< Job 13 >

1 See, my eye has seen all this; my ear has heard and understood it.
চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে, আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ।
2 What you know, the same I also know; I am not inferior to you.
তোমালোকে যি জানা, ময়ো তাক জানো; মই তোমালোকতকৈ নিকৃষ্ট নহওঁ।
3 However, I would rather speak with the Almighty; I wish to reason with God.
কিয়নো মই সৰ্ব্বশক্তিমান জনাকহে কথা কম, আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ।
4 But you whitewash the truth with lies; you are all physicians of no value.
কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা, আৰু তোমালোক সকলোৱেই অকামিলা বেজ।
5 Oh, that you would altogether hold your peace! That would be your wisdom.
অস, তোমালোক একেবাৰে নিমাত হৈ থকা হ’লে, কেনে ভাল আছিল! সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য বুলি গণিত হলহেঁতেন।
6 Hear now my own reasoning; listen to the pleading of my own lips.
এতিয়া মোৰ তিৰস্কাৰ শুনা, আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা।
7 Will you speak unrighteously for God, and will you talk deceitfully for him?
তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা ক’বা নে? আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে?
8 Will you show him partiality? Will you argue the case for God?
তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে? তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে?
9 Will it be good for you when he searches you out? Could you deceive him as you might deceive men?
তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হ’ব নে? বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰিবা?
10 He would surely reprove you if in secret you showed partiality.
১০তোমালোকে যদি গুপুতে পক্ষপাতিত্ব কৰা, তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব।
11 Will not his majesty terrify you, and the dread of him fall upon you?
১১তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে? তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা?
12 Your memorable sayings are proverbs made of ashes; your defenses are defenses made of clay.
১২তোমালোকৰ সোঁৱৰণীয় বাক্য ভস্মস্বৰূপ দৃষ্টান্ত মাথোন, তোমালোকৰ প্রতিৰোধ ধুলিৰ গড়স্বৰূপ।
13 Hold your peace, let me alone, so that I may speak, let come what may on me.
১৩তোমালোকে মনে মনে থাকা, মোকেই কথা ক’বলৈ এৰি দিয়া; মোলৈ যি ঘটে, ঘটক।
14 I will take my own flesh in my teeth; I will take my life in my hands.
১৪মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম? মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম।
15 See, if he kills me, I will have no hope left; nevertheless, I will defend my ways before him.
১৫চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।
16 This will be the reason for my deliverance, for no godless person would come before him.
১৬এয়ে মোৰ মুক্তিৰ কাৰণ হ’ব, মই এজন অধাৰ্মিক লোকৰ দৰে তেওঁৰ আগত থিয় হ’ব নোৱাৰিম।
17 God, listen carefully to my speech; let my declaration come to your ears.
১৭মনোযোগ কৰি মোৰ কথা শুনা; মোৰ বাক্য তোমালোকৰ কাণত সোমাওক।
18 See now, I have set my defense in order; I know that I am innocent.
১৮চোৱা, মোৰ গোচৰ মই ঠিকঠাক কৰি থৈছোঁ; মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো।
19 Who is the one who would argue against me in court? If you came to do so, and if I were proved wrong, then I would be silent and give up my life.
১৯মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে? যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম।
20 God, do only two things for me, and then I will not hide myself from your face:
২০হে ঈশ্বৰ, তুমি কেৱল দুটা কাৰ্য মোলৈ কৰিবা; তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম।
21 withdraw your oppressive hand from me, and do not let your terrors make me afraid.
২১মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা, আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা।
22 Then call me, and I will answer; or let me speak to you, and you answer me.
২২তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম, বা মই কম, তুমি উত্তৰ দিবা।
23 How many are my iniquities and sins? Let me know my transgression and my sin.
২৩মোৰ অপৰাধ আৰু পাপ কিমান? মোৰ অধৰ্ম আৰু পাপ মোক জনোৱা।
24 Why do you hide your face from me and treat me like your enemy?
২৪কিয় তোমাৰ মুখ মোৰ পৰা লুকুৱাইছা, আৰু মোক তোমাৰ শত্ৰু যেন জ্ঞান কৰিছা?
25 Will you persecute a driven leaf? Will you pursue dry stubble?
২৫উৰুৱাই নিয়া পাতক তুমি জানো তাড়ণা কৰিবা? আৰু শুকান ঘুলাক জানো খেদি যাবা?
26 For you write down bitter things against me; you make me inherit the iniquities of my youth.
২৬কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা, আৰু মোক যৌবন-কালৰ অপৰাধৰ উত্তৰাধিকৰী কৰিছা।
27 You also put my feet in the stocks; you closely watch all my paths; you examine the ground where the soles of my feet have walked
২৭তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা, মোৰ সকলো পথৰ চিন ৰাখিছা, আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা,
28 although I am like a rotten thing that wastes away, like a garment that moths have eaten.
২৮সেয়ে মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা, আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ।

< Job 13 >