< Deuteronomy 32 >

1 Give ear, you heavens, and let me speak. Let the earth listen to the words of my mouth.
হে আকাশ-মণ্ডল, মোৰ কথালৈ কাণ পাতা; হে পৃথিৱী, মোৰ মুখৰ কথা শুনা।
2 Let my teaching drop down like the rain, let my speech distill like the dew, like the gentle rain on the tender grass, and like the showers on the plants.
মোৰ উপদেশ বৰষুণৰ দৰে টোপা-টোপে পৰক, মোৰ কথা নিয়ৰৰ দৰে নামি আহক; সেয়ে কোমল তৃণৰ ওপৰত লাহে লাহে পৰা বৰষুণৰ নিচিনা, গছ-গছনিৰ ওপৰত জাক জাক বৰষুণৰ নিচিনাকৈ পৰক।
3 For I will proclaim the name of Yahweh, and ascribe greatness to our God.
কিয়নো মই যিহোৱাৰ নাম ঘোষণা কৰিম; তোমালোকে আমাৰ যিহোৱাৰ মহিমা প্রশংসা কৰা,
4 The Rock, his work is perfect; for all his paths are just. He is the faithful God, without iniquity. He is just and upright.
তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
5 They have acted corruptly against him. They are not his children. It is their disgrace. They are a perverted and crooked generation.
তেওঁৰ লোকে তেওঁৰ বিৰুদ্ধে অশিষ্টাচৰণ ব্যৱহাৰ কৰিছে; তেওঁলোকৰ পাপৰ কাৰণে তেওঁলোক তেওঁৰ সন্তান নহয়, তেওঁলোক এক বিপথগামী আৰু কুটিল বংশ।
6 Do you reward Yahweh in this way, you foolish and senseless people? Is he not your father, the one who has created you? He made you and established you.
হে অবুজ, বুদ্ধিহীন জাতি, এইৰূপেই তোমালোকে যিহোৱাৰ পৰিশোধ কৰানে? তেওঁ জানো তোমালোকৰ পিতৃ আৰু স্রজনকর্তা নহয়? তেৱেঁই তোমালোকক স্ৰজন কৰি জাতিৰূপে স্থাপন কৰিলে।
7 Call to mind the days of ancient times, think about the years of many ages past. Ask your father and he will show you, your elders and they will tell you.
সেই পুৰণি দিনবোৰৰ কথা সোঁৱৰা, অনেক পুৰুষৰ আগৰ বর্ষবোৰৰ বিষয়ে ভাৱা, সেই সকলো দিনৰ কথা তোমালোকৰ পিতৃক সোধা, তেওঁলোকে তোমালোকক জনাব; বৃদ্ধসকলক সোধা, তেওঁলোকে তোমালোকক ক’ব।
8 When the Most High gave the nations their inheritance— when he divided all of mankind, and he set the boundaries of the peoples, as he also fixed the number of their gods.
সৰ্ব্বোপৰি ঈশ্বৰে যেতিয়া জাতিবোৰক নিজৰ আধিপত্য ভাগ কৰি দিলে, মনুষ্যক বিভিন্ন জাতিত ভাগ কৰিলে, তেতিয়া ইস্ৰায়েল জাতিৰ লোকসংখ্যা অনুসাৰে তেওঁ জাতিবোৰৰ সীমা স্থিৰ কৰিলে।
9 For Yahweh's portion is his people; Jacob is his apportioned inheritance.
কিয়নো যিহোৱাৰ অংশই হৈছে তেওঁৰ লোকসকল, যাকোবৰ বংশই হ’ল তেওঁৰ অধিকাৰৰ অংশ।
10 He found him in a desert land, and in the barren and howling wilderness; he shielded him and cared for him, he guarded him as the apple of his eye.
১০তেওঁ তেওঁক এক মৰুভূমিত পালে, আর্তনাদ ভৰা জয়াল মৰুভুমিত পালে। তেওঁ তেওঁক আৱৰি ৰাখিলে, যতন কৰিলে, তেওঁ নিজৰ চকুৰ মণিৰ দৰেই তেওঁক পহৰা দি ৰাখিলে,
11 As an eagle that guards her nest and flutters over her young, Yahweh spread out his wings and took them, and carried them on his pinions.
১১যেনেকৈ ঈগল চৰায়ে নিজৰ বাঁহক পহৰা দিয়ে; যেনেকৈ পোৱালীয়ে উৰিবলৈ ঈগলে সঘনে বাঁহ লৰাই দিয়ে আৰু তাৰ ওপৰত উৰি ফুৰে, যেনেকৈ সিহঁতক ওপৰলৈ তুলি নিবলৈ নিজৰ ডেউকা মেলি দিয়ে, আৰু নিজৰ ডেউকাৰ ওপৰত সিহঁতক বৈ নিয়ে,
12 Yahweh alone led him; no foreign god was with him.
১২তেনেকৈ যিহোৱাই অকলেই যাকোবক চলাই লৈ ফুৰিলে; তেওঁৰ লগত আন কোনো বিদেশী দেৱতা নাছিল।
13 He made him ride on high places of the land, and he fed him the fruits of the field; he nourished him with honey from the rock, and oil from the flinty crag.
১৩পৃথিবীৰ পার্বত্য ঠাইৰ ওপৰত তেওঁ যাকোবক ৰাখিলে, খেতিত উৎপন্ন হোৱা শস্য খাবলৈ দিলে; শিলনিৰ পৰা মধু আৰু শিলাময় দুৰাৰোহ পাহাৰৰ পৰা তেল দি পৰিপুষ্ট কৰিলে।
14 He ate butter from the herd and drank milk from the flock, with fat of lambs, rams of Bashan and goats, with the finest of the wheat— and you drank foaming wine made from the juice of grapes.
১৪গৰু গাখীৰৰ পৰা উৎপন্ন হোৱা মাখন আৰু মেৰ-ছাগপালৰ পৰা গাখীৰ দিলে। চর্বিযুক্ত মেৰপোৱালিৰ আৰু বাচান দেশীয় মতা মেৰ, মতা ছাগলী আৰু উত্তম ঘেঁহুধানৰ আটা তেওঁক দিলে; হে ইস্রায়েল, তোমালোকে আঙুৰৰ পৰা তৈয়াৰী বুৰবুৰণি উঠা উত্তম দ্ৰাক্ষাৰস পান কৰিলা।
15 But Jeshurun grew fat and kicked— you grew fat, you were too fat, and you had eaten your fill— he abandoned the God who made him, and he rejected the Rock of his salvation.
১৫যাকোবে হৃষ্ট-পুষ্ট হৈ খালে; কিন্তু যিচুৰূণৰ চর্বি বাঢ়িল আৰু লাথ মাৰিলে; হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা; তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।
16 They made Yahweh jealous by their strange gods; with their abominations they angered him.
১৬তেওঁলোকে অন্য দেৱতালৈ কৰা সেৱা-পূজাই যিহোৱাক ঈর্ষান্বিত কৰিলে; ঘিণ লগীয়া বিষয়বোৰে তেওঁক ক্রুদ্ধ কৰিলে।
17 They sacrificed to demons, which are not God— gods they had not known, gods that recently appeared, gods your fathers did not fear.
১৭ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে বলি উৎসর্গ কৰিলে, ঈশ্বৰলৈ নহয়; যি দেৱতাবোৰক তেওঁলোকে কেতিয়াও নাজানিছিল, সেই নতুন দেৱতাবোৰ সম্প্রতি আহি পৰিল, যি দেৱতাবোৰক তোমালোকৰ পূর্ব-পুৰুষসকলেও ভয় নকৰিছিল,
18 You have deserted the Rock, who became your father, and you forgot the God who gave you birth.
১৮যি ঈশ্বৰে তোমালোকক জন্ম দিলে তোমালোকৰ পিতৃ হ’ল, তোমালোকে সেই শিলাক অগ্রাহ্য কৰিলা, তোমালোকৰ জন্মদাতা ঈশ্বৰক তোমালোকে পাহৰিলা;
19 Yahweh saw this and he rejected them, because his sons and his daughters provoked him so.
১৯যিহোৱাই এই সকলো দেখি ঈর্ষান্বিত হ’ল; তেওঁ নিজৰ পুত্র-কন্যাক অগ্রাহ্য কৰিলে।
20 “I will hide my face from them,” he said, “and I will see what their end will be; for they are a perverse generation, children who are unfaithful.
২০তেওঁ ক’লে, “মই তেওঁলোকৰ পৰা মোৰ মুখ লুকুৱাম। তেওঁলোকৰ শেষ দশা কি হ’ব, মই তাক চাম; কিয়নো তেওঁলোক একেবাৰে বিপথে চলা বংশ, অবিশ্বাসী সন্তান।
21 They have made me jealous by what is not god and angered me by their worthless things. I will make them envious by those who are not a people; by a foolish nation I will make them angry.
২১যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে, তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রোধ জন্মালে; এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোকসকলৰ দ্বাৰা ঈর্ষা জন্মাম; এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।
22 For a fire is kindled by my anger and is burning to the lowest Sheol; it is devouring the earth and its harvest; it is setting on fire the foundations of the mountains. (Sheol h7585)
২২কিয়নো মোৰ ক্ৰোধত এক অগ্নি প্ৰজ্বলিত হৈছে, চিয়োলৰ গভীৰতালৈকে পুৰিছে, ই পৃথিৱী আৰু তাৰ উৎপাদিত বস্তু গ্ৰাস কৰিছে, পৰ্ব্বতৰ ভিত্তিমূলবোৰ জ্বলাইছে। (Sheol h7585)
23 I will heap disasters on them; I will shoot all my arrows at them;
২৩মই তেওঁলোকৰ ওপৰত দুর্যোগৰ স্তূপ গঢ়িম; তেওঁলোকৰ অহিতে মোৰ কাঁড়বোৰ এৰিম:
24 They will be wasted by hunger and devoured by burning heat and bitter destruction; I will send on them the teeth of wild animals, with the poison of things that crawl in the dust.
২৪দেহ শুকাই যোৱা দুর্ভিক্ষ, প্রচণ্ড বিনাশকাৰী, কষ্টদায়ক মহামাৰী। তেওঁলোকৰ অহিতে মই মাটিত বগাই ফুৰা জীৱৰ বিষপূর্ণ হিংস্র পশুবোৰৰ দাঁত পঠাম।
25 Outside the sword will bereave, and in the bedrooms terror will do so. It will destroy both young man and virgin, the nursing baby, and the man of gray hairs.
২৫বাটত তৰোৱালে মাৰিব, ভিতৰ-কোঠালিত আতঙ্কত মৰিব। যুৱক আৰু কুমাৰীসকলক, পিয়াহ খোৱা কেঁচুৱা আৰু পকামুৰীয়া বৃদ্ধক একেভাৱে বিনষ্ট কৰিব।
26 I said that I would scatter them far away, that I would make the memory of them to cease from among mankind.
২৬মই ক’লো যে মই তেওঁলোকক সিচঁৰতি কৰিম, আৰু মনুষ্যৰ মনৰ পৰা তেওঁলোকৰ স্মৃতি মচি পেলাম।
27 Were it not that I feared the provocation of the enemy, and that their enemies would judge mistakenly, and that they would say, 'Our hand is exalted,' I would have done all this.
২৭কিন্তু মই তেওঁলোকৰ শত্ৰুবোৰৰ ক্রোধাগ্নিলৈ ভয় কৰিলোঁ, কিয়নো তেওঁলোকৰ শত্রুপক্ষই ভুল বুজি কব পাৰে যে, ‘আমাৰ হাতেৰেই বিজয়ী হ’লো; এই সকলো কৰাজন যিহোৱা নহয়।’
28 For Israel is a nation devoid of wisdom, and there is no understanding in them.
২৮তেওঁলোক এক বিবেকহীন জাতি; তেওঁলোকৰ বিচাৰ-বুদ্ধি বুলি একো নাই।
29 Oh, that they were wise, that they understood this, that they would consider their coming fate!
২৯তেওঁলোক জ্ঞানী হোৱা হ’লে, এই কথা বুজিলেহেঁতেন; শেষ দশা কি হ’ব তেওঁলোকে বিবেচনা কৰিলেহেঁতেন।
30 How could one chase a thousand, and two put ten thousand to flight, unless their Rock had sold them, and Yahweh had given them up?
৩০এজনে কেনেকৈ এহেজাৰজনক ছত্রভঙ্গ কৰিব পাৰে, আৰু দুজনে দশ সহস্রজনক খেদাব পাৰে? যদিহে তেওঁলোকৰ শিলাই তেওঁলোকক শত্রুৰ হাতত বেচি নিদিয়ে, যদিহে যিহোৱাই তেওঁলোকক শত্রুৰ হাতত তুলি নিদিয়ে।
31 For our enemies' rock is not like our Rock, just as even our enemies admit.
৩১শত্রুৰ শিলা আমাৰ শিলাৰ নিচিনা নহয়; আমাৰ শত্ৰুবোৰেও এইদৰে স্বীকাৰ কৰে।
32 For their vine comes from the vine of Sodom, and from the fields of Gomorrah; their grapes are grapes of poison; their clusters are bitter.
৩২সিহঁতৰ দ্ৰাক্ষালতা চদোমৰ দ্রাক্ষাকুণ্ডৰ পৰা, আৰু ঘমোৰাৰ দ্রাক্ষাবাৰীৰ পৰা অহা; সিহঁতৰ আঙুৰবোৰ বিহযুক্ত আঙুৰ; সিহঁতৰ থোকবোৰ তিতা;
33 Their wine is the poison of serpents and the cruel venom of asps.
৩৩সিহঁতৰ দ্ৰাক্ষাৰস সাপৰ বিষ, ফেঁটি সাপৰ ভয়ানক বিষ
34 Is not this plan secretly kept by me, sealed up among my treasures?
৩৪এই কথা মই জানো সাঁচি ৰখা নাই? মোৰ ভঁড়ালত জানো মোহৰ মাৰি থোৱা নাই?
35 Vengeance is mine to give, and recompense, at the time when their foot slips; for the day of disaster for them is near, and the things that are to come on them will hurry to happen.”
৩৫সিহঁতৰ ভৰি পিছল খোৱা সময়ত প্ৰতিকাৰ সধা আৰু প্ৰতিফল দিয়া মোৰহে কাৰ্য; কিয়নো সিহঁতৰ ক্লেশৰ কাল ওচৰ চাপিছে, আৰু সিহঁতলৈ ঘটিবলগীয়া সৰ্বনাশ শীঘ্ৰে ঘটিব।
36 For Yahweh will give justice to his people, and he will pity his servants. He will see that their power is gone, and no one remains, either slaves or free people.
৩৬যিহোৱাই যেতিয়া দেখিব যে, তেওঁৰ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোকসকলৰ পক্ষ লব, তেওঁৰ দাসবোৰক কৃপা কৰিব।
37 Then he will say, “Where are their gods, the rock in whom they took refuge?—
৩৭তেওঁ তেতিয়া ক’ব, “তেওঁলোকৰ দেৱতাবোৰ ক’ত আছে? ক’ত আছে তেওঁলোকৰ সেই শিল যিহত তেওঁলোকে আশ্রয় লৈছিল?
38 The gods who ate the fat of their sacrifices and drank the wine of their drink offerings? Let them rise up and help you; let them be your protection.
৩৮তেওঁলোকৰ বলিবোৰৰ মেদযুক্ত আহাৰ কোনে ভোজন কৰিছিল, আৰু পেয় নৈবেদ্যৰ দ্ৰাক্ষাৰস কোনে পান কৰিছিল? এতিয়া সেইবোৰেই উঠি তোমালোকক সহায় কৰক; সেইবোৰেই তোমালোকৰ আশ্ৰয় হওঁক!
39 See now that I, even I, am God, and that there is no god besides me; I kill, and I make alive; I wound, and I heal, and there is no one who can save you from my might.
৩৯এতিয়া তোমালোকে ভাবি চোৱা, মই ময়েই, ময়েই তেওঁ; মোৰ বাহিৰে আন কোনো দেৱতা নাই; মইয়ে মাৰো, আৰু ময়েই জীয়াও; মইয়ে ঘা লগাওঁ আৰু ময়েই সুস্থ কৰোঁ; মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।
40 For I lift up my hand to heaven and say, 'As I live forever, I will act.
৪০কিয়নো মই আকাশলৈ হাত দাঙি শপত খাই ক’লো, মোৰ চিৰস্থায়ী জীৱনৰ শপত,
41 When I sharpen my glittering sword, and when my hand begins to bring justice, I will render vengeance on my enemies, and I will pay back those who hate me.
৪১যেতিয়া মোৰ জিলিকি থকা তৰোৱালত ধাৰ দিওঁ, ন্যায় বিচাৰ কৰিবলৈ মোৰ হাতেৰে তাক ধৰোঁ, তেতিয়া মই মোৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিম, আৰু মোক ঘিণাওঁতা সকলক প্ৰতিফল দিম।
42 I will make my arrows drunk with blood, and my sword will devour flesh with the blood of the killed and the captives, and from the heads of the leaders of the enemy.'”
৪২হত হোৱা লোক আৰু বন্দীসকলৰ তেজেৰে সৈতে মোৰ কাঁড়বোৰক মই তেজ পান কৰাই মতলীয়া কৰিম, মোৰ তৰোৱালে মঙহ খাব, দীঘলচুলি থকা শত্রুৰ মূৰৰ মঙহ খাব।
43 Rejoice, you nations, with God's people, for he will avenge the blood of his servants; he will render vengeance on his enemies, and he will make atonement for his land, for his people.
৪৩হে আকাশ মণ্ডল, আনন্দিত হোৱা, হে সকলো জাতিৰ লোকসকল, তোমালোকে যিহোৱাৰ লোকসকলৰ সৈতে প্রশংসা কৰা, তেওঁৰ আৰাধনা কৰা কিয়নো তেওঁ নিজ সন্তানবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ সাধিব, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিব; তেওঁক ঘিণাওঁতা সকলক প্রতিফল দি নিজৰ লোকসকলৰ অর্থে ভূমি শুচি কৰিব।”
44 Moses came and recited all the words of this song in the ears of the people, he, and Joshua son of Nun.
৪৪এইদৰে মোচি আৰু নুনৰ পুত্ৰ যিহোচূৱাই গৈ এই গীতৰ সকলো কথা লোকসকলক শুনালে।
45 Then Moses finished reciting all these words to all Israel.
৪৫ইস্ৰায়েলীয়া লোকসকলৰ আগত মোচিয়ে যেতিয়া এই গীতবোৰ গাই শেষ কৰিলে,
46 He said to them, “Fix your mind on all the words that I have witnessed to you today, so that you may command your children to keep them, all the words of this law.
৪৬তেতিয়া তেওঁ তেওঁলোকক ক’লে, “যি সকলো কথা আপোনালোকৰ বিৰুদ্ধে সাক্ষ্যস্বৰূপে আজি মই আপোনালোকক ক’লো, তাক আপোনালোকে মনত গাঠি ৰাখক যাতে এই নিয়মৰ সকলো কথা যত্নেৰে সৈতে পালন কৰিবৰ কাৰণে আপোনালোকৰ সন্তান সকলক আজ্ঞা দিব পাৰে।
47 For this is no trivial matter for you, because it is your life, and through this thing you will prolong your days in the land that you are going over the Jordan to possess.”
৪৭কিয়নো আপোনালোকৰ কাৰণে ই সাধাৰণ কথা নহয়; বৰঞ্চ জীৱনৰহে কথা; কাৰণ ইয়াতেই আপোনালোকৰ জীৱন আছে, আৰু আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন পাৰ হৈ যাব, সেই দেশত ইয়াৰ দ্বাৰাই আপোনালোক দীর্ঘায়ু হ’ব পাৰে।”
48 Yahweh spoke to Moses on that same day and said,
৪৮সেইদিনাখনেই যিহোৱাই মোচিক ক’লে,
49 “Go up into this range of the mountains of Abarim, up Mount Nebo, which is in the land of Moab, opposite Jericho. You will look at the land of Canaan, which I am giving to the people of Israel as their possession.
৪৯“তুমি যিৰীহোৰ বিপৰীতে মোৱাব দেশত থকা সেই অবাৰীম পৰ্ব্বতমালাৰ নবো পাহাৰৰ ওপৰলৈ উঠি যোৱা আৰু ইস্ৰায়েলীয়াসকলক অধিকাৰৰ অৰ্থে মই যি দেশ দিবলৈ গৈ আছোঁ, সেই কনান দেশ চোৱাগৈ।
50 You will die on the mountain that you go up, and you will be gathered to your people, as Aaron your fellow Israelite died on Mount Hor and was gathered to his people.
৫০যেনেকৈ তোমাৰ ককায়েৰা হাৰোণৰ মৃত্যু হোৰ পাহাৰত হৈছিল আৰু তেওঁ নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গৈছিল, তেনেকৈ তোমাৰ মৃত্যু সেই পাহাৰৰ ওপৰতে হ’ব আৰু তুমিও পূর্বপুৰুষসকলৰ ওচৰলৈ গুচি যাবা।
51 This will happen because you were unfaithful to me among the people of Israel at the waters of Meribah in Kadesh, in the wilderness of Zin; because you did not treat me with honor and respect among the people of Israel.
৫১কিয়নো ছিন মৰুভূমিত কাদেচৰ মিৰীবা পানীৰ ওচৰত ইস্ৰায়েলীয়া সন্তান সকলৰ মাজত মোৰ পবিত্রতা মানি নচলি তোমালোকে ইস্ৰায়েলীয়া সন্তান সকলৰ আগত মোৰ প্রতি অবিশ্বাসৰ কার্য কৰিছিলা।
52 For you will see the land before you, but you will not go there, into the land that I am giving to the people of Israel.”
৫২তথাপিও, মই ইস্ৰায়েলীয়া সন্তান সকলক যি দেশ দিবলৈ গৈ আছোঁ, তুমি সেই দেশত নোসোমাবা, কিন্তু কেৱল দূৰৰ পৰা তাক চাবলৈ পাবা।”

< Deuteronomy 32 >