< Psalms 119 >

1 Blessed are those whose ways are blameless, who walk in the law of Yahweh.
ধন্য সেইসকল, যিসকলৰ আচাৰ-ব্যৱহাৰ সিদ্ধ; যিসকলে যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলে।
2 Blessed are they who keep his solemn commands, who seek him with all their heart.
ধন্য সেইসকল, যিসকলে তেওঁৰ আজ্ঞাবোৰ পালন কৰে; যিসকলে সমস্ত মনেৰে সৈতে তেওঁক বিচাৰে।
3 They do no wrong; they walk in his ways.
তেওঁলোকে অন্যায় নকৰে, যিহোৱাৰ পথত চলে।
4 You have commanded us to keep your instructions so that we should carefully observe them.
তোমাৰ আদেশবোৰ যত্নেৰে পালন কৰিবলৈ তুমি আমাক আজ্ঞা কৰিলা।
5 Oh, that I would be firmly established in the observance of your statutes!
ওহ, মোৰ পথবোৰ সুস্থিৰ হওঁক; মই যেন তোমাৰ বিধিবোৰ পালন কৰিব পাৰোঁ!
6 Then I would not be put to shame when I think of all your commandments.
যেতিয়া তোমাৰ সকলো আজ্ঞাৰ প্রতি মই দৃষ্টি ৰাখি চলিম, তেতিয়া মই লজ্জিত নহ’ম।
7 I will give thanks to you with an upright heart when I learn your righteous decrees.
তোমাৰ ধাৰ্মিকতাযুক্ত শাসন প্ৰণালীবোৰ যেতিয়া মই শিকোঁ, তেতিয়া মই শুদ্ধ মনেৰে তোমাৰ ধন্যবাদ কৰিম।
8 I will observe your statutes; do not leave me alone.
মই তোমাৰ বিধিবোৰ পালন কৰিম; মোক নিচেইকৈ পৰিত্যাগ নকৰিবা।
9 How can a young person keep his path pure? By obeying your word.
যুবকে কেনেকৈ নিজৰ পথ শুদ্ধভাৱে ৰাখিব পাৰে? তোমাৰ বাক্য অনুসাৰে সাৱধানেৰে চলাৰ দ্বাৰাই পাৰে।
10 With my whole heart I seek you; Do not let me stray from your commandments.
১০মই সমস্ত মনেৰে তোমাক বিচাৰিছোঁ; তুমি মোক তোমাৰ আজ্ঞা-পথৰ পৰা ভ্ৰান্ত হৈ যাব নিদিবা।
11 I have stored up your word in my heart so that I might not sin against you.
১১তোমাৰ বাক্য মই মোৰ হৃদয়ত সঞ্চয় কৰি ৰাখিছো, যেন তোমাৰ অহিতে পাপ নকৰোঁ।
12 Blessed you are, Yahweh; teach me your statutes.
১২ধন্য তুমি, হে যিহোৱা; মোক তোমাৰ বিধিবোৰ শিকোৱা।
13 With my mouth I have declared all the righteous decrees that you have revealed.
১৩তোমাৰ মুখৰ সকলো ধার্মিক শাসন প্ৰণালী, মই নিজ ওঁঠেৰে বর্ণনা কৰিলোঁ;
14 I rejoice in the way of your covenant decrees more than in all riches.
১৪ধন-সম্পদত লোকে যিমান আনন্দ পায়, তোমাৰ আজ্ঞাৰ পথত চলি মই তাতোকৈ অধিক আনন্দ পাওঁ।
15 I will meditate on your instructions and pay attention to your ways.
১৫মই তোমাৰ আদেশবোৰ ধ্যান কৰিম, তোমাৰ সকলো পথলৈ মনোযোগ দিম।
16 I delight in your statutes; I will not forget your word.
১৬মই তোমাৰ বিধিবোৰত আনন্দিত হ’ম; মই তোমাৰ বাক্য নাপাহৰিম।
17 Be kind to your servant so that I may live and keep your word.
১৭তোমাৰ দাসলৈ প্রচুৰ মঙ্গল কৰা যাতে মই জীয়াই থাকো, আৰু তোমাৰ বাক্য পালন কৰিব পাৰোঁ।
18 Open my eyes so that I may see marvelous things in your law.
১৮মোৰ চকু মুকলি কৰি দিয়া, যাতে মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয়বোৰ দেখা পাওঁ।
19 I am a foreigner in the land; do not hide your commandments from me.
১৯মই পৃথিৱীত প্রবাসী মাথোন, তোমাৰ আজ্ঞাবোৰ মোৰ পৰা লুকুৱাই নাৰাখিবা।
20 My desires are crushed by the longing to know your righteous decrees at all times.
২০সকলো সময়তে তোমাৰ শাসন-প্রণালীবোৰ জানিবলৈ, মোৰ প্রাণ আকাঙ্ক্ষাত ভগ্ন হৈছে।
21 You rebuke the proud, who are cursed, who wander from your commandments.
২১তুমি অহঙ্কাৰীবোৰক ধমক দিছা; তেওঁলোকতো শাপগ্ৰস্ত, তোমাৰ আজ্ঞা পথৰ পৰা ভ্ৰান্ত হৈ ঘূৰি ফুৰে।
22 Spare me from disgrace and humiliation, for I have obeyed your covenant decrees.
২২তেওঁলোকৰ অপমান আৰু নিন্দা মোৰ পৰা দূৰ কৰা; কিয়নো মই তোমাৰ আজ্ঞাবোৰ পালন কৰি আহিছোঁ।
23 Though rulers plot and slander me, your servant meditates on your statutes.
২৩যদি শাসনকর্তাসকলেও বহি মোৰ অহিতে কথা কয়, তথাপিও তোমাৰ দাসে তোমাৰ বিধিবোৰ ধ্যান কৰিব।
24 Your covenant decrees are my delight, and they are my counselors.
২৪তোমাৰ আজ্ঞাবোৰ মোৰ আনন্দৰ বিষয়, সেইবোৰে মোক পৰামৰ্শ দিয়ে।
25 My life clings to the dust! Give me life by your word.
২৫মোৰ প্রাণ ধুলিত সংলগ্ন; তোমাৰ বাক্য অনুসাৰে মোক সঞ্জীৱিত কৰা।
26 I told you my ways, and you answered me; teach me your statutes.
২৬মোৰ জীৱনৰ পথৰ কথা মই তোমাক জনালোঁ, আৰু তুমি মোক উত্তৰ দিলা। মোক তোমাৰ বিধিবোৰ শিকোঁৱা।
27 Make me understand the ways of your instructions, so that I can meditate on your wondrous teachings.
২৭তোমাৰ আজ্ঞাৰ পথবোৰ মোক বুজাই দিয়া; তাতে মই তোমাৰ আচৰিত কাৰ্যবোৰ ধ্যান কৰিম।
28 I am overwhelmed with grief! Strengthen me by your word.
২৮দুখত মোৰ প্রাণ দ্ৰৱীভূত হৈছে; তোমাৰ বাক্য অনুসাৰে মোক সবল কৰা।
29 Turn from me the path of deceit; graciously teach me your law.
২৯মোৰ পৰা মিছা কথাৰ পথ দূৰ কৰা; দয়া কৰি তোমাৰ ব্যৱস্থাৰ শিক্ষা মোক দান কৰা।
30 I have chosen the way of faithfulness; I have always kept your righteous decrees before me.
৩০মই বিশ্বস্ততাৰ পথ মনোনীত কৰিলোঁ; মই তোমাৰ শাসন-প্ৰণালীবোৰ মোৰ সন্মুখত ৰাখিলোঁ।
31 I cling to your covenant decrees; Yahweh, do not let me be shamed.
৩১হে যিহোৱা, মই তোমাৰ আজ্ঞাবোৰত আসক্ত হৈছোঁ; তুমি মোক লজ্জিত হ’বলৈ নিদিবা।
32 I will run in the path of your commandments, for you enlarge my heart to do so.
৩২তোমাৰ আজ্ঞাবোৰৰ পথত মই লৰি যাম, কাৰণ তুমি মোৰ হৃদয় মেলি দিলা।
33 Teach me, Yahweh, the way of your statutes, and I will keep them to the end.
৩৩হে যিহোৱা, তোমাৰ বিধিবোৰৰ পথৰ সম্বন্ধে মোক শিকোৱা; তাতে মই শেষলৈকে তাক পালন কৰিম।
34 Give me understanding, and I will keep your law; I will observe it with all my heart.
৩৪তুমি মোক জ্ঞান দিয়া যাতে মই তোমাৰ ব্যৱস্থাবোৰ মানি চলিব পাৰোঁ, সমস্ত হৃদয়েৰে সৈতে তাক পালন কৰিব পাৰোঁ।
35 Guide me in the path of your commandments, for I delight to walk in it.
৩৫তোমাৰ আজ্ঞা- পথত মোক চলোৱা; কিয়নো তাতেই মই সন্তোষ পাওঁ।
36 Direct my heart toward your covenant decrees and away from unrighteous gain.
৩৬তোমাৰ আজ্ঞাবোৰলৈ মোৰ হৃদয় আসক্ত কৰি ৰাখা, স্বার্থপৰ লোভলৈ আকর্ষিত নকৰিবা।
37 Turn my eyes from looking at worthless things; revive me in your ways.
৩৭অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা; তোমাৰ পথত চলিবলৈ মোক পুনৰ সঞ্জীৱিত কৰা।
38 Carry out for your servant your promise that you made to those who honor you.
৩৮তোমাৰ এই দাসৰ প্রতি তোমাৰ প্রতিজ্ঞা পূর্ণ কৰা; যি প্রতিজ্ঞা তোমালৈ ভয়কাৰী লোকৰ বাবে তুমি স্থিৰ কৰিলা।
39 Take away the insults I dread, for your righteous judgments are good.
৩৯মোৰ দূর্নাম তুমি দূৰ কৰা, যিহক মই ভয় কৰোঁ; কিয়নো তোমাৰ শাসন-প্ৰণালীবোৰ মঙ্গলময়।
40 See, I have longed for your instructions; revive me in your righteousness.
৪০চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাংক্ষা কৰি আছোঁ; তোমাৰ ধাৰ্মিকতাৰে মোক সঞ্জীৱিত কৰা।
41 Yahweh, give me your unfailing love— your salvation, according to your promise;
৪১হে যিহোৱা, তুমি মোক তোমাৰ সুস্থিৰ প্রেমৰ ভাগী হবলৈ দিয়া; তোমাৰ প্রতিজ্ঞা অনুসাৰে তোমাৰ পৰিত্ৰাণৰ ভাগী কৰা।
42 then I will have a reply for the one who mocks me, for I trust in your word.
৪২তেতিয়া মোক নিন্দা কৰা সকলক মই উত্তৰ দিব পাৰিম; কিয়নো মই তোমাৰ বাক্যত ভাৰসা কৰোঁ।
43 Do not take the word of truth from my mouth, for my hope is in your righteous decrees.
৪৩তোমাৰ সত্যৰ বাক্য মোৰ মুখৰ পৰা কাঢ়ি নলবা; কিয়নো তোমাৰ শাসন-প্ৰণালীৰ ওপৰত মোৰ আশা আছে।
44 I will observe your law continually, forever and ever.
৪৪যুগে যুগে অনন্তকাল মই তোমাৰ ব্যৱস্থা মানি চলিম।
45 I will walk securely, for I seek your instructions.
৪৫মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলোঁ।
46 I will speak of your solemn commands before kings and will not be ashamed.
৪৬তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম।
47 I delight in your commandments, which I love dearly.
৪৭তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ; কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
48 I will lift up my hands to your commandments, which I love; I will meditate on your statutes.
৪৮তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰোঁ, কাৰণ মই সেইবোৰ ভাল পাওঁ; মই তোমাৰ বিধিবোৰ ধ্যান কৰিম।
49 Call to mind your promise to your servant because you have given me hope.
৪৯তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা; তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা।
50 This is my comfort in my affliction: that your promise has kept me alive.
৫০দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়; তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে।
51 The proud have scoffed at me, yet I have not turned away from your law.
৫১অহঙ্কাৰীবোৰে মোক অতিশয় ঠাট্টা-বিদ্রূপ কৰে; তথাপিও মই তোমাৰ ব্যৱস্থাৰ পৰা অলপো এফলীয়া হোৱা নাই।
52 I have thought about your righteous decrees from ancient times, Yahweh, and I comfort myself.
৫২হে যিহোৱা, মই তোমাৰ পূৰ্বকালৰ শাসন প্ৰণালীবোৰ সোঁৱৰণ কৰোঁ, আৰু মই নিজে শান্ত্বনা লভো।
53 Hot anger has taken hold of me because of the wicked who reject your law.
৫৩দুষ্ট লোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্রোধ প্রজ্বলিত হয়, কিয়নো তেওঁলোকে তোমাৰ ব্যৱস্থা ত্যাগ কৰে।
54 Your statutes have been my songs in the house where I temporarily live.
৫৪মোৰ এই অস্থায়ী ঘৰত তোমাৰ বিধিবোৰ মোৰ গানৰ বিষয় হৈছে।
55 I think about your name during the night, Yahweh, and I keep your law.
৫৫হে যিহোৱা, মই ৰাতি তোমাৰ নাম সোঁৱৰণ কৰোঁ, আৰু তোমাৰ ব্যৱস্থা মানি চলোঁ।
56 This has been my practice because I have observed your instructions.
৫৬এয়ে মোৰ অভ্যাস যে মই তোমাৰ আজ্ঞাবোৰ পালন কৰি চলোঁ।
57 Yahweh is my portion; I have determined to observe your words.
৫৭যিহোৱা মোৰ অধিকাৰৰ অংশ; মই তোমাৰ বাক্য মতে চলিবলৈ প্রতিজ্ঞা কৰিলোঁ।
58 I earnestly request your favor with my whole heart; be merciful to me, as your word promised.
৫৮মই মোৰ সমস্ত চিত্তেৰে তোমাৰ অনুগ্ৰহ বিচাৰিছোঁ; তোমাৰ বাক্য অনুসাৰে তুমি মোলৈ কৃপা কৰা।
59 I examined my ways and turned my feet to your covenant decrees.
৫৯মই মোৰ পথবোৰৰ বিষয়ে চিন্তা কৰিলোঁ, আৰু মই তোমাৰ আজ্ঞাবোৰলৈ মোৰ ভৰি ঘূৰালোঁ।
60 I hurry and do not delay to keep your commandments.
৬০মই শীঘ্রেই তুমি দিয়া আজ্ঞাবোৰ পালন কৰিলোঁ, পলম নকৰিলোঁ।
61 The cords of the wicked have ensnared me; I have not forgotten your law.
৬১যদিও দুষ্টবোৰৰ জৰীত মই বান্ধ খাই আছোঁ, তথাপিও মই তোমাৰ ব্যৱস্থা পাহৰি নাযাওঁ।
62 At midnight I rise to give thanks to you because of your righteous decrees.
৬২তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই মাজনিশা তোমাৰ স্তৱ কৰিবলৈ উঠো।
63 I am a companion of all who honor you, to all who observe your instructions.
৬৩যিসকলে তোমাক ভয় কৰে আৰু তোমাৰ আদেশবোৰ পালন কৰে, মই তেওঁলোক সকলোৰে সংগী।
64 The earth, Yahweh, is full of your covenant faithfulness; teach me your statutes.
৬৪হে যিহোৱা, পৃথিৱী তোমাৰ দয়াৰে পৰিপূৰ্ণ; মোক তোমাৰ বিধিবোৰ শিকোৱা।
65 You have done good to your servant, Yahweh, by means of your word.
৬৫তুমি তোমাৰ দাসলৈ মঙ্গল ব্যৱহাৰ কৰিলা; হে যিহোৱা, তোমাৰ বাক্য অনুসাৰে কৰিলা।
66 Teach me proper discernment and understanding, for I have believed in your commandments.
৬৬তুমি মোক ভাল বিচাৰ-বুদ্ধি আৰু জ্ঞান শিকোৱা; কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰোঁ।
67 Before I was afflicted I went astray, but now I observe your word.
৬৭কষ্ট পোৱাৰ আগেয়ে মই বিপথে গৈছিলোঁ, কিন্তু এতিয়া হ’লে, মই তোমাৰ বাক্য পালন কৰিছোঁ।
68 You are good, and you are one who does good; teach me your statutes.
৬৮তুমি মঙ্গলময় আৰু মঙ্গলৰ কার্য কৰা; মোক তোমাৰ বিধিবোৰ শিকোৱা।
69 The arrogant have smeared me with lies, but I keep your instructions with my whole heart.
৬৯অহঙ্কাৰীবোৰে মোৰ অহিতে মিছা কথা ৰচিছে; কিন্তু মই হ’লে সমস্ত চিত্তেৰে তোমাৰ আদেশবোৰ পালন কৰোঁ।
70 Their hearts are hardened, but I delight in your law.
৭০তেওঁলোকৰ হৃদয়ত সত্যতা নাই; কিন্তু মই হ’লে তোমাৰ ব্যৱস্থাত হৰ্ষিত হওঁ।
71 It is good for me that I have suffered so that I would learn your statutes.
৭১মই যি কষ্ট পাইছো, সেয়ে মোৰ পক্ষে শুভজনক, তাতে মই তোমাৰ বিধিবোৰ শিকিব পাৰিছোঁ।
72 Instruction from your mouth is more precious to me than thousands of pieces of gold and silver.
৭২তোমাৰ মুখৰ ব্যৱস্থাবোৰ মোৰ ওচৰত হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈয়ো বহুমূল্য।
73 Your hands have made and fashioned me; give me understanding so that I may learn your commandments.
৭৩তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে; তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা।
74 Those who honor you will be glad when they see me because I find hope in your word.
৭৪তোমাক ভয় কৰাসকলে মোক দেখি আনন্দিত হ’ব; কিয়নো মই তোমাৰ বাক্যত আশা কৰিলোঁ।
75 I know, Yahweh, that your decrees are just, and that in faithfulness you afflicted me.
৭৫হে যিহোৱা, মই জানো যে, তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ, তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা।
76 Let your covenant faithfulness comfort me, as you promised your servant.
৭৬তোমাৰ এই দাসৰ ওচৰত তুমি যি প্রতিজ্ঞা কৰিলা, সেই অনুসাৰে তোমাৰ গভীৰ প্রেম মোৰ সান্ত্বনা হওঁক।
77 Show me compassion so that I may live, for your law is my delight.
৭৭মোলৈ তোমাৰ কৃপা নামি আহঁক, যাতে মই জীয়াই থাকিব পাৰোঁ; কিয়নো তোমাৰ ব্যৱস্থাই মোক আনন্দ দিয়ে।
78 Let the proud be put to shame, for they have slandered me; but I will meditate on your instructions.
৭৮অহংকাৰী লোকে লাজ পাওক, কিয়নো তেওঁলোকে মিছা কথা কৈ মোৰ সর্বনাশ কৰিলে; কিন্তু হ’লে মই তোমাৰ আদেশবোৰ ধ্যান কৰিম;
79 May those who honor you turn to me, those who know your covenant decrees.
৭৯যিসকলে তোমাক ভয় কৰে, তেওঁলোক মোলৈ ঘূৰক, যাতে তেওঁলোকে তোমাৰ আজ্ঞাবোৰ জানিব।
80 May my heart be blameless with respect to your statutes so that I may not be put to shame.
৮০মোৰ অন্তঃকৰণ তোমাৰ বিধিবোৰত যেন সিদ্ধ থাকে, তাতে মই লজ্জিত নহ’ম।
81 I faint with longing that you might rescue me! I hope in your word.
৮১তুমি মোক ৰক্ষা কৰাৰ প্রতীক্ষাত থাকোতে থাকোতে মোৰ প্রাণ ক্রমশঃ অৱশ হৈ গৈছে; মই তোমাৰ বাক্যত আশা কৰিছোঁ।
82 My eyes long to see your promise; when will you comfort me?
৮২তোমাৰ বাক্যৰ প্রতিজ্ঞা পূর্ণ হোৱাৰ অপেক্ষাত মোৰ চকু সোমাই গৈছে; মই সুধিলো, “কেতিয়া তুমি মোক সান্ত্বনা দিবা?”
83 For I have become like a wineskin in the smoke; I do not forget your statutes.
৮৩কিয়নো মই ধুঁৱাত থকা চামৰাৰ দ্রাক্ষাৰস থলীৰ নিচিনা হ’লো; তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই।
84 How long must your servant endure this; when will you judge those who persecute me?
৮৪তোমাৰ দাসে কিমান কাল সহন কৰি থাকিব? মোক তাড়না কৰা সকলৰ বিচাৰ তুমি কেতিয়া কৰিবা?
85 The proud have dug pits for me, defying your law.
৮৫অহঙ্কাৰীবোৰে মোৰ বাবে গাত খান্দিছে; তেওঁলোক তোমাৰ ব্যৱস্থাৰ অনুগামী নহয়।
86 All your commandments are reliable; those people persecute me wrongfully; help me.
৮৬তোমাৰ সকলো আজ্ঞা বিশ্বাসযোগ্য; লোকসকলে অকাৰণতে মোক তাড়না কৰে; তুমি মোক সহায় কৰা।
87 They have almost made an end to me on earth, but I do not reject your instructions.
৮৭তেওঁলোকে পৃথিৱীত মোক প্ৰায় নিঃশেষ কৰি পেলালে; কিন্তু তথাপিও মই তোমাৰ আদেশবোৰ ত্যাগ কৰা নাই।
88 By your steadfast love, keep me alive, so that I may obey your commands.
৮৮তোমাৰ গভীৰ প্রেমত তুমি মোক সঞ্জীৱিত কৰা, তাতে মই তোমাৰ মুখৰ আজ্ঞাবোৰ পালন কৰিম।
89 Yahweh, your word stands forever; your word is established firmly in heaven.
৮৯যিহোৱা অনন্ত কাললৈকে বিদ্যমান; তোমাৰ বাক্য স্বৰ্গত সুদৃঢ় আছে।
90 Your faithfulness lasts for all generations; you have established the earth, and it remains.
৯০পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী; তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে।
91 All things continue to this day, just as you said in your righteous decrees, for all things are your servants.
৯১তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে; কিয়নো সকলোৱেই তোমাৰ অধীনৰ দাস।
92 If your law had not been my delight, I would have perished in my affliction.
৯২তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন, তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লহেঁতেন।
93 I will never forget your instructions, for through them you have kept me alive.
৯৩মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম; কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰায় সঞ্জীৱিত কৰিলা।
94 I am yours; save me, for I seek your instructions.
৯৪মই তোমাৰেই, মোক ৰক্ষা কৰা; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলোঁ।
95 The wicked prepare to destroy me, but I will seek to understand your covenant decrees.
৯৫দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে; কিন্তু মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ।
96 I have seen that everything has its limits, but your commandments are broad, beyond limits.
৯৬মই সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত দেখিলোঁ; কিন্তু তোমাৰ আজ্ঞা অসীম।
97 Oh how I love your law! It is my meditation all day long.
৯৭ওহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ! সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়।
98 Your commandments make me wiser than my enemies, for your commandments are always with me.
৯৮তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে; কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।
99 I have more understanding than all my teachers, for I meditate on your covenant decrees.
৯৯মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান; কিয়নো তোমাৰ আজ্ঞাবোৰ মোৰ ধ্যানৰ বিষয়।
100 I understand more than those older than I am; this is because I have kept your instructions.
১০০মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ; কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ।
101 I have kept my feet back from every evil path so that I might observe your word.
১০১মই সকলো কু-পথৰ পৰা মোৰ ভৰি আঁতৰাই ৰাখিলোঁ, যাতে মই তোমাৰ বাক্যবোৰ পালন কৰিব পাৰোঁ।
102 I have not turned aside from your righteous decrees, for you have instructed me.
১০২মই তোমাৰ ধার্মিক শাসন-প্রণালীবোৰৰ পৰা আঁতৰি যোৱা নাই; কিয়নো তুমি নিজেই মোক শিক্ষা দিলা।
103 How sweet are your words to my taste, yes, sweeter than honey to my mouth!
১০৩তোমাৰ বাক্যবোৰ মোৰ জিভাত কেনে মিঠা লাগে! সেয়ে মোৰ মুখত মৌৰ কোঁহতকৈয়ো মিঠা লাগে।
104 Through your instructions I gain discernment; therefore I hate every false way.
১০৪তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰোঁ; সেই বাবেই মই সকলো মিছা পথ ঘিণ কৰোঁ।
105 Your word is a lamp to my feet and a light for my path.
১০৫তোমাৰ বাক্য মোৰ ভৰিৰ কাৰণে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ।
106 I have sworn and have confirmed it, that I will observe your righteous decrees.
১০৬তোমাৰ ধাৰ্মিকতাযুক্ত শাসনপ্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালোঁ, আৰু স্থিৰ কৰিলোঁ।
107 I am very afflicted; keep me alive, Yahweh, as you have promised in your word.
১০৭হে যিহোৱা, মই অতিশয় দুখ পাইছোঁ; তোমাৰ বাক্য অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
108 Yahweh, please accept the freewill offerings of my mouth, and teach me your righteous decrees.
১০৮হে যিহোৱা, মোৰ মুখে কৰা প্রশংসা-স্তুতিৰ উৎসর্গ তুমি গ্রহণ কৰা, আৰু তোমাৰ শাসন-প্ৰণালীবোৰ মোক শিকোৱা।
109 My life is always in my hand, yet I do not forget your law.
১০৯মই মোৰ প্ৰাণ সদায় হাতত লৈ ফুৰিছোঁ; তথাপি মই তোমাৰ ব্যৱস্থা পাহৰা নাই।
110 The wicked have set a snare for me, but I have not strayed from your instructions.
১১০দুষ্টবোৰে মোলৈ ফান্দ পাতিলে; তথাপি মই তোমাৰ আদেশবোৰৰ পৰা বিপথে যোৱা নাই।
111 I claim your covenant decrees as my heritage forever, for they are the joy of my heart.
১১১তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য; সেইবোৰ মোৰ মনৰ আনন্দজনক।
112 My heart is set on obeying your statutes forever to the very end.
১১২চিৰকাললৈকে তোমাৰ বিধিবোৰ পালন কৰিবৰ কাৰণে মই মোৰ হৃদয়ক থিৰ কৰিলোঁ।
113 I hate those who have a double mind, but I love your law.
১১৩দুই মনৰ লোকক মই ঘিণ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক মই ভাল পাওঁ।
114 You are my hiding place and my shield; I hope in your word.
১১৪তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ।
115 Get away from me, you evil doers, so that I may observe the commandments of my God.
১১৫হে কু-কার্য কৰা লোক, মোৰ ওচৰৰ পৰা দূৰ হোৱা; মই মোৰ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম।
116 Sustain me by your word so that I may live and not be ashamed of my hope.
১১৬তোমাৰ বাক্য অনুসাৰে মোক ধৰি ৰাখা, তাতে মই জীয়াই থাকিম; মোৰ আশাত তুমি মোক লাজ পাবলৈ নিদিবা।
117 Support me, and I will be safe; I will always meditate on your statutes.
১১৭মোক ধৰি ৰাখা, তাতে মই ৰক্ষা পাম আৰু সদায় তোমাৰ বিধিবোৰক মান্য কৰিম।
118 You reject all those who stray from your statutes, for those people are deceptive and unreliable.
১১৮তোমাৰ বিধিবোৰৰ পৰা অপথে যোৱা সকলক তুমি অগ্রাহ্য কৰা; কিয়নো তেওঁলোকৰ প্ৰবঞ্চনা অসাৰ।
119 You remove all the wicked of the earth like slag; therefore I love your solemn commands.
১১৯পৃথিৱীৰ সকলো দুষ্টক তুমি ময়লাৰ দৰে গণ্য কৰি দূৰ কৰা; এই কাৰণে মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
120 My body trembles in fear of you, and I am afraid of your righteous decrees.
১২০তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে; তোমাৰ শাসন-প্ৰণালীবোৰক মই ভয় কৰোঁ।
121 I do what is just and right; do not abandon me to my oppressors.
১২১মই ন্যায় বিচাৰ আৰু সৎ কার্য কৰিলোঁ; মোক উপদ্ৰৱকাৰীবোৰৰ হাতত এৰি নিদিবা।
122 Guarantee the welfare of your servant; do not let the proud oppress me.
১২২তুমি তোমাৰ এই দাসৰ মঙ্গলৰ দায়িত্ব লোৱা; অহঙ্কাৰীবোৰক মোৰ ওপৰত উপদ্ৰৱ কৰিবলৈ নিদিবা।
123 My eyes grow tired as I wait for your salvation and for your righteous word.
১২৩তোমাৰ ধাৰ্মিকযুক্ত প্রতিজ্ঞা পূর্ণ হোৱালৈ আৰু তোমাৰ পৰিত্ৰাণৰ বাবে অপেক্ষা কৰি মোৰ চকু দুর্বল হৈ গৈছে।
124 Show your servant your covenant faithfulness, and teach me your statutes.
১২৪তোমাৰ গভীৰ প্রেম অনুসাৰে তোমাৰ দাসলৈ ব্যৱহাৰ কৰা; তোমাৰ বিধিবোৰ মোক শিকোঁৱা।
125 I am your servant; give me understanding so that I may know your covenant decrees.
১২৫মই তোমাৰ দাস; মোক বোধশক্তি দিয়া, যেন তোমাৰ আজ্ঞাবোৰ বুজিব পাৰোঁ।
126 It is time for Yahweh to act, for people have broken your law.
১২৬হে যিহোৱা, এতিয়া তোমাৰ কাৰ্য কৰাৰ সময় হৈছে, কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে।
127 Truly I love your commandments more than gold, more than fine gold.
১২৭মই বাস্তৱিকতে তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ; সেইবোৰক সোণতকৈ, শুদ্ধ সোণতকৈয়ো ভাল পাওঁ।
128 Therefore I carefully follow all your instructions, and I hate every path of falsehood.
১২৮এই কাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো; মই সকলো মিছা পথ ঘিণ কৰোঁ।
129 Your rules are wonderful, that is why I obey them.
১২৯তোমাৰ আজ্ঞাবোৰ আচৰিত; সেই বাবেই মোৰ প্রাণে সেইবোৰ পালন কৰে।
130 The unfolding of your words gives light; it gives understanding to the untrained.
১৩০তোমাৰ বাক্য প্ৰকাশিত হ’লে দীপ্তি দিয়ে; সৰল মনৰ লোকক বুজন শক্তি দান কৰে।
131 I open my mouth and pant, for I long for your commandments.
১৩১মই মুখ মেলি ফোপাইছিলো; কিয়নো মই তোমাৰ আজ্ঞাৰ বাবে অতিশয় হাবিয়াহ কৰিলোঁ।
132 Turn to me and have mercy on me, as you always do for those who love your name.
১৩২তোমাৰ নাম ভাল পোৱা সকলৰ প্রতি তুমি যেনে ৰীতি কৰা, তেনেদৰে মোলৈও ঘূৰি মোৰ প্রতি কৃপা কৰা।
133 Direct my footsteps by your word; do not let any sin rule me.
১৩৩তোমাৰ প্রতিজ্ঞা অনুসাৰে মোৰ খোজ সুস্থিৰ কৰি ৰাখা আৰু কোনো অধৰ্মক মোৰ ওপৰত অধিকাৰ কৰিবলৈ নিদিবা।
134 Redeem me from human oppression so that I may observe your instructions.
১৩৪মানুহৰ উপদ্ৰৱৰ পৰা মোক মুক্ত কৰা, তাতে মই তোমাৰ আদেশবোৰ পালন কৰিম।
135 Let your face shine on your servant, and teach me your statutes.
১৩৫তোমাৰ দাসৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ বিধিবোৰ মোক শিকোৱা।
136 Streams of tears run down from my eyes because people do not observe your law.
১৩৬মোৰ চকুৰ পৰা চকুলোৰ নদী বৈ গৈছে; কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা পালন নকৰে।
137 You are righteous, Yahweh, and your decrees are fair.
১৩৭হে যিহোৱা, তুমি ধাৰ্মিক, আৰু তোমাৰ ন্যায় বিচাৰ যথাৰ্থ।
138 You have given your covenant decrees righteously and faithfully.
১৩৮তুমি সকলো বিশ্বস্ততা আৰু ধাৰ্মিকতাত তোমাৰ আজ্ঞাবোৰৰ আদেশ দিলা।
139 Anger has destroyed me because my adversaries forget your words.
১৩৯তোমাৰ উৎসাহে মোক গ্ৰাস কৰিছে; কাৰণ মোৰ শত্ৰুবোৰে তোমাৰ বাক্যবোৰ পাহৰিলে।
140 Your word has been tested very much, and your servant loves it.
১৪০তোমাৰ প্রতিজ্ঞা উত্তম বুলি প্রমাণিত হৈছে; সেয়ে তোমাৰ দাসে তাক ভাল পায়।
141 I am insignificant and despised, yet I do not forget your instructions.
১৪১যদিও মই সামান্য আৰু তুচ্ছ, তথাপিও মই তোমাৰ আদেশবোৰ পাহৰা নাই।
142 Your justice is forever right, and your law is trustworthy.
১৪২তোমাৰ ধাৰ্মিকতা চিৰস্থায়ী ধাৰ্মিকতা আৰু তোমাৰ সকলো ব্যৱস্থা সত্য।
143 Though distress and anguish have found me, your commandments are still my delight.
১৪৩সঙ্কট আৰু দুর্দশা মোৰ ওপৰত আহিল; তথাপিও মই তোমাৰ আজ্ঞাবোৰত আনন্দ পাওঁ।
144 Your covenant decrees are righteous forever; give me understanding that I may live.
১৪৪তোমাৰ আজ্ঞাবোৰ অনন্ত কাললৈকে ধাৰ্মিক; মোক বুজা শক্তি দিয়া, তাতে মই জীয়াই থাকিম।
145 I cried out with my whole heart, “Answer me, Yahweh, I will keep your statutes.
১৪৫মই সমস্ত মনেৰে প্ৰাৰ্থনা কৰিলোঁ, হে যিহোৱা, মোক উত্তৰ দিয়া; মই তোমাৰ বিধিবোৰ পালন কৰিম।
146 I call to you; save me, and I will observe your covenant decrees.”
১৪৬মই তোমাকেই মাতিছো, মোক উদ্ধাৰ কৰা; মই তোমাৰ সকলো আজ্ঞা মানি চলিম।
147 I rise before the dawn of the morning and cry for help. I hope in your words.
১৪৭মই প্রভাতৰ আগেয়েই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ; তোমাৰ বাক্যবোৰত আশা কৰিলোঁ।
148 My eyes are open before the night watches change so that I might meditate on your word.
১৪৮ৰাতি শেষ হোৱাৰ আগেয়ে মোৰ চকু মেল খায়, যেন তোমাৰ প্রতিজ্ঞাৰ ধ্যান কৰিব পাৰোঁ।
149 Hear my voice in your covenant faithfulness; keep me alive, Yahweh, as you have promised in your righteous decrees.
১৪৯তোমাৰ গভীৰ প্রেম অনুসাৰে মোৰ স্বৰ শুনা; হে যিহোৱা, তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
150 Those who are persecuting me are coming closer to me, but they are far from your law.
১৫০কু-কার্য কৰি মোক তাড়না কৰাসকল ওচৰ চাপি আহিছে; তেওঁলোক তোমাৰ ব্যৱস্থাৰ পৰা দূৰৈত থাকে।
151 You are near, Yahweh, and all your commandments are trustworthy.
১৫১কিন্তু হে যিহোৱা, তুমি ওচৰ আৰু তোমাৰ সকলো আজ্ঞা সত্য;
152 Long ago I learned from your covenant decrees that you had set them in place forever.
১৫২বহুত দিনৰ আগেয়ে মই তোমাৰ আজ্ঞাবোৰৰ পৰা জানিছোঁ যে, তুমি সেইবোৰ চিৰকালৰ কাৰণে স্থাপন কৰিলা।
153 Look on my affliction and help me, for I do not forget your law.
১৫৩তুমি মোৰ দুখলৈ দৃষ্টি কৰা আৰু মোক উদ্ধাৰ কৰা; কিয়নো মই তোমাৰ ব্যৱস্থা নাপাহৰো।
154 Plead my cause and redeem me; keep me, as you have promised in your word.
১৫৪মোৰ পক্ষে বিবাদ নিষ্পত্তি কৰা আৰু মোক মুক্ত কৰা; তোমাৰ বাক্যত কৰা প্রতিজ্ঞা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা;
155 Salvation is far from the wicked, for they do not love your statutes.
১৫৫দুষ্টবোৰৰ পৰা পৰিত্ৰাণ দূৰৈত থাকে; কিয়নো তেওঁলোকে তোমাৰ বিধিবোৰ নিবিচাৰে।
156 Great are your merciful actions, Yahweh; keep me alive, as you always do.
১৫৬হে যিহোৱা, তোমাৰ কৰুণা অনেক বেচি; তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
157 My persecutors and my foes are many, yet I have not turned from your covenant decrees.
১৫৭মোৰ তাড়নাকাৰী আৰু শত্ৰু অনেক; কিন্তু মই তোমাৰ আজ্ঞাবোৰৰ পৰা আঁতৰি যোৱা নাই।
158 I view the treacherous with disgust because they do not keep your word.
১৫৮মই বিশ্বাস ঘাতকবোৰক দেখি ঘিণ কৰোঁ; কাৰণ তেওঁলোকে তোমাৰ বাক্য পালন নকৰে।
159 See how I love your instructions; keep me alive, Yahweh, as you have promised by your covenant faithfulness.
১৫৯চোৱা, মই তোমাৰ আদেশবোৰ কিমান যে ভাল পাওঁ! হে যিহোৱা, তোমাৰ সুস্থিৰ প্রেম অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
160 The essence of your word is truth; every one of your righteous decrees lasts forever.
১৬০তোমাৰ সমস্ত বাক্য সত্য; তোমাৰ প্ৰত্যেকটো ধার্মিক শাসন-প্ৰণালী চিৰকাল স্থায়ী।
161 Princes persecute me without cause, but my heart stands in awe of your word.
১৬১অধিকাৰীসকলে মোক অকাৰণে তাড়না কৰে; কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে।
162 I rejoice at your word like one who finds great plunder.
১৬২মই এনেকৈ তোমাৰ বাক্যত আনন্দ কৰোঁ, যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে।
163 I hate and despise falsehood, but I love your law.
১৬৩মই মিছাক ঘিণাওঁ আৰু তুচ্ছ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক প্ৰেম কৰোঁ।
164 Seven times a day I praise you because of your righteous decrees.
১৬৪তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই দিনে সাতবাৰকৈ তোমাৰ প্ৰশংসা কৰোঁ।
165 Great peace they have, those who love your law; nothing makes them stumble.
১৬৫যিসকলে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁলোকৰ পৰম শান্তি হয়; একোতেই তেওঁলোক উজুটি নাখায়।
166 I hope for your salvation, Yahweh, and I obey your commandments.
১৬৬হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আশাৰে আছোঁ; মই তোমাৰ আজ্ঞাবোৰ পালন কৰিলোঁ।
167 I observe your solemn commands, and I love them greatly.
১৬৭মোৰ প্রাণে তোমাৰ আজ্ঞাবোৰ পালন কৰিলে; মই সেইবোৰক অতি প্ৰেম কৰোঁ।
168 I keep your instructions and your solemn commands, for you are aware of everything I do.
১৬৮মই তোমাৰ আদেশ আৰু আজ্ঞাবোৰ পালন কৰিলোঁ; কিয়নো মোৰ সকলো পথ তোমাৰ সন্মুখতে আছে।
169 Listen to my cry for help, Yahweh; give me understanding into your word.
১৬৯হে যিহোৱা, মোৰ কাতৰোক্তি তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ বাক্য অনুসাৰে মোক বোধ-শক্তি দান কৰা।
170 May my plea come before you; help me, as you have promised in your word.
১৭০মোৰ নিবেদনবোৰ তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ প্রতিজ্ঞাৰ দৰে মোক উদ্ধাৰ কৰা।
171 May my lips pour out praise, for you teach me your statutes.
১৭১মোৰ ওঁঠত তোমাৰ প্ৰশংসা উপচি পৰক; কিয়নো তুমি মোক তোমাৰ বিধিবোৰ শিকাইছা।
172 Let my tongue sing about your word, for all your commandments are right.
১৭২মোৰ জিভাই তোমাৰ প্রতিজ্ঞাৰ গীত গাওঁক; কিয়নো তোমাৰ সকলো আজ্ঞা ন্যায়পূর্ণ।
173 May your hand help me, for I have chosen your instructions.
১৭৩তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক; কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ।
174 I long for your rescue, Yahweh, and your law is my delight.
১৭৪হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আকাংক্ষা কৰিছোঁ; তোমাৰ ব্যৱস্থা মোৰ আনন্দৰ বিষয়
175 May I live and praise you, and may your righteous decrees help me.
১৭৫মোক জীয়াই থাকিবলৈ দিয়া যাতে মই তোমাৰ প্রশংসা কৰিব পাৰোঁ; তোমাৰ শাসন-প্রণালীবোৰে মোক সহায় কৰক।
176 I have wandered off like a lost sheep; seek your servant, for I have not forgotten your commandments.
১৭৬হেৰোৱা মেৰ-ছাগৰ দৰে মই ভ্ৰান্ত হলোঁ; তোমাৰ দাসক তুমি বিচাৰি লোৱা; কিয়নো তোমাৰ আজ্ঞাবোৰ মই পাহৰা নাই।

< Psalms 119 >