< 2 Chronicles 25 >

1 Amaziah was twenty-five years old when he began to reign; he reigned twenty-nine years in Jerusalem. His mother's name was Jehoaddan, of Jerusalem.
অমচিয়াই পঁচিশ বছৰ বয়সত ৰাজপদ লৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে৷ তেওঁৰ মাতৃ যিৰূচালেম-নিবাসিনী যিহোৱাদ্দন আছিল।
2 He did what was right in the eyes of Yahweh, but not with a whole heart.
যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিছিল, কিন্তু সিদ্ধ মনেৰে কৰা নাছিল।
3 It came about that as soon as his rule was well established, he killed the servants who had murdered his father, the king.
তেওঁ ৰজা হিচাপে নিজৰ অধিকাৰ প্ৰায় ভালদৰে স্থাপিত কৰাৰ পাছত, তেওঁৰ পিতৃ ৰজাক বধ কৰা নিজৰ দাসবোৰক তেওঁ বধ কৰিছিল।
4 But he did not put the children of the murderers to death, but acted according to what was written in the law, in the Book of Moses, as Yahweh had commanded, “The fathers must not die for the children, nor must the children die for the fathers. Instead, every person must die for his own sin.”
কিন্তু তেওঁ তেওঁলোকৰ সন্তান সকলক বধ কৰা নাছিল৷ মোচিৰ ব্যৱস্থা-পুস্তকখনত লিখা যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ কাৰ্য কৰিছিল; ব্যৱস্থা-পুস্তকত লিখা আছিল, “পুত্ৰসকলৰ কাৰণে পিতৃসকল আৰু পিতৃসকলৰ কাৰণে পুত্ৰসকল নমৰিব৷ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে মৰিব।”
5 Moreover, Amaziah gathered Judah together, and registered them by their ancestors' houses, under commanders of thousands and commanders of hundreds—all of Judah and Benjamin. He numbered them from twenty years old and upward, and found them to be 300,000 chosen men, able to go to war, who could handle spear and shield.
তদুপৰি অমচিয়াই যিহূদাক এক গোট কৰিছিল আৰু গোটেই যিহূদা আৰু বিন্যামীনৰ পিতৃবংশ অনুসাৰে সহস্ৰপতি আৰু শতপতিসকলৰ অধীনত লোকসকলক শৃংখলাকৈ ৰাখিছিল। বিশ বছৰতকৈ অধিক বয়সীয়া লোকসকলক হিচাব কৰিলে, আৰু যাঠী-ঢাল ধৰি যুদ্ধলৈ যাব পৰা তিনি লাখ মনোনীত লোকক বিচাৰি পাইছিল।
6 He hired also 100,000 fighting men from Israel for one hundred talents of silver.
তেওঁ এশ কিক্কৰ ৰূপ বেচ হিচাবে দি ইস্ৰায়েলৰ পৰা এক লাখ পৰাক্ৰমী বীৰ পুৰুষ আনিছিল।
7 But a man of God came to him and said, “King, do not let the army of Israel go with you, for Yahweh is not with Israel—none of the people of Ephraim.
কিন্তু ঈশ্বৰৰ এজন লোক তেওঁৰ ওচৰলৈ আহি ক’লে, “হে মহাৰাজ, ইস্ৰায়েলৰ সৈন্য আপোনাৰ লগত যাবলৈ নিদিব, কাৰণ ইস্ৰায়েলৰ লগত নাইবা ইফ্ৰয়িমৰ কোনো সন্তানৰ লগত যিহোৱা নাথাকে।
8 But even if you do go and are courageous and strong in battle, God will throw you down before the enemy, for God has power to help, and power to throw down.”
কিন্তু আপুনি যদি তেনে কৰ্ম কৰি সাহসী আৰু শক্তিশালী হৈও যুদ্ধলৈ যায়, তথাপি ঈশ্বৰে হ’লে আপোনাক শত্রুবোৰৰ হাতত পেলাই দিব; কিয়নো সহায় কৰিবলৈ আৰু তলতীয়া কৰিবলৈ ঈশ্বৰৰ শক্তি আছে।”
9 Amaziah said to the man of God, “But what will we do about the one hundred talents that I have given to the army of Israel?” The man of God answered, “Yahweh is able to give you much more than that.”
তেতিয়া অমচিয়াই ঈশ্বৰৰ সেই লোকজনক ক’লে, “কিন্তু সেই ইস্ৰায়েলীয়া সৈন্যদলক মই যি এশ কিক্কৰ ৰূপ দিলোঁ তাৰ বাবে আমি কি কৰিম?” ঈশ্বৰৰ লোকজনে ক’লে, “যিহোৱাই আপোনাক তাতকৈয়ো অধিক দিব পাৰে।”
10 So Amaziah separated the army that had come to him from Ephraim; he sent them home again. So their anger was greatly kindled against Judah, and they returned home in fierce anger.
১০তেতিয়া অমচিয়াই ইফ্ৰয়িমৰ পৰা তেওঁৰ ওচৰলৈ অহা সেই সৈন্যদলক নিজ নিজ ঘৰলৈ যাবৰ বাবে পৃথক কৰি দিছিল৷ তেতিয়া যিহূদাৰ বিৰুদ্ধে তেওঁলোকৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁলোকে অতি ক্ৰুদ্ধ হৈ নিজ নিজ ঠাইলৈ ঘূৰি গৈছিল।
11 Amaziah took courage and led his people to go out to the Valley of Salt; there he defeated ten thousand men of Seir.
১১তাৰ পাছত অমচিয়া সাহসিয়াল হ’ল, আৰু তেওঁৰ নেতৃত্বত তেওঁৰ লোকসকলক লৱণ উপত্যকালৈ উলিয়াই লৈ গ’ল; তাতে তেওঁ চেয়ীৰৰ সন্তান সকলৰ দহ হাজাৰ লোকক পৰাস্ত কৰিছিল।
12 The army of Judah carried away alive another ten thousand. They took them to the top of the cliff and threw them down from there, so that they were all broken in pieces.
১২যিহূদাৰ সৈন্যদলটোৱে তেওঁলোকৰ আন দহ হাজাৰ লোকক জীয়াই জীয়াই ধৰি বন্দী কৰি আনিছিল৷ তেওঁলোকে বন্দীসকলক পৰ্বতৰ টিঙলৈ তুলি নি সেই ঠাইৰ পৰা তললৈ পেলাই দিছিল, যাতে তেওঁলোকৰ আটাইবোৰক গুড়ি হৈ যায়।
13 But the men of the army which Amaziah sent back, so that they should not go with him to battle, attacked the cities of Judah from Samaria to Beth Horon. They struck down three thousand of the people and took much plunder.
১৩কিন্তু অমচিয়াই তেওঁৰ লগত যুদ্ধ-যাত্ৰা কৰিবলৈ নিদি ওভোটাই পঠিওৱা সৈন্যদলৰ লোকসকলে চমৰিয়াৰ পৰা বৈৎ-হোৰোণলৈকে যিহূদাৰ নগৰবোৰ আক্ৰমণ কৰিলে৷ তেওঁলোকে তিনি হাজাৰ লোকক বধ কৰিলে আৰু বহুত বস্তু লুট কৰি নিলে।
14 Now it came about, after that Amaziah had returned from the slaughter of the Edomites, that he brought the gods of the people of Seir, and set them up to be his own gods. He bowed down before them and burned incense to them.
১৪ইদোমীয়াসকলক বধ কৰি ঘূৰি অহাৰ পাছত, অমচিয়াই চেয়ীৰৰ সন্তান সকলৰ দেৱতাবোৰ লগত আনি নিজৰ দেৱতা বুলি সেইবোৰ স্থাপন কৰিলে৷ তেওঁ সেইবোৰৰ আগত প্ৰণিপাত কৰিবলৈ ও সেইবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ ধৰিলে।
15 So Yahweh's anger was kindled against Amaziah. He sent a prophet to him, who said, “Why have you sought after the gods of a people who did not even save their own people from your hand?”
১৫তেতিয়া অমচিয়ালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল৷ যিহোৱাই তেওঁৰ ওচৰলৈ এজন ভাববাদী পঠিয়ালে, তেওঁ ৰজাক ক’লে, “যি জাতিৰ দেৱতাবোৰে নিজ প্ৰজাসকলক তোমাৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নোৱাৰিলে, সেইবোৰক তুমি কিয় বিচাৰ কৰিছা?”
16 It came about that as the prophet was speaking with him, the king said to him, “Have we made you an advisor to the king? Stop! Why should you be killed?” Then the prophet stopped and said, “I know that God has decided to destroy you because you have done this deed and have not listened to my advice.”
১৬ভাববাদীজনে ৰজাক সেই কথা কৈ থকাত, ৰজাই তেওঁক ক’লে, “আমি জানো তোমাক ৰাজ মন্ত্ৰী পাতিলোঁ? মনে মনে থাকা; তোমাৰ কিয় মৰিবলৈ মন?” তেতিয়া সেই ভাববাদীয়ে ক্ষান্ত হৈ ক’লে, “মই জানো যে ঈশ্বৰে তোমাক বিনষ্ট কৰিবলৈ থিৰ কৰিছে, সেই বাবে তুমি এই কাম কৰিলা আৰু মোৰ পৰামৰ্শ নুশুনিলা৷”
17 Then Amaziah king of Judah consulted with advisors and sent messengers to Jehoash son of Jehoahaz son of Jehu, king of Israel, saying, “Come, let us meet each other face to face in battle.”
১৭তেতিয়া সেই সময়ত যিহূদাৰ অমচিয়া ৰজাই পৰামৰ্শ-দিওঁতাবোৰৰ পৰা পৰামর্শ লৈ, যেহূৰ নাতি যিহোৱাহজৰ পুত্ৰ যোৱাচ নামেৰে ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ দূত পঠিয়াই ক’লে, “আহাঁ, আমি ইজনে সিজনে মুখা-মুখি হৈ যুদ্ধ কৰোঁহক।”
18 But Jehoash the king of Israel sent messengers back to Amaziah king of Judah, saying, “A thistle that was in Lebanon sent a message to a cedar in Lebanon, saying, 'Give your daughter to my son for a wife,' but a wild beast in Lebanon walked by and trampled down the thistle.
১৮তেতিয়া ইস্ৰায়েলৰ ৰজা যোৱাচে যিহূদাৰ ৰজা অমচিয়াৰ ওচৰলৈ মানুহ পঠিয়ালে, আৰু ক’লে, “লিবানোনত থকা কাঁইটৰ গছ এজোপাই লিবানোনত থকা এৰচ গছজোপালৈ কৈ পঠিয়াইছে, বোলে, ‘তোমাৰ জীয়েৰাক পত্নীৰূপে মোৰ পুত্ৰক দিয়া,’ কিন্তু লিবানোনত থকা এটা বনৰীয়া জন্তুৱে সেই ফালে ফুৰি, সেই কাঁইটৰ গছজোপাক মোহাৰি পেলালে।
19 You have said, 'See, I have struck down Edom,' and your heart has lifted you up. Take pride in your victory, but stay at home, for why should you cause yourself trouble and fall, both you and Judah with you?”
১৯তুমি কৈছিলা, ‘চোৱা, মই ইদোমক পৰাজয় কৰিলোঁ,’ আৰু তাতে তোমাৰ হৃদয়ে দৰ্প কৰিবলৈ তোমাৰ সফলতাত গৰ্ব্বী হৈছে; তুমি এতিয়া নিজ ঘৰতে থাকা; কিয় নিজ অমঙ্গলৰ অৰ্থে যুদ্ধ কৰি তুমি আৰু তোমাৰে সৈতে যিহূদাক পতিত কৰিবলৈ বিচাৰিছা?”
20 But Amaziah would not listen, because this event was from God, so he might put the people of Judah into the hand of their enemies, because they had sought advice from the gods of Edom.
২০কিন্তু অমচিয়াই এই কথা নুশুনিলে কাৰণ ঈশ্বৰৰ পৰা এই ঘটনা হ’ল। কিয়নো লোকসকলে ইদোমীয়া দেৱতাবোৰক বিচাৰ কৰিছিল, সেই বাবে তেওঁলোকক নিজ শত্ৰুৰ হাতত তেওঁ শোধাই দিলে৷
21 So Jehoash, king of Israel, attacked; he and Amaziah, king of Judah, met each other face to face at Beth Shemesh, which belongs to Judah.
২১পাছত ইস্ৰায়েলৰ ৰজা যোৱাচে যুদ্ধ যাত্ৰা কৰিলে; তাতে তেওঁ আৰু যিহূদাৰ ৰজা অমচিয়াই যিহূদাৰ অধীনত থকা বৈৎচেমচত ইজনে সিজনৰ মুখা-মুখি হ’ল৷
22 Judah was struck down before Israel, and every man fled home.
২২তেতিয়া ইস্ৰায়েলৰ আগত যিহূদা বেয়াকৈ পৰাজিত হ’ল আৰু প্ৰতিজন লোকে নিজ নিজ তম্বুলৈ পলাই যাবলগীয়া হ’ল।
23 Jehoash, king of Israel, captured Amaziah son of Jehoash son of Ahaziah, king of Judah, at Beth Shemesh. He brought him to Jerusalem and tore down the wall of Jerusalem from the Ephraim Gate to the Corner Gate, four hundred cubits in distance.
২৩পাছত ইস্ৰায়েলৰ ৰজা যোৱাচে যিহোৱাহজৰ নাতি যোৱাচৰ পুত্ৰ যিহূদাৰ ৰজা অমচিয়াক বৈৎচেমচত ধৰি বন্দী কৰিলে। পাছত তেওঁক যিৰূচালেমলৈ লৈ আহিল আৰু তেতিয়া ইফ্ৰয়িমৰ দুৱাৰৰ পৰা চুকৰ দুৱাৰলৈকে যিৰূচালেমৰ গড়ৰ চাৰিশ হাত ভাঙি পেলালে।
24 He took all the gold and silver, all the objects that were found in the house of God with Obed Edom, and the valuable things in the king's house, with hostages also, and returned to Samaria.
২৪তেওঁ ঈশ্বৰৰ গৃহত ওবেদ-ইদোমৰ অধীনত ৰাখি থোৱা আটাই সোণ, ৰূপ আৰু সকলো পাত্ৰ আৰু ৰাজগৃহৰ ভঁৰালত পোৱা বস্তুবোৰ আৰু বন্ধকস্বৰূপে দাসবোৰকো লৈ তেওঁ চমৰিয়ালৈ ঘূৰি গ’ল।
25 Amaziah son of Joash, king of Judah, lived fifteen years after the death of Jehoash, son of Jehoahaz, king of Israel.
২৫যিহোৱাহজৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা যোৱাচৰ মৃত্যুৰ পাছত, যোৱাচৰ পুত্ৰ যিহূদাৰ ৰজা অমচিয়া পোন্ধৰ বছৰ জীয়াই আছিল।
26 As for the other matters concerning Amaziah, first and last, behold, are they not written in the book of the kings of Judah and Israel?
২৬অমচিয়াৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰ পৰা শেষলৈকে যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই জানো?
27 Now from the time that Amaziah turned away from following Yahweh, they began to make a conspiracy against him in Jerusalem. He fled to Lachish, but they sent men after him to Lachish and killed him there.
২৭অমচিয়াই যিহোৱাৰ পথ ত্যাগ কৰাৰ পাছত লোকসকলে যিৰূচালেমত তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল৷ সেয়ে তেওঁ লাখীচলৈ পলাই গৈছিল, কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠিয়ালে আৰু তেওঁক সেই ঠাইত বধ কৰালে।
28 They brought him back on horses and buried him with his ancestors in the city of Judah.
২৮তেওঁলোকে তেওঁক ঘোঁৰাত তুলি আনিলে, আৰু যিহূদাৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত তেওঁক মৈদাম দিলে।

< 2 Chronicles 25 >