< Ezra 6 >

1 So King Darius ordered an investigation in the house of archives in Babylon.
সেয়ে দাৰিয়াবচ ৰজাই বাবিলৰ ৰাজভঁৰালত থকা নথি-পত্ৰবোৰ বিচাৰ কৰিবলৈ আজ্ঞা দিলে।
2 In the fortified city of Ecbatana in Media a scroll was found; this was its record:
মাদীয়াৰ অকমথাত নগৰৰ গড়ত এখন নুৰিওৱা পুথি পোৱা গ’ল; সেই পুথিত এই বিৱৰণ লিখা আছিল:
3 “In the first year of King Cyrus, Cyrus issued a decree about the house of God in Jerusalem: 'Let the house be rebuilt as a place for sacrifice, let its foundations be laid, let its height be sixty cubits, and its width sixty cubits,
“কোৰচ ৰজাৰ প্ৰথম বছৰত, কোৰচ ৰজাই যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ বিষয়ে এটা আজ্ঞা জাৰি কৰিছিল: ‘বলিদানৰ বাবে গৃহটো নিৰ্ম্মাণ কৰা হওঁক। তাৰ দেৱালবোৰৰ ওখ আৰু বহল ষাঠি হাত,
4 with three rows of large stones and a row of new timber, and let the cost be paid by the king's house.
তিনি শাৰী ডাঙৰ শিল আৰু এশাৰী নতুন কাঠৰ সৈতে নিৰ্ম্মাণ কৰা হওক। এই নিৰ্ম্মাণ কাৰ্যত ৰজাৰ গৃহৰ পৰা ব্যয় কৰা হওক।
5 Now bring back the gold and silver objects belonging to the house of God, which Nebuchadnezzar brought to Babylon from the temple in Jerusalem and send them back to the temple in Jerusalem. You are to put them in the house of God.'
ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু নবূখদনেচৰে যিৰূচালেমৰ মন্দিৰৰ পৰা উলিয়াই বাবিলৰ মন্দিৰলৈ আনিছিল, সেইবোৰো ঘূৰাই পঠোৱা হওক। সেইবোৰ যিৰূচালেমৰ মন্দিৰলৈ পঠোৱা আৰু সেইবোৰ ঈশ্বৰৰ গৃহত জমা কৰা হওক।’
6 Now Tattenai, the governor of the Province Beyond the River, Shethar-Bozenai, and associates who are in the Province Beyond the River, keep away!
চথৰ-বোজনয় তত্তনয় আৰু নদীৰ সিপাৰে থকা তোমালোকৰ সহকাৰী কৰ্মচাৰীসকলৰ পৰা আঁতৰি থাকা।
7 Leave the work of this house of God alone. The governor and Jewish elders will build this house of God at that place.
ঈশ্বৰৰ সেই গৃহৰ কাৰ্য তোমালোকে এৰি দিয়া। ঈশ্বৰৰ গৃহ অধ্যক্ষ আৰু যিহূদীৰ বৃদ্ধসকলে সেই ঠাইতে নিৰ্ম্মাণ কৰক।
8 I am ordering that you must do this for these Jewish elders who build this house of God: Funds from the king's tribute beyond the River will be used to pay these men so they do not have to stop their work.
যিসকল যিহূদী বৃদ্ধলোকে ঈশ্বৰৰ সেই গৃহ নিৰ্ম্মাণ কৰি আছে তেওঁলোকৰ বাবে এই সকলো কৰিবলৈ মই তোমালোকক আজ্ঞা দিছোঁ: সেই লোকসকলৰ কাৰ্য বন্ধ নহবৰ বাবে নদীৰ সিপাৰৰ ৰাজকৰৰ পৰা ৰজাৰ ধনেৰে তেওঁলোকক হাজিৰা দিয়া হওক।
9 Whatever is needed—young bulls, rams, or lambs for the burnt offerings to the God of Heaven, grain, salt, wine, or oil according to the command of the priests in Jerusalem—give these things to them every day without fail.
স্বৰ্গৰ ঈশ্বৰৰ উদ্দেশ্যে হোম-বলি দিবলৈ যিৰূচালেমৰ পুৰোহিতসকলে আদেশ দিয়া অনুসাৰে প্রতিদিনে ক্ষতি নকৰাকৈ যি যি প্রয়োজনীয় বস্তু যেনে, দমৰা, মতা মেৰ বা মেৰ-ছাগ পোৱালি, ঘেঁহু, লোণ, দ্রাসাৰস, বা তেল, এইসকলো বস্তু তেওঁলোকক দিয়া হওক।
10 Do this so they will bring the offering in to the God of Heaven and pray for me, the king, and my sons.
১০স্ৱৰ্গৰ ঈশ্ৱৰলৈ দান দিবলৈ আৰু ৰজা আৰু তেওঁৰ পুত্রসকলৰ কাৰণে তেওঁলোকে প্রাৰ্থনা কৰিবলৈ তোমালোকে এই দৰে কৰা।
11 I am ordering that if anyone violates this decree, a beam must be pulled from his house and he must be impaled on it. His house must then be turned into a rubbish heap because of this.
১১মই আজ্ঞা কৰিছোঁ, যে, যি কোনোৱে এই আজ্ঞা লঙ্ঘন কৰিব, তাৰ ঘৰৰ চালৰ এডাল কাঠ উলিয়াই আনি তেওঁক তাত আৰি থোৱা হ’ব আৰু সেই দোষৰ বাবে তেওঁৰ ঘৰ জাবৰৰ দ’ম কৰা হ’ব।
12 May the God who has caused his name to dwell there overthrow any king or people who lifts a hand to change this decree, or to destroy this house of God in Jerusalem. I, Darius, am ordering this. Let it be done with diligence!”
১২যিকোনো ৰজা আৰু প্ৰজাই যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ এই আজ্ঞা-লঙ্ঘন কৰিব, তেওঁক ঈশ্ৱৰে উচ্ছন্ন কৰিব। মই দাৰিয়াবচে, এই আজ্ঞা কৰিছোঁ। ইয়াক সম্পূৰ্ণভাৱে পালন কৰা।”
13 Then because of the decree sent by Darius the king, Tattenai, the governor of the Province Beyond the River, and Shethar-Bozenai and his associates, did everything that King Darius had ordered.
১৩তাৰ পাছত ৰজা দাৰিয়াবচে দিয়া আদেশ অনুসাৰে তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰীসকলে সকলো কাৰ্য কৰিলে।
14 So the Jewish elders built and prospered under the teaching of Haggaithe prophet and Zechariah son of Iddo. They completed their buildings according to the decree of the God of Israel and by the decree of Cyrus, Darius, and Artaxerxes the king of Persia.
১৪সেয়ে হগ্গয় আৰু জখৰিয়া ভাববাদীৰ ভাববাণীৰ নিৰ্দেশ অনুযায়ী যিহূদাৰ বৃদ্ধসকলে নিৰ্ম্মাণ কাৰ্য কৰিলে। তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰ আৰু কোৰচ, দাৰিয়াবচ, আৰু পাৰস্যৰ ৰজা অৰ্তক্ষত্ৰৰ আজ্ঞা অনুসাৰে তেওঁলোকে গৃহ নিৰ্ম্মাণ কৰিলে।
15 The house was completed on the third day of the month of Adar, in the sixth year of King Darius' reign.
১৫ৰজা দাৰিয়াবচৰ ৰাজত্বৰ ষষ্ঠ বছৰৰ, অদৰ মাহৰ (মাৰ্চ মাহৰ পূৰ্ণিমাৰ পৰা এপ্রিল মাহৰ পূৰ্ণিমালৈকে) তৃতীয় দিনা এই গৃহ সম্পূৰ্ণ হ’ল।
16 The Israelite people, priests, Levites, and the rest of the captives celebrated the dedication of this house of God with joy.
১৬ঈশ্ৱৰৰ এই গৃহ আনন্দেৰে ইস্ৰায়েলৰ লোক, পুৰোহিত, লেবীয়া আৰু বন্দীত্বৰ পৰা অহা লোকসকলে ঈশ্ৱৰৰ এই গৃহ আনন্দেৰে ঈশ্ৱৰলৈ উৎসৰ্গা কৰিলে।
17 They offered one hundred bulls, one hundred rams, and four hundred lambs for the dedication of God's house. Twelve male goats were also offered as a sin offering for all Israel, one for each tribe in Israel.
১৭ঈশ্বৰৰ গৃহ উৎসৰ্গ কৰোঁতে এশ দমৰা, এশ মতা মেৰ-ছাগ, আৰু চাৰিশ মেৰ-ছাগ পোৱালি, তেওঁলোকে দান দিলে। ইস্রায়েলত থকা প্রতিটো জাতিৰ বাবে এটা আৰু সকলো ইস্রায়েল লোকসকলৰ বাবে পাপাৰ্থক বলিস্বৰূপে বাৰটা মতা ছাগলীও দান কৰিলে।
18 They also assigned the priests and Levites to work divisions for the service of God in Jerusalem, as it was written in the Book of Moses.
১৮মোচিৰ পুস্তকখনত লিখা অনুসাৰে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ পৰিচৰ্যাৰ অৰ্থে পুৰোহিতসকলক আৰু লেবীয়াসকলক কাৰ্যৰ বিভাগ অনুসাৰে নিযুক্ত কৰিলে।
19 So those who had been in exile celebrated the Passover on the fourteenth day of the first month.
১৯সেয়ে প্ৰথম মাহৰ চৌদ্ধ দিনৰ দিনা বন্দীত্বৰ পৰা অহা লোকসকলে নিস্তাৰ-পৰ্ব্ব পালন কৰিলে।
20 The priests and Levites all purified themselves and slaughtered the Passover sacrifices for all those who had been in exile, including themselves.
২০পুৰোহিত আৰু লেবীয়াসকলে নিজকে শুচি কৰিলে আৰু যি সকল বন্দীত্বৰ পৰা আহিছিল, তেওঁলোক সকলোৰে বাবে নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিলে।
21 The Israelite people who ate some of the Passover meat were those who had returned from exile and had separated themselves from the uncleanness of the people of the land and sought Yahweh, the God of Israel.
২১বন্দীত্বৰ পৰা অহা ইস্ৰায়েলৰ লোকসকল, যিসকলে দেশৰ অশুচি লোকসকলৰ পৰা নিজকে পৃথক কৰি ৰাখিলে আৰু ইস্রায়েলৰ ঈশ্ৱৰ যিহোৱাৰ উদ্দেশ্যে হৰ্ষধ্ৱনি কৰিলে, তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ মাংসৰ কিছু অংশ ভোজন কৰিলে।
22 They joyfully celebrated the Festival of Unleavened Bread for seven days, for Yahweh had brought them joy and turned the heart of Assyria's king to strengthen their hands in the work of his house, the house of the God of Israel.
২২তেওঁলোকে সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব আনন্দেৰে পালন কৰিলে। কিয়নো যিহোৱাই তেওঁলোকলৈ আনন্দ কঢ়িয়াই আনিলে, আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কাৰ্যত তেওঁলোকৰ হাত সবল কৰিবৰ অৰ্থে ৰজা অচুৰৰ মন তেওঁলোকলৈ ঘূৰালে।

< Ezra 6 >