< Jeremiah 16 >

1 Then the word of Yahweh came to me, saying,
এয়েই যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 “Do not take a wife for yourself, and do not have sons or daughters for yourself in this place.
বোলে, “তুমি বিবাহ নকৰিবা, এই ঠাইত তোমাৰ পো-জী হবলৈ নিদিবা।”
3 For Yahweh says this to the sons and daughters who are born in this place, to the mothers who bear them, and to the fathers who caused them to be born in this land,
কিয়নো, এই ঠাইত ওপজা পো-জীৰ বিষয়ে আৰু এই দেশত তেওঁলোকক প্ৰসৱ কৰা মাতৃসকলৰ, আৰু তেওঁলোকক জন্ম দিয়া পিতৃসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে:
4 'They will die diseased deaths. They will not be mourned or buried. They will be like dung on the ground. For they will come to an end by sword and famine, and their corpses will be food for the birds of the skies and the beasts of the earth.'
“তেওঁলোকে কষ্টদায়ক মৃত্যুত প্ৰাণত্যাগ কৰিব। আৰু তেওঁলোকৰ কাৰণে কোনেও বিলাপ নকৰিব। তেওঁলোক মাটিৰ ওপৰত সাৰৰ নিচিনাকৈ পৰি থাকিব। আৰু তেওঁলোকক মৈদাম দিয়া নাযাব; ‘তেওঁলোক তৰোৱাল ও আকালৰ দ্বাৰাই হত হ’ব আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুৰ আহাৰ হ’ব।
5 For the word of Yahweh came to me, saying, 'Do not enter a house where there is mourning. Do not go to mourn or to show sympathy for them, for I have taken away my peace from this people—this is Yahweh's declaration—and my steadfast love and mercy.
কিয়নো যিহোৱাই এইদৰে কৈছে: “তুমি শোকৰ কোনো ঘৰত নোসোমাবা। তুমি বুকু ভুকুৱাবলৈ নাযাবা, আৰু তেওঁলোকৰ কাৰণে বিলাপ নকৰিবা। কাৰণ, মই এই জাতিৰ পৰা মোৰ শান্তি, এনে কি, দয়া আৰু অনুগ্ৰহ দূৰ কৰিলোঁ!” যিহোৱাই এইদৰেই কৈছে।
6 Both the great and the small will die in this land. They will not be buried, and no one will mourn for them or cut themselves or shave their heads for them.
“এই দেশত থকা বৰ আৰু সৰু লোক মৰিব। তেওঁলোকক মৈদাম দিয়া নাযাব আৰু তেওঁলোকৰ কাৰণে কোনেও বুকু নুভুকুৱাব। আৰু তেওঁলোকৰ কাৰণে কোনেও নিজ ঘা কাট-কুট নকৰিব, বা মূৰ নুখুৰাব।
7 No one must share any food in mourning to comfort them because of the deaths, and none must give a comforting cup to his father or his mother in order to comfort them.
লোক সকলে মৃত লোকৰ কাৰণে তেওঁলোকক শান্তনা দিবলৈ শোক কৰোঁতে তেওঁলোকক পিঠা নিবিলাব, নাইবা তেওঁলোকৰ পিতৃ কি মাতৃৰ কাৰণে পান কৰিবলৈ লোক সকলে তেওঁলোকক শান্তনাদায়ক পান-পাত্ৰ নিদিব।
8 You must not go to a banquet house to sit with them in order to eat or drink.'
তুমি তেওঁলোকৰ লগত ভোজন-পান কৰিবৰ অৰ্থে, তেওঁলোকৰ লগত বহিবলৈ ভোজৰ ঘৰত নোসোমাবা।”
9 For Yahweh of hosts, God of Israel, says this, 'See, before your eyes, in your days and in this place, I am about to put an end to the sound of joy and the sound of gladness, the sound of the groom and the sound of the bride.'
কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, মই তোমালোকৰ চকুৰ আগতে আৰু তোমালোকৰ দিনতে এই ঠাইৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম।
10 Then it will happen that you will report all these words to this people, and they will say to you, 'Why has Yahweh decreed all this great disaster against us? What is our iniquity and sin that we sinned against Yahweh our God?'
১০আৰু তেতিয়া তুমি এই জাতিৰ আগত এই সকলো কথা প্ৰচাৰ কৰিবা, আৰু তেওঁলোকে তোমাক ক’ব, যে, ‘যিহোৱাই আমাৰ বিৰুদ্ধে এই মহা বিপদৰ কথা কিয় ক’লে? বা আমাৰ অপৰাধ কি? আমি আমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে কৰা আমাৰ পাপ কি?’
11 So say to them, 'Because your ancestors abandoned me—this is Yahweh's declaration—and they went after other gods and worshiped and bowed down to them. They abandoned me and have not kept my law.
১১তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই কৈছে, তোমালোকৰ পূৰ্বপুৰুষসকলে মোক ত্যাগ কৰিলে,’ ইতৰ দেৱতাবোৰৰ পাছত চলিলে, সেইবোৰক সেৱাপূজাও কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিলে। কিন্তু মোক হ’লে ত্যাগ কৰিলে, মোৰ ব্যৱস্থা পালন নকৰিলে।
12 But you yourselves have brought about more wickedness than your ancestors, for see, each person is walking by the stubbornness of his wicked heart; there is no one who listens to me.
১২আৰু তোমালোক হ’লে তোমালোকৰ পূৰ্বপুৰুষসকলতকৈয়ো অধিক কদাচৰণ কৰিছা, কিয়নো চোৱা! তোমালোক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলি মোৰ কথাত কাণ নিদিয়া।
13 So I will throw you from this land to a land that you have not known, neither you nor your ancestors, and you will worship other gods there by day and night, for I will not give any favor to you.'
১৩এই হেতুকে তোমালোকৰ পূৰ্বপুৰুষসকলে আৰু তোমালোকেও যি দেশ জনা নাই, এনে এক দেশলৈ মই এই দেশৰ পৰা তোমালোকক দূৰ কৰি দিম; সেই ঠাইত তোমালোকে দিনে-ৰাতিয়ে ইতৰ দেৱতাবোৰক সেৱাপূজা কৰিবা; কিয়নো মই তোমালোকক অনুগ্ৰহ নকৰিম।
14 Therefore, behold, the days are coming—this is Yahweh's declaration—when it will no longer be said, 'As Yahweh lives, the one who brought up the people of Israel from the land of Egypt.'
১৪এই হেতুকে চোৱা! এনে কোনো দিনবোৰ আহিছে “যিহোৱাই কৈছে”, সেই দিনা লোকসকলে আৰু নক’ব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত।’
15 but, 'As Yahweh lives, the one who brought up the people of Israel from the land of the north and from the lands where he had scattered them.' For I will bring them back to the land that I gave to their ancestors.
১৫কিন্তু এনেকৈ কব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক উত্তৰ দেশৰ পৰা, আৰু যি যি দেশলৈ তেওঁলোকক খেদিছিল, সেই সকলো দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত। মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশ দিছিলোঁ, সেই দেশলৈ পুনৰায় তেওঁলোকক আনিম।
16 Behold! I will send for many fishermen—this is Yahweh's declaration—so they will fish the people out. After this I will send for many hunters so they will hunt for them among all the mountains and hills, and in rock crevices.
১৬চোৱা! মই অনেক মাছ-মৰিয়া অনাম, “যিহোৱাই কৈছে”, তেওঁলোকে মাছ ধৰাদি তেওঁলোকক ধৰিব। পাছে মই অনেক ব্যাধ অনাম, তেওঁলোকে চিকাৰীৰ দৰে চিকাৰ কৰি প্ৰত্যেক পৰ্ব্বত, প্ৰত্যেক গিৰি আৰু শিলবোৰৰ খোৰোঙৰ পৰা তেওঁলোকক উলিয়াব।
17 For my eye is on all their ways; they cannot be hidden from before me. Their iniquity cannot be concealed from before my eyes.
১৭কিয়নো তেওঁলোকৰ সকলো পথত মোৰ চকু আছে, তেওঁলোক মোৰ পৰা গুপুতে নাথাকিব বা তেওঁলোকৰ অপৰাধ মোৰ দৃষ্টিত অগোচৰ নহ’ব।
18 I will first pay back double for their iniquity and sin for their polluting of my land with their disgusting idol figures, and for their filling my inheritance with their disgusting idols.”
১৮মই প্ৰথমে তেওঁলোকৰ অপৰাধ আৰু পাপৰ দুগুন প্ৰতিফল দিম; কিয়নো তেওঁলোকে নিজৰ ঘিণলগীয়া বস্তুৰ শৱেৰে মোৰ দেশ অশুচি কৰিলে, আৰু তেওঁলোকৰ ঘৃণনীয় পদাৰ্থৰে মোৰ আধিপত্য পৰিপূৰ্ণ কৰিলে।
19 Yahweh, you are my stronghold and my refuge, my place of safety in the day of distress. The nations will go to you from the ends of the earth and say, “Surely our ancestors inherited deceit. They are empty; there is no profit in them.
১৯হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্বপুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
20 Do people make gods for themselves? But they are not gods.”
২০যি ঈশ্বৰ নহয়, মানুহে নিজলৈ জানো এনে দেৱতাবোৰ সাজিব?
21 Therefore see! I will cause them to know in this time, I will cause them to know my hand and my power, so they will know that Yahweh is my name.
২১এই হেতুকে চোৱা! মই তেওঁলোকক জনাম, মোৰ হাত আৰু মোৰ পৰাক্ৰম তেওঁলোকক একেৰাহে জ্ঞাত কৰাম, তাতে মোৰ নাম যে যিহোৱা, ইয়াকে তেওঁলোকে জানিবলৈ পাব।

< Jeremiah 16 >