< Jeremiah 28 >

1 This is what happened in the beginning of the reign of King Zedekiah of Judah, in the fifth month of that same year, the fourth year. The prophet Hananiah, son of Azzur, who was from Gibeon, told me in the Lord's Temple in front of the priests and all the people:
পাছত সেই বছৰত যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্ব কালৰ আৰম্ভণিত চতুৰ্থ বছৰৰ পঞ্চম মাহত, যিহোৱাৰ গৃহত, পুৰোহিত আৰু সকলো প্ৰজাৰ আগত গিবিয়োন নিবাসী অৰ্জ্জুৰৰ পুত্ৰ হননিয়া ভাববাদীয়ে মোক এই কথা ক’লে,
2 “This is what the Lord Almighty, the God of Israel, says: I have broken the yoke of the king of Babylon.
“ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিলোঁ।
3 Before two years have passed I'm going to bring back to Jerusalem all the Temple objects that Nebuchadnezzar king of Babylon removed and took to Babylon.
এই ঠাইৰ পৰা বাবিলৰ ৰজা নবূখদনেচৰে বাবিললৈ লৈ যোৱা যিহোৱাৰ গৃহৰ সকলো বস্তু সম্পূৰ্ণ দুই বছৰৰ ভিতৰত মই পুনৰায় এই ঠাইলৈ আনিম।
4 I will also bring back to Jerusalem Jehoiachin, son of Jehoiakim, king of Judah, together with all the exiles from Judah who were taken to Babylon, declares the Lord, because I'm going to break the yoke of the king of Babylon.”
আৰু যিহোৱাই কৈছে, ‘মই যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, বাবিললৈ বন্দী কৰি নিয়া যিহূদাৰ সকলোৰে সৈতে এই ঠাইলৈ পুনৰায় আনিম; কিয়নো মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিম’।”
5 Then the prophet Jeremiah responded to the prophet Hananiah in front of the priests and all the people who were standing in the Lord's Temple.
তেতিয়া যিৰিমিয়া ভাববাদীয়ে যিহোৱাৰ গৃহত থিয় হৈ থকা পুৰোহিতসকল আৰু প্ৰজাসকলৰ আগত হননিয়া ভাববাদীক কথা ক’লে,
6 “Amen!” said Jeremiah. “I wish the Lord would do just that! I wish the Lord would fulfill your prophetic words and bring back Temple objects and all the exiles back to Jerusalem from Babylon.
যিৰিমিয়া ভাববাদীয়ে এই কথা ক’লে, আমেন, যিহোৱাই তাকেই কৰ’ক; বাবিলৰ পৰা এই ঠাইলৈ যিহোৱাৰ গৃহৰ বস্তুবোৰ আৰু দেশান্তৰত হোৱা আটাইকে পুনৰায় আনিব বুলি তুমি প্ৰচাৰ কৰা সেই ভাববাণীবোৰ যিহোৱাই সিদ্ধ কৰ’ক।
7 But even so, pay attention to this message I'm going to tell you and everyone here.
তথাপি তোমাৰ কাণত আৰু আটাই প্ৰজাৰ কাণত এই যি কথা মই কওঁ, তাক শুনা।
8 The prophets of long ago who came before you and me prophesied war, disaster, and disease against many countries and great kingdoms.
মোৰ আৰু তোমাৰ আগেয়ে যি প্ৰাচীন ভাববাদীসকল আছিল, তেওঁলোকে অনেক অনেক দেশ আৰু মহৎ মহৎ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ, অমঙ্গল আৰু মহামাৰী হ’ব বুলি ভাববাণী প্ৰচাৰ কৰিছিল।
9 When it comes to a prophet who prophesies peace, see if their prophecies come true. Only that will prove they are really sent by the Lord.”
যি ভাববাদীয়ে শান্তি হ’ব বুলি ভাববাণী প্ৰচাৰ কৰে, সেই ভাববাদীৰ বাক্য ফলিয়ালেহে, যিহোৱাই সঁচাকৈ তেওঁক পঠোৱা হয় বুলি জনা যাব।”
10 Then the prophet Hananiah removed the yoke from the prophet Jeremiah's neck and broke it.
১০পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন সোলোকাই ভাঙি পেলালে।
11 Hananiah announced in front of everyone, “This is what the Lord says: Just like this, before two years have passed I will break the yoke of Nebuchadnezzar king of Babylon from the neck of all the nations.” Jeremiah the prophet left.
১১আৰু হননিয়াই আটাই প্ৰজাসকলৰ আগত ক’লে, “যিহোৱাই এই কথা কৈছে: ‘সম্পূৰ্ণ দুইবছৰৰ ভিতৰত মই বাবিলৰ ৰজা নবূখদনেচৰৰ যুৱলি এইদৰেই ভাঙি আটাই জাতিৰ ডিঙিৰ পৰা গুচাম’।” তেতিয়া যিৰিমিয়া ভাববাদী নিজ বাটে গুচি গ’ল।
12 However, right after Hananiah the prophet had broken the yoke from his neck, a message of the Lord came to Jeremiah:
১২পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন ভাঙি গুচুৱাৰ পাছত যিহোৱাৰ বাক্য যিৰিমিয়ালৈ আহিল, বোলে,
13 “Go and tell Hananiah that this is what the Lord says: You may have broken a wooden yoke of wood, but you have replaced it with an iron yoke.
১৩“তুমি গৈ হননিয়াক কোৱা, যিহোৱাই এই কথা কৈছে, ‘তুমি কাঠৰ যুৱলি ভাঙিলা হয়, কিন্তু তাৰ সলনি লোহাৰ যুৱলি যুগুত কৰিব লাগে।”
14 This is what the Lord Almighty, the God of Israel, says: I have tied iron yokes on the necks of all these nations to force them to serve Nebuchadnezzar king of Babylon, and they will serve him. I have even given him control over the wild animals.”
১৪কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ নবূখদনেচৰ ৰজাৰ বন্দী-কাম কৰিবলৈ মই সকলো জাতিৰ ডিঙিত লোহাৰ যুৱলি লগালোঁ; তাতে তেওঁলোকে তেওঁৰ বন্দী-কাম কৰিব; আৰু মই বনৰ জন্তুবোৰকো তেওঁক দিলোঁ।”
15 Then the prophet Jeremiah said to the prophet Hananiah, “Listen to this, Hananiah! The Lord didn't send you, but you have convinced these people to believe in a lie.
১৫পাছত যিৰিমিয়া ভাববাদীয়ে হননিয়া ভাববাদীক ক’লে, “হে হননিয়া, শুনা; যিহোৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাতে বিশ্বাস কৰাইছা।
16 So this is what the Lord says: I'm going to get rid of you from the earth. You will die this year because you have promoted rebellion against the Lord.”
১৬এই হেতুকে যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাক পৃথিৱীৰ পৰা দূৰ কৰি দিম; তুমি এই বছৰৰ ভিতৰতে মৰিবা, কাৰণ তুমি যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লা।
17 The prophet Hananiah died in the seventh month of that very year.
১৭আৰু হননিয়া ভাববাদী সেই বছৰৰ সপ্তম মাহত মৰিল।

< Jeremiah 28 >