< Job 40 >

1 Yahweh continued to speak to Job; he said,
যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে,
2 “Should anyone who wishes to criticize try to correct the Almighty? He who argues with God, let him answer.”
দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব? ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক।
3 Then Job answered Yahweh and said,
তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে,
4 “See, I am insignificant; how can I answer you? I put my hand over my mouth.
“চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম? মই মোৰ মুখত হাত দিওঁ।
5 I spoke once, and I will not answer; indeed, twice, but I will proceed no further.”
মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ; এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।”
6 Then Yahweh answered Job out of a fierce storm and said,
তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে,
7 “Now gird up your loins like a man, for I will ask you questions, and you must answer me.
“তুমি বীৰৰ দৰে কঁকাল বান্ধা; মই তোমাক সোধোঁ, তুমি মোক কোৱা।
8 Will you actually say that I am unjust? Will you condemn me so you may claim you are right?
মই ন্যায় বিৰুদ্ধ বুলি তুমি সঁচাই ক’বা নে? বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে?
9 Do you have an arm like God's? Can you thunder with a voice like him?
তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?
10 Now clothe yourself in glory and dignity; array yourself in honor and majesty.
১০তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা, প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা;
11 Scatter around the excess of your anger; look at everyone who is proud and bring him down.
১১তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা, প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নত কৰা।
12 Look at everyone who is proud and bring him low; trample down wicked people where they stand.
১২প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা;
13 Bury them in the earth together; imprison their faces in the hidden place.
১৩সিহঁতক একেবাৰে ধুলিৰে ঢাকি থোৱা, সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা।
14 Then will I also acknowledge about you that your own right hand can save you.
১৪তেতিয়া তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব বুলি মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম।
15 Look now at the behemoth, which I made when I made you; he eats grass like an ox.
১৫ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা; সি গৰুৰ দৰে ঘাঁহহে খায়।
16 See now, his strength is in his loins; his power is in his belly's muscles.
১৬চোৱা, তাৰ বল তাৰ কঁকালত আছে, তাৰ শক্তি তাৰ পেটৰ পেশীত আছে।
17 He makes his tail like a cedar; the sinews of his thighs are joined together.
১৭সি নিজৰ নেজ এৰচ গছৰ ডালৰ দৰে লৰায়; তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা।
18 His bones are like tubes of bronze; his legs are like bars of iron.
১৮তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ।
19 He is the chief of the creatures of God. Only God, who made him, can defeat him.
১৯ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান; যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব।
20 For the hills provide him with food; the beasts of the field play nearby.
২০পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে; তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে।
21 He lies under the lotus plants in the shelter of the reeds, in the marshes.
২১সি পদুমনিৰ তলত শোৱে, নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়।
22 The lotus plants cover him with their shade; the willows of the brook are all around him.
২২পদুম গছবোৰে তাক ছাঁ দি ধৰে; নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে।
23 See, if a river floods its banks, he does not tremble; he is confident, though the Jordan should surge up to his mouth.
২৩চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়; যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে।
24 Can anyone capture him with a hook, or pierce his nose through with a snare?
২৪সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে? কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে?

< Job 40 >