< Isaiah 16 >

1 Send rams to the ruler of the land from Selah in the wilderness, to the mount of the daughter of Zion.
মৰুপ্রান্তৰ চেলাৰ পৰা চিয়োন-জীয়াৰীৰ পৰ্ব্বতলৈ দেশৰ শাসনকৰ্ত্তাৰ ওচৰলৈ মেৰ-ছাগ পোৱালিবোৰ পঠাই দিয়া।
2 As wandering birds, as a scattered nest, so the women of Moab are at the fords of the Arnon River.
ভ্রমি ফুৰা চৰাই আৰু সিঁচৰিত হৈ থকা বাহঁৰ দৰে, মোৱাবৰ মহিলাসকল অৰ্ণোন নদীৰ পাৰত আছে।
3 “Give instruction, execute justice; provide some shade like night in the middle of the day; hide the fugitives; do not betray the fugitives.
“পৰামৰ্শ দিয়া, ন্যায় বিচাৰ কৰা, দুপৰীয়া ৰাতি হোৱাৰ দৰে ছাঁ প্রদান কৰা; পলাতক লোকসকলক লুকুৱাই ৰাখা, আৰু তেওঁলোকক বিশ্বাসঘাত নকৰিবা।
4 Let them live among you, the refugees from Moab; be a hiding place for them from the destroyer.” For the oppression will stop, and destruction will cease, those who trample will disappear from the land.
মোৱাবৰ পৰা অহা শৰণাৰ্থী সকলক তোমালোকৰ লগত বাস কৰিবলৈ দিয়া; বিনাশৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বাবে লুকাই থকা ঠাই হোৱা।” কিয়নো অত্যাচৰ, আৰু ধ্বংস বন্ধ কৰা হ’ব; অপমান কৰা সকল দেশৰ পৰা অদৃশ্য হ’ব।
5 A throne will be established in covenant faithfulness; and one from David's tent will faithfully sit there. He will judge as he seeks justice and does righteousness.
বিশ্বাসযোগ্য নিয়মেৰে এখন সিংহাসন স্থাপিত হ’ব, আৰু দায়ূদৰ তম্বুৰ পৰা এজন বিশ্বাসী তাত বহিব। তেওঁ ন্যায় বিচাৰ বিচৰা দৰে তেওঁ বিচাৰ কৰিব, আৰু ধাৰ্মিকতাৰে কাৰ্য কৰিব।
6 We have heard of Moab's pride, his arrogance, his boasting, and his anger. But his boastings are empty words.
আমি মোৱাবৰ অহংকাৰ, আৰু তেওঁৰ গৰ্বৰ কথা শুনিলোঁ, তেওঁৰ আত্মগৌৰৱ, আৰু তেওঁৰ ক্রোধৰ বিষয়েও শুনিলো; কিন্তু তেওঁৰ আত্মগৌৰৱ মূল্যহীন।
7 So Moab wails for Moab—they all wail! Mourn, you who are utterly destroyed, for the raisin cakes of Kir Hareseth.
সেয়ে মোৱাবৰ বাবে মোৱাব প্ৰতিজনে বিলাপ কৰিছে; আৰু সম্পূৰ্ণভাৱে ধ্বংস হৈ যোৱা কীৰ-হেৰচতৰ বাবে বিলাপ আৰু শোক কৰিছে।
8 The fields of Heshbon have dried up as well as the vines of Sibmah. The rulers of the nations have trampled the choice vines that reached to Jazer and spread into the desert. Its shoots spread abroad; they went over to the sea.
হিচবোনৰ পথাৰবোৰ আৰু চিবমাৰ দ্ৰাক্ষালতা শুকাই গ’ল। দেশৰবোৰৰ শাসনকৰ্ত্তাসকলে উত্তম দ্রাক্ষাগুটি গচকিব, সেইবোৰে যাজেৰ গৈ পাইছিল; আৰু মৰুভুমিত বিয়পি পৰিছিল। ইয়াৰ পোখাবোৰ বিদেশলৈকে বিস্তাৰিত হৈছে; সেইবোৰ সাগৰৰ ওপৰেৰে গৈছে।
9 Indeed I will weep along with Jazer for the vineyard of Sibmah. I will water you with my tears, Heshbon, and Elealeh. For on your fields of summer fruits and harvest I have ended the shouts of joy.
বাস্তৱিকতে মই চিবমাৰ দ্রাক্ষাবাৰীৰ কাৰণে যাজেৰৰ সৈতে কান্দিম। হে হিচবোন, আৰু ইলিয়ালি, মই মোৰ চকুলোৰে পানী দিম; তোমাৰ পথাৰৰ গ্রীষ্মকালৰ ফল আৰু শস্য দোৱাৰ কাৰণে মই আনন্দৰ উচ্চধ্বনি সমাপ্ত কৰিম।
10 Gladness and joy are taken away from the fruit tree groves; and there is no singing, or shouts in the vineyards. No one treads out wine in the presses, for I have put an end to the shouts of the one who treads.
১০আনন্দ আৰু উল্লাস ফলৱান বাৰীৰ পৰা দূৰ কৰা হ’ব; আৰু তোমাৰ দ্ৰাক্ষাবাৰীবোৰত গান বা আনন্দ ধ্বনি আৰু নহ’ব; দ্ৰাক্ষাকুণ্ডত গচকি দ্ৰাক্ষাৰস উলিয়াবলৈ কোনো গচকা লোক নাথাকিব; মই দ্ৰাক্ষাবাৰীৰ গচকা আনন্দ ধ্বনি থমালোঁ।
11 So my heart sighs like a harp for Moab, and my inward being for Kir Hareseth.
১১সেয়ে মোৰ হৃদয়ৰ শ্বাসনিশ্বাস মোৱাবৰ বাবে আৰু মোৰ অন্তৰৰ ভাগবোৰ কীৰ-হেৰচতৰ বাবে এখন বীণাৰ দৰে বাজিছে।
12 When Moab wears himself out on the high place and enters his temple to pray, his prayers will accomplish nothing.
১২যেতিয়া মোৱাবে ওখ স্থানত নিজকে পৰিধান কৰিব, আৰু প্ৰাৰ্থনা কৰিবলৈ তেওঁৰ মন্দিৰত সোমাব, তেতিয়া তেওঁৰ প্রাৰ্থনা কৃতকাৰ্য নহ’ব।
13 This is the word that Yahweh spoke concerning Moab previously.
১৩এয়ে যিহোৱাই মোৱাবৰ বিষয়ে পূৰ্বতে কোৱা বাক্য;
14 Again Yahweh speaks, “Within three years, the glory of Moab will disappear; in spite of his many people, the remnant will be very few and insignificant.”
১৪পুনৰ যিহোৱাই কৈছে, “তিনি বছৰৰ ভিতৰত মোৱাবৰ গৌৰৱ দূৰ কৰা হ’ব; তেওঁৰ অনেক লোকৰ ওপৰিও, তেওঁৰ অৱশিষ্ট ভাগ অতি ক্ষুদ্ৰ আৰু নগণ্য হ’ব।

< Isaiah 16 >