< Joshua 10 >

1 Now when Adoni-Zedek, king of Jerusalem, heard that Joshua had captured Ai and had completely destroyed it (just as he had done to Jericho and its king), he also heard how the people of Gibeon had made peace with Israel and were living among them.
এইদৰে যিৰূচালেমৰ ৰজা আদোনীচেদকে যেতিয়া শুনিলে যে, যিহোচূৱাই যেনেকৈ যিৰীহো আৰু তাৰ ৰজালৈ কৰিছিল তেনেকৈ অয়ক আটক কৰি তাক নিঃশেষে বিনষ্ট কৰিলে, আৰু তেওঁ শুনিবলৈ পালে যে, গিবিয়োনীয়াসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে সন্ধি স্থাপন কৰি তেওঁলোকৰ মাজত থকা হ’ল৷
2 The people of Jerusalem were very afraid because Gibeon was a large city, like one of the royal cities. It was larger than Ai, and all its men were mighty warriors.
তেতিয়া যিৰূচালেমৰ সন্তান সকলে অতিশয় ভয় পালে, কিয়নো গিবিয়োন ৰাজধানীৰ নিচিনা এখন ডাঙৰ নগৰ, অয়তকৈয়ো ডাঙৰ আৰু তাৰ লোকসকল বীৰ পুৰুষ আছিল৷
3 So Adoni-Zedek, king of Jerusalem, sent a message to Hoham, king of Hebron, to Piram, king of Jarmuth, to Japhia, king of Lachish, and to Debir, king of Eglon:
এই হেতুকে যিৰূচালেমৰ ৰজা আদোনীচেদকে হিব্ৰোণৰ ৰজা হোহমৰ, যৰ্মূতৰ ৰজা পিৰামৰ, লাখীচৰ ৰজা যাফীয়াৰ আৰু ইগ্লোনৰ ৰজা দবীৰৰ ওচৰলৈ মানুহ পঠিয়াই এই কথা ক’লে,
4 “Come up to me and help me. Let us attack Gibeon because they have made peace with Joshua and with the people of Israel.”
“আহাঁ, মোৰ ওচৰলৈ আহাঁ আৰু মোক সহায় কৰা৷ আমি গিবিয়োনীয়া সকলক আঘাত কৰোঁগৈ, কিয়নো তেওঁলোকে যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰে সৈতে সন্ধি পাতিলে।”
5 The five kings of the Amorites, the king of Jerusalem, the king of Hebron, the king of Jarmuth, the king of Lachish, and the king of Eglon came up, they and all their armies. They set up their positions against Gibeon, and they attacked it.
তাতে যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা, যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা আৰু ইগ্লোনৰ ৰজা, ইমোৰীয়াসকলৰ এই পাঁচজন ৰজাই গোট খাই নিজ নিজ সৈন্য সকলক গিবিয়োনলৈ লগত লৈ গ’ল, আৰু তাৰ সন্মুখত ছাউনি পাতি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
6 The people of Gibeon sent a message to Joshua and to the army at Gilgal. They said, “Hurry! Do not withdraw your hands from your servants. Come up to us quickly and save us. Help us, for all the kings of the Amorites who live in the hill country have gathered together to attack us.”
তেতিয়া গিবিয়োনৰ লোকসকলে গিলগলৰ চাউনিলৈ আৰু যিহোচূৱাৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে যে, “আপুনি আপোনাৰ এই বন্দীসকলৰ পৰা হাত নোকোঁচাব৷ আমাৰ ওচৰলৈ বেগাই আহি আমাক ৰক্ষা কৰক৷ আমাক আহি সহায় কৰক, কিয়নো পৰ্ব্বত-নিবাসী ইমোৰীয়াসকলৰ সকলো ৰজাই আমাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গোট খালে।”
7 Joshua went up from Gilgal, he and all the men of war with him, and all the fighting men.
তেতিয়া যিহোচূৱাই সকলো যুদ্ধাৰু আৰু বলৱান বীৰপুৰুষ সকলক লগত লৈ, গিলগলৰ পৰা যাত্ৰা কৰিলে।
8 Yahweh said to Joshua, “Do not be afraid of them. I have given them into your hand. Not one of them will be able to stop your attack.”
যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো মই তেওঁলোকক তোমাৰ হাতত দিলোঁ; তেওঁলোকৰ কোনেও তোমাৰ আক্ৰমণক ক্ষান্ত কৰিব নোৱাৰিব।”
9 Joshua came upon them suddenly, having marched all night from Gilgal.
যিহোচূৱাই গিলগলৰ পৰা ওৰে-ৰাতি খোজকাঢ়ি গৈ অকস্মাতে তেওঁলোকৰ ওচৰত ওলাল৷
10 Yahweh confused the enemy before Israel, and Israel killed them with a great slaughter at Gibeon and pursued them on the road going up to Beth Horon, and they killed them on the road to Azekah and Makkedah.
১০তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সাক্ষাতে তেওঁলোকক ব্যাকুল কৰাত ইস্ৰায়েলে গিবিয়োনত মহা-পৰাক্রমেৰে তেওঁলোকক সংহাৰ কৰিলে আৰু বৈৎ-হোৰোণলৈ উঠি যোৱা বাটেদি তেওঁলোকক খেদি নি, অজেকা আৰু মক্কেদালৈকে আঘাত কৰিলে।
11 As they ran away from Israel, down the hill from Beth Horon, Yahweh threw large stones down from heaven upon them all the way to Azekah, and they died. There were more who died because of the hailstones than who were killed with the sword by the men of Israel.
১১ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাই যোৱা সময়ত তেওঁলোকে যেতিয়া বৈৎ-হোৰোণৰ পৰা নামি যোৱা বাটত আছিল, তেতিয়া যিহোৱাই আকাশৰ পৰা ডাঙৰ ডাঙৰ শিল বৰষালে আৰু তাতে তেওঁলোকৰ মৃত্যু হ’ল৷ ইস্ৰায়েলৰ সন্তান সকলে যিমান মানুহ তৰোৱালেৰে বধ কৰিছিল, তাতকৈয়ো অধিক লোক শিলাবৃষ্টিত মৰিল।
12 Then Joshua spoke to Yahweh on the day Yahweh gave the men of Israel victory over the Amorites. This is what Joshua said to Yahweh before Israel, “Sun, be still at Gibeon, and moon, in the Valley of Aijalon.”
১২তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক ইমোৰীয়া সকলৰ ওপৰত জয়ী হ’বলৈ দিলে৷ সেইদিনা যিহোচূৱাই ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাক ক’লে, “হে সূৰ্য, তুমি গিবিয়োনৰ ওপৰত স্থিৰ হোৱা, আৰু হে চন্দ্ৰ, তুমি অয়ালোনৰ উপত্যকাৰ ওপৰত স্থিৰ হোৱা৷”
13 The sun stood still, and the moon stopped moving until the nation took vengeance on their enemies. Is this not written in the Book of Jashar? The sun stayed in the middle of the sky; it did not go down for about a whole day.
১৩সূৰ্য স্থগিত হ’ব আৰু চন্দ্ৰও ৰৈ থাকিব, যেতিয়ালৈকে সন্তান সকলে নিজৰ শত্ৰুবোৰক প্ৰতিশোধ নলয়৷ এই কথা জানো যাচেৰ পুস্তকত লিখা নাই? এইদৰে সূৰ্য আকাশৰ মাজ ঠাইত থিৰে থাকি, প্ৰায় সম্পূৰ্ণ এক দিন মাৰ যাবলৈ লৰচৰ নকৰিলে৷
14 There has been no other day like it before or after it, when Yahweh obeyed the voice of a human being. For Yahweh was waging war on behalf of Israel.
১৪ইয়াৰ পূৰ্বতে কি পৰৱর্তী কালতো এইদৰে যিহোৱাই মনুষ্যৰ বাক্যলৈ কাণ পতা এনে এটা পুনৰ নহ’ল; কিয়নো সেইদিনা যিহোৱাই ইস্ৰায়েলৰ পক্ষে যুদ্ধ কৰিছিল।
15 Joshua and all Israel with him returned to the camp at Gilgal.
১৫যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত ল’লে আৰু গিলগলৰ ছাউনিলৈ উলটি আহিল।
16 Now the five kings had escaped and hidden themselves in the cave at Makkedah.
১৬আৰু সেই পাঁচজন ৰজা পলাই গৈ, মক্কেদাৰ গুহাত লুকাই থাকিল।
17 It was told to Joshua, “They have been found!—the five kings hidden in the cave at Makkedah!”
১৭পাছত কোনো লোকে যিহোচূৱাক বাতৰি দি ক’লে, “সেই পাঁচজন ৰজাক মক্কেদাৰ গুহাত লুকাই থকা দেখা গৈছে!”
18 Joshua said, “Roll large stones against the mouth of the cave and place soldiers there to guard them.
১৮তেতিয়া যিহোচূৱাই ক’লে, “তোমালোকে সেই গুহাৰ মুখত কেতবোৰ ডাঙৰ শিল বগৰাই দি, তেওঁলোকক পহৰা দিবলৈ তাৰ ওচৰত মানুহ ৰাখাগৈ৷
19 Do not stay yourselves. Pursue your enemies and attack them from the rear. Do not permit them to enter into their cities, because Yahweh your God has given them into your hand.”
১৯কিন্তু তোমালোকে পলম নকৰিবা৷ শত্ৰুবোৰৰ পাছে পাছে খেদি গৈ তেওঁলোকৰ লোকসকলক পাছফালৰ পৰা সংহাৰ কৰা৷ তেওঁলোকক নিজ নিজ নগৰত সোমাবলৈ নিদিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক তোমালোকৰ হাতত সমৰ্পণ কৰিলে।”
20 Joshua and the sons of Israel had finished slaughtering them with a very great slaughter, until they were almost completely destroyed; only a few survivors who escaped reached the fortified cities.
২০পাছত যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে যেতিয়া মহা-পৰাক্ৰমেৰে তেওঁলোকক নিঃশেষে সংহাৰ কৰিলে আৰু তেওঁলোকৰ অৱশিষ্ট লোক সমূহ গড়েৰে আবৃত নগৰবোৰত গৈ যেতিয়া সোমাল,
21 Then the whole army returned in peace to Joshua at the camp at Makkedah. No one dared to say one word against any of the people of Israel.
২১তেতিয়া সকলো লোক মক্কেদাৰ চাউনিত থকা যিহোচূৱাৰ ওচৰলৈ শান্তিৰে উলটি আহিল আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনোৱে কাৰো বিৰুদ্ধে একো কবলৈ সাহস নকৰিলে।
22 Then Joshua said, “Open the mouth of the cave and out of the cave bring to me these five kings.”
২২পাছত যিহোচূৱাই আজ্ঞা কৰিলে, “বোলে, তোমালোকে সেই গুহাৰ মুখ মুকলি কৰি, তাত লুকাই থকা সেই পাঁচজন ৰজাক উলিয়াই মোৰ ওচৰলৈ লৈ আহাঁ।”
23 They did as he said. They brought to him these five kings from the cave—the king of Jerusalem, the king of Hebron, the king of Jarmuth, the king of Lachish, and the king of Eglon.
২৩পাছত তেওঁলোকে তেওঁ কোৱাৰ দৰেই কৰিলে৷ তেওঁলোকে এই পাঁচজন ৰজাক অর্থাৎ যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা, যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা আৰু ইগ্লোনৰ ৰজাক সেই গুহাৰ পৰা উলিয়াই আনিলে আৰু তেওঁৰ ওচৰলৈ লৈ আহিল।
24 When they brought the kings to Joshua, he summoned every man of Israel. He said to the commanders of the soldiers who had gone into battle with him, “Put your feet on their necks.” So they came up and put their feet on their necks.
২৪এইদৰে সেই ৰজা কেইজনক তেওঁৰ ওচৰলৈ লৈ অহাৰ পাছত যিহোচূৱাই ইস্ৰায়েলৰ পুৰুষসকলক মাতি আনিলে আৰু তেওঁৰ লগত নিজৰ লগত যোৱা সেনাপতি সকলক আজ্ঞা কৰিলে, “বোলে, তোমালোকে ওচৰলৈ আহি এই ৰজাসকলৰ ডিঙিত ভৰি দিয়া।” এই হেতুকে তেওঁলোকে ওচৰলৈ আহি তেওঁলোকৰ ডিঙিত ভৰি দিলে।
25 Then he said to them, “Do not be afraid and do not be dismayed. Be strong and courageous. This is what Yahweh will do to all your enemies you are going to fight.”
২৫তেতিয়া যিহোচূৱাই তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা আৰু ব্যাকুল নহ’বা। তোমালোক বলৱান আৰু সাহসিয়াল হোৱা। কিয়নো তোমালোকে যি যি শত্ৰু সকলৰ সৈতে যুদ্ধ কৰিবা, সেই সকলো শত্ৰুকে যিহোৱাই এইদৰে কৰিব।”
26 Then Joshua attacked and killed the kings. He hung them on five trees. They hung on the trees until evening.
২৬তেতিয়া যিহোচূৱাই সেই পাঁচজন ৰজাক আঘাত কৰি বধ কৰিলে আৰু পাঁচডাল কাঠত ওলমাই হ’ল৷ এইদৰে তেওঁলোক সন্ধ্যালৈকে কাঠত ওলমি থাকিল।
27 When it was sunset, Joshua gave orders, and they took them down from the trees and threw them into the cave where they had hidden themselves. They put large stones over the mouth of the cave. Those stones remain there to this very day.
২৭পাছত সূৰ্য মাৰ যোৱা সময়ত, লোকসকলে যিহোচূৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকক কাঠৰ ওপৰৰ পৰা নমাই আনিলে, আৰু তেওঁলোকে লুকাই থকা গুহাতে তেওঁলোকক নি পেলাই দিলে। তাৰ পাছত সেই গুহাৰ মুখত ডাঙৰ ডাঙৰ শিল দি হ’ল; সেই ৰজা কেইজন আজিলৈকে সেই ঠাইতে আছে।
28 In this way, Joshua captured Makkedah on that day and killed everyone there with the sword, including its king. He completely destroyed everyone in it. He left no survivor in it. He did to the king of Makkedah just as he had done to the king of Jericho.
২৮এইদৰে যিহোচূৱাই সেই দিনাই মক্কেদা দখল কৰি ল’লে আৰু তৰোৱালৰ ধাৰেৰে সেই ঠাইৰ ৰজা আদি কৰি সকলোকে আঘাত কৰি সকলো মানুহক নিঃশেষে বিনষ্ট কৰিলে আৰু কাকো অৱশিষ্ট নাৰাখিলে৷ তেওঁ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, মক্কেদাৰ ৰজালৈকো তেনে কৰিলে।
29 Joshua and all Israel passed on from Makkedah to Libnah. He went into battle against Libnah.
২৯তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ মক্কেদাৰ পৰা লিব্‌নালৈ গ’ল, আৰু লিব্‌নাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
30 Yahweh also gave it into the hand of Israel—along with their king. Joshua struck it with the edge of the sword and every person in it. He left no survivor in it. He did to its king just as he had done to the king of Jericho.
৩০তাতে যিহোৱাই লিব্‌নাৰ লগতে তাৰ ৰজাক ইস্ৰায়েলৰ হাতত দিলে৷ যিহোচূৱাই তাত থকা প্ৰত্যেক জীৱন্ত প্ৰাণী আৰু তাৰ ভিতৰত থকা সকলো মানুহক আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ তেওঁ তাৰ মাজত কোনো প্ৰাণীক জীৱিত নাৰাখিলে৷ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, তাৰ ৰজালৈকো তেওঁ তেনে কৰিলে।
31 Then Joshua and all Israel with him passed on from Libnah to Lachish. He camped by it and waged war against it.
৩১তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ লিব্‌নাৰ পৰা লাখীচলৈ গ’ল৷ তেওঁ তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
32 Yahweh gave Lachish into the hand of Israel. Joshua captured it on the second day and struck it with the edge of the sword, and every person in it, just as he had done to Libnah.
৩২তেতিয়া যিহোৱাই লাখীচকো ইস্ৰায়েলৰ হাতত দিলে৷ যিহোচূৱাই দ্বিতীয় দিনা সেই ঠাই দখল কৰি ল’লে৷ লিব্‌নালৈ যেনেকুৱা কৰিছিল, লাখীচলৈও তেওঁ তেনেকুৱাই কৰিলে। তাৰ পাছত সেই ঠাই আৰু তাৰ মাজত থকা সকলো জীৱিত প্ৰাণীক তৰোৱালেৰে আঘাত কৰিলে।
33 Then Horam, king of Gezer, came up to help Lachish. Joshua attacked him and his army until there was not even one survivor left.
৩৩তেতিয়া গেজৰৰ ৰজা হোৰমে লাখীচক সহায় কৰিবলৈ আহিছিল৷ যিহোচূৱাই তাত থকা এজনো প্ৰাণী নিঃশেষ নোহোৱালৈকে, তেওঁক আৰু তেওঁৰ সৈন্যসকলক আঘাত কৰিলে।
34 Then Joshua and all Israel passed on from Lachish to Eglon. They camped by it and waged war against it,
৩৪তেতিয়া যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ, লাখীচৰ পৰা ইগ্লোনলৈ গ’ল৷ তেওঁলোকে তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷
35 and captured it that same day. They struck it with the edge of the sword and they completely destroyed everyone in it, as Joshua had done to Lachish.
৩৫সেই একে দিনাই তেওঁলোকে সেই ঠাই দখল কৰি ল’লে৷ যেনেকৈ লাখীচলৈ কৰিছিল, তেনেকৈ যিহোচূৱাই তৰোৱালেৰে প্ৰত্যেক জীৱিত প্ৰাণীক আঘাত কৰি নিঃশেষ কৰিলে৷
36 Then Joshua and all Israel passed on from Eglon to Hebron. They waged war against it.
৩৬তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ, ইগ্লোনৰ পৰা হিব্ৰোণলৈ যাত্ৰা কৰিলে, আৰু সেই ঠাইৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
37 They captured it and struck it with the edge of the sword, and its king and its villages, and everyone in it. They left no survivor it, as they had done to Eglon, they totally destroyed it and every person in it.
৩৭তেওঁলোকে সেই ঠাই দখল কৰি ল’লে, আৰু তাত থকা প্ৰতি জন লোকৰ লগতে তাৰ ৰজাতাৰ ৰজা আৰু চাৰিওফালে থকা সৰু সৰু নগৰবোৰত সোমাই আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ যিহোচূৱাই ইগ্লোনৰ প্ৰতি কৰাৰ দৰেই, তাতো তেওঁলোকে কাকো জীৱিত নাৰাখি প্ৰত্যেক জীৱন্ত প্ৰাণীক বধ কৰিলে৷ তাক আৰু তাৰ ৰজাক, তাৰ সৰু সৰু নগৰবোৰ আৰু তাৰ ভিতৰত থকা সকলো মানুহক তৰোৱালেৰে আঘাত কৰিলে। সেইদৰে কাকো অৱশিষ্ট নাৰাখি তাৰ ভিতৰত থকা সকলোকে সম্পূর্ণৰূপে সংহাৰ কৰিলে।
38 Then Joshua turned, and all the army of Israel with him, and they passed on to Debir and waged war against it.
৩৮পাছত যিহোচূৱাই ইস্ৰায়েলৰ সৈন্য সকলক লগত লৈ, দবীৰলৈ ঘূৰি আহিল আৰু তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
39 They captured it, its king and all its nearby villages. They struck them with the edge of the sword and completely destroyed every person in it. They left no survivor. They did to Debir and its king as they had done to Libnah and its king and to Hebron.
৩৯তেওঁ সেই ঠাই আৰু সেই ঠাইৰ ৰজাক আৰু তাৰ সৰু সৰু নগৰবোৰ দখল কৰি ল’লে৷ তেওঁলোকে তেওঁলোকক আৰু তাত থকা সকলো জীৱন্ত প্ৰাণীক সম্পূর্ণৰূপে তৰোৱালেৰে সংহাৰ কৰিলে৷ যিহোচূৱাই কোনো এটা প্ৰাণীকে সেই ঠাইত অৱশিষ্ট নাৰাখিলে, যেনেকৈ হিব্ৰোণলৈ আৰু লিব্‌না ও তাৰ ৰজালৈ কৰিছিল, তেনেকৈ ইয়ালৈকো তেওঁ কৰিলে।
40 Joshua conquered all the land, the hill country, the Negev, the lowlands, and the foothills. Of all their kings he left not one survivor. He completely destroyed every living thing, just as Yahweh, the God of Israel, had commanded.
৪০এইদৰে যিহোচূৱাই পৰ্ব্বতীয়া অঞ্চল, দক্ষিণ অঞ্চল, নিম্ন ভূমি আৰু উপপৰ্ব্বতৰ অঞ্চলসমূহৰ এই সকলো দেশ জয় কৰিলে৷ সেই অঞ্চলবোৰৰ সকলো ৰজাক আৰু প্ৰত্যেক জীৱক অৱশিষ্ট নৰখাকৈ বধ কৰিলে। তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে সকলো জীৱন্ত প্ৰাণীক নিঃশেষে বিনষ্ট কৰিলে।
41 Joshua struck them from Kadesh Barnea to Gaza, and all the country of Goshen to Gibeon.
৪১এইদৰে যিহোচূৱাই কাদেচ-বৰ্ণেয়াৰ পৰা গাজা আৰু গিবিয়োনলৈকে, গোচনৰ সকলো দেশ তৰোৱালেৰে আঘাত কৰি জয় কৰিলে।
42 Joshua captured all these kings and their land at one time because Yahweh, the God of Israel, fought for Israel.
৪২যিহোচূৱাই এই সকলো ৰজাক আৰু তেওঁলোকৰ দেশবোৰ একে সময়তে দখল কৰি ল’লে, কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই ইস্ৰায়েলৰ পক্ষে যুদ্ধ কৰিছিল।
43 Then Joshua, and all Israel with him, returned to the camp at Gilgal.
৪৩তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোককে লগত লৈ গিলগলৰ ছাউনিলৈ উলটি আহিল।

< Joshua 10 >