< Psalms 47 >
1 For the chief musician. A psalm of the sons of Korah. Clap your hands, all you peoples; shout to God with the sound of triumph.
১হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া; আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা।
2 For Yahweh Most High is terrifying; he is a great King over all the earth.
২সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক; সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।
3 He subdues peoples under us and nations under our feet.
৩তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে, জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে।
4 He chooses our inheritance for us, the glory of Jacob whom he loved. (Selah)
৪তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে; সেই অধিপত্য তেওঁৰ প্ৰেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা)
5 God has gone up with a shout, Yahweh with the sound of a trumpet.
৫ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে; যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে।
6 Sing praises to God, sing praises; sing praises to our King, sing praises.
৬তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্ৰশংসাৰ গান কৰা; তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্রশংসাৰ গান কৰা।
7 For God is the King over all the earth; sing praises with understanding.
৭কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা; তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।
8 God reigns over the nations; God sits on his holy throne.
৮সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে; তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে।
9 The princes of the peoples have gathered together to the people of the God of Abraham; for the shields of the earth belong to God; he is greatly exalted.
৯জাতি সমূহৰ ৰাজপুত্রসকল গোট খাইছে; অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে; কিয়নো পৃথিবীৰ ঢালবোৰ ঈশ্বৰৰ; তেৱেঁই সবাতোকৈ মহান।