰিত কর্মবোৰ কৰিছিল; মিচৰ দেশত আৰু চোৱনৰ পথাৰত তেওঁ সেইবোৰ কৰিছিল।
13 He divided the sea and led them across it; he made the waters to stand like walls.
১৩তেওঁ সমুদ্ৰক দুভাগ কৰি তাৰ মাজেদি তেওঁলোকক পাৰ কৰিলে, তেওঁ জল সমূহক দম কৰাৰ দৰে থিয় কৰিলে।
14 In the daytime he led them with a cloud and all the night with the light of fire.
১৪দিনত মেঘৰ দ্বাৰাই আৰু গোটেই ৰাতি অগ্নিৰ দীপ্তিৰে তেওঁ তেওঁলোকক পথ দেখুৱালে।
15 He split the rocks in the wilderness, and he gave them water abundantly, enough to fill the depths of the sea.
১৫মৰুভূমিত শিলবোৰ ফালি মাটিৰ গভীৰ ভাগৰ পৰা তেওঁ তেওঁলোকক পান কৰিবলৈ প্ৰচুৰ পানী দিলে।
16 He made streams flow out of the rock and made the water flow like rivers.
১৬তেওঁ শিলৰ পৰা পানীৰ সোঁত বাহিৰ কৰি আনিলে, সেই পানী তেওঁ নদীৰ নিচিনাকৈ বোৱাই দিলে।
17 Yet they continued to sin against him, rebelling against the Most High in the wilderness.
১৭কিন্তু তেওঁলোকে তেওঁৰ বিৰুদ্ধে পাপ কৰিয়েই থাকিল, সৰ্ব্বোপৰি ঈশ্বৰৰ বিৰুদ্ধে মৰুভূমিত বিদ্রোহ আচৰণ কৰিলে।
18 They challenged God in their hearts by asking for food to satisfy their appetites.
১৮তেওঁলোকৰ ইচ্ছা অনুসাৰে আহাৰ দাবী কৰি, তেওঁলোকে নিজ নিজ মনতেই ঈশ্বৰক পৰীক্ষা কৰিলে।
19 They spoke against God; they said, “Can God really lay out a table for us in the wilderness?
১৯তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে এই কথা ক’লে, “ঈশ্বৰে জানো মৰুভূমিৰ মাজত আহাৰ দি মেজ সজাব পাৰে?
20 See, when he struck the rock, waters gushed out and streams overflowed. But can he give bread also? Will he provide meat for his people?”
২০তেওঁ শিলক প্ৰহাৰ কৰিলে আৰু তাৰ পৰা উপচি পৰাকৈ পানীৰ সোঁত ওলাই আহিল; সেই বুলি জানো তেওঁ আমাক আহাৰো দিব পাৰে? তেওঁ জানো নিজৰ লোকসকলৰ কাৰণে মাংস যোগাব পাৰে?”
21 When Yahweh heard this, he was angry; so his fire burned against Jacob, and his anger attacked Israel,
২১এই কথা শুনি যিহোৱাৰ খং জ্বলি উঠিল; যাকোবৰ বিৰুদ্ধে তেওঁৰ অন্তৰৰ জুই জ্বলি উঠিল; ইস্ৰায়েলৰ বিৰুদ্ধে তেওঁৰ ক্রোধ জাগি উঠিল;
22 because they did not believe in God and did not trust in his salvation.
২২কাৰণ ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল; তেওঁত যে পৰিত্ৰাণ আছে, সেই কথাত তেওঁলোকে নিৰ্ভৰ নকৰিলে।
23 Yet he commanded the skies above and opened the doors of the sky.
২৩তথাপিও তেওঁ ওপৰত থকা আকাশমণ্ডলক আজ্ঞা দিলে আৰু আকাশৰ দুৱাৰবোৰ মুকলি কৰিলে।
24 He rained down manna for them to eat, and gave them the grain from heaven.
২৪লোকসকলে খাবৰ কাৰণে তেওঁ বৰষুণৰ দৰে মান্না বৰষালে, স্বৰ্গৰ শস্য তেওঁলোকক দিলে।
25 People ate the bread of angels. He sent them food in abundance.
২৫মনুষ্যই স্বৰ্গদূতৰ আহাৰ ভোজন কৰিলে; তৃপ্তিৰে ভোজন কৰিব পৰাকৈ তেওঁ প্রচুৰ আহাৰ তেওঁলোকলৈ পঠাই দিলে।
26 He caused the east wind to blow in the sky, and by his power he guided the south wind.
২৬তেওঁ আকাশৰ পৰা পূবৰ বতাহ বলালে; তেওঁ নিজৰ পৰাক্ৰমেৰে দক্ষিণৰ বতাহক চলালে।
27 He rained down meat on them like dust, birds as numerous as the sands of the sea.
২৭তেওঁ ধুলিকণাৰ নিচিনাকৈ তেওঁলোকৰ ওপৰত মাংসৰ বৰষুণ বৰষালে, সাগৰৰ বালিৰ নিচিনাকৈ পাখি লগা চৰাইৰ বৰষুণ বৰষালে;
28 They fell in the middle of their camp, all around their tents.
২৮তেওঁলোকৰ ছাউনিৰ মাজত, তেওঁলোকৰ নিবাসৰ চাৰিওফালে তেওঁ সেইবোৰক পৰিবলৈ দিলে।
29 So they ate and were full. He gave them what they craved.
২৯তেওঁলোকে সেই আহাৰ খাই তৃপ্ত হ’ল; তেওঁলোকে যি বিচাৰিছিল, তেওঁ তেওঁলোকক তাকে দিলে।
30 But they had not yet filled up; their food was still in their mouths.
৩০কিন্তু তেওঁলোকৰ সেই আহাৰ খোৱা শেষ নহওঁতেই, এনেকি, তেওঁলোকৰ আহাৰ মুখত থকাৰ সময়তেই
31 Then God's anger attacked them and killed the strongest of them. He brought down the young men of Israel.
৩১ঈশ্বৰৰ ক্রোধ তেওঁলোকৰ বিৰুদ্ধে জাগি উঠিল; তেওঁলোকৰ মাজৰ হৃষ্টপুষ্ট লোকসকলক তেওঁ সংহাৰ কৰিলে, ইস্ৰায়েলৰ ডেকাসকলক তেওঁ মাৰি পেলালে।
32 Despite this, they continued to sin and did not believe his wonderful deeds.
৩২তথাপিও তেওঁলোকে পাপ কৰিয়েই থাকিল, তেওঁৰ আচৰিত কৰ্মত বিশ্বাস নকৰিলে।
33 Therefore God cut short their days; their years were filled with terror.
৩৩সেইবাবে তেওঁ তেওঁলোকৰ দিনবোৰ উশাহৰ দৰে ছুটি কৰিলে, তেওঁলোকৰ বছৰবোৰ ত্ৰাসপূর্ণ কৰিলে।
34 Whenever God afflicted them, they would start to seek him, and they would return and look earnestly for him.
৩৪তেওঁ তেওঁলোকক বধ কৰাৰ পাছত বাকী লোকসকলে তেওঁক বিচাৰিলে; তেওঁলোকে মন পালটালে আৰু আগ্রহেৰে সৈতে তেওঁক বিচাৰিলে।
35 They would call to mind that God was their rock and that the Most High God was their rescuer.
৩৫তেওঁলোকে সোঁৱৰণ কৰিলে যে, ঈশ্বৰ তেওঁলোকৰ শিলা, সৰ্ব্বোপৰি ঈশ্বৰেই তেওঁলোকৰ মুক্তিদাতা।
36 But they would flatter him with their mouth and lie to him with their words.
৩৬কিন্তু তেওঁলোকে মুখৰ ছলনাৰে ভালৰি বোলালে, জিভাৰে তেওঁৰ আগত মিছা কথা ক’লে,
37 For their hearts were not firmly fixed on him, and they were not faithful to his covenant.
৩৭তেওঁলোকৰ অন্তৰ তেওঁৰ প্রতি স্থিৰ নাছিল, তেওঁৰ ব্যৱস্থাৰ প্রতি তেওঁলোক বিশ্বাসী নাছিল।
38 Yet he, being merciful, forgave their iniquity and did not destroy them. Yes, many times he held back his anger and did not stir up all his wrath.
৩৮তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধ্বংস নকৰিলে; এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।
39 He called to mind that they were made of flesh, a wind that passes away and does not return.
৩৯তেওঁলোক যে মনুষ্য মাথোন তাক তেওঁ সোঁৱৰণ কৰিলে; তেওঁলোক বৈ যোৱা বতাহৰ দৰে, যি পুনৰ ঘূৰি নাহে।
40 How often they rebelled against him in the wilderness and grieved him in the barren regions!
৪০মৰুভূমিত তেওঁলোকে বহুবাৰ তেওঁৰ বিৰুদ্ধে বিদ্রোহ আচৰণ কৰিলে! সেই মৰুভূমিতে কিমানবাৰ যে তেওঁক বেজাৰ দিলে!
41 Again and again they challenged God and offended the Holy One of Israel.
৪১বাৰে বাৰে তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিলে, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক অসন্তুষ্ট কৰিলে।
42 They did not think about his power, how he had rescued them from the enemy
৪২তেওঁলোকে তেওঁৰ শক্তিৰ কথা মনত নাৰাখিলে, মনত নাৰাখিলে সেই দিনৰ কথা- যিদিনা তেওঁ তেওঁলোকক শত্রুৰ হাতৰ পৰা মুক্ত কৰিছিল;
43 when he performed his terrifying signs in Egypt and his wonders in the region of Zoan.
৪৩যি দিনা তেওঁ মিচৰ দেশত নানা চিন আৰু চোৱনৰ পথাৰত আচৰিত কর্ম দেখুৱাইছিল।
44 He turned the Egyptians' rivers to blood so that they could not drink from their streams.
৪৪সেইদিনা তেওঁলোকৰ নদীবোৰৰ পানী তেওঁ তেজত পৰিণত কৰিছিল, যাতে তেওঁলোকে সেই সুঁতিবোৰৰ পানী পান কৰিব নোৱাৰে।
45 He sent swarms of flies that devoured them and frogs that overran their land.
৪৫তেওঁলোকৰ মাজলৈ তেওঁ জাকে জাকে ডাঁহ পঠাইছিল, সেইবোৰে তেওঁলোকক গ্রাস কৰিলে; তেওঁ ভেকুলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সর্বনাশ কৰিলে।
46 He gave their crops to the grasshopper and their labor to the locust.
৪৬তেওঁলোকৰ শস্যবোৰ তেওঁ ফৰিঙক দিলে আৰু তেওঁলোকৰ শ্ৰমৰ ফল কাকতি ফৰিঙক দিলে।
47 He destroyed their vines with hail and their sycamore trees with more hail.
৪৭তেওঁ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ দ্ৰাক্ষালতা নষ্ট কৰিলে, আৰু বৰ বৰ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ ডিমৰু গছবোৰ ধ্বংস কৰিলে।
48 He rained hail on their cattle and hurled lightning bolts at their livestock.
৪৮তেওঁ শিলাবৃষ্টিৰ মাজত তেওঁলোকৰ পশুবোৰ এৰি দিলে, বজ্রপাতৰ মাজত তেওঁলোকৰ পশুৰ জাকবোৰ শোধাই দিলে।
49 The fierceness of his anger lashed out against them. He sent wrath, fury, and trouble like agents who bring disaster.
৪৯তেওঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্রোধ, উন্মত্ততা আৰু দুখ-কষ্ট পঠাই দিলে; সেইবোৰ হ’ল ধ্বংসৰ কার্যত নিযুক্ত দূতৰ দল।
50 He leveled a path for his anger; he did not spare them from death but gave them over to the plague.
৫০তেওঁ নিজৰ ক্ৰোধৰ কাৰণে পথ যুগুত কৰিলে; তেওঁ মৃত্যুৰ পৰা তেওঁলোকক ৰেহাই নিদিলে, কিন্তু মহামাৰীৰ হাতত তেওঁলোকৰ জীৱন শোধাই দিলে।
51 He killed all the firstborn in Egypt, the firstborn of their strength in the tents of Ham.
৫১তেওঁ মিচৰ দেশৰ প্রত্যেকজন প্রথমে জন্মা পুৰুষ সন্তানক আঘাত কৰিলে, হাম বংশৰ তম্বুত তেওঁলোকৰ শক্তিৰ প্রত্যেকজন প্রথম ফলক আঘাত কৰিলে।
52 He led his own people out like sheep and guided them through the wilderness like a flock.
৫২তাৰ পাছত তেওঁ নিজৰ লোকসকলক মেৰ-ছাগৰ দৰে বাহিৰ কৰি আনিলে আৰু মৰুভূমিৰ মাজেদি মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক চলালে।
53 He led them secure and unafraid, but the sea overwhelmed their enemies.
৫৩তেওঁ তেওঁলোকক নিৰাপদে, কোনো ভয় নথকাকৈ চলাই আনিলে; কিন্তু সাগৰে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে।
54 Then he brought them to the border of his holy land, to this mountain that his right hand acquired.
৫৪তেওঁ তেওঁৰ পবিত্ৰ ভূমিৰ সীমালৈ তেওঁলোকক লৈ আনিলে; যি দেশ তেওঁৰ সোহাঁতে অধিকাৰ কৰিলে, সেই পর্বতীয়া দেশলৈ তেওঁ তেওঁলোকক লৈ আনিলে।
55 He drove out the nations from before them and assigned them their inheritance. He settled the tribes of Israel in their tents.
৫৫তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা আন জাতিবোৰক দূৰ কৰিলে; সেই জাতিবোৰৰ ভূমি জৰীপ কৰি তেওঁ তেওঁলোকক আধিপত্য ভাগ-বাঁটি দিলে; আৰু ইস্ৰায়েলৰ ফৈদবিলাকক নিজ নিজ তম্বুত বাস কৰালে।
56 Yet they challenged and defied the Most High God and did not keep his solemn commands.
৫৬কিন্তু তথাপিও তেওঁলোকে সৰ্ব্বোপৰি ঈশ্বৰক পৰীক্ষা কৰি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোকে তেওঁৰ আজ্ঞাবোৰ পালন নকৰিলে।
57 They were unfaithful and acted treacherously like their fathers; they were as undependable as a faulty bow.
৫৭তেওঁলোকৰ পূর্বপুৰুষসকলৰ দৰেই তেওঁলোকে সঠিক পথৰ পৰা আতৰি গৈ বিশ্বাস-ঘাতকতা কৰিলে; ত্রুটিপূর্ণ ধনুৰ কাঁড়ৰ দৰে তেওঁলোক বেকা দিশে গ’ল।
58 For they made him angry with their high places and provoked him to jealous anger with their idols.
৫৮তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে; তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে।
59 When God heard this, he was angry and completely rejected Israel.
৫৯এই সকলো দেখি-শুনি ঈশ্বৰে ক্ৰোধ কৰিলে; তেওঁ ইস্ৰায়েলক সম্পূর্ণ ভাৱে অগ্রাহ্য কৰিলে।
60 He abandoned the sanctuary of Shiloh, the tent where he had lived among people.
৬০চীলো নগৰত তেওঁৰ যি আবাস-তম্বু আছিল তাক তেওঁ ত্যাগ কৰিলে; মনুষ্যৰ মাজত তেওঁ যি তম্বু স্থাপন কৰিছিল তাক তেওঁ পৰিত্যাগ কৰিলে।
61 He allowed his strength to be captured and gave his glory into the enemy's hand.
৬১নিজৰ সামর্থ্যক তেওঁ বন্দী-অৱস্থাত আৰু নিজৰ গৌৰৱক তেওঁ শত্রুৰ হাতত শোধাই দিলে।
62 He handed his people over to the sword, and he was angry with his heritage.
৬২তেওঁৰ লোকসকলক তেওঁ তৰোৱালৰ হাতত সমৰ্পণ কৰিলে; আৰু নিজৰ লোকসকলৰ ওপৰত ক্ৰোধ প্রকাশ কৰিলে।
63 Fire devoured their young men, and their young women had no wedding songs.
৬৩তেওঁলোকৰ যুৱকসকলক অগ্নিৰে দগ্ধ কৰিলে; তেওঁলোকৰ ছোৱালীবোৰৰ বিবাহ নহল।
64 Their priests fell by the sword, and their widows could not weep.
৬৪তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ’ল, তেওঁলোকৰ বিধৱাসকলে শোক প্রকাশ কৰিব নোৱাৰিলে।
65 Then the Lord awakened as one from sleep, like a warrior who shouts because of wine.
৬৫তেতিয়া প্ৰভু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে হ’ল; দ্ৰাক্ষাৰস পান কৰি চিঞৰ-বাখৰ কৰা বীৰ যোদ্ধাৰ নিচিনাকৈ জাগি উঠিল।
66 He drove his adversaries back; he put them to everlasting shame.
৬৬তেওঁৰ শত্রুবোৰক তেওঁ পিছলৈ আঁতৰাই দিলে; তেওঁ তেওঁলোকক চিৰকলীয়া অপমানত পেলালে।
67 He rejected the tent of Joseph, and he did not chose the tribe of Ephraim.
৬৭পাছত তেওঁ যোচেফৰ বংশক অগ্ৰাহ্য কৰিলে; ইফ্ৰয়িম ফৈদক তেওঁ মনোনীত নকৰিলে;
68 He chose the tribe of Judah and Mount Zion that he loved.
৬৮কিন্তু তেওঁ যিহূদা ফৈদক মনোনীত কৰিলে, সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।
69 He built his sanctuary like the heavens, like the earth that he has established forever.
৬৯তাত তেওঁৰ পবিত্ৰ গৃহটি ওখ আকাশ চুব পৰাকৈ নির্মাণ কৰিলে, তেওঁ পৃথিবীৰ নিচিনাকৈ অনন্ত কাললৈকে তাক স্থাপন কৰিলে।
70 He chose David, his servant, and took him from the sheepfolds.
৭০তেওঁ নিজ দাস দায়ুদক মনোনীত কৰিলে, তেওঁ তেওঁক মেৰ-ছাগৰ গঁৰালৰ পৰা আনিলে।
71 He took him from following the ewes with their young, and he brought him to be shepherd of Jacob, his people, and of Israel, his heritage.
৭১গাখীৰ দিয়া মেৰ-ছাগৰ জাক প্রতিপালন কৰা কামৰ পৰা তেওঁক লৈ আনিলে, যাতে তেওঁ যিহোৱাৰ লোকসকলক অর্থাৎ যাকোবৰ বংশক, যি সকল তেওঁৰ আধিপত্য সেই ইস্ৰায়েল জাতিক চৰাব পাৰে।
72 David shepherded them with the integrity of his heart, and he guided them with the skill of his hands.
৭২দায়ুদে তেওঁৰ অন্তৰৰ সততাৰে তেওঁলোকক লালন-পালন কৰিলে; তেওঁ নিজৰ নিপুণ হাতৰ দ্বাৰাই তেওঁলোকক চলালে।

< Psalms 78 >