< Isaiah 18 >

1 Woe to the land of the rustling of wings, which is along the rivers of Cush;
হাঁয় হাঁয়, ইথপিয়া নদীৰ সিপাৰে থকা পখীৰ মৰ্মৰধ্বনি হোৱা দেশ,
2 who send ambassadors by the sea, in vessels of papyrus on the waters. Go, you swift messengers, to a nation tall and smooth, to a people feared far and near, a nation strong and trampling down, whose land the rivers divide.
ৰাজদূতসকলক নলখাগড়িৰ জাহাজত সমূদ্রৰ বাটেদি পঠোৱা জন, যি দেশৰ লোকসকল বলিষ্ট আৰু ধুনীয়া, যি সকল আদিৰ পৰা এতিয়ালৈকে ভয়ানক, যি সকলৰ দেশ নদীবোৰেৰে বিভক্ত, সেই দেশলৈ বেগী দূতবোৰ যোৱা।
3 All you inhabitants of the world and you who live on the earth, when a signal is lifted up on the mountains, look; and when the trumpet is blown, listen.
হে পৃথিৱী নিবাসী, আৰু হে পৃথিৱীত থকা লোকসকল, যেতিয়া পৰ্ব্বতবোৰৰ ওপৰত নিচান তোলা হ’ব, তেতিয়া চাবা, আৰু যেতিয়া শিঙা বাজিব, তেতিয়া শুনিবা।
4 This is what Yahweh said to me, “I will quietly observe from my home, like the simmering heat in sunshine, like a cloud of mist in the heat of harvest.
যিহোৱাই মোক কোৱা কথা এই, “নিৰ্মল আকাশৰ ৰ’দৰ দৰে, আৰু শস্য চপোৱা কালৰ গৰম নিয়ৰযুক্ত মেঘৰ দৰে, মই মোৰ গৃহৰ পৰা নিজমে নিৰীক্ষণ কৰিম।”
5 Before the harvest, when the blossoming is over, and the flower is ripening into a grape, he will cut off the sprigs with pruning hooks, and he will cut down and take away the spreading branches.
শষ্য চপোৱাৰ পূৰ্বে যি সময়ত ফুল সৰিল, আৰু ফুল পকা দ্রাক্ষাগুটিত পৰিণত হ’ল, এনে সময়ত তেওঁ কাঁইটবোৰ কটাৰীৰে কাটি পেলাব, আৰু সিঁচৰিত হৈ থকা ডালবোৰ কাটি দূৰ কৰিব।
6 They will be left together for the birds of the mountains and for the animals of the earth. The birds will summer on them, and all the animals of the earth will winter on them.”
পৰ্বতৰ চৰাইবোৰৰ বাবে, আৰু পৃথিৱীৰ জন্তুবোৰৰ বাবে সেই সকলো পৰিত্যক্ত হ’ব; চৰাইবোৰে সেইবোৰৰ ওপৰত গ্রীষ্মকাল, আৰু পৃথিৱীৰ জন্তুবোৰে সেইবোৰৰ ওপৰত জাৰকাল তিবাহিত।
7 At that time tribute will be brought to Yahweh of hosts from a people tall and smooth, from a people feared far and near, a nation strong and trampling down, whose land the rivers divide, to the place of the name of Yahweh of hosts, to Mount Zion.
সেই সময়ত দীৰ্ঘকায় আৰু নিমজ গাৰে লোকসকল আগৰে পৰা এতিয়ালৈকে ভয়ঙ্কৰ এক জাতি, নদীবোৰে দেশ বিভক্ত কৰা দুগুণ পৰাক্ৰমী আৰু মৰ্দ্দনকাৰী এটা দেশ উপহাৰস্বৰূপে বাহিনীসকলৰ যিহোৱাৰ ওচৰলৈ, বাহিনীসকলৰ যিহোৱাৰ নাম থকা ঠাই চিয়োন পৰ্ব্বতলৈ অনা হ’ব।

< Isaiah 18 >